পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/১২৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


কত অদৃশ্য হৈ গৈছে, কোনে ক’ব? মানুহৰ বিজ্ঞানৰ লেব’ৰেটৰিত’ আজিলৈকে দুবৰি বনৰ পাত এটাকে তৈয়াৰ কৰি উলিয়াব পৰা নাই। তথাপি ঈশ্বৰৰ অনন্ত ৰাজ্যত ক্ষুদ্ৰ বালিচাহী যেন মানুহৰ আস্পৰ্দ্ধা দেখি হাঁহি উঠে।

       ঈশ্বৰৰ কৰুণা পাবৰ হ’লে এক মাথোন উপায় ভক্তি। এশাশুধীয়া ভক্তিৰ বাহিৰে আন প্ৰকৃষ্ট উপায় নাই আৰু কলিকালত শ্ৰৱণ-কীৰ্ত্তন ভক্তিয়েই শ্ৰেষ্ট ভক্তিধৰ্ম্ম, নাম-ধৰ্ম্ম। ঈশ্বৰত কায়মনোবাক্যে শৰণ, ভজন, আৰু ঈশ্বৰৰ গুণানুশ্ৰৱণ-কীৰ্ত্তন; – যি গুণ আৰু নাম ঈশ্বৰে মায়াৰ দ্বাৰায় মানুষী তনু ধাৰণ কৰি তেওঁৰ ভক্তসকলক অনুগ্ৰহ কৰিবৰ নিমিত্তে প্ৰকাশ কৰিছে। তেওঁ মানুহক জ্ঞান-বুদ্ধি দি স্ৰজন কৰি কেতিয়াও দলনিত পোনা মেলা দি মেলি এৰা নাই নিশ্চয়। নতুবা তেওঁ মানুহক স্ৰজন নকৰিলেহেঁতেন আৰু মানুহৰ মনত ঈশ্বৰক পাবৰ আকাঙক্ষাও নিদিলেহেঁতেন। তেওঁ অবুজ নহয়, তেওঁ দয়াৰ সাগৰ। নতুবা তেওঁ মানুহৰ অভাৱ মোচনৰ নিমিত্তে এই পৃথিৱীত ইমানবোৰ আৱশ্যকীয় বস্তুৰ দিহা কৰি কেতিয়াও নথলেহেঁতেন। ৰামকৃষ্ণ পৰমহংসদেৱে কৈছিল, ভক্তি আনন্দৰমহললৈকে যাব পৰা তিৰোত মানুহৰ নিচিনা। জ্ঞান বাহিৰত বৰচ’ৰাত বহা বিজ্ঞ সভাসদ। অন্তেষপুৰলৈ যাব পৰা ভক্তি নিশ্চয় ঈশ্বৰৰ অন্তেষপুৰগামিনী ভক্তিয়ে মোৰ প্ৰভুৰ অন্তৰ অতি সহজে ছুব যে তাৰ কোনো ভুল নাই। এইদেখি ঘোষাত মহাপুৰুষে লেখিছে –

শবদ-ব্ৰহ্মাৰ পাৰ ভৈল যিটো কৃষ্ণত ভকতি নাই।
তাৰ মাত্ৰ শ্ৰম, শ্ৰম মাত্ৰ ফল, যেন ৰাখে বাজী গাই।।

       প্ৰহলাদক নৃশিংহই বৰ যাচোঁতে প্ৰহলাদে কৈছিল, –

ভক্তিসে পৰম লাভ জানি।

দৈত্য শিশুসকলক উপদেশ দি প্ৰহলাদে কৈছিল, –

নলাগে ভক্তিত দেৱ দ্বিজ ঋষি হইবে।
নলাগে সত্ত্বত শাস্ত্ৰ বিস্তৰ জানিবে।।
তপ জপ যজ্ঞ দান সবে বিড়ম্বন।
কেৱলে ভক্তিত তুষ্ট হোন্ত নাৰায়ণ।।

নৃসিংহই প্ৰহলাদক কৈছিল, –

যৈত থাকে মোৰ ভক্ত উদাৰ-চৰিত্ৰ।
কীট-পতঙ্গকো তথা কৰয় পৱিত্ৰ।।
নকৰে প্ৰাণীক হিংসা নাহি একো স্পৃহা।
আমাত অৰ্পণ কৰে আপোনাৰ দেহা।।

সুদামা মালীক শ্ৰীকৃষ্ণই বৰ লোৱা বুলি বৰ যাচিলত সুদামাই ক’লে,

শুনিয়া মালী বোলে যুৰি হাত।
থাকোক অচলা ভক্তি তোমাত।।
বিষ্ণু ভকতেসে হৈব বান্ধৱ।
ভূতদয়া যেন নাছাড়ে মাধৱ।।