পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৫৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
তত্ত্ব-কথা

কল্পতৰু দয়াময়ে সেই বাসনা বা ইচ্চা জীৱৰ অন্তৰত কেতিয়াও প্ৰোথিত কৰি নিদিলেহেঁতেন। এতেকে এইটো আমি সিদ্ধান্ত কৰিব পাৰোঁ যে সাধাৰণতঃ জীৱ যিটো একান্ত ইচ্ছা সেইটো জীৱৰ নিশ্চয় অন্তত পাওনা অৰ্থাৎ শেহত সেইটো তেওঁ পাবই। গোপীসকলে আত্মসত্তা নেহেৰুৱাকৈ ঈশ্বৰক পতিভাৱে লাভা কৰি চিৰকাল নিত্যানন্দ আস্বাদন কৰিবলৈকে ব্যাকুল হৈচিল আৰু ভক্তবত্সল শ্ৰীকৃষ্ণই তেওঁলোকক তাকে দিবলৈ ইচ্ছা কৰি বংশীধ্বনিৰে মাতি আনিছিল। এই বাবে কোৱা হৈছে "ৰন্তুং মনশ্চক্ৰে।"

       ঈশ্বৰলাভৰ বাট বৰ দুৰ্গম। কঠোৰ সাধনা নকৰিলে 'দুৰ্ল্লভ ঈশ্বৰ-লাভ' নহয়। বেদত কৈছে-

এষ সৰ্ৱেষু ভূতেষু গূঢ়োই হত্মা ন প্ৰকাশতে
দৃশ্যতে ত্বগ্ৰ্যয়া বুদ্ধ্যা সূক্ষ্ময়া সূক্ষ্মাদৰ্শিভিঃ।। (কঠোপনিষদ)
       অৰ্থাৎ এই আত্মা সৰ্ব্বভূতত প্ৰচ্ছন্ন আছে, প্ৰকাশ নাপায় কিন্তু
সূক্ষ্মদৰ্শীসকলে এওঁক সুতীক্ষ্ণ বুদ্ধিৰে দৰ্শন কৰে।
       অপি সংৰাধনে প্ৰত্যক্ষানুমানাভ্যাম্। (ব্ৰহ্মসূত্ৰ)
       অৰ্থাৎ সংৰাধনৰ সময়ত তেওঁ দৃষ্ট হয়, শ্ৰুতি-স্মৃতি ঈয়াৰ প্ৰমাণ।
সংৰাধন অৰ্থ ভক্তি, ধ্যান, প্ৰণিধান ইত্যাদিৰ অনুষ্ঠান।
       সংসাৰসাধনাকালে পশ্যন্তি যোগিনঃ। সংৰাধনং চ
ভক্তিধ্যানপ্ৰণিধানাদ্যনুষ্ঠানম্।। (শঙ্কৰভাষ্য)
       কঠোপনিষদত কৈছে--
           পৰাঞ্চি খানি ব্যতৃণং স্বয়ম্ভূস্তস্মাৎ পৰাক্ পশ্যতি নান্তৰাত্মন্।

           কশ্চিদ্ধীৰঃ প্ৰত্যগান্তানমৈক্ষদাবৃত্তচক্ষুৰমৃতত্বমিচ্ছন্।।

       অৰ্থাৎ স্বয়ম্ভূ ভগৱন্তই ইন্দ্ৰিয়বোৰক বহিৰ্ম্মুখ কৰিছে, সেই বাবে জীৱ সকলে বহিৰ্ব্বিষয়হে দেকে, অন্তৰকাত্মাক দেখিবলৈ নাপায়। কিন্তু কোনো ধীৰ লোকে অমৰত্বক ইচ্ছা কৰি আবৃতচক্ষু হৈযো বহিৰ্ব্বিষয়ৰপৰা ইন্দ্ৰয়বোৰক প্ৰত্যাহাৰ কৰি পৰমাত্মাক দৰ্শন কৰে। ঈশ্বৰলাভৰ এই দুৰ্গম বাটক অল্পবুদ্ধি মানুহৰ নিমিত্তে সুগম কৰিবলৈ ঈশ্বৰে নানা অৱতাৰ ধৰি নিজক প্ৰকাশ কৰে। গীতাত ঈশ্বৰে সেইদেখি "যদা যদা হি ধৰ্ম্মস্য" এই শ্লোকেৰে নিজৰ অৱতাৰৰ হেতু প্ৰকাশ কৰিছে। মহাভাৰতৰ বনপৰ্ব্বতো ঠিক এনেকুৱা শ্লোক এটা আছে-

যদা যদা হি ধৰ্ম্মস্য গ্লানিৰ্ভৱতি ভাৰত।
অভ্যুত্থানমধৰ্ম্মস্য তদাত্মানং সৃজাম্যহম্।।

প্ৰৱিষ্টো মানুষং দেহং সৰ্বং প্ৰশময়াম্যহম।।

       বেদান্তৰ শৰীৰক ভাষ্যত আছে--"পৰমেশ্বৰস্যাপীচ্ছাৱশান্মায়ামং ৰূপং সাধকানুগ্ৰহাৰ্থম্।।"

পৰম দুৰ্ব্বোধ আত্ম-তত্ত্ব       তাৰ জ্ঞান অৰ্থে হৰি যত

লীলা-অৱতাৰ ধৰা তুমি কৃপাময়। (ঘোষা)

যেনেকুৱা কালত ধৰ্ম্মৰ যেনেকুৱা গ্লানি উপস্থিত হয় সেই কালৰ উপযোগী মূৰ্ত্তি





</Poem>