আপোনাক তাৰা পুৰুষ উদ্ধাৰা
এনে নিৰ্ম্মল বিশুদ্ধ ধৰ্ম্ম শঙ্কৰ-মাধৱৰ। সোণ এশবাৰ জুইত পুৰি ল'লে তাৰ বৰণ উজ্জ্বল হোৱাদি এই ধৰ্ম্ম বিচাৰ, বাদ আৰু আলোচনাৰ অগ্নিত পুৰি উজ্জ্বলহে হৈ ওলায়। দুখৰ কথা যে এনে ধৰ্ম্মক অজ্ঞজনে সাম্প্ৰদায়িক ধৰ্ম্ম বোলে !! এনে ধৰ্ম্ম হাততে থকা ৰত্নক নিচিনি অসমীয়াই ভৰিৰে ঠেলি পেলাই লোকৰ ছাই-মাকটি বিচাৰি ফুৰে!! হাততে থকা ৰত্নক নিচিনি অসমীয়াই ভৰিৰে ঠেলি পেলাই লোকৰ ছাই-মাকটি বিচাৰি ফুৰে!! হায়! আমাৰ কি অধঃপতন। গোহালিৰ গৰুৰে বাৰীৰ ঘাঁহৰ ৰাহি নাহে বুলি বুঢ়ালোকে কৈ গৈছে। তেনে অৱস্থা এতিয়া আমাৰ হৈছে। মহপুৰুষ শ্ৰীশঙ্কৰদেৱৰ মিল মহান উদাৰ ধৰ্ম্মৰ পানীৰে আমাৰ দেশ গোটেইখন বুৰি আছে অথচ আমি লোকৰ নাদ পুখুৰী বিচাৰি চলাথ কৰিছোঁ। গীতাত কৈছে-
অৰ্থাৎ "সকলো ঠাই জলপ্লাৱিত হ'লে ঘৰত বহিও পানী পোৱা যায় যেতিয়া, নদী-কুপাদিলৈ যাবৰ সকাম নাই।" কিন্তু আমি হ'লে এনে অৱস্থাতো পানীৰ নিমিত্তে লোকৰ নআদ-পুখুৰী বিচাৰি হবথুৰি খাই ফৰিছোঁ! অসমীয়া মাছ পানীত থাকিও পিয়াহত মৰে! ভক্ত কবীৰাই ঠিক কৈছিল-
পানী মে মীন পিয়াসী ৰে।
এতেকে হে অসমীয়া! তুমি তোমাৰ বৃথা গৰ্ব্ব মিছা অহম্মম পৰিত্যাগ কৰি নিজৰ দেশৰ নিচেই আপোনাৰ অমূল্য মহৰত্ন দলিয়াই নেপেলাই তাক ডিঙিত বান্ধি লৈ ভক্তিভাৱেৰে গোৱা -
পৰম কৃপালু মন্ত শঙ্কৰে
লোকক কৰিলা দায়া।
হৰিৰ নিৰ্ম্মল ভকতি প্ৰকাশ
ওঁ যো দেৱোহগ্নৌ যোহপসু যো ৱিশ্বং ভুৱনমাৱিৱেশ।
উপনিষদ আৰু ঈশ্বৰ প্ৰতিপাদত দৰ্শনে ঈশ্বৰৰ স্বৰূপ নিৰ্ণয় কৰিবলৈ দুট বাট অৱলম্বন কৰে, - অন্বয় আৰু ব্যতিৰেক। এই দুটা বাটৰ যাত্ৰী স্থূলত দুভাগ - এভাগে এটা বাটেদি, আন ভাগে সিটো বাটেদি যাত্ৰা কৰে, কিন্তু দুই ভাগৰে উদ্দেশ্য একে, -ঈশ্বৰপ্ৰাপ্তি বা ঈশ্বৰৰ স্বৰূপ নিৰ্ণয়। দুই দলৰে বাট লৈহে মতান্তৰে আৰু দ্বন্দ খৰিয়াল, উদ্দেশ্য লৈ নহয়। অন্বয় বাটেদি যোৱাসকলে কয় - এক ঈশ্বৰেই সৰ্ব্বব্যাপক হৈ আছে, গোটাই বিশ্বব্ৰহ্মাণ্ডই ঈশ্বৰ। পশু-পক্ষী, জল- আকাশ,