পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
কীৰ্ত্তন আৰু ঘোষা-তত্ত্ব

বোপাই বুলি ভাবিলে বোপাই। নন্দ-যশোদাই তেওঁক পুত্ৰভাবে, উদ্ধৱে সখীভাবে, ব্ৰজৰ বালকসকলে সঙ্গীভাবে, গোপীসকলে স্বামীভাবে, কংসই অৰিভাবে, অৰ্জ্জুনে সখীভাবে, যীচুখ্ৰীষ্টই পিতৃভাবে, বল্লভাচাৰ্য্যই বালগোপালভাবে আৰু আন আন লক্ষ লোকে লক্ষভাবে তেওঁক ভাবি তৰি গৈছে তেওঁ কিন্তু যি আছিল, যি আছে, সেয়েই। তোমাৰ ধাৰণাৰ বেছ কম অনুসাৰে তোমাৰ উৎকৰ্ষ অপকৰ্ষ হয় মাথোন।

       হে মানৱ ! তুমি ঈশ্বৰবিশ্বাসী, ঈশ্বৰভক্ত হোৱা ; অন্ধ বিশ্বাস, অন্ধ ভক্তি পৰিত্যাগ কৰি প্ৰকৃত বিশ্বাসী, একনিষ্ঠ জ্ঞানী ভক্ত হোৱা, নিশ্চয় তুমি ভক্ত বৎসল ভগৱন্তৰ প্ৰিয় হ’বা। তেতিয়া তোমাৰ বিমল আনন্দ হ'ব, অমৃত ধন লাভ হ’ব, তোমাৰ অপ্ৰাপ্য একো নেথাকে ; তুমি হৰিৰ বশ্য, হৰিও তোমাৰ বশ্য। নামত ভকত নহৈ, কামত ভকত হোৱা, তেনেহ’লে কৃষ্ণক পাবা।

       ভক্ত ভগৱন্তৰ কেনে প্ৰিয়, এবাৰ কীৰ্ত্তনৰ প্ৰহলাদৰ উপাখ্যানলৈ চকু দিয়া। হিৰণ্যকশিপুক বধ কৰাৰ পিছতো নৃসিংহৰ উগ্ৰমূৰ্ত্তিৰ প্ৰশমন নহয়। ব্ৰহ্মা, ৰুদ্ৰ আদি দেৱতাসকলে তেওঁক স্তুতি কৰিছে,

তথাপি নুগুচে নৃসিংহৰ মহাক্ৰোধ।
দেখি দেৱগণে দেন্ত লক্ষ্মীক প্ৰবোধ।
স্বামীৰ গুচায়ো ক্ৰোধ জগতৰ মাৱ।

দেৱতাসকলৰ অনুৰোধ –

শুনি লক্ষ্মীদেৱী উঠি চলিলন্ত গাৱ।।
কিন্তু, নৃসিংহৰ মহা ভয়ঙ্কৰ ৰূপ দেখি।
ডৰে উলটিল দেৱী মুদি দুই আখি।।

অনন্ত উপায় নেপাই ব্ৰহ্মাই প্ৰহলাদক ক’লে –

নৃসিংহৰ কোপ বাপ কৰা উপশান্ত।
ব্ৰহ্মাৰ বচন সাদৰি প্ৰহলাদে ধীৰে ধীৰে গৈলা চলি।
ভূমিত পৰিয়া বিষ্ণুক নমিলা শিৰে ধৰি কৃতাঞ্জলি।।
প্ৰহলাদ পাৱত পৰি থকা দেখি নৃসিংহই হাঁহি,
স্নেহত স্ৰৱয় নয়নৰ নীৰ তুলিলা হাতে উল্লাসি।।

       নৃসিংহৰ ক্ৰোধ গ'ল, মুখত হাঁহিয়ে দেখা দিলে, স্নেহত তেওঁৰ নয়নৰ নীৰ বলে, তেওঁ প্ৰহলাদক হাতত ধৰি তুলি মৰম কৰি প্ৰহলাদৰ মূৰত হস্তপদ্ম বুলালে। কৃতজ্ঞ প্ৰহলাদে তেওঁক আন অনেক স্তুতি কৰি এষাৰ কি কথা ক’লে শুনা –

ভয়ঙ্কৰ কোপ        দেখিয়া তোমাৰ
প্ৰভু মোৰ ভয় নাই।
সংসাৰ-চক্ৰৰ        নিকাৰ দেখন্তে
সদায় ধাতু উড়াই।।

       ওপৰৰ এই অতি সুন্দৰ চিত্ৰত কি দেখিলোঁ ? নিজৰ ভাৰ্য্যা লক্ষ্মীতকৈও ভগৱন্তৰ ভক্তৰ মূল্য ভক্তবৎসল ভগৱন্তৰ মনত বেছি। ব্ৰহ্মা, ৰুদ্ৰ আদি দেৱতাৰ কথাকে নকওঁ, লক্ষ্মীও ভয়ত ভীতা ; কিন্তু ভক্ত নিৰ্ভয়।