গাৰো, হেৰা মিকিৰ, হেৰা চণ্ডাল, আহা, তোমালোকে হৰিত শৰণ লৈ তৰাহঁক, এই কামলৈ তোমালোকৰ সকলোৰে সমান অধিকাৰ , হৰি তোমালোকৰ সকলোৰে পিতা, পিতাৰ চকুত তোমালোক সমান ; তোমালোকে নিজে ভঙা-পতা ডাঙৰ-সৰু জাতবোৰ তোমালোকৰ নিজৰ নিমিত্তেহে, হৰিক পাবৰ নিমিত্তে নহয় ; এতেকে সেইবোৰ নিমিত্তে অসাৰ্থক খকাখুন্দা কৰি থাকি আচল ৰত্ন পাহৰি নাথাকিবা।
শঙ্কৰদেৱে বেদাভিমানীসকলক কৈছে – “তোমালোকে বেদৰ আচল গুঢ় মৰ্ম্ম নুবুজি তাত বিক্ষিপ্ত ৰত্নৰাজি পৰিত্যাগ কৰি, তাৰ পুষ্পিত বাক্যসমূহকে সাৰোগত কৰি লৈ খালী কৰ্ম্ম কৰি মৰিছা। তোমালোকে বেদৰ গুঢ় অভিপ্ৰায় নুবুজি মাত্ৰ কৰ্ম্ম কৰিয়েই মৰা অথচ বেদৰ অভিব্ৰায় মতে কৰ্ম্মকো কৰিব নাজানো।"
নুবুজে বেদ অভিপ্ৰায় গূঢ়
কৰ্ম্মক কৰিবে নজানে মূঢ়।
কৰ্ম্ম চিত্তশুদ্ধিৰ নিমিত্তেহে আৱশ্যক, ঈশ্বৰ প্ৰাপ্তিৰ নিমিত্তে নহয়। কৰ্ম্ম কৰিলে তাৰ ফল অৱশ্যে পোৱা যায় কিন্তু সেই ফল স্বৰ্গসুখ আদি বিনাশী, অবিনাশী নহয় ; কৰ্ম্মফল ভোগৰ অন্তত আকৌ জন্ম, পুনৰাগমন। "গতাগতপ্ৰসক্তানাং কম্মিণাং কৰ্ম্মচাৰিণাম।” কিন্তু বেদবিহিত কৰ্ম্ম কৰিবলৈ মই হাক দিয়া নাই, কিন্তু সেই কাম সকামভাৱে নকৰি নিষ্কামভাৱে কৰিবা আৰু সকলো কৰ্ম্ম আৰু কৰ্ম্মফল ঈশ্বৰত সমৰ্পণ কৰি থ’বা, তেহে সেই কৰ্ম্মৰদ্বাৰায় তোমাৰ চিত্তশুদ্ধি, আৰু চিত্তশুদ্ধিৰদ্বাৰাই জ্ঞান আৰু শেহত মুক্তি লাভ হব। শুনা, একাদশ স্কন্ধত কৈছে –
নিষ্কামে কৰিয়া সকল কৰ্ম্ম।
বিষ্ণুত অৰ্পিব সি সব ধৰ্ম্ম।
শ্ৰৱণ কীৰ্ত্তন তাহাৰ ফল।
কিন্তু তাকে নকৰি ৰজোগুণৰ আশ্ৰয় লৈ জীৱহিংসা আদি কৰ্ম্ম কৰিলে –
ৰজোগুণে কৰে কৰ্ম্মত প্ৰীতি।
কৰ্ম্মীব দত্ত ভাৱ বাঢ়ে নিতি।।
কৰে হিংসা ধৰ্ম্ম নোপজে বোধ।
নুগুচয় যেন সৰ্পৰ ক্ৰোধ। (কীৰ্ত্তন)
কৰ্ম্ম মানে ঈশ্বৰপ্ৰাপ্তিৰ আশা কৰি কৰা নিত্যনৈমিত্তিক ধৰ্ম্মকাৰ্য্যৰ কথাহে কোৱা হৈছে, জীৱনযাত্ৰা নিৰ্ব্বাহৰ নিমিত্তে কৰিবলগীয়া মৰ্ম্মকৰ কথা কোৱা নাই। বেদেও তোমাক নিষ্কৰ্ম্মা হবলৈ কোৱা নাই, বেদান্তয়ো কোৱা নাই, বেদান্তৰ সাৰ গীতাইও কোৱা নাই, মইও নকওঁ। গৃহত থাকি জীৱনৰ যাৱতীয় কৰ্ম্ম কৰি, জলত থাকিও পদুমৰ পাত নিতিতি থকাৰ দৰে কৰ্ম্মত নিৰ্লিপ্ত হৈ থাকি সেই কৰ্ম্ম আৰু কৰ্ম্মফলক ঈশ্বৰত সমৰ্পণ কৰি “সদায়ে ডাকি বোলা হৰি হৰি”। গীতাই দঢ়াই দঢ়াই কৈছে, কৰ্ম্ম কৰা, তোমাৰ যথাসাধ্য কৰ্ম্ম কৰা, ভালকৈ কৰ্ম্ম কৰা, কিন্তু নিষ্কাম হৈ কৰি তাক তাৰ ফলেৰে সৈতে ঈশ্বৰৰ চৰণত সমৰ্পণ কৰিবা, তেহে তোমাৰ উদ্ধাৰ হ’ব, নতুবা তুমি তোমাৰ কৰ্ম্মৰে সৈতেই বুৰি মৰিবা। বেদ নলঙিঘ, সাত্ত্বিকভাৱে কৰ্ম্ম কৰিলে চিত্তশুদ্ধি হ’ব, চিত্তশুদ্ধি হলেই নিৰ্ম্মল দৰ্পণত তোমাৰ মুখৰ প্ৰতিবিম্ব