পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/১১৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


       বৈকুণ্ঠত ঈশ্বৰ কেনে সন্তোযময় হৈ থকাটো ভকতে ধাৰণা কৰে চোৱা, শঙ্কৰদেৱেৰ কথাৰে কওঁ, ̶

বৈকুণ্ঠত কেশৱ সাক্ষাত।।
শুতি থাকা অনন্ত শয্যাত।
লক্ষ্মী কোলাতে থৈয়া ভৰি।
লক্ষ্মীও ঝাণ্টন্ত হাতে ধৰি।।
মূৰ্ত্তি ধৰি বেদশাস্ত্ৰগণ।
কৰে বেঢ়ি মহিমা কীৰ্ত্তন।।

       বৈকুণ্ঠনাথে পাৰিষদ জয়-বিজয়ৰ চাৰি সিদ্ধৰ হাতত অথান্তৰ মিলা শুনি তেওঁৰ মন্দিৰৰ অভ্যন্তৰ এৰি বাহিৰলৈ ওলাই অহাৰ কি সুন্দৰ ধাৰণা চোৱাঁ, ̶

হেন আথান্তৰ শুনিয়া হৰি।
আসন্ত বজাই অভ্যন্তৰ এৰি।।
অনেক পৰিচ্ছদে লক্ষ্মী মাৱে
পাছত চলি যান্ত ভূমি-পাৱে।।
শুক্ল চামৰে বিঞ্চে দুই কাষে।
ওপৰে শ্বেত ছত্ৰ ধৰি আছে।।
তাতে চন্দ্ৰকান্তে স্ৰৱেশিশিৰ।
চলি যান্ত হৰি গতি গম্ভীৰ।।

       এই হ’ল সংক্ষেপতে বৈকুণ্ঠনাথৰ সম্পৰ্কে ধাৰণা। বৈকুণ্ঠ, য’লৈ যাবলৈ ভক্তৰ হেঁপাহ, তাৰ ধাৰণা কি চোৱা যাওক। শঙ্কৰদেৱৰ বৈকুণ্ঠ বৰ্ণনা তলত তুলি দিলোঁ –

বৈকুণ্ঠ নামে আছে মহা থান।
যৈত শাৰী শাৰী ৰঞ্জে বিমানচয়।
বৈদূৰ্ঘ্য হীৰ মৰকতময়।
চন্দ্ৰ সূৰ্য্য যেন প্ৰকাশে আতি।
নাজানি যাত পশিদিন ৰতি।।
চাৰু সৰোবৰ নিৰ্ম্মল জল।
সুগন্ধি পদ্ম শোভে উতপল।।
আছে ৰাজহংস সমূহে ৰঞ্জি
লীলায়ে মৃণাল ভুঞ্জে উভঞ্জি। ইত্যাদি

       এনেজন ঈশ্বৰে সেই বৈকুণ্ঠত আছে, যাক স্মৰণ কৰিলে পাতকৰাশি ধ্বংশ হয়। তেওঁ “মহদ্ভয়ং বজ্ৰমুদ্যতং” ভক্তৰ নিমিত্তে নহয়, তেওঁ আমাৰ পিতৃভাৱে আছে, বন্ধুবাৱে আছে।

       শঙ্কৰদেৱৰ কীৰ্ত্তনৰ আৰু এঠাইৰপৰা বৈকুণ্ঠৰ ধাৰণ অলপ দিওঁ। চাৰি সিদ্ধই ফুৰোঁতে ফুৰোঁতে এদিন বৈকুণ্ঠপুৰী দেখিলে। - অতি আনন্দিত বিষ্ণুৰ স্থানে।