সমললৈ যাওক

পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
তত্ত্ব-কথা

অপৰিজ্ঞাত পদাৰ্থ 'unknown, unappreciable entity, যি আমাৰ দ্বাৰায় ভালকৈ বুজিব বা অনুভৱ কৰিব নোৱৰা বস্তু বা অৱস্থা; সেইদেখি আমি ভালকৈ বুজিব পৰা, অনুভৱ কৰিব পৰা বস্তু আৰু আমাৰ দৈনিক জীৱন-যাত্ৰাৰ আৱশ্যকীয় সুখ, যেনে-ইহকালত ধন, ঐশ্বৰ্য, মান, সম্ভম, ক্ষমতা, আমোদ-প্ৰমোদ ইত্যাদি আৰু যদি পৰকাল আছে, পৰকালতো তাকে পোৱা অৱস্থা লাভ কৰিবলৈ, আন দেৱ দেৱীৰ পূজা ধুমধাম কৰি নকৰোঁ কিয়? তুমিয়েই কৈছা যে আন দেৱ দেৱীয়ে সেইবোৰ দিব পাৰে। তেওঁলোকে মুক্তি দিব নোৱাৰিলে কি হল? তোমাৰ বৈকুণ্ঠত বোদবোদ কৰে বহি থকা মুক্তি-সুখ আমাক নেলাগে। এতেকে মুক্তিদাতা তোমাৰ বৈকুণ্ঠেশ্বৰ আমাৰ ভজনীয় নহয়।” ইয়াৰ উত্তৰত ইয়াকে কওঁ যে ঈশ্বৰক কল্পতৰু তেওঁক যেয়ে যি মাগে তাকে তেওঁ মাগোতাক দিয়ে। তুমি তেওঁৰ ওচৰত মুকুতি নামাগা, ধন-ঐশ্বৰ্য্যাদি পাৰ্থিৱ সুখ মাগিছা, স্বৰ্গসুখ মাগিছা, তাকে পাবা।

ঈশ্বৰ কেশৱ দেৱ ভকতৰ নিধি।
যেই যিবা চাৱে তাৰ সেই হোৱে সিদ্ধি।

        এইদেখি তেওঁক সকামভাৱে ভজনা কৰোঁতাই সেইবোৰ পাবই; কিন্তু তাৰ উপৰিও তেওঁত যদি তোমাৰ সকলো কাৰ্য সমৰ্পণ কৰি ভজনা কৰা তেন্তে তুমি মুক্তি-সুখটোও পাবা। কিন্তু আন দেৱতাই ঐশ্বৰ্য্যসুখ আদিহে দিব, মুকুতি-সুখ দিব নোৱাৰে; সেইদেখি ঈশ্বৰ কৃষ্ণক ভজনা কৰি তোমাৰ দুটা লাভ হ’ব, দুটা বাট মুকলি হ’ব - ঐশ্বৰ্য্যসুখ আৰু মুক্তি-সুখ মুক্তি-সুখটো কি এতিয়া তুমি নুবুজিলেও, তাক পিছত বুজিবলৈ আৰু পাবলৈ বাট থাকিল। এই দুগুণ লাভৰ বাট এৰি এগুণ লাভৰ বাট ধৰিবৰ তুমি হেন shrewd businessman অৰ অৰ্থাৎ চতুৰ ব্যৱসায়ীৰ আৱশ্যক কি? এতেকে কেয়োফালৰপৰা চোৱা, দেখিবা, ঈশ্বৰ কৃষ্ণহে তোমাৰ ভজনীয়। সেইদেখি গছৰ গুৰিডালত ধৰি থকাই ভাল, ডাল-পাতত নোলমি। আৰু গছৰ গুৰিত পানী দিলেই ডাল-পাতকৈ জীপ গৈ ডাল-পাত সন্তুষ্ট থাকিব, গুৰিত নিদি ডাল-পাতত দিলে ডাল-পাতলৈ জীপ নাহি সি শুকাই যাব। "যাৰ প্ৰতি বৃহস্পতি পোন তাৰ ফালে নবয় কোন?” বুলি অসমীয়াত কয়। “কিং কুৰ্বন্তি গ্ৰহাঃ সৰ্বে যস্য কেন্দ্ৰে বৃহস্পতিঃ।” এতেকে সকলোৰে কেন্দ্ৰ ঈশ্বৰ-বৃহস্পতিৰ পালে ঢাল লোৱাটোহে বুদ্ধিমানৰ কাৰ্য। ঘৰৰ ঘাই ডাঙৰীয়া তোমাৰ প্ৰতি সন্তুষ্ট থাকিলে, ঘৈণী, লগুৱা, লিকচৌও সন্দুষ্ট নাথাকি নোৱাৰে। ডাঙৰীয়াক বাদ দি লগুৱা-লিকচৌ, বান্দীবেটী, ঘৈণী আদি এজাকক সন্তুষ্ট কৰিবলৈ গ’লে বৰ লেঠা, বৰ পৰিশ্ৰম আৰু ডাঙৰ টানত তেওঁলোকে তোমাক একো উপকাৰ কৰিব নোৱাৰে, কাৰণ তেওঁলোকেও তেতিয়া ডাঙৰীয়াৰ ওপৰত কাকূতি কৰি দীঘল হৈ পৰিব লাগিবগৈ, কিয়নো সেই ডাঙৰ টান অৱস্থাৰপৰা সকলোকে উদ্ধাৰ কৰোঁতাজন এক মাথোন ডাঙৰীয়াহে। ভৱসংসাৰ তৰণেই সেই ডাঙৰ অৱস্থা আৰু ঈশ্বৰ কৃষ্ণই সেই ডাঙৰীয়া।

ব্ৰহ্ম মহাদেৱ লক্ষ্মী দেৱী         কায়-বাক্য-মনে থিৰ কি,
পৰম আনন্দে চৰণ সেৱয় যাৰ। (ঘোষা)

সেইজনেই ̶