পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৪৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

স্বৰ্গলৈ যাব; কাৰণ সেইটো তাৰ সংবাদী ভ্ৰম।

       অজামিলে এই সংবাদী ভ্ৰম কৰি নাৰায়ণ বুলি পুতেকক মাতি এই বাবে উদ্ধাৰ পাইছিল।

পুত্ৰ নাম ধৰি, উপহাস্য কৰি
হেলাতো যি বোলে হৰি।
তাহাৰো সমস্ত পাতক দহয়
জানা আৰু নিষ্ঠ কৰি।।
হৰি নামে সৰ্ব্ব পাতক দহয়
জ্ঞানে বা অজ্ঞানে বোলে।
যেন হুতাশনে শুকান কাষ্ঠক
অতি অপ্ৰয়াসে পোলে।।
প্ৰমাদত থাকি যিটো হৰি বোলে
সিও সব দু:খ তৰে।
যেন মহৌষধি নাজানি ভুঞ্জিলে
তাৰো গৰ্ভ-ৰোগ হৰে।। ̶ কীৰ্ত্তন

       ঈশ্বৰ ভগৱন্তৰ সকলো লীলাই ছলনাৰে আবৃত। তেও পৃথিৱীত মনুষ্য আকাৰ ধৰি জীৱক কৃপা কৰিবৰ নিমিত্তে নৰোচিত লীলা কৰি কৌশলেৰে নিজৰ স্বৰূপ প্ৰকাশ কৰে। এই বাবেই শুকদেৱে কৈছে-

অনুগ্ৰহায় ভক্তানাং মানুষং দেহমাশ্ৰিতঃ।
ভজতে তাদৃশীঃ ক্ৰীড়া যাঃ শ্ৰুত্বা তৎপৰো ভৱেৎ।।

বেদত কৈছে ̶

তমীশানং ৱৰদং দেৱমীডাং নিচাষ্যোমাং শান্তিমত্যন্তমেতি।

                      ̶ শ্বেতাশ্বতৰ উপনিষদ

       অৰ্থাৎ তেও ঈশান বৰদ ঈড়্য (পূজ্য)। তেওঁক জানিলে জীৱই অত্যন্ত শান্তি পায়।

ষমেৱৈষ বৃণুতে তেন লভ্যস্তসৈ্যষ আত্মা ৱিবৃণুতে তনু স্বাম।

                     -কঠোপনিষদ

       অৰ্থাৎ তেওঁ যাক বৰণ কৰে, সিয়েই তেওঁক পায়। তাৰ আগত পৰমাত্মাই নিজ তনু বিবৃত কৰে।

       বেদে কৈছে, তেওঁক নাজানিলে মুক্তিৰ উপায় নাই। অথচ বেদেই কৈছে তেওঁ বাক্যমনৰ অগোচৰ। তেনেহ'লে জীৱই কেনেকৈ মুক্তি পাব? তেওঁ দয়া কৰি সৰু হৈ আমাৰ ক্ষুদ্ৰ হৃদয় ক্ষুদ্ৰ বুদ্ধিৰ গোচৰ নহ'লে আমাৰ উপায় কি? তেওঁ দয়াময়, ভক্তক অনুগ্ৰহকাৰী; সেইদেখি তেওঁ 'অনুগ্ৰহায় ভক্তানাং মানুষং দেহমাশ্ৰিত; সেইদেখি তেওঁৰ কৃষ্ণাৱতাৰ কৃষ্ণলীলা। সেইদেখি তেওঁ ভক্ত গোপীক বৰণ কৰিছিল আৰু সেইদেখি গোপীসকলে তেওঁক পালে। সেইদেখি তেওঁ নিজে তনু ধৰি বৃন্দাবনত প্ৰকাশিত।