পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৮৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮৩
গীতা-তত্ত্ব

অৰ্থাৎ –

সকলে উপনিষদ ধেনু        দোগ্ধা ভৈল তাৰ নন্দুসুত
তাৰ বৎস ভৈল কুন্তীসুত ধনঞ্জয়।
দুগ্ধ ভৈল মহা গীতামৃত        কৃষ্ণৰ চৰণে দিয়া চিত্ত

সুবুদ্ধিসকলে সন্তোষে পান কৰয়।। (ঘোষা)

        হিন্দুৰ এই প্ৰসিদ্ধ পুৰণি শাস্তৰ কৰ্ম্ম, জ্ঞান, ভক্তি, দৰ্শন, বিজ্ঞান, যুক্তি, বিশ্বাসৰ সামঞ্জস্যকৃত সন্মিলন। পৃথিৱীৰ কোনো সভ্য জাতিৰ কোনো শাস্ত্ৰই কৰ্ত্তব্য পৰমাত্মাৰ বিষয়ে গীতাৰ দৰে বিশদভাৱে শিক্ষা দিব পৰা নাই। এইবোৰ বিষয়ত গীতাৰ দৰে অদ্বিতীয়। গীতা কোনো এটা নতুন ধৰ্ম্মৰ আৱিষ্কাৰক নহয়। কৃষ্ণাৱতাৰৰ আগলৈকে হিন্দুৰ ইহকাল আৰু পৰকালৰ বিষয়ে অশেষ চিন্তা, গৱেষণা, আধ্যাত্মিক দৰ্শন, জ্ঞান, বিজ্ঞান ইত্যাদিৰ সংক্ষিপ্ত, সৰ্ব্বশ্ৰেষ্ঠ, অত্যুজ্জ্বল অথচ সুগভীৰ সাৰবিবৃতি গীতা। এই সকলোবোৰৰ সাৰতত্ত্বক কেন্দ্ৰীভূত কৰি, আধ্যাত্মিক, ঐহিক, পাৰলৌকিক, ধৰ্ম্ম নীতি, আচৰণ ইত্যাদিৰ প্ৰদীপ্ত প্ৰদীপ অজ্ঞান এন্ধাৰত পৰি ককবকোৱা মানুহৰ চকুৰ আগত শ্ৰীকৃষ্ণ ভগৱন্তই ধৰিছে। তেওঁৰ শিক্ষা সাম্প্ৰদায়িক সঙ্কীৰ্ণতাৰ আৱৰণ ভেদ কৰি উদাৰ সামঞ্জস্যৰ ওখ ভেটিত প্ৰতিষ্ঠিত হৈছে। কেউখন দৰ্শনৰ দাৰ্শনিক তত্ত্বৰ ব্যাখ্যাৰ সামঞ্জস্য কৰি বেদান্ত দৰ্শনেৰে সৈতে সাংখ্য আৰু যোগদৰ্শনৰ তেওঁ যোগ সাধন কৰিছে। তেওঁৰ শিক্ষা ধৰ্ম্ম-তত্ত্ব আৰু নীতি-তত্ত্বৰ চৰণ শিক্ষা। ঈশ্বৰত প্ৰগাঢ় ভক্তিযোগ, সৰ্ব্বপ্ৰাণীত সমদৰ্শন আৰু আত্মৱৎ বুদ্ধি, জীৱনৰ সকলো কৰ্ম্মত নিষ্কামভাব আৰু তাৰ ফলাফল ঈশ্বৰত সমৰ্পণ আৰু ঈশ্বৰত আত্মনিবেদন ইত্যাদি তেওঁৰ শিক্ষা পৃথিৱীত অতুলনীয়। ভিন্ন ভিন্ন পন্থাৱলম্বী ধৰ্ম্মাচৰণকাৰীসকলৰ প্ৰতিও তেওঁৰ উদাৰ ধৰ্ম্মমতৰ উদাৰ উক্তি। গীতাৰ সাৰবস্তু যদিও একমেৱাদ্বিতীয়ম্, ঈশ্বৰত একশৰণ আৰু অব্যভিচাৰী ভক্তি, তথাপি আন আন প্ৰচলিত বিভিন্ন মতাৱলম্বী ধৰ্ম্মৰ প্ৰতিও গীতাৰ শক্ৰতা নাই। কৃষ্ণ-প্ৰচাৰিত ধৰ্ম্মশিক্ষা সাৰ্ব্বভৌমিক, সাৰ্ব্বলৌকিক আৰু সনাতন। চাৰি-পাঁচ হাজাৰ বছৰৰ আগেয়ে প্ৰচাৰিত সেই শিক্ষাত, অৱশ্যে কোনো কোনো বিষয়ত সেই কালৰ মনুষ্য সমাজৰ আৰু মনুষ্য সমাজত প্ৰচলিত ধৰ্ম্ম-কৰ্ম্মৰ কিছু ছাঁ যে পৰিছে তাত সন্দেহ নাই।

        কোনো কোনোৱে ভগৱদগীতাক ৰূপক শাস্ত্ৰ বুলিও ব্যাখ্যা কৰে। যেনে, — অৰ্জ্জুন জীৱাত্মাৰ আৰু কৃষ্ণ পৰমাত্মাৰ প্ৰতীক। কৌৰৱ পাপ প্ৰবৃত্তিবোৰ। কৃষ্ণৰ অৰ্জ্জুনক দিয়া শিক্ষা যে স্বৰ্গ-ৰাজ্য পাবৰ হলে অৰ্থাৎ মুক্তি লভিবৰ হ’লে, সেইবোৰ জয় কৰিব লাগিব। জীৱন যুদ্ধক্ষেত্ৰত জীৱাত্মাৰ কাণত পৰমাত্মাৰ উপদেশ ফুচফুচ কথাৰে পৰিব লাগিছে। মানুহৰ শৰীৰেই যুদ্ধক্ষেত্ৰৰ মাজত স্থাপিত ৰথ। প্ৰত্যেক মানুহে নিজৰ বাহুবলেৰে যুদ্ধ কৰিব লাগিব, অৱশ্যে হৃদয়স্থ সাৰথি পৰমাত্মা শ্ৰীকৃষ্ণৰ উপদেশ আৰু চালনা মতে।