সমললৈ যাওক

পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাজঘাতী, পিতৃঘাটী, গোবধকাৰী আৰু অন্যান্য যিবোৰ মহাপাতকী আছে, বিষ্ণুনামোচ্চাৰণেই সেইবোৰ পাপীৰ উৎকৃষ্ট প্ৰায়শ্চিত্ত। যি বিষ্ণুনাম কীৰ্তন কৰে, ভগবন্তই তাক নিজৰ বুলি ভাবে।

       পাপীয়ে হৰিনাম মাথোন উচ্চাৰণ কৰি যেনে শুদ্ধ হয় ব্ৰহ্মবাদী মুনিসকলে বিহা প্ৰায়শ্চিত্তৰ দ্বাৰাই তেনে নহয়। হৰিৰ নাম উচ্চাৰণ পৱিত্ৰকীৰ্ত্তি হৰিৰ গুণসমূহ জ্ঞাপন। চান্দ্ৰায়ণাদি প্ৰায়শ্চিত্ত পাপৰ সমূল সংহাৰক নহয়; কাৰণ প্ৰায়শ্চিত্ত কৰিলেও পাপীৰ মন পুনৰায় অসৎপথলৈ ধাবিত হয়। এতেকে যি একেবাৰেই পাপৰ মূল উৎপাটন কৰিব খোজে, তাৰ পক্ষে হৰিৰ নাম-গুণ কীৰ্ত্তনেই উত্তম প্ৰায়শ্চিত্ত। তাতেই চিত্তশুদ্ধি হয়। পুত্ৰাদিৰ সঙ্কেততেই হওক বা পৰিহাসতে হওক, গীতালাপ পুৰাণৰ নিমিত্তেই হওক অথবা অৱজ্ঞাক্ৰমেই হওক, ভগৱন্তৰ নাৰায়ণ নাম ল'লেই সকলো পাপ বিনষ্ট হয়। যি ওখ ঘৰৰপৰা পৰি, বা যাওঁতে যাওঁতে পিচলি পৰি, বা সৰ্পাদিৰ দ্বাৰাই দংশিত হৈ, বা জৰাদি ৰোগত সন্তপ্ত হৈ, বা দণ্ডাদি আহত হৈয়ো 'হৰি' এই শব্দটো উচ্চাৰণ কৰে, সিও কেতিয়াও নৰক-যাতনা ভোগ কৰিবলগীয়া নহয়। মহৰ্ষিসকলে বিশেষকৈ জানি গুৰু-পাপৰ গুৰু আৰু লঘু-পাপৰ লঘু প্ৰায়শ্চিত্ত বিহিছে। সেইবোৰ পাপ তপস্যা দান আৰু ব্ৰতাদিৰ দ্বাৰাই ক্ষয় হয়, কিন্তু পাপীৰ পাপাচৰণৰ নিমিত্তে মলিন হৃদয় তাৰ দ্বাৰাই শুদ্ধ নহয়; অকল হৰিপদ সেৱাৰ দ্বাৰাইহে সেই হৃদয় নিৰ্ম্মল হয়। জুয়ে যেনেকৈ শুকান কাঠ দগ্ধ কৰে, সেইদৰে হৰিনাম কীৰ্ত্তনে পাপীৰ পাপ, জ্ঞানকৃতই হওক, দগ্ধ কৰে। যেনেকৈ কোনো মানুহে নজনাকৈয়ে কোনো অতিশয় বীৰ্য্যবান ঔষধ ভক্ষণ কৰিলে, সেই ঔষধে নিজৰ গুণ দেখুৱায়, হৰিনামো তেনেকুৱা।'

       ওপৰত এই দুই প্ৰকাৰ ধৰ্ম্ম ব্যাখ্যা দিয়া হ'ল। যমদূতৰ ব্যাখ্যা বেদত্ৰয়ৰ প্ৰতিপাদ্য সগুণ ধৰ্ম্ম আৰু বিষ্ণুদূতৰ ব্যাখ্যা ভগবৎ প্ৰণীত বিশুদ্ধ নিৰ্গুণ ধৰ্ম্ম। যমদূতে যেতিয়া যমৰজাৰ কাষত এই ঘটনাৰ ৱিবৰণদি গোচৰ দিলেগৈ। যমৰজাই বিষ্ণুদূতৰ ধৰ্ম্মব্যাখ্যা সম্পূৰ্ণৰূপে সমৰ্থন কৰি ক'লে, ̶ 'শুন দূতহঁত! মোৰ বাহিৰেও আন এজন চৰাচৰৰ সৰ্ব্বপ্ৰধান অধীশ্বৰ আছে, কাপোৰত সূঁতাৰ দৰে তেওঁতে বিশ্ব ওতপ্ৰোত হৈ আছে; যাৰ অংশৰপৰা এই বিশ্বৰ সৃষ্টি-স্থিতি-লয় হয়, আৰু যাৰ বশৱৰ্তী হৈ এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাণী নাকী লগোৱা বলদৰ নিচিনাকৈ চালে; যি জৰীৰে ব্ৰাহ্মণাদি নামৰ দ্বাৰাই বেদবাক্য স্বৰূপ নিজ সূত্ৰেৰে মানুহক বন্ধন কৰিছে; নাম আৰু কৰ্ম স্বৰূপ নিজ সূত্ৰেৰে মানুহক বন্ধন কৰিছে; নাম আৰু কৰ্ম্মৰূপ বন্ধনৰ দ্বাৰাই বদ্ধ সেই সমস্ত জীৱ সভয়ে যাৰ অধীনত আছে। আনৰ কথাই নাই, মই, মহেন্দ্ৰ, নিয়তি, বৰুণ, অগ্নি, বায়ু, চন্দ্ৰ, সূৰ্য্য, ব্ৰহ্মা, মহেশ্বৰ, বিশ্বদেৱতাসকল, সাধ্যসকল, মৰুৎসকল, ৰুদ্ৰসকল, সিদ্ধসকল, বিশ্বস্ৰষ্টা, আন আন প্ৰধান প্ৰধান দেৱতাসকল, আৰু ৰজস্তমোগুণৰ সম্বন্ধশূন্য ভৃগু প্ৰকৃতি মহৰ্ষিসকল সত্ত্বপ্ৰধান হৈয়ো মায়াস্পৰ্শ প্ৰভাৱত যাৰ চেষ্টা জানিবলৈ অক্ষম; যেনেকৈ চকুৱে শৰীৰৰ সকলো অবয়ব দেখিবলৈ পায় কিন্তু চকুক নাপায়, তেনেকৈ সকলোৰে আত্মাস্বৰূপে হৃদয়ত অৱস্থিত যাক প্ৰাণীবোৰে, ইন্দ্ৰিয়বোৰে, মন, প্ৰাণ, হৃদয় বা বাক্যৰ দ্বাৰায় নিৰ্দ্দেশ কৰিব নোৱাৰে; ̶ সেই আত্মতন্ত্ৰ সকলোৰে প্ৰভু, সৰ্ব্বোৎকৃষ্ট,