সেইবোৰ, নিৰাকাৰসাকাৰ ব্ৰহ্মৰ প্ৰাকৃতিক আকাৰ ; কাৰণ সৃষ্ট প্ৰাকৃতিক পদাৰ্থক সুশৃঙ্খল কৰিবলৈ, মানুহক আওবাটৰপৰা বাটলৈ নিবলৈ হ’লে তেওঁ সৃষ্ট পদাৰ্থ, সৃষ্ট জীৱ মানুহে ধাৰণা কৰিব পৰা, দেখিবলৈ পোৱা, ব্যৱহাৰ কৰিবলৈ পোৱা প্ৰাকৃতিক ৰূপেৰে সাকাৰ হ’বই লাগিব, নতুবা মানুহে ধৰি, ছুব নোৱৰা তেওঁ মানুহৰ পক্ষে অৰ্থহীন। মানুহৰ আনন্দ আৰু কুশলৰ অৰ্থে আনন্দময়ৰ এনেকুৱাই প্ৰাকৃতিক লীলা। খৃষ্টান ধৰ্ম্মতো এই বাবে প্ৰাকৃতিক ৰক্ত-মাংসৰ শৰীৰেৰে মীছৰ অৱতাৰ, আৰু মচলেম ধৰ্ম্মতো তেনেৰূপেই মহম্মদৰ অৱতাৰ। ব্ৰহ্ম সনাতন ঈশ্বৰক প্ৰণাম কৰিয়েই, শঙ্কৰদেৱ তৎক্ষণাৎ ঈশ্বৰৰ কাৰ্য সৃষ্টিলৈ গ’ল। নগৈ নোৱাৰি। কাৰণ ঈশ্বৰ কৰ্ম্মশীল, চৈতন্যস্বৰূপ ; তেওঁ জড় নহয়। এক তিল, এক মুহুৰ্ত্তও ঈশ্বৰ কৰ্ম্মবিৰত হৈ থাকিব নোৱাৰে ; কিয়নো, তেওঁ জ্ঞানময়, কৰ্ম্মময়, আনন্দময়। চেতনা আৰু জ্ঞান নিষ্কৰ্ম্মা হৈ বহি থাকিব নোৱাৰে ; কাৰণ ঈশ্বৰ পূৰ্ণচৈতনাময় আৰু পূৰ্ণজ্ঞানময়। তেওঁৰ চেতনা জ্ঞান এক তিল, এক মুহূৰ্ত্তত জড়ভাবাপন্ন হৈ থকা বুলিলে, – ঈশ্বৰৰ পূৰ্ণজ্ঞান পূৰ্ণ চৈতন্যত সীমা দি তাত অপূৰ্ণতা আৰোপিত কৰা হ’ব ; – যিটো অসম্ভৱ। যেই প্ৰলয় বা মহাপ্ৰলয় হল, ঈশ্বৰে জগৎ সংহৰণ কৰিলে, তৎক্ষণাৎ সেই মুহুৰ্ত্ততে তেওঁ জগৎ সৃষ্টি আৰম্ভ কৰিলে, সেই কাৰ্য তেওঁৰ মনত প্ৰকাশিতেই হওক বা কাৰ্য্যত প্ৰকাশিতেই হওক। সেই দেখি শঙ্কৰদেৱে কীৰ্ত্তনত লেখিছে –
জগত সংহৰি শুতি আছা নাৰায়ণ।
ঈশ্বৰৰ প্ৰথম নিশ্বাসতে বেদ অৰ্থাৎ জ্ঞানৰ বিষয়ীভূত কাৰ্য বা পদাৰ্থ object বাজ হ'ল। প্ৰথম নিশ্বাসতে, অৰ্থাৎ consciousness of first breath অতে। ঈশ্বৰ সদায় সকলো মুহুৰ্ত্ততে conscious – এইটো স্বতঃসিদ্ধ। তেন্তে প্ৰথম নিশ্বাসতে বেদ বা জ্ঞান ৰাজ হোৱা মানে, সেই জগৎ সংহৰণ, সেই জগৎ প্ৰসাৰণ বা সৃষ্টি।
ঈশ্বৰ জ্ঞাতা। কিন্তু জ্ঞানৰ বিষয় knowledge বা object অৰ্থাৎ জানিবৰ বিষয় নেথাকিলে জ্ঞান থাকিব নোৱাৰে। জ্ঞানে কিবা এটা জানিব লাগিব, নতুবা সি জ্ঞান হৈ থাকিব নোৱাৰে। ঈশ্বৰক জ্ঞাতা বুলিইে তেওঁক সেই মুহুৰ্ত্ততে জানিবলৈ বস্তু দিব লাগিব। The subject knower must have some object to know সেইদেখি প্ৰলয় হোৱা মাত্ৰকতে আকৌ সেই মুহূৰ্ত্ততে সৃষ্টি হ’বই লাগিব, নতুবা যিমানফেৰা সময়েই হওক, সৃষ্টি নথকা বুলিলেই তেওঁক জ্ঞানময় জ্ঞাতা knower বোলা নহ’ব। ঈশ্বৰৰ এনে conception হব নোৱাৰে ; হ’লে তেওঁ অসম্পূৰ্ণ হব। জগৎ আৰু ব্ৰহ্মক অভেদ বোলোতা আৰু ব্ৰহ্মত একেবাৰেই জীৱৰ লয় বোলোতা monistic principle প্ৰতিপাদক অদ্বৈতবাদী শঙ্কৰাচাৰ্য্যৰ বিশিষ্টাদ্বৈতবাদী বৈষ্ণৱে এইখিনিতে ঠেকত পেলালত শঙ্কৰাচাৰ্য্যইও শেহত dualism (দ্বৈতবাদ) স্বীকাৰ কৰিবলগীয়াত পৰিছিল। অদ্বৈতবাদত দ্বৈতবাদ থাকিবই লাগিব। অকল monism ও নিৰ্ভুল নহয়, অকল dualism ও নিৰ্ভুল নহয়।
সৃষ্টি হ’লেই তাৰ শাসন পালন সুগঠন কৰিবলৈ অৱতাৰৰ (governor)