ভাগৱত-তত্ত্ব
নিগমকল্পতৰোগলিতং ফলং শুকমুখাদমূতদ্ৰৱসংযুতম্।
পিৱত ভাগৱতং ৰসমালয়ম মুহুৰহো ৰসিকা ভুৱি ভাবু কাঃ।।
মহাপুৰুষে ইয়াৰ ঘোষা পদ কৰিছে – ,
সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত
শুক মুখে আসি ভূমিত ভৈল বিদিত।
ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন
বাস্তৱিকতে এনেকুৱা জ্ঞান আৰু ভক্তিৰ গ্ৰন্থ সংস্কৃত ভাষাত আন এখন নাই। অকল সংস্কৃতত কিয়, পৃথিৱীত আন কোনো সভ্য জাতিৰ ভাষাতো এনে গ্ৰন্থ নাই সঁচাসঁচিকৈয়ে ভাগৱত নিগম-কল্পতৰুৰ শুকমুখবিগলিত অমৃতপ্ৰৱসংযুক্ত ফল। সেই ফলত বাকলি, সিটা আৰু গুটি নাই ; তাত মাথোন ৰস আৰু ৰস। এই বাবেই ৰসিক ভাবুকসকলক ব্যাসদেৱে গ্ৰন্থৰ আৰম্ভতে নিৰন্তৰ এই ফল আস্বাদন কৰিবলৈ কৈছে। এই বাবেই শুকদেৱে পৰীক্ষিতক কৈছিল –
পৰিনিষ্ঠিতোহপি নৈগুণ্যে উত্তমশ্লোকলীললয়া।
গৃহীতচেতা ৰাজৰ্ষে আখ্যানং যদধীতৱান।।
তদহং তেহভিধাস্যামি মহাপোৰুষিকো ভৱান।
ইয়াৰ ভাঙনি মহাপুৰুষে কৰিছে, -
শুক নিগদতি পৰীক্ষিত যদি আমি নিগুণত স্থিত
তথাপি উত্তমশ্লোকৰ মহিমা গুণে।
ককৰিলেক মোৰ বশ্য চিত্ত ভাগৱত গ্ৰন্থ বিপৰীত
পৰম আনন্দে পঢ়িলো মই আপুনে।
তোমাত কহিবো সেহি শাস্ত্ৰ তুমি আক শুনিবাৰ পাত্ৰ
মহাপুৰুষৰ সেৱক তুমি সম্প্ৰতি।
ই শাস্ত্ৰত শ্ৰদ্ধা মাত্ৰকত মুকুন্দৰ পাদ-পঙ্কজত
এই বাবেই শাস্ত্ৰত শ্ৰীমদ্ভাগৱতক প্ৰশংসা কৰি কোৱা হৈছে, -
ৰাজন্তে তাৱদন্যানি পুৰাণানি সতাং গণে।
অৰ্থাৎ -