পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/১৩৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


আদিত্য প্ৰকাশ হ’ব।

চৈতন্য ঈশ্বৰ আদিতে যাহাৰ হিয়াত ভৈল প্ৰকাশ।
কালমেঘ প্ৰায় অবিদ্যা আন্ধাৰ তাহাৰ হোৱে বিনাশ।।
চৈতন্য আদিত্য হৃদয় আকাশে সৰ্ব্বদায় প্ৰকাশয়।
উদয়াস্ত নাহি সন্ধা উপাসা কৰিবো কোন সময়।।

       চোৱা, জগতৰ সকলো ডাঙৰ ডাঙৰ ধৰ্ম্মতো ঈশ্বৰৰ নাম লোৱাৰ বাহিৰে আন একো উপায় বিহা নাই। কি খৃষ্টান ধৰ্ম্ম কি মছলম ধৰ্ম্ম, সকলোৰে এই এক সাৰ উপদেশ। অৱশ্যে তুমি ক’ব পৰা যে মই ৰাম কৃষ্ণ বুলিবৰ সকাম কি? এনেই ঈশ্বৰ বুলিলেই হব। আমিও কওঁ যে নহ’লে যে এনে নহয়। কিন্তু এক ঈশ্বৰৰ সহস্ৰ নামেৰে সহস্ৰ প্ৰকাৰ গুণ বহলকৈ মনত ভাবিৰ পৰাটোত নিশ্চয় উৎকৰ্ষ আছে। তোমাৰ পিতৃক পিতাদেৱ বুলি এটা মাতেৰে মাতি থাকি তুমি সিমান সন্তুষ্ট নোহোৱা, যিমান তেওঁ নানা গুণ সুঁৱৰি জনক, তাত, বোপাই ইত্যাদি নামেৰে মাতিব পাৰা। নামৰ সন্তোষ ফল তোমাৰ হিয়াৰ বস্তুহে, ঈশ্বৰৰ তাত একো লাভ-লোকচান নাই। গৰজ তোমাৰহে, ঈশ্বৰৰ নহয়। ৰাম, কৃষ্ণ, হৰি বোলোতে তুমি অকল উচ্চাৰিত শব্দতে সন্তুষ্ট নহৈ তাৰ অন্বয় অবগাহ কৰি যাবা আৰু গাবা, তেহে ফল পূৰ্ণ। ভকতে সেইদৰে কৰিহে নাম লয়, সেইদেখি তেওঁ তাত অমৃত পায়, শান্তি পায় ; তুমি সেইদৰে নকৰা বা তোমাৰ কৰিবৰ অভ্যাস নাই, সেইদেখি তুমি তাত মজিব পৰা নাই, গতিকে তাৰ পৰম সুখো পোৱা নাই। ভকতে কৃষ্ণ বোলোতে –

কৃষ্‌ হেন শব্দ ইটো        পৃথিৱীবাচক ভৈল
ণ আনন্দত প্ৰৱৰ্ত্তয়।
দুইৰ এক পদ ভৈল        পৰমব্ৰহ্ম-ৰূপ কৃষ্ণ
নাম আনন্দক মাত্ৰ কয়।
ঈশ্বৰৰ পদসেৱা        কৰন্তে জীৱৰ যত
কৃশতা গুচয় নিৰন্তৰ।
এহি হেতুতেসে জানা        ঈশ্বৰক বুলি কৃষ্ণ
প্ৰসিদ্ধ অজয় মনোহৰ।।
অনন্ত চৈতন্য আত্মা        সদানন্দ ঈশ্বৰত
যোগীজনে সদায় ৰময়।
এহি হেতু বাম পদে        পৰমব্ৰহ্ম স্বৰূপক
কহে ৰাম নামৰ অম্বয়।

       অৱশ্যে দশৰথৰ পুত্ৰ ৰাম দেৱকীনন্দন কৃষ্ণকো শঙ্কৰদেৱ, মাধৱদেৱ, নামেৰে জানিছিল আৰু চিন্তিছিল। তেওঁলোকে অজ্ঞান আন্ধাৰত পৰি থকা জীৱক পথপ্ৰদৰ্শন আৰু কৰুণা কৰিবৰ নিমিত্তে পৃথিৱীত ঈশ্বৰৰ অৱতাৰ মানিছিল। ভালকৈ ভাবিলে, ভালকৈ বুজিলে – তুমিও মানিবই লাগিব। আৰু নামানিবই বা কিয় ? ঐশ্বৰিক গুণ আৰু কাৰ্যসম্পন্ন ৰাম কৃষ্ণ অৱতাৰেই বা নহ’ব কিয়? সংসাৰত -