সমললৈ যাওক

পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
তত্ত্ব-কথা

আৱশ্যক আহিল আৰু সেই অৱতাৰবোৰ ব্ৰহ্মৰপী সনাতনৰ অংশ অৱতাৰ হ’বই লাগিব। নতুবা কোন অক্ষৰ পুৰুষৰ প্ৰশাসনত, কোন ৰাজচক্ৰবৰ্ত্তীৰ নিমিত্তে আৰু হুকুমত আৰু প্ৰতিনিধি হৈ তেওঁলোকে কাৰ্য্য কৰিব? এই বাবে হিন্দুৰ শাস্ত্ৰই ঈশ্বৰৰ প্ৰধান দশ অৱতাৰ আৰু অপ্ৰধান চতুৰ্ব্বিংশতি অৱতাৰৰ কথা কয়। এই নিমিত্তে শঙ্কৰদেৱে প্ৰথমতে “ব্ৰহ্মৰপী সনাতন নাৰায়ণ”ক প্ৰণাম কৰিয়েই তেওঁৰ সৃষ্টি আৰু দশ আৰু চতুৰ্ব্বিংশতি অৱতাৰৰ কথা তেওঁৰ কীৰ্ত্তনত কৈছে। বেদ-উপনিষদৰপৰা বিজ্ঞান অনুমোদিত আৰু দৰ্শনৰ বিচাৰ-অগ্নিৰে পৰিশোধিত হিন্দু ধৰ্ম্মৰ সৰ্ব্বসাৰ এইদৰে সকলোৰে সহজ উপভোগৰ বিষয় কৰি এই কালৰ বেদস্বৰূপ কীৰ্ত্তন’ পুথি যি মহাপুৰুষে ৰচনা কৰিলে সেই মহাপুৰুষৰ পদপঙ্কজৰ ধূলিৰ কণা এটা মূৰত লৈ, আহা ভাই অসমীয়া ! আজি আমি ধন্য হওঁহক। এই বাবেইহে আমি আমাৰ শঙ্কৰদেৱ গ্ৰন্থত কীৰ্ত্তনৰ কথা কওঁতে কৈছিলোঁ যে পৃথিৱীত যতবোৰ সুন্দৰ ধৰ্ম্মগ্ৰন্থ আছে, আমাৰ শঙ্কৰদেৱে বিৰচিত কীৰ্ত্তন সেইসকলৰ ভিতৰত শিৰৰ মুকুট। কি দুখৰ কথা, যে এনে এডোখৰ অমূল্য ৰতন আমাৰ হাততে আছে, অথচ আমি তাক চিনিব নোৱাৰো। আমি বোলে শিক্ষিত। জ্ঞানী !! বিদ্যাৱন্ত !! ! আমি অবিদ্যাত বিদ্যাৱন্ত, বিদ্যাত নহয়। আমি মৃগতৃষ্ণাত পৰি স্নান পান আচমন কৰি মৰিব লাগিছো। আচল সৰোবৰত নহয়।

হে হৰি সাৰশূন্য        মৃগতৃষ্ণাৰ্ণৱ-জলে
শ্ৰান্ত হুয়া মহামোহ পাওঁ।
স্নান পান আচমন        কৰোহো ৰমণ তাত
কতোহো ওপঙো তল যাওঁ। (ঘোষা)

        কীৰ্ত্তনৰ দুৱাৰমুখতে এই ভিতৰত সোমালে অষ্টনিধিৰ ভাণ্ডাৰ। কিন্তু যি সেই ভাণ্ডাৰৰ দুৱাৰ মুকলি কৰিবলৈ pass-word মন্ত্ৰ জানে, তাৰ নিমিত্তেহে সেই দুৱাৰ মুকলি হ’ব, আনৰ নিমিত্তে নহয়। 'চিচেম ফাক’ বুলিবলৈ জানিবলৈ আলিবাবা হ’ব লাগিব, তেহে কীৰ্ত্তনৰ ৰত্নভাণ্ডাৰ-গুহাৰ সেই দুৱাৰ মুকলি হব ; সেই মন্তৰ নজনালৈ বাহিৰৰপৰা সি খলাবমা পৰ্ব্বতৰ গা মাথোন, তাত ৰত্নমাণিক একো নাই। শঙ্কৰদেৱে আন একোকে নকৰি যদি এক মাথোন এই কীৰ্ত্তন পুথিখনকে লেখি থৈ গ’লহেঁতেন, তেন্তেও তেওঁ যুগযুগান্তৰলৈ অমৰ হৈ ৰ’লহেঁতেন। কিন্তু আমাৰ কি সৌভাগ্য যে তেওঁ ইয়াৰ বাহিৰেও আন আন অনেক অমূল্য গ্ৰন্থ ৰচনা কৰি গৈছে। আৰু অকল গ্ৰন্থ ৰচনাই নহয়, অসমীয়াক ধৰ্ম্ম, ভাষা, সাহিত্য, সমাজ, নীতি, সদাচাৰ, মনুষ্যত্ব, সত্যনিষ্ঠা আদিৰপৰা সঙ্গীতবিদ্যা, চিত্ৰকলাৰ আমোদ আনন্দলৈকে সকলোবোৰ দান কৰি গৈছে — মুঠতে জাতীয়তা গঠন কৰিবৰ নিমিত্তে অৰ্থাৎ এটা জাতিক সকলো পিনে সৰ্ব্বাঙ্গসুন্দৰ কৰি থিয় কৰিবৰ নিমিত্তে যি যি আৱশ্যক সকলোবোৰ সেই মহাপুৰুষে দান কৰি গৈছে। ভাই অসমীয়া ! তোমাৰ কৰ্ত্তব্য এতিয়া এইটোহে চোৱা যেন, সেই মহাপুৰুষৰ মহাদান অপাত্ৰত দান নহয়। এইটো নিশ্চয় জানিবা, তেওঁ তেতিয়া যি অসমীয়াক অৰ্থাৎ তোমাৰ যি পূৰ্ব্বপুৰুষক সেই মহাদান দিছিল, সেই