অনাদ্যূনন্তং মহতঃ পৰং ধ্ৰুৱং
নিচায্য তং মৃত্যুমুখাৎ প্ৰমুচ্যতে।।
অৰ্থাৎ যাত শব্দ নাই, স্পৰ্শ নাই, ৰূপ নাই, ৰস নাই, গন্ধ নাই, যাৰ ক্ষয় নাই, যি অনাদি অনন্ত, যি মহততকৈয়ো মহৎ আৰু নিত্য নিৰ্ব্বিকাৰ; এনে ব্ৰহ্মক জানি জীৱই মৃত্যুমুখৰপৰা প্ৰমুক্ত হয়।
অণোৰণীয়ান্ মহতো মহীয়ান্
আত্মা গুহায়াং নিহিতোহস্য জন্তোঃ।
তমক্ৰতুঃ পশ্যতি ৱীতশোকো
ধাতুপ্ৰসাদান্মহিমানমীশম্।।
অৰ্থাৎ পৰমাত্মা ব্ৰহ্ম সূক্ষ্মতকৈও সূক্ষ্ম,আৰু মহততকৈও মহৎ। তেওঁ প্ৰাণীসকলৰ হৃদয়ত বাস কৰে। বিগত-শোক ব্যক্তিয়ে সেই ভোগভিলাষ-বৰ্জ্জিত ইশ্বৰক আৰু তেওঁৰ মহিমাক তেওঁৰ প্ৰসাদত দৃষ্টি কৰে।
ব্ৰহ্মক কোনো সংজ্ঞাৰে বুজাব নোৱাৰি। সেইদেখি শ্ৰুতিত 'নেতি' 'নেতি' কৰি অৰ্থাৎ ব্ৰহ্ম এনে নহয়, এনে নহয়, কৰি বুজোৱা হৈছে। এনে নিৰ্গুণ ব্ৰহ্মক সকলোৱে ধাৰণা কৰিব নোৱাৰে। সেই বাবে ব্ৰহ্মক সগুণভাৱে আৰাধনা কৰা হয় আৰু সগুণ ব্ৰহ্মৰ আৰাধনাই সকলোৰে সাধ্যায়ত্ত।
ব্ৰহ্মৰ শক্তি ব্ৰহ্মত লীন থাকে। সৃষ্টিত সেই শক্তি ব্যক্ত অৰ্থাৎ প্ৰকাশিত হয়। সৃষ্টিৰ অন্তত অৰ্থাৎ প্ৰলয়ৰ পিছত সেই শক্তি আকৌ ব্ৰহ্মত লীন হৈ অব্যক্ত হয়। ব্ৰহ্মই সগুণ হৈ সৃষ্টি কৰে। অব্যক্ত তুৰীয় বা নিৰ্গুণ ব্ৰহ্মই আংশিকৰূপে ব্যক্ত হৈ সৃষ্টি কৰে। সগুণ শক্তিসম্বলিত ব্ৰহ্মই অৰ্থাৎ ঈশ্বৰেই ভক্তৰ উপাস্য। শক্তি সম্বলিত ব্ৰহ্মক অৰ্থাৎ ইশ্বৰক উপাসনা কৰিলেই যথেষ্ট। ইশ্বৰৰ শক্তিক ইশ্বৰৰ পৰা বেলেগাই লৈ উপাসনা কৰিবৰ সকাম কি ? সূৰ্য্যৰ ৰশ্মিয়েই সূৰ্য্য নহয়; ৰশ্মিক পূজা কৰিলেই সৰ্ব্বাঙ্গীন সূৰ্য্যপূজা নহয়;কিন্তু সূৰ্য্যক পূজা কৰিলে ৰশ্মিৰ পূজাও তাৰ অন্তৰ্গত হয়।
ব্ৰহ্মৰ উপাসনা যোগ,ধ্যান,সমাধি আদিৰ দ্বাৰাই কৰা সকলোৰে সাধ্যায়ত্ত নহয়; সেইটো অতি দু্ৰ্গম পথ। সত্য, ত্ৰেতা, দ্বাপৰত সেই পথ নিৰ্ণীত থাকিলেও কলিকালত অল্পপ্ৰাণ মানুহৰ নিমিত্তে সেই পথ অৱলম্বনীয় নহয়। এই দেখি ন-বিধ সাত্বিক ভক্তিৰ পথেৰে সগুণ ইশ্বৰৰ উপাসনা কলিৰ লোকৰ অৱলম্বনীয়। ন-বিধৰ ভিতৰত শ্ৰৱণ-কীৰ্ত্তন শ্ৰেষ্ঠ আৰু সুগম। এই হৰিনাম শ্ৰৱণ-কীৰ্ত্তন ভক্তিকে মুখ্যতঃ প্ৰকাশ কৰি জীৱৰ তৰণৰ উপায় কৰিছিল মহাপুৰুষ শঙ্কৰদেৱে, আৰু তেওঁৰ প্ৰভাৱেৰে অনুপ্ৰাণিত আৰু প্ৰভাৰে আলোকিত মহাপুৰুষ মাধৱদেৱ আৰু দামোদৰদেৱে। এই বাবেহে মাধৱদেৱে ঘোষাত লিখিছে-
বৈকুণ্ঠ প্ৰকাশে হৰিনাম-ৰসে
প্ৰেম-অমৃতৰ নদী
শ্ৰীমন্ত শঙ্কৰে পাৰ ভাঙি দিলা
বহে ব্ৰহ্মাণ্ডক ভেদি।।