পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আসন, প্ৰাণায়ম, প্ৰত্যাহাৰ, ধ্যান, ধাৰাণা আৰু সমাধি - এই অষ্টাঙ্গ। এই আঠোটাৰ পাঁচোটা বহিৰঙ্গ আৰু তিনিটা অন্তৰঙ্গ। ধ্যান-ধাৰণা আৰু সমাধিয়েই অন্তৰঙ্গ তিনিটা। চিত্তবৃত্তিৰ সম্পূৰ্ণ নিৰোধ হ'লে নিৰ্বীজ সমাধি লাভ হয়। যিবোৰ চিত্তবৃত্তি ক্লেশ, কৰ্ম্ম-বিপাক আৰু আশ্ৰয়জনক সেইবোৰ বৃত্তি নিৰোধ কৰাই নিৰ্ব্বীজ সমাধিৰ উদ্দেশ্য। সমাধিৰ ওখ অৱস্থাক নিৰ্ব্বীজ সমাধি বোলে। ধ্যানৰ পৰিপক্ক অৱস্থাত চিত্ত আন আন বিষয়ত সংজ্ঞাশূন্যৰ নিচিনা হয়, মাথোন ধ্যেয়াকাৰে স্ফূৰ্ত্তি পাই থাকে। এনে অৱস্থাকে নিৰ্ব্বীজ সমাধী বোলে। অভ্যাস আৰু বৈৰাগ্যই এই সমাধি লাভ কৰিবৰ মূখ্য উপায়। "ঈশ্বৰপ্ৰণিধানাদ্বা" বুলি আৰু এটা উপায়ো পাতঞ্জল মতে যোগ সিদ্ধিৰ কোনো বাধা নহয়। সাংখ্যৰ নিচিনাকৈ পাতঞ্জল দৰ্শনৰ কৈৱল্যসিদ্ধি পুৰুষৰ স্বৰূপত অৱস্থান। যোগ সিদ্ধিৰ দ্বাৰায় পুৰুষে প্ৰকৃতিৰপৰা নিজক সুকীয়াকৈ চিনি ল'ব পাৰিলেই সিদ্ধি লাভ হয়। এয়েই কেৱল্যৰ অৱস্থা। এই কেৱল্যৰ অৱস্থাত চিত্তবৃত্তিবোৰ প্ৰকৃতিত বিলীন হৈ যায়। পুৰুষ তেতিয়া শুদ্ধ, বুদ্ধ, অকলসৰীয়া বা কেৱলীয়াভাৱে থাকে। পাতঞ্জলৰ যোগৰ অৰ্থ পৰমাত্মাৰে সৈতে জীৱৰ সংযোগ নহয়। প্ৰকৃতি-পুৰুষৰ যি বিয়োগ বা পাৰ্থক্য সাধন তাকেই যোগ বোলে। পূৰ্ব্ব-মীমাংসা জৈমিনিয়ে কৰা উত্তৰ-মীমাংসা দৰ্শনৰ উদ্দেশ্য। বেদান্তৰ প্ৰতিপাদ্য ব্ৰহ্মজ্ঞান আৰু অদ্বৈতবাদ। জীৱ আৰু ব্ৰহ্ম এক। নিৰ্গুণ ব্ৰহ্মত জীৱাত্মা প্ৰতিষ্ঠিত হ'লে জীৱৰ মুক্তি।

       কিন্তু ঈশ্বৰ যে এই সমস্ত সৃষ্টিৰ বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ, সাংখ্যই সেই ঈশ্বৰক তেওঁৰ লেখৰপৰা বাদ দি ব্যাসাৰ্দ্ধ আৰু পৰিধিৰ ওপৰত মাথোন সমস্ত বিশ্বব্ৰহ্মাণ্ড থিয় কৰিছে। বেদান্ত দৰ্শনে ব্যাসাৰ্দ্ধ আৰু পৰিধিৰ ওপৰত মাথোন সমস্ত বিশ্বব্ৰহ্মাণ্ড থিয় কৰিছে। বেদান্ত দৰ্শনে ব্যাসাৰ্দ্ধক মিছা মায়া বুলি উৰাই দি কেন্দ্ৰ আৰু পৰিধিক একে কৰি অৰ্থাৎ জীৱাত্মা আৰু পৰমাত্মাক একে কৰি দুইকো নিৰ্গুণ ব্ৰহ্মাণ্ড শেষ কৰিছে। বেদান্তৰে সৈতে গীতাৰ ঘনিষ্ঠ সমন্ধ। গীতাও ব্ৰহ্মবাদী, অদ্বৈতবাদী, কিন্তু গীতাৰ ব্ৰহ্ম সগুণ ব্ৰহ্ম, অদ্বৈতবাদ বিশিষ্ট অদ্বিতবাদী। ঈশ্বৰ গীতোক্ত মতৰ কেন্দ্ৰ, প্ৰকৃতি ব্যাসাৰ্দ্ধ, জীৱবোৰ পৰিধি। উপনিষদৰ "ঈশাৱাশ্য মিদাং সৰ্ব্বং যৎকিঞ্চ জগত্যাং জগৎ" অৰ্থাৎ ঈশ্বৰৰ দ্বাৰাই সমস্ত জগৎ ঢাক খাই আছে, এই সগুণ একত্বই গীতাৰ প্ৰতিপাদ্য।

       গীতাৰ নিচিনাকৈ শঙ্কৰদেৱে কয় --

তুমি সত্য ব্ৰহ্ম       তোমাত প্ৰকাশে
জগত ইটো অসন্ত।
জগততে সদা       তুমিও প্ৰকাশা

অন্তৰ্য্যামী ভগৱন্ত।।

       এতেকে জগতখন শহাপহুৰ শিং বা ইন্দ্ৰজাল বিদ্যাৰ নিচিনা একেবাৰেই মিছা