পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/২০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


অদ্বৈত জ্ঞানৰ পৰীক্ষা হয়। সেই পৰীক্ষাত গোপীসকল উঠিব নোৱাৰিলে সেই বাবে পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণই তেওঁলোকক তেতিয়াও অযোগ্য জানি ঘৰলৈ ওভোতাই পঠিয়াই পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ এবছৰ সময় দিলে। বস্ত্ৰহৰণলীলা সংক্ষেপতে এই হেমন্ত কালৰ প্ৰথম মাহতে নন্দব্ৰজৰ কুমাৰীসকলে হবিষ্য কৰি কাত্যায়নীৰ অৰ্চ্চনৰূপ ব্ৰত আৰম্ভ কৰিলে।

       এইখিনিতে চাব লাগিব যে ব্যাসদেৱে এই ব্ৰত কৰোঁতা ব্ৰজগোপীসকলক কুমৰিকা বুলিছে। অনুঢ়া বালিকাক কুমাৰী বোলে। কুমাৰী' শব্দত অল্পাৰ্থে 'কন’ প্ৰত্যয় কৰিলে 'কুমাৰিকা' শব্দ হয়। এইদেখি কুমৰিকা মানে বৰ কম বয়সীয়া বালিকাক বুজায়। শ্ৰীকৃষ্ণৰ তেতিয়া পৌগণ্ড বয়স। পঞ্চম বছৰ বয়সৰপৰা দশম বছৰ বয়সলৈকে পৌগণ্ড অৱস্থা বোলে অৰ্থাৎ শ্ৰীকৃষ্ণ তেতিয়া ন-দহ বছৰ বয়সীয়া শিশু কুমৰিকা অৰ্থাৎ অতি অলপ বয়সীয়া ছোৱালী গোপীসকলৰ যে তেনেকুৱা অলপ বয়সীয়া কৃষ্ণৰ প্ৰতি অনুৰাগত মিলনতা আছে এইটাে ভাবিবই নোৱাৰি।

       কুমাৰীসকলে অৰুণোদয়তে কালিন্দীৰ জলত স্নান কৰি, পানীৰ কাষতে বালুকাময়ী প্ৰতিমা নিৰ্ম্মাণ কৰি, ধূপ-দীপ-নৈবেদ্য দি কাত্যায়নীক পূজা কৰি প্ৰাৰ্থনা কৰিছিল – ‘হে কাত্যায়নি। হে মহামায়া! নন্দগোপৰ পুতেক শ্ৰীকৃষ্ণক আমাৰ স্বামী কৰি দিয়া। সেই ছোৱালীবিলাকে দিনো প্ৰত্যুষতে উঠি পৰস্পৰে পৰস্পৰৰ বাহুত ধৰি কালিন্দীত স্নাত কৰিবলৈ যাবৰ সময়ত নিজৰ নামেৰে সৈতে কৃষ্ণৰ গুণগান কৰিছিল। এদিন সেই ব্ৰজকুমাৰীসকলে সেইদৰে গা ধুবলৈ আহি নিজৰ নিজৰ বস্ত্ৰ নৈৰ পাৰত থৈ বিবস্ত্ৰা হৈ কৃষ্ণৰ গুণগান কৰি পানীত নামি জলক্ৰীড়া কৰিছিল। যোগেশ্বৰ ঈশ্বৰ ভগৱন্ত শ্ৰীকৃষ্ণই তেওঁলোকৰ উদ্দেশ্য জানি, তেওঁলোকৰ কৰ্ম্মৰ ফল দান কৰিবৰ নিমিত্তে গোপবালকসকলেৰে সৈতে তাত উপস্থিত হৈ, বালিকাসকলৰ বস্তুবোৰ লৈ কদম্ব গছত উঠি হাঁহি হাঁহি বালিকাসকলক ক’লে, ̶ “হে অবলাসকল! তোমালোকে ইয়ালৈ আহি নিজৰ নিজৰ বস্তু লৈ যোৱাহিহঁক। মই সঁচা কৈছোঁ, তোমালোকৰ সৈতে মই পৰিহাস কৰা নাই কাৰণ তোমালোকে ব্ৰত কৰি বৰ ক্ষীণাইছা। মই যে মিছা নকওঁ, এই গোপবালকসকলে জানে। এতেকে এজনী এজনীকৈ হওক, বা সকলে একেলগে আহি কাপোৰ লৈ যোৱাহিহঁক।” শ্ৰীকৃষ্ণৰ এই কথা শুনি গোপীসকলে প্ৰেমত বিহ্বল হৈ আৰু লজ্জিত হৈ পৰস্পৰে পৰস্পৰৰ ফালে চাই হাঁহিবলৈ ধৰিলে আৰু পানীৰপৰা পাৰলৈ উঠিব নোৱাৰিলে। পানীত পৰি থাকি জাৰত কঁপি কপি তেওঁলোকে কৃষ্ণক ক’লে – “হে কৃষ্ণ। অন্যায় নকৰিবা। তুমি নন্দগোপৰ পুত্ৰ, আমি তোমাক ভাল পাওঁ। ব্ৰজৰ ভিতৰত তুমি সকলোতকৈ ভদ্ৰ। আমি জাৰত কপিছোঁ। তুমি আমাক কাপোৰবোৰ ওভোতাই দিয়া। হে শামসুন্দৰ! আমি তোমাৰ দাসী। তুমি যিহকে আজ্ঞা কৰা, আমি তাকে কৰোঁ। হে ধৰ্ম্মজ্ঞ। আমাক বস্তুবোৰ দিয়া, নতুবা আমি ৰজাৰ আগত গোচৰ দিমগৈ।” কৃষ্ণই উত্তৰ দিলে – “তোমালোক যদি মোৰ দাসী – আৰু যদি মোৰ আজ্ঞা তোমালোকে প্ৰতিপালন কৰা তেন্তে মই আজ্ঞা কৰিছোঁ, বামলৈ উঠি এইখিনিলৈ আহি নিজৰ নিজৰ বস্তু লৈ যোৱাহিহঁক। ৰজাক গোচৰ দিলে, বুঢ়া ৰজাই মোক কি কৰিব?”