পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
তত্ত্ব-কথা

আত্মা বুলি ভৈলা সেৱাচোৰ,
আত্মা বুলি ভৈলো সেৱাচোৰ,
প্ৰাণবন্ধু কিনো মই অজ্ঞানী দুৰ্ঘোৰ।
দুৰ্ব্বাৰ দুঃসঙ্গ দুৰ্ব্বাসনা দুষ্ট,
              হৰি হৰি হৰি হৰি এ,
অনাদি অবিদ্যা আপুনি ভৈলো মোহিত।
অনাত্মা দেহক আত্মা বুদ্দি কৰি
              হৰি হৰ হৰি হৰি এ,

সেৱ পৰিহৰি সি সুখে বৈলো বঞ্চিত।

ঈশ্বৰপ্ৰাপ্তিৰ চাৰিটা ঘাই বাট। জ্ঞান-মাৰ্গ, কৰ্ম্ম-মাৰ্গ, যোগ-মাৰ্গ আৰু ভক্তি-মাৰ্গ। যদিও এই চাৰিটা বাট সুকীয়া তথাপি চাৰিওৰো মুখ্য লক্ষ্য একেটা অৰ্থাৎ ঈশ্বৰপ্ৰাপ্তি বা মুক্তি। প্ৰথমটো বাট কৰ্ম্ম। মানুহে প্ৰথমতে কৰ্ম্মত প্ৰবৃত্ত হয় সাংসাৰিক আৰু ইন্দ্ৰিয় সুখাদি-লাভৰ প্ৰেৰণাত। ইয়াতকৈ ওখ প্ৰেৰণাত মানুহে কৰ্ম্ম কৰে ইহলোকৰ সুখ বিচাৰি নহয়, পৰলোকৰ। তেতিয়া কৰ্ম্মৰ ফল ভোগৰ আকাঙ্ক্ষা হয় পৰলোকত। কৰ্ম্মৰ চূড়ান্ত অৱস্থাত কৰ্ম্মকৰ্ত্তাই তাৰ ফলাকাঙ্ক্ষা নকৰি কৰ্ম্ম কৰি যায়, আৰু তাৰ ফল ঈশ্বৰত সমৰ্পণ- "কৃষ্ণাৰ্পণমস্তু"। ইয়াকে গীতাত বোলা হৈছে নিষ্কম কৰ্ম্ম। কিন্তু কৰ্ম্মনুষ্ঠান নকৰি কোনো নিষ্কৰ্মী বোলা হৈছে নিষ্কাম কৰ্ম্ম। কিন্তু কৰ্ম্মানুষ্ঠান নকৰি কোনো নিষ্কৰ্মী হ'ব নোৱাৰে। কৰ্ম্ম নকৰি একেবাৰেই ত্যাগীৰ আসনত উঠি প্ৰকৃত ত্যাগী হৈ সিদ্ধিলাভ কৰিব নোৱাৰে।

ন কৰ্ম্মণামনাৰম্ভন্নৈষ্কৰ্ম্ম্যং পুৰুষোহশ্বুতে।

ন চ সংন্যসনাদেৱ সিদ্ধিং সমাধিগচ্ছতি।। (গীতা)

       অৰ্থাৎ পুৰুষে কৰ্ম্মৰ অনুষ্ঠান নকৰি নৈষ্কৰ্ম্ম্য অৱস্থা পাব নোৱাৰে আৰু ত্যাগতো সিদ্ধি প্ৰাপ্ত নহয়।

       অৰ্থাৎ কৰ্ম্মৰ ভিতৰেদি ত্যাগী হ'ব লাগিব; কৰ্ম্ম ত্যাগৰ দ্বাৰাই নহয়; কিয়নো কৰ্ম্ম ত্যাগ কৰা সম্পূৰ্ণৰূপে অসম্ভৱ। এই বাবে ভগৱন্তই কৈছে-

তস্মাদসক্তঃ সততং কাৰ্য্যং কৰ্ম্ম সমাচৰ।

অসক্তো হ্যাচৰন্ কৰ্ম্ম পৰমাপ্নোতি পুৰুষঃ।।

       অৰ্থাৎ তুমি ফলাভিসঙ্গ ৰহিত হৈ সদায় অৱশ্যে কৰণীয় কৰ্ম্মানুষ্ঠান কৰা। অনাসক্ত হৈ কৰ্ম্ম কৰিলে পুৰুষে মোক্ষ লাভকৰে।

       মানুহে আনকি জ্ঞানী মানুহেও, নিজৰ স্বভাৱৰ বশীভূত হৈ কৰ্ম্মত প্ৰবৃত্ত হয়; স্বভাৱক কোনেও অতিক্ৰম কৰিব নোৱাৰে। জীৱই ঘাইকৈ মন, বুদ্ধি, চিত্ত আৰু অহঙ্কাৰ- এই চাৰিটি অন্তৰেন্দ্ৰিয়ৰ সংযোগেৰে কৰ্ম্ম সম্পাদন কৰে। পাঁচোটা জ্ঞানেন্দ্ৰিয়, শব্দ, স্পৰ্শ, ৰূপ, ৰস, গন্ধ এই পাঁচোটা বিষয়ৰ যোগত বাক, পাণি, পাদ, পায়ু আৰু উপস্থৰৰ দ্বাৰায় মানুহ কৰ্ম্মত পৰিচালিত হয়। জীৱৰ জাগ্ৰত অৱস্থাত পাঁচোটা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰই পাঁচোটা বিষয়েৰে সৈতে সাক্ষাৎ হয়। সেই সাক্ষাৎ বা সম্বন্ধ মনৰ সহায়ত হয়। মন চাৰিটা অন্তৰেন্দ্ৰিয়ৰ ভিতৰৰ এটা অন্তৰেন্দ্ৰিয়। মনৰ