পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/১১৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


কৃষ্ণ এক দেব দুখহাৰী         কাল মায়াদিৰো অধিকাৰী
কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ।
সৃষ্টি-স্থিতি-অন্তকাৰী দেৱ         তান্ত বিনে আন নাহি কেৱ
জানিবা বিষ্ণুসে সমস্ত জগতে সাৰ। (ঘোষা)

        আমি আগেয়ে কৈ আহিছোঁ যে ঈশ্বৰৰ স্বৰূপৰ সকলো প্ৰকাৰ ধাৰণা হয় ; কোনো ধাৰণাই তেওঁৰ স্বৰূপৰ বহিৰ্ভূত নহয়। কিন্তু তেওঁৰ “সত্যং শিৱং সুন্দৰং” ধাৰণা কেনে শ্ৰেষ্ঠ, কেনে আনন্দময়, কেনে সুখময়, কেনে প্ৰেমময়, এবাৰ ভাবি চোৱাচোন। এনে আনন্দময়, প্ৰেমময়, সুখময়, সুন্দৰ হয়। ঈশ্বৰৰ প্ৰতি ভয়ৰ ভাবতকৈ প্ৰেমৰ ভাব, বিশ্বাসৰ ভাব সুমধুৰ সুশীতল নিশ্চয়। ভয় সকলো অনিষ্ট, সকলো উন্নতিৰ প্ৰতিবন্ধকতাৰ মূল, এই কথা সকলোৱে স্বীকাৰ কৰে, আৰু আমি আমাৰ দৈনিক জীৱনত তাৰ হেজাৰ হেজাৰ প্ৰমাণ পাই আছে। এনে স্থলত বৈষ্ণৱৰ ঈশ্বৰৰ ধাৰণা শ্ৰেষ্ঠ নোবোলা কেনেকৈ? শঙ্কৰদেৱৰ ঈশ্বৰৰ ধাৰণা কেনে আনন্দময়, প্ৰশান্ত, শিৱ আৰু সুন্দৰ এবাৰ চোৱা। ভকতে স্থিৰ বুদ্ধি কৰি বৈকুণ্ঠনাথৰ কেনে ৰূপ চিন্তা কৰিবলৈ শঙ্কৰদেৱে কয় চোৱা, ̶

স্থিৰ বুদ্ধি কৰি ভকতজনে।
প্ৰত্যেক অঙ্গক চিন্তিৰ মনে।।
চৰণ-পদ্ম দেখি সুখী হুই।
অৰুণ অতি পদতল দুই।
দেখি চিহ্ন তাতে মিলে উৎসৱ।।
চৰণ-পঙ্কজ আছে প্ৰকাশি।
অঙ্গুলিপান্তি তাৰ ভৈল পাসি।
দেখিয় ৰত্নৰ পাকৰি নয়।
প্ৰকাশে তাতে নখচন্দ্ৰচয়।
ৰতনে উজ্জ্বল উঝণ্টি যত।
নুপুৰ প্ৰকাশে পাদপৃষ্ঠত।
ৰত্নৰ হোড়ৰ জ্বলে জঙ্ঘাত।
উৰু কৰিকৰ সময় সাক্ষাত।।
কটিত প্ৰকাশে বসন পীত।
বান্ধিছে মেখলা ৰত্নে ৰঞ্জিত।
নাভি-সৰোৰুহ ৰুচিৰ কান্তি।
হৃদয়ে প্ৰকাশে শ্ৰীবৎস-পান্তি।

       এনে ঈশ্বৰৰ ৰূপ ধ্যান কৰিবলৈ শঙ্কৰদেৱৰ উপদেশ। এনে ৰূপ ঈশ্বৰে ভকতৰ নিমিত্তে ধৰে যাতে ভকতে এনে আনন্দময়, প্ৰেমময় ৰূপ হৃদয়ত ধাৰণ কৰি সন্তোষ লাভ কৰি কৃতাৰ্থ হয়, তাৰ নিমিত্তে এই মনোহৰ ৰূপ ঈশ্বৰে পৰিগ্ৰহণ কৰে। “ধৰিছা মূৰ্ত্তি ভকতৰ পদে।”