ভাগী কৰে, এই নিমিত্তেই তেওঁ মানুহক আপোনাৰ ঐশ্বৰ্য্যশক্তিৰে পৰিচ্ছিন্ন কৰি কৰিছে কৰিছে।' এইদৰে গুৰিৰ ঐক্যৰপৰা যাত্ৰাৰম্ভ কৰি সাধকে ঈশ্বৰেৰে সৈতে গাঢ়ৰপৰা গাঢ়তৰ ঐক্যবন্ধনৰ ফালে অগ্ৰসৰ হয়, উচ্চৰপৰা উচ্চতৰ লোকলৈ সমুত্থান কৰে, গভীৰৰপৰা গভীৰতৰ অন্তৰত নিমগ্ন হয়।'
জীৱই আধ্যাত্মিক উন্নতিৰ বাটত যিমান আগবাঢ়ে, ঈশ্বৰৰ ঐশ্বৰ্য্য আৰু প্ৰেম যত উপলদ্ধি কৰে, নিজৰ ইচ্চাক ঈশ্বৰৰ ইচ্ছাৰে সৈতে যিমান মিলিত কৰে, সেই পৰিমানে এই পাৰ্থক্য দূৰ হয়। সাধকে দ্বৈতৰপৰা অদ্বৈতত ভেদ বুদ্ধিৰপৰা অভেদ বুদ্ধিত উপস্থিত হৈ ঈশ্বৰেৰে সৈতে সম্পূৰ্ণৰূপে মিলিত হৈ অক্ষয় শান্তি আৰু আনন্দ উপভোগ কৰে। জীৱ ব্ৰহ্মৰ অক্ষয় আনন্দৰ মিলন 'ৰসো ৱৈ সঃ' ঈশ্বৰৰ ৰাসলীলা। এই পৰম তত্ত্বকে পৰম ব্ৰহ্ম কৃষ্ণৰূপে মূঢ় জীৱৰ বুজিবৰ সুবিধাৰ নিমিত্তে বৃন্দাবনত অভিনয় কৰিছিল।
ব্ৰজকুমাৰীসকলে শ্ৰীকৃষ্ণক পতিৰূপে পাবলৈ কাত্যায়নী দেৱীৰ পূজা কৰিছিল অৰ্থাৎ ঈশ্বৰ কৃষ্ণক সৰ্ব্বতোভাৱে ৰক্ষক স্বৰূপে পাবৰ নিমিত্তেই কামনা কৰি দেৱীক পূজা কৰিছিল। ওপৰত কোৱা হৈছে যে এজাক তিৰোতাই এজন পুৰুষক সাংসাৰিক ভাবত পতি পাবলৈ লগ বান্ধি দল বান্ধি মনৰ কথা কোৱাকুইকৈ যে পূজা কৰিবলৈ গৈছিল, এইটো ইমান অসম্ভৱ কথা যে তাক সহজে বুজিব পাৰি। এতেকে সকলোৰে ঈশ্বৰ, সকলোৰে পতি কৃষ্ণক নিজৰ জীৱনত পতি বা ৰক্ষকৰূপে পাবলৈহে তেওঁলোকে কামনা কৰিছিল সেইটো নিশ্চয়। বেদোক্ত 'পতিং পতীনাং পৰমং পৰস্তাৎ' এই সূত্ৰৰহে এইটো অভিনীত বিশদ ব্যাখ্যা।
অৰ্থাৎ প্ৰজাপতিৰ পতি বনমালী মদনমোহনক পৰমভক্ত গোপবালাসকলে সৰ্ব্বতোভাৱে পতি অৰ্থাৎ ৰক্ষকৰূপে পাবৰ এই কামনা।
এই বস্ত্ৰহৰণলীলা যদি পাৰ্থিৱ কামগন্ধময় লীলা হ'লহেঁতেন, তেন্তে সুন্দৰী তিৰোতাই পুৰুষক ৰমণৰ নিমিত্তে নিজে প্ৰাৰ্থনা কৰিছে আৰু পুৰুষে তাত অসন্মতি প্ৰকাশ কৰি ঘৰলৈ উভতি যাবলৈ কৈছে, এনে অসম্ভৱ কাৰ্য্য কেতিয়াও দেকা নগ'লহেঁতেন। সেইদেখি নিৰপেক্ষভাৱে আৰু গভীৰকৈ ভাবিলে নিশ্চয় দেখি যে বস্ত্ৰহৰণলীলাৰ ভিতৰত অশ্লীল একো নাই, আছে পমৰ তত্ত্বজ্ঞান আৰু ঈশ্বৰপ্ৰেমৰ চূড়ান্ততা। ই আনন্দঘন ভগৱন্তৰ শুদ্ধ জীৱৰে সৈতে স্বৰূপ বিহাৰ। লীলাৰ ফালৰপৰা চালে এইটো চঞ্চল ল'ৰাৰ অদ্ভূত ধেমালি যেন দেখি; কিন্তু তত্তবজ্ঞানৰ ফালৰপৰা চালে ভগৱন্তৰ ভক্তৰ ভগৱন্তৰ দ্বাৰাই চৰম পৰীক্ষা। ই বেদোক্ত ৰসময় পৰমানন্দৰ সুগূড় অলৌকিক ৰসৰ অভিনয়, ভাবুক ৰসিকেহে ইয়াৰ ৰস পান কৰিব পাৰে। মহাশাস্ত্ৰ শ্ৰীমদ্ভাগৱতক সেই বাবেই -- 'নিগমকল্পতৰোৰ্গলিতং ফলং শুকমুকাদমৃতদ্ৰবসংযুক্তং' বুলিছে আৰু 'ৰসিকা ভুবি ভাবুকা'ইহে তাক মুহুৰ্মুহু পান কৰে। ইয়াৰ তাৎপৰ্য্য বৰ নিগূঢ়, বৰ দুৰ্জ্ঞেয়।
★
দ্বিজেন্দ্ৰনাথ ঠাকুৰ প্ৰণীত অদ্বৈতমতৰ সমালোচনাৰ ভাঙনি