পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

Composition অৰ্থাৎ গঠনৰ সকলোবোৰ পদাৰ্থ আৰু সঁজুলি মোৰ ভিতৰত আছে, যিবোৰৰ প্ৰতিবিম্ব বা ছাঁ মই কাপটোত দেখিছোঁ। যদি মোৰ ভিতৰত সেইবোৰ নেথাকিলহেঁতেন, কাপটোৰ প্ৰতিবিম্ব মোত আৰু ভিতৰত থকা কাপৰ নিচিনা ingredient বস্তু বা বস্তুবোৰৰ প্ৰতিবিম্ব মই কেতিয়াও নেদেখিলোহেঁতেন। মই, যেতিয়া মৰিম অৰ্থাৎ কাপত থকাৰ নিচিনা বস্তু যেতিয়া মোৰ ভিতৰৰপৰা যাব বা নাইকিয়া হ'ব, তেতিয়া আৰু মই কাপটো নেদেখোঁ। যি বস্তু যাৰ ভিতৰত নাই, সেই বস্তুৰ প্ৰতিবিম্ব বাহিৰৰ তেনে বস্তুৰ ওপৰত নপৰে বা পৰিব নোৱাৰে অথবা বাহিৰৰ সেই বস্তু মোৰ ভিতৰত প্ৰতিভাত নহয়, সেই বস্তু মোৰ আগতে থাকিলেও। অনেক ভাল বিজ্ঞ বুদ্ধিমান লোকক দেখা গৈছে যে তেওঁলোকে সঙ্গীত appreciate কৰিব অৰ্থাৎ বুজিব নোৱাৰে, কবিতা বুজিব বা তাৰ মৰ্ম্ম আৰু সুক্ষ্ম সৌন্দৰ্য্য হৃদয়াঙ্গম কৰিব নোৱাৰে। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ এয়ে যে সেইজনৰ ভিতৰত সঙ্গীত বা কবিতাৰ ingredient বস্তু নাই বা অপৰিস্ফূট অৱস্থাত আছে, যে তাত এই বাহিৰৰ সঙ্গীত আৰু কবিতা প্ৰতিভাত বা প্ৰতিফলিত নহয় বা ভালকৈ নহয়। মানুহৰ অন্তৰত যি আছে সিহে বাহিৰত আছে, অন্তৰত যি নাই বিশ্বব্ৰহ্মাণ্ডতো তেওঁলৈ সি নাই। এই দেখি কথাতে কয় "যি নাই ঘটত, সি নাই বিশ্বব্ৰহ্মাণ্ডত।" কবি ৱৰ্ড্‌চ্‌ৱৰ্থে এটা বনপাত লৈ তাকে চাই তাৰে ভাবত মজিছিল। তেনে বনপাত তুমিও দেখিছা, ময়ো দেখিছোঁ কিন্তু আমাৰ মনত সি তেনে ভাবোদয় নকৰে কিয়? তাৰ কাৰণ সেই বনপাতত যি ভাবৰ তৰঙ্গ, যি সৌন্দৰ্য্যৰ উৎস, শিল্পচাতুৰ্য্য আছিল, ৱৰ্ড্‌চ্‌ৱৰ্থৰ মনতো তেনে আছিল, তাত তাৰ প্ৰতিবিম্ব পৰিলতে সি সমূৰ্ত্তক হৈ উঠিল। চৈতন্যদেৱে নীল সমুদ্ৰ দেখি তাকে নীল যমুনা বুলি উন্মত্ত হৈ উঠিছিল কিয়? তুমি আমি নহওঁ কিয়? কাৰণ তেওঁৰ অন্তৰ বৃন্দাবনৰ কৃষ্ণলীলাৰে জাগ্ৰত আৰু বিকশিত আছিল। কোনো মানুহ স্বভাৱতে সৰুৰেপৰা ঈশ্বৰবিশ্বাসী আৰু ঈশ্বৰত ভক্তিমান হয়, কোনো নহয়। ইয়াৰ কাৰণ অন্তৰৰ ingredient বস্তুৰ গঠন, প্ৰাচূৰ্য্য- অপ্ৰাচূৰ্য্যৰ তাৰতম্য অনুসাৰে হয়; অৱশ্যে heredity- ৰ অৰ্থাৎ পিতৃ-পিতামহক্ৰমত পোৱা বস্তু ক্ষমতাৰ হাত নিশ্চয় অনেক পৰিমানে তাত আছে। কাপ জড়, কিন্তু মই চেতনাপূৰ্ণ। ইয়াতে বুজা গ'ল যে জড় আৰ চেতনা দুয়ো একবাৰেই বিভক্ত বস্তু নহয়, জড়তে চেতনা অনুপ্ৰবিষ্ট, চেতনাতে জড়। সেইদেখি ঈশ্বৰ সৰ্ব্বভূতত সৰ্ব্বপদাৰ্থত। জগৎ সেইদেখি ব্ৰহ্ম বা ব্ৰহ্মময়। কিন্তু আন পিনে চৈতন্যও সুকীয়া, জড়ও সুকীয়া। এতিয়া তেন্তে দেখা গ'ল- ময়ো কাপ, কাপো মই। এইটো চৈতন্য আৰু জড় পদাৰ্থৰ সমন্ধ। জড় আৰু জড়ৰ সমন্ধ laboratory- ৰ ৰসায়ন শাস্ত্ৰৰ প্ৰক্ৰিয়াই আমাক দিনো সততে দেখুৱাবই লাগিছে। মই প্ৰথমতে আমজোপা দেখিলোঁ; তাৰ মানে, মই মোৰপৰা ওলাই গৈ আমজোপা পালোঁগৈ, পাই আমজোপাৰ গঢ়গতিৰ ভূ ততালিকে লৈ আমি মোৰ ভিতৰত থকা আম গছৰ নিচিনা পদাৰ্থৰ আগত