পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰিছে, সেইদেখি আমি কল্পনা কৰিও লওঁ যে তেওঁৰ এভাগ প্ৰকৃতি, এভাগ পুৰুষ কিয়নো দেখি-শুণি আমাৰ জ্ঞান জন্মিছে যে পুৰুষ আৰু প্ৰকৃতি বা তিৰোতাৰ সংযোগতেহে সৃষ্টি হোৱাতো নিয়ম। এই বাবে আদি দৰ্শনশাস্ত্ৰ সাংখ্যই ভাবি-চিন্তি বিচাৰ কৰি প্ৰকৃতি-পুৰুষৰ কলল্পনাতে চিন্তাৰ ওৰ পালালেগৈ। সাংখ্যৰ পিছৰ পাতঞ্জলেও তাকে কৰিলেগৈ। কিন্তু তাকে কৰোঁতে তেওঁলোকে তৰ্কৰ ঠেলাত পৰি বাস্তৱিক পক্ষত বাটতে ৰ'বলগীয়া হ'ল। ঈশ্বৰৰ থানত ওলাবগৈ নোৱাৰিলে। সাংখ্যই ক'বলৈ বাধ্য হ'ল "ঈশ্বৰাসিদ্ধেঃ' (সাংখ্য দৰ্শনৰ প্ৰথম অধ্যায়ৰ ৯২ সূত্ৰ) প্ৰমাণৰ অভাৱত ঈশ্বৰ অসিদ্ধি অৰ্থাৎ ঈশ্বৰৰ অস্তিত্বৰ বিষয়ে প্ৰমাণ নাই।

       সাংখ্যৰ মতে প্ৰকৃতি সবিকাৰ, পুৰুষ কুটস্থ, নিৰ্ব্বিকাৰ। প্ৰকৃতি গুণময়ী, পুৰুষ নিগুৰ্ণ। প্ৰকৃতি ভোগ্য, পুৰুষ ভোক্তা। প্ৰকৃতিয়েই গুণৰ দ্বাৰায় জগতৰ সৃষ্টি, স্থিতি, লয় আদি সকলো কাম সম্পাদন কৰে। পুৰুষ অকৰ্ত্তা, উদাসীন আৰু সাক্ষীস্বৰূপ হৈ বহি থাকে। প্ৰকৃতিৰপৰা সত্ব, ৰজঃ, তমঃ-এই তিনি গুণ ওপজে আৰু পুৰুষে এই তিনি গুণৰ নিমিত্তে উৎপন্ন হোৱা সুখ-দুখ ভোগ কৰে আৰু এই তিনি গুণৰ দ্বাৰায় বান্ধ খায়েই পুৰুষ আবদ্ধ থাকে। প্ৰকৃতি-পুৰুষ পৰস্পৰ সংযুক্ত থাকে দেখি প্ৰকৃতিৰ গুণ পুৰুষে পায় আৰু পুৰুষৰ গুণ অৰ্থাৎ চৈতন্য-শক্তি প্ৰকৃতিত সংক্ৰমিত হয়। সেই নিমিত্তে বাস্তৱিকতে প্ৰকৃতি জড় হ'লেও তেওঁক সচেতন যেন লাগে, আৰু পুৰুষ অকৰ্ত্তা হ'লেও তেওঁক কৰ্ত্তা যেন লাগে। প্ৰকৃতি জড়, সেই বাবে অন্ধ। পুৰুষ অকৰ্ত্তা সেইবাবে খোৰা। প্ৰকৃতিৰ অভাৱত পুৰুষ খোৰা পুৰুষৰ অভাৱত প্ৰকৃতি কণা। দুয়ো লগ লাগি থাকি দুইৰো অভাৱ পূৰণ কৰে। প্ৰকৃতি-পুৰুষৰ সংযোগৰ ফলেই সৃষ্টি। প্ৰকৃতিৰ সৃষ্টি নিজৰ নিমিত্তে নহয়, লোকৰ নিমিত্তে। পুৰুষ দৰ্শক হৈ উপস্থিত নেথাকিলে প্ৰকৃতিয়ে কোনো কাৰ্য্যই নকৰে। সৃষ্টিৰ উদ্দেশ্য হৈছে পুৰুষৰ ভোগ আৰু মোক্ষ সাধন। সাংখ্য দৰ্শনত ঈশ্বৰৰ কোনো উত্থাখপনেই নাই। সৃষ্টি বোলা, মুক্তি বোলা, একোতে ঈশ্বৰৰ কোনো সম্পৰ্ক নাই। সাংখ্যই লক্ষ্যই কৈৱল্যমুক্তি। এই কৈৱল্যমুক্তি লভিবৰ উপায় জ্ঞান, যথা ̶ (১) অব্যক্ত বা মূল প্ৰকৃতি, (২) বুদ্ধি বা মহৎ তত্ব, (৩) অহঙ্কাৰ, (৫) পঞ্চবিংশতি তত্ত্বৰ জ্ঞান মানে প্ৰকৃতি আৰু পুৰুষৰ ভেদজ্ঞান। এই তত্বজ্ঞান যাৰ হৈছে তেওঁৰ মুক্তি হয়। এই জ্ঞানৰ দ্বাৰাই পুৰুষে যেতিয়া আপোনাকে আপুনি ভালকৈ জানিব পাৰে, তেতিয়া প্ৰকৃতি নাচনীৰ লীলাখেলা বন্ধ হয়, সৃষ্টিৰ বিৰাম হয় আৰু তেতিয়া জীৱই দূখৰ হাত সাৰি কৈৱল্যমুক্তি লাভ কৰে।

       পাতঞ্জল দৰ্শনো প্ৰায় সাংখ্যৰ নিচিনাই। পাতঞ্জলৰ পদাৰ্থবিভাগ সাংখ্য দৰ্শনৰ পদাৰ্থবিভাগৰ নিচিনা। সৰহৰ ভিতৰত মাত্ৰ পাতঞ্জলৰ ঈশ্বৰ স্বীকাৰ। সাংখ্য পঞ্চবিংশতি তত্ববাদী, পাতঞ্জল ষড়বিংশতি তত্ত্ববাদী। সেই ষড়বিংশতিতম তত্ত্বটিয়েই হৈছে ঈশ্বৰ। এই বাবে পাতঞ্জল দৰ্শনক সেশ্বৰ সাংখ্যও বোলে। পাতঞ্জলৰ মুখ্য বিষয় যোগ। পাতঞ্জল যোগ মানে 'চিত্ত্ববৃত্তি-নিৰোধ'। যোগ অষ্টাঙ্গ। যম, নিয়ম,