পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৯৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


ল'ৰাক আটাহ পাৰি বা কঠুৱাকৈ হুকি মাৰি দি কোনো কথা এটা ক’লে সি ভয় থায় বা কান্দি পেলায়, কিন্তু মিহিকৈ চুপ্‌ চুপাই এটা কথা ক’লে সি সন্তোষ পাই হাঁহে। মানুহৰ কথা নুবুজা জন্তু এটাকো উচ্চাৰিত শব্দৰ তাৰতম্য অনুসাৰে ভয় খুৱাব বা আনন্দ দি বশ কৰিব পাৰি। সুললিত মাতৰ চৰাইৰ শব্দ শুনি আমি মোহ স্বাওঁ, যদিও সেই শব্দেৰে সেই চৰায়ে আনন্দ প্ৰকাশ কৰিছে নে বিৰক্তি প্ৰকাশ কৰিছে। চৰাইটোৱেহে জানে। শুকান শিলত বা খহটা ঠাইত ঘঁহি উলিৱা কেৰ্‌কেৰীয়া মাতে আমাৰ মনত প্ৰভাৱ বিস্তাৰ কৰি বিৰক্তি জন্মায় ; সুললিত বেহেলা বা বীণৰ গুণত ঘঁহনি খাই উঠা শব্দই মনত তৃপ্তি আৰু আনন্দ দিয়ে। আমি নজনা ভাষাত – যেনে ইটালীয় বা জাৰ্ম্মান ভাষাত শোকৰ বা প্ৰেমৰ বা উদগনিৰ গান শুনিলে যদিও আমি কথাবোৰৰ মানে বুজিব নোৱাৰোঁ, তথাপি তাত উচ্চাৰিত শব্দই আমাৰ মনত শোকৰ বা প্ৰেমৰ বা উদগনিৰ ভাব জগাই দিয়ে। এই লেখকৰ কেঁচুৱা ছোৱালী এজনীয়ে, তাইৰ মাত ফুটাৰ আগেয়ে, চেতনাৰ বা পিয়েনত কোনোবাই দুখৰ গান বজোৱা শুনিলে ফেকুৰি ফেকুৰি কন্দা আৰু হাঁহিৰ গান বজোৱা শুনিলে আনন্দ প্ৰকাশ কৰা লেখকে সততে দেখিছিল।

       গ্ৰীচৰ অৰ্ফিয়ছৰ (Orpheus) বীণৰ শব্দৰ মধুৰ ধ্বনিয়ে গছ, পৰ্ব্বত পশুপক্ষী আদিকে বিচলিত কৰা, লৰোৱা প্ৰবাদ প্ৰচলিত আছে। আকবৰ বাদছাহৰ সভাত এদিন দুপৰীয়া সঙ্গীতবিদ তানসেনে এটা ৰাতিৰ ৰাগ ধৰিলত সেই ৰাগৰ ধ্বনি যিমান দূৰলৈকে গৈছিল সেই ডোখৰ ঠাইক ৰাতিৰ এন্ধাৰে ঢাকিছিল বুলি প্ৰবাদ প্ৰচলিত আছে আকবৰৰে ৰাজসভাৰ আৰু এজন সঙ্গীত-শব্দবিদ গোপাল নায়কক এদিন আকবৰে দীপক ৰাগ গাবলৈ ক’লত, গোপালে এডিঙিলৈকে পানীত নামি ৰাগ ধৰিলত পানী তপত হৈ হৈ শেষত নিজেই পুৰি মৰিল, এনে প্ৰবাদ প্ৰচলিত আছে। হলায়ুধ মিশ্ৰই কৰা “সেকশুভোদয়া” নামৰ এখন প্ৰাচীন সঙ্গীত বিষয়ৰ গ্ৰন্থত আছে, বিদ্যুৎপ্ৰভা নামেৰে এজনী নৰ্ত্তকী গায়িকাই এদিন ৰজাৰ সভাত “সুহৈ” (সুহাই) নামৰ ৰাগ গাইছিল। ৰজাৰ বৰচ’ৰাৰ কাষতে এটা পাটনাদৰপৰা তেনে সময়তে এজনী তিৰোতা মানুহে পানী তুলিবলৈ আহোতে সেই ৰাগ শুনি কাণ্ডজ্ঞান হেৰুৱাই কলহৰ ডিঙিত জৰী নলগাই নিজৰ সৰু লৰাটােৰ ডিঙিত জৰী লগাই তাক পাটনাদত পেলাই জুবুৰিয়াই জৰীডাল টানি ল’ৰাটোক ওপৰলৈ তুলিলে, ল’ৰাটো পানী খাই মৰিল। সেই কাণ্ড দেখি ওচৰত থকা মানুহে হায়ৈবিয়ৈ কৰাত ৰজাই শুনি মানুহজনীক ধৰাই নি, তাই কিয় তেনে কৰিলে বুলি সুধিলত তাই ক’লে – “স্বৰ্গদেও, এইটো মোৰ ল’ৰা ; স্বৰ্গদেৱৰ সভাৰপৰা গোৱা ৰাগ এটা মই শুনি মোৰ জ্ঞান হৰি গৈ তেনে কাম কৰিছিলো।” ইয়াৰ পিছত ল’ৰাটোৰ ভৰি দুটা ধৰি তাক ঘূৰালত তাৰ মুখেদি পানীবোৰ ওলাই গৈ ল’ৰাটো ভাল হ’ল। এদিন সেই ৰজাৰ সভালৈকে বুঢ়ন মিশ্ৰ নামেৰে এজন গায়কে আহি পটমঞ্জৰী’ নামেৰে এটা ৰাগেৰে গান কৰিলত ৰাজসভাৰ ওচৰত থকা আহত গছ এজোপাৰ আটাইবোৰ পাত সৰি পৰিছিল। জয়দেৱ মিশ্ৰ নামৰ সঙ্গীতজ্ঞ পণ্ডিত এজনৰ ঘৈণীয়েক পদ্মাৱতীয়ে গঙ্গাস্নান কৰিবলৈ যাওঁতে গান্ধাৰ ৰাগ ধৰিলত গঙ্গাৰ ঘাটৰ ইপাৰে যিমানবোৰ নাও বন্ধা আছিল, এইবোৰৰ