পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৯০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


অৰ্থাৎ তেওঁ সৰ্ব্বব্যাপী, নিৰ্ম্মল, নিৰৱয়ৱ, সিৰা আৰু ব্ৰণৰহিত, শুদ্ধ, অপাপবিদ্ধ। “তদেৱ নিত্যং জ্ঞানমনন্তং শিৱং স্বতন্ত্ৰং নিৰৱয়মেকমদ্বিতীয়ম।” কিন্তু ইয়াৰ লগে লগে তেওঁৰ মনলৈ ধাৰণা আহিল, ̶ “ব্ৰহ্মৰূপী।” অৰ্থাৎ ব্ৰহ্ম যদিও নিৰাকাৰ, নিৰৱয়ৱ, সিৰা আৰু ব্ৰণৰহিত, তথাপি তেওঁৰ ৰূপ নোহোৱা নহয়। ব্ৰহ্ম নিৰাকাৰ যেনেকৈ সাকাৰো তেনেকৈ। আমি সেই “যতো ৱাচো নিৱৰ্ত্তন্তে অপ্ৰাপ্য মনসা সহ” জনক যেই মনত ধাৰণা কৰিলোঁ বা অনুভৱ কৰিলোঁ, যিমান কি চকামকাকৈ বা ক্ষুদ্ৰাতি-ক্ষুদ্ৰাংশকৈ হওঁক, যেই তেওঁক ব্ৰহ্ম বুলিলোঁ, সেই মুহুৰ্ত্ততে ব্ৰহ্ম সাকাৰ হ'ল। নাম আৰু আকৃতি noumenon আৰু phenomenon অবিভক্ত আৰু অভেদ্য। তেওঁক ব্ৰহ্ম বা ঈশ্বৰ বা ভগৱান বা জগতকাৰণ বোলা মাত্ৰকতে তেওঁলৈ আকৃতি আহিল, – তেহেলৈ সেই আকৃতিটো কি বা কেনে তুমি জানা বা নাজানা বা মনত ধাৰণা কৰিব পাৰা বা নোৱাৰা অথবা তাৰ একলক্ষভাগৰ এক কণিকাকে তোমাৰ মনত ধাৰণা কৰা। কোনো conceptৰ জন্ম হ’লেই তাৰ লগে লগে আকাৰৰ জনম হ’ল। আন নেলাগে, ব্ৰহ্ম বা ঈশ্বৰ জগৎ জুৰি আছে বুলিলেই তুমি জগতেৰে সৈতে ব্ৰহ্ম বা ঈশ্বৰ জগৎ জুৰি আছে বুলিলেই তুমি জগতেৰে সৈতে ব্ৰহ্ম distinguish কৰিলা, অৰ্থাৎ পৃথকত্ব দিলা, – আৰু যেই distinguish কৰিলা সেই মুহুৰ্ত্ততে ব্ৰহ্ম বা ঈশ্বৰ সাকাৰ হ’ল ; কাৰণ এটা সমূৰ্ত্তক পদাৰ্থকহে অৰ্থাৎ কোনো এটাক অস্তিত্ব দিহে তাক অমুক বুলি ক’ব পাৰি আৰু আন পদাৰ্থৰপৰা distinguish কৰিব পাৰি।

        এটা কথা মনত ৰাখিব লাগিব, – ঈশ্বৰ সাকাৰ মানে তেওঁ প্ৰকৃত আকাৰ ধৰাটো বুজিলে ঠিক নহয়। আকাৰ বুলিলেই আমাৰ পঞ্চভূতাত্মক প্ৰাকৃতিক আকাৰলৈ তৎক্ষণাৎ ভাবটো যোৱা সহজ। কিন্তু ঈশ্বৰ প্ৰাকৃতিক আকাৰেৰে সাকাৰ নহয়। তেওঁৰ আকাৰ প্ৰাকৃতিক আকাৰ বহিৰ্ভূত অৰ্থাৎ transcendental, কিন্তু তথাপি তেওঁৰ আকাৰ আছেই আছে, নতুবা তেওঁৰ অস্তিত্ব থাকি নোৱাৰে। এই অৰ্থত ঈশ্বৰ নিৰকাৰ হৈও সাকাৰ আৰু সাকাৰ হৈও নিৰাকাৰ। মহাপুৰুষ মাধৱদেৱে ঘোষাত তাকে কৈছে, আৰু সেয়েহে বিজ্ঞান দৰ্শন আৰু যুক্তিসন্মত –

যতেক প্ৰাকৃত        আকাৰ-বৰ্জিত
ভৈলন্ত যিহেতু হৰি।
সেহি হেতুতেসে        নিৰাকাৰ নাম
আছন্ত ঈশ্বৰে ধৰি।।

        এই বাবেই সনাতন নিৰাকাৰ ঈশ্বৰক বা ব্ৰহ্মক সাকাৰ “ব্ৰহ্মৰপী” বুলি প্ৰথমতে শঙ্কৰদেৱে প্ৰণাম কৰিছে। ব্ৰহ্ম বা ঈশ্বৰ “অৰূপী’ হ’লে তেওঁত প্ৰণামেই নচলে।

        কিন্তু তেওঁক সৃষ্টিপাতনিৰেপৰা সকলো জ্ঞানবিশিষ্ট জীৱই ধাৰণা আৰু অনুভৱ কৰি ভক্তিভাবেৰে প্ৰণাম কৰি আহিছে আৰু সৃষ্টিৰ অন্তলৈকে কৰিব। দেৱতা আৰু মানুহে তেওঁৰ আৰাধনা বন্দনা কৰিব লাগিছে আৰু কবিয়ে তেওঁৰ তীক্ষতৰ চকুৰে, স্থাৱৰ, জঙ্গম, আকাশ, বায়ু আৰু ঋতুসকলেও ঈশ্বৰক বন্দনা কৰি থকা দেখিছে –