পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/১২২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


হৈ নিজে কৰোঁ বুলি ভাবো, শেহৰ এই চাৰি শাৰীয়ে তাকে কয়। আৰু এটা কয়, যে বৈষ্ণৱ হৈ ঈশ্বৰৰ পাৰিষদৰ পদ পালেও, সেই পদ-গৌৰৱত অহম্মমৰ ভাব ভক্ত বৈষ্ণৱৰ হোৱা উচিত নহয় ; হ’লে তেওঁৰ সেই পাপৰ ক্ষালণ হ’ব লাগে ; সেই পাপৰ বাবে তেওঁৰ স্বামী প্ৰভু ঈশ্বৰে তেওঁক একেবাৰেই পৰিত্যাগ নকৰে, শুধৰাই নিজেও তেওঁৰ ভক্তৰ দুৰ্দ্দশাৰ লগে লগে ফুৰি দুৰ্দ্দশাৰ ভাগ লয়। পৃথিৱীৰ মানুহৰ পাপৰ নিমিত্তে খৃষ্টই এবাৰহে 'ক্ৰুছিফাইড' হৈছিল, বৈকুণ্ঠনাথে ভক্তিৰ নিমিত্তে দিনৌ শত-সহস্ৰবাৰ হ’বই লাগিছে। ভক্তৰ মন সদায় সুনিৰ্ম্মল ৰাখিব লাগে , সি দৰ্পণৰ নিচিনা। আজি সি নিৰ্ম্মল হৈ আছে বুলি যদি তালৈ আওকাণ কৰিলা, তেন্তে কাইলৈ তাৰ ওপৰত আকৌ মলি পৰি তাক আবৃত কৰিব ; মন এনে পদাৰ্থ। এইদেখি সদায় ঈশ্বৰ চিন্তা, নামগুণ শ্ৰৱণ-কীৰ্ত্তনৰ ব্যৱস্থা সাধুসকলে দিছে। ভক্তবৎসল ভগৱন্তৰ আৰু ভগৱন্তৰ ভক্তৰ এই উজ্জ্বল চিত্ৰ আমাৰ শঙ্কৰদেৱে আমাক দেখুৱাইছে আৰু কেনে গোটাচেৰেক উজু কথাৰে ৰচিত শাৰীচেৰেক পদেৰে অমূল্য গভীৰ জ্ঞানৰ উপদেশ তেওঁ দিছে, হেৰা চকুত চামনি পৰা অবিশ্বাসীসকল, চাই লোৱা ! এনেজন মহাপুৰুষতো তোমালোকে পূৰ্ণ বিশ্বাস কৰিবলৈ নোযোৱা ! এনেজন প্ৰশান্ত পুৰুষ আনন্দময়, তাহান্তো তোমৰা কৰা সংশয়।

       ঈশ্বৰক ভজনা কৰোঁতা ভক্তক ঈশ্বৰে তেওঁৰ সাৰূপ্য দিয়ে। মনোহৰ কৃষ্ণৰূপ ভজনা কৰোঁতা ভক্তই কৃষ্ণৰ ৰূপকে পায়। ৰুদ্ৰৰূপ কালান্তক মূৰ্ত্তিক ভজনা কৰা ভক্তই তেনেকুৱা মূৰ্ত্তি পৰিগ্ৰণ কৰে। "যাদৃশী ভাৱনা যশ্য সিদ্ধিৰ্ভৱতি তাদৃশী" বুলি উজু সংস্কৃত শ্লোক আছে। সাধাৰণ লোকে বাঘ-পৰুৱাৰ ভয়ত বাঘ-পৰুৱাৰ ৰূপ ধৰে বুলি শাস্ত্ৰত উপমা আছে। বৈকুণ্ঠবাসীৰ ৰূপ সেইদেখি ভেঙুৰাভেঙুৰি কুশ্ৰী ভূত-প্ৰেতৰ নিচিনা ভয়ানক নহয়। তেওঁলোক Old Testament আৰু New Testament বাইবেলৰ পাখিলগা আদমানুহ আদচৰাইৰ নিচিনাও নহয়। তেওঁলোক আমাৰে নিচিনা পুৰুষ-স্ত্ৰী, দেখিবলৈ মনোমুগ্ধকৰ সুন্দৰ-সুন্দৰী। মহাপুৰুষ ৰচিত কীৰ্ত্তনৰপৰা ওপৰত দিয়া বৈকুণ্ঠ-বৰ্ণনাৰপৰাই সেইটো আমি ভালকৈ দেখিবলৈ পাইছোঁ। আমাৰ কথাৰ উদাহৰণস্বৰূপে ভকত দুৱৰী জয়-বিজয়ৰ ৰূপৰ বৰ্ণনাকে এইখিনিতে তুলি দিওঁ চোৱা, দেখিবা তেওঁলোকৰ ৰূপ তেওঁলোকৰ প্ৰভু ঈশ্বৰ কৃষ্ণৱে নিচিনা অবিকল কেৱল বুকুত শ্ৰীবৎসটি বাদ। শ্ৰীবৎসটি বৈকুণ্ঠনাথৰ চুড়ান্ত পৰীক্ষাৰ medal, টোক্‌মা। পাৰিষদসকলে, ভকতসকলে সেই মহলাত উঠা নাই দেখি তাক পোৱা নাই। উদাহৰণস্বৰূপে চোৱা, সনক সনন্দ সনতকুমাৰ সনাতনৰ নিচিনা যোগী বৈৰাগী ভক্ত, যি গাত কাপোৰ এডোখৰৰ আৱশ্যকতাও অনুভৱ নকৰে, এনে যোগীৰে জয়-বিজয়ৰ ওপৰত উঠিল খং আৰু সিফালে কৃষ্ণৰ সাৰূপ্য পোৱা জয়-বিজয়েই চাৰ সিদ্ধক উলঙ্গ দেখিলে। যাওক, জয়-বিজয় নামৰ পাৰিষদ দুজনৰ ৰূপৰ বৰ্ণনালৈ চোৱা ̶

সপ্তম দ্বাৰৰ দুই পাশে।
দুইৰো শিৰে কিৰীটি প্ৰকাশে।।
পদ্মনেত্ৰ বদন-মণ্ডলে।