মায়াধিপতি আৰু মহাত্মা হৰিৰ মনোহৰ দূতসকল হৰিৰ তুল্য ৰূপ, গুণ আৰু স্বভাৱবিশিষ্ট। তেওঁলোকে সততে এই ভূমণ্ডলত ভ্ৰমণ কৰি থাকে। ভগৱন্ত বিষ্ণুৰ ভৃত্যসকল সুৰপূজিত; তেওঁলোকৰ ৰূপ অতি দুৰ্দ্ধৰ্ৰ; এতেকে তেওঁলোক অত্যাশ্চৰ্য্য। তেওঁলোকে বিষ্ণুভক্ত মানুহক শত্ৰুৰ পৰা, মোৰপৰা আন আন বিপদৰ পৰা সৰ্ব্বতোভাৱে ৰক্ষা কৰি থাকে। সাক্ষাৎ ভগৱৎ প্ৰণীত যি ধৰ্ম্ম, তাক কি ভৃগু প্ৰভৃতি ঋষিয়ে,কি দেৱতাসকলে, কি সিদ্ধসকলে, কোনেও নাজানে। অসুৰ, মানুহ, বিদ্যাধৰ আৰু চাৰণবোৰেই বা কেনেকৈ জানিব? হে দূতহঁত।
ব্ৰহ্মা মনু হৰ কপিল কুমাৰ (সনৎ কুমাৰ)
শুক ভীষ্ম বলিৰায়।
প্ৰহ্লাদ নাৰদ জনক আমিসি
(এই) বাৰজন সমুদায়।। (কীৰ্ত্তন)
এই বাৰজনেহে ভাগৱত ধৰ্ম্ম জানে। অতিশয় পৱিত্ৰ, গুহ্য আৰু অত্যন্ত দুৰ্ব্বোধ এই ধৰ্ম্ম জানিব পাৰিলে মোক্ষ লাভ হয়। হে দূতহঁত! নামসঙ্কীৰ্ত্তনাদিৰ দ্বাৰাই ভগবন্ত বাসুদেৱত যি ভক্তিযোগ, সেয়েই ইহলোত পুৰুষৰ পৰম ধৰ্ম্ম। ভগৱন্তৰ নামোচ্চাৰণৰ মাহাত্ম্য চোৱা। অকল নাম উচ্চাৰণ কৰিয়েই অজামিল মৃত্যুপাশৰ পৰা মুক্ত হ'ল। মহাপাপী অজামিলে অশুচি আৰু মূমূৰ্ষ কালত অসুস্থচিত্ত হৈয়ো 'নাৰায়ণ' বুলি মাতিলত মুক্তি লাভ কৰিলে। ধৰ্ম্মশাস্ত্ৰ প্ৰণেতা মহাজনসকলৰ বুদ্ধি মায়াৰ দ্বাৰাই অত্যন্ত বিমোহিত হৈছিল। সেইবাবে বুদ্ধি, অৰ্ধবাদৰূপ পষ্পিত বেদবিধিত বিজড়িত হোৱাৰ নিমিত্তে অতি গুহ্য নাম-মাহাত্ম্য তেওঁলোকে ভালকৈ বুজিব পৰা নাছিল। সেইদেখি তেওঁলোকে দ্বাদশ বাৰ্ষিকাদি প্ৰায়শ্চিত্তৰ বিধান কৰিছে। এতেকে যিসকল সুবুদ্ধি মানুহে এইবোৰ কথা বিবেচনা কৰি অনন্ত ঈশ্বৰত সৰ্ব্বান্তঃকৰণেৰে ভক্তি কৰে, তেওঁলোকে কেতিয়াও মোৰপৰা দণ্ডপ্ৰাপ্তিৰ যোগ্য নহয়। তেওঁলোকৰ পাপ হ'বই নোৱাৰে। যদিবা হয়, ভগৱন্তৰ নাম-কীৰ্ত্তনত তৎক্ষণাত সেই পাপ বিনষ্ট হৈ যায়। যিসকল সাধু পুৰুষ ভগৱন্তৰ শৰণাপন্ন, সৰ্ব্বত্ৰ সমদৰ্শী, দেৱতা আৰু সিদ্ধসকলে যাৰ পৱিত্ৰ কথা কীৰ্ত্তন কৰি থাকে, তহঁতে কেতিয়াও সেইসকলৰ ওচৰলৈ নাযাবি। ভগৱন্তৰ কৌমোদিক গদাই সৰ্ব্বতোভাৱে তেওঁলোকক ৰক্ষা কৰি আছে। তেওঁলোকৰ দণ্ডবিধান কৰিবৰ আমি সমৰ্থ নহওঁ। কালো সমৰ্থ নহয়। অকিঞ্চন পৰমহংসসমূহে সঙ্গীবিহীন হৈ অজস্ৰ যাৰ সেৱা কৰে, সেই মুকুন্দ পদাৰবিন্দ মকৰন্দৰ ৰসৰ আস্বাদন বিমুখ হৈ নৰকৰ ৰত্নস্বৰূপ গৃহত বদ্ধতৃষ্ণ হৈ যিবোৰ থাকে, সেই অসাধুবোৰক মোৰ ওচৰলৈ তহঁতে আনিবি। যাৰ জিভাই ভগৱন্তৰ গুণবৰ্ণন বা নামোচ্চাৰণ নকৰে, যাৰ চিত্ত ভগন্তৰ চৰণ-পদ্ম স্মৰণৰ বিমুখ, যাৰ মস্তক কেতিয়াও শ্ৰীকৃষ্ণৰ পদাৰবৃন্দত প্ৰণত নহয়, তেনে অসৎ লোকক মোৰ ওচৰলৈ তহঁতে আনিবি।"
যমে এই বুলি ভগৱন্তৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। ̶ "হে প্ৰভু! মোৰ ভৃত্যসকলে যে অন্যায় কাম কৰিলে, পুৰাণ পুৰুষ নাৰায়ণ! আপুনি সেই দোষ ক্ষমা কৰক। আমি নাজানি অপৰাধ কৰিছোঁ, হাতযোৰ কৰি মাতিছোঁ, আমাৰ অপৰাধ মাৰ্জ্জনা কৰক। আপুনি সকলোতকৈ মহৎ, আপোনাৰ ক্ষমা গুণ নিশ্চয় আছে, আপোনাৰ চৰণত প্ৰণাম কৰিছোঁ।"