পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৯১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯০
তত্ত্ব-কথা

তাৰে আৰতি কৰে চন্দ্ৰ তপন,
        দেব মানব বন্দে চৰণ,
                 অসীম সেই বিশ্ব শৰণ
                         তাৰ জগত-মন্দিৰ।
অনাদি কাল অনন্ত গগন,
        সেই অসীম মহিমা মগন,
                 তাহে তৰঙ্গ উঠে সঘন,
                         আনন্দ নন্দ নন্দনে।
 হাতে লয় ছয় ঋতুৰ ডালি,
        পায়ে দেয় ধৰা কুসুম ঢালি,
                 কতই বৰণ, কতই গন্ধ,
                         কত গীত কত ছন্দৰে।
বিহঙ্গ গীত গগন ছায়,
         জলদ গায়, জলধি গায়,
                  মহা পবন হৰষে ধায়,
                         গাহে গিৰি-কন্দৰে।
কত শত ভকত প্ৰাণ,
          হেৰিছে পুলকে গাইছে গান,
                  পুণ্য কিৰণে ফুটিছে প্ৰেম,
                          ফুটিছে মোহ-বন্ধ ৰে।

        এই বাবে পৃথিৱীৰ সকলো ঈশ্বৰ প্ৰতিপাদক সনাতন ধৰ্ম্ম কাৰ্য্যত সাকাৰবাদী, মুখৰ কথাত নহ’লেও।

        ধৰ্ম্ম দুই প্ৰকাৰ। প্ৰথম আৰু ঘাইটো সনাতন ধৰ্ম্ম আৰু দ্বিতীয়টো যুগধৰ্ম্ম। কিন্তু দুইটাই সাকাৰ ঈশ্বৰ প্ৰতিপাদক। সনাতন ধৰ্ম্মই সনাতন ঈশ্বৰৰ আৰাধনা উপাসনা কৰে, ঘাইটিক গৌণ স্থলত ৰাখি, অথচ অশেষ শ্ৰদ্ধা আৰু অশেষ মান্য কৰি। বেদ উপনিষদ প্ৰতিপাদিত ধৰ্ম্ম সনাতন ধৰ্ম্ম। বাইবেল আৰু কোৰাণ প্ৰতিপাদিত ধৰ্ম্মও সনাতন ধৰ্ম্মইহে। পুৰাণ তন্ত্ৰ আদি প্ৰতিপাদিত ধৰ্ম্ম যুগধৰ্ম্ম। সনাতন ধৰ্ম্ম কল্পতৰু ; সেই কল্পতৰুৰপৰা আৱশ্যকতমতে মাগি প্ৰত্যেক যুগে যুগধৰ্ম্ম প্ৰৱৰ্ত্তকক পায়। সনাতন ঈশ্বৰৰ সনাতম ধৰ্ম্ম-কল্পতৰৰ সাময়িক ফল যুগধৰ্ম্মপ্ৰৱৰ্ত্তক অৱতাৰসকল। যেতিয়া যিভাৱে প্ৰাকৃত আকাৰবৰ্জিত নিৰাকাৰ হৰিয়ে সনাতন ধৰ্ম্মৰ গ্লানি গুচাই যুগধৰ্ম্ম প্ৰৱৰ্ত্তাবৰ আৱশ্যক বিবেচনা কৰে তেতিয়া তেওঁ সেই কাৰ্য্যৰ নিমিত্তে তেওঁৰ প্ৰাকৃত আকাৰসম্বলিত ৰূপ ধৰি অৱতাৰ হয়। সেই কাৰ্য সম্পাদিত হ’লে, তেওঁৰ আৰু তেতিয়া সেই অৱতাৰৰ আৱশ্যকতা নেথাকে। এই বাবেই শঙ্কৰদেৱে কৈছে যে “ব্ৰহ্মৰপী সনাতনে” “যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত।” “মৎস্য, কুৰ্ম্ম নৰসিংহ, বামন, পৰশুৰাম, হলিৰাম, বৰাহ, শ্ৰীৰাম” প্ৰত্যেক যুগৰ “ব্ৰহ্মৰূপী সনাতন’ৰ বিশেষ বিশেষ কাৰ্য্যৰ নিমিত্তে, সনাতম ধৰ্ম্মক গ্লানিৰপৰা ৰক্ষা কৰি যুগধৰ্ম্ম প্ৰৱৰ্ত্তাবৰ নিমিত্তে “ব্ৰহ্মৰূপী সনাতন’ৰ যিবোৰ বিকাশ বা অৱতাৰ