পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাতিবলৈ ধৰিলে। তেতিয়াই 'আমাৰ প্ৰভুৰ নাম লৈছে,' বুলি চাৰিজন বিষ্ণুদূত লৰি আহি, 'খবৰদাৰ! নিনিবি, এৰি দে।' বুলি যমদূতক নিষেধ কৰিলে। যমদূতে আচৰিত মানি 'তোমালোক কোন? আমি ধৰ্মৰাজৰ আজ্ঞাকাৰী ভৃত্য। আমাৰ কৰ্ত্তব্যৰ কামৰ কিয় তোমালোকে হকা-বাধা কৰিছা?' বুলি বিষ্ণুৰ ৰূপ সদৃশ সুন্দৰ বিষ্ণুদূত কেইজনক সুধিলে। বিষ্ণুদূতে ক'লে, ̶ 'তোমালোক যদি ধৰ্মৰাজৰ আজ্ঞাকাৰী, তেন্তে আমাক ধৰ্মতত্ত্ব আৰু লক্ষণ কাক বোলে বুজাই দিয়া।' যমদূতে উত্তৰ দিলে :-'বেদত যাক কৰ্ত্তব্য বুলি কোৱা হৈছে, সেয়ে ধৰ্ম আৰু তাৰ বিপৰীত কাৰ্য্য অধৰ্ম। আমি শুনিছো বেদ সাক্ষাৎ নাৰায়ণস্বৰূপ আৰু স্বতঃসম্ভূত। যি নিজৰ স্বৰূপত সত্ত্ব, ৰগঃ, আৰু তামোগুণী প্ৰাণীবোৰক সত্ত্বাদি গুণ, ব্ৰাহ্মণাদি নাম, অধ্যয়নাদি ক্ৰিয়া আৰু বৰ্ণাশ্ৰমাদি ৰূপৰ দ্বাৰায় ব্যক্ত কৰে, তেঁৱেই নাৰায়ণ। চন্দ্ৰ, সূৰ্য্য, অগ্নি, আকাশ, পবন, সন্ধ্যা, দিন, ৰাতি, দিশ, পৃথিৱী, জল আৰু ধৰ্ম্ম, ̶ এইবোৰ জীৱৰ কৃতকৰ্মৰ সাক্ষী। এই সমস্ত সাক্ষীৰ দ্বাৰায় বিজ্ঞাত সধৰ্ম্মেই দণ্ডৰ পাত্ৰ। সকলো কৰ্ম্মই ক্ৰমানুসাৰে দণ্ডভাগী হয়। কৰ্ম্মীত ভদ্ৰ-অভদ্ৰ দুইটা সম্ভাব্য কাৰণ কৰ্ম্মীৰ গুণসঙ্গ আছে। কৰ্ম্ম নকৰে এনে শৰীৰী নাই। ইহলোকত যি মানুহে যত প্ৰকাৰ ধৰ্ম্ম বা অধৰ্ম্ম কে, পৰলোকত সি সেই প্ৰকাৰে ফল অৱশ্যে ভোগ কৰিব। যেনেকৈ ত্ৰিবিধ গুণানুসাৰে ইহলোকত ত্ৰিবিধ প্ৰাণী দেখিবলৈ পোৱা যায়, সেই দৰে পৰলোকতো ত্ৰিবিধ গুণী প্ৰাণী হয়। এইটো অনুমানসিদ্ধ। যেনেকৈ বৰ্ত্তমান বসন্তকাল, অতীত বসন্তকাল আৰু ভৱিষ্যত বসন্তকালৰ গুণজ্ঞাপক হয়, তেনেকৈ উপস্থিত জন্মওতীত আৰু ভৱিষ্যত জন্মৰ ধৰ্ম্মাধৰ্ম্মৰ নিৰ্দেশক হয়। আমাৰ প্ৰভু যম ৰজাই নিজৰ পুৰীত থাকিয়েই মানুহৰ পূৰ্ব্বকৃত আচৰণ দেখিবলৈ পায় আৰু ভৱিষ্যত আচৰণৰ বিচাৰ কৰি থয়। যেনেকৈ নিদ্ৰিত মানুহে স্বপ্নদৃষ্ট দেহত আত্ম-বুদ্ধি কৰে, পূৰ্ব্বাপৰ একোকে নাজানে; সেইদৰে আৰু জীৱই এই ব্যক্ত দেহাৰেই উপাসনা কৰে; কাৰণ তাৰ জন্মান্তৰীণ স্মৃতিবিনষ্ট হৈছে। কামাদি ছয় ৰিপুৰ দ্বাৰাই অভিভূত অজ্ঞ জীৱই ইচ্ছা নাথাকিলেও কৰ্ম্ম কৰিবলৈ বাধ্য হয় আৰু পোকে লেটা বান্ধি নিজে আৱদ্ধ হোৱা দৰে কৰ্ম্ম-জালত আৱদ্ধ হৈ নিজৰ ওলাবৰ বাট বিচাৰি নাপায়। পূৰ্ব্বসংস্কাৰে বলৰে তাক কৰ্ম্ম কৰিবলৈ বাধ্য কৰে। কৰ্ম্মফলেই জীৱনৰ স্থূল অথবা সূক্ষ্ম শৰীৰৰ কাৰণ। বলৱতী বাসনাৰ দ্বাৰাই জীৱৰ পিতৃসদৃশ বা মাতৃসদৃশ দেহপ্ৰাপ্তি হয়। প্ৰকৃতিৰ সঙ্গবশত পুৰুষৰ এনে বিপৰ্য্যয় হয়। কিন্তু পুৰুষ যদি স্বয়ং পৰমেশ্বৰৰ উপাসনাত তৎপৰ হয়, তেন্তে অচিৰতে পৰমেশ্বৰত বিলয় পাব পাৰে। এই অজামিল যদিও তাৰ প্ৰথম ডোখৰ জীৱনত ভাল আছিল, শেষ ডোখৰত অলেখ পাপত লিপ্ত হৈ মহাপাপী হৈ পৰিছিল। এই বাবে আমি অকৃত-প্ৰায়শ্চিত্ত এই পাপীক দণ্ডধৰৰ ওচৰলৈ লৈ যাম। তাত দণ্ডৰ দ্বাৰাই দি শুদ্ধি লাভ কৰিব।'

       যমদূতৰ এই কথা শুনি বিষ্ণুদূতে সিহঁতক ক'লে, ̶ 'এই ব্ৰাহ্মণে কোটিজন্ম কৃত পাপৰ প্ৰায়শ্চিত্ত কৰিছে কিয়নো ই অবশ হৈয়ো হৰিনাম উচ্চাৰণ কৰিলে। ইয়ে 'নাৰায়ণ' এই চাৰি অক্ষৰ উচ্চাৰণ কৰিলে, তাৰপৰাই ই পাপৰপৰা নিষ্কৃতি পালে। স্বৰ্ণস্তেয়ী, মিত্ৰদ্ৰোহী, ব্ৰহ্মঘ্ন, গুৰুপত্নীগামী আৰু স্ত্ৰীহত্যাকাৰী,