পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰ্বত সমান পাপ সৌকাৰ্য কিঞ্চিত।।
ইহলোকে নিন্দে পৰলোকে মহাভয়।
স্বামী যেবে জানে মিলে পৰম সংশয়।। ̶ দশম

       এই পৰীক্ষাতো গোপীসকল উত্তীৰ্ণ হ’ল। আৰ্য্য হিন্দু ৰমণীৰ স্বধৰ্ম্ম – বিনয়, লজ্জাশীলতা, নম্ৰতা আৰু গৃহকাৰ্য্যত অনুৰাগ স্বাভাৱিক ভূষণ, প্ৰাণতকৈয়ো মূল্যবান। ভগৱন্তই পৰীক্ষা কৰি দেখিলে, গোপীসকলে তেওঁক পাবলৈ সেইবোৰ তুচ্ছকৈ এৰিব পাৰে নে নোৱাৰে। ধৰ্ম্মনাশ আৰু সদাচাৰত্যাগ – এই দুটা গৃহস্থ ৰমণীৰ পক্ষে এৰিব নোৱাৰা কাৰ্য্য। এই দুটাকো তেওঁলোকে পৰিত্যাগ কৰি ভগৱন্তক বৰণ কৰিব পাৰে নে নোৱাৰে তেওঁ চালে। শাস্ত্ৰত আছে, তিৰোতাৰ পতিয়েই সৰ্ব্বহ, একমাত্ৰ পতি-সেৱাই তিৰোতাৰ ধৰ্ম্ম, আন ধৰ্ম্মানুষ্ঠান তেওঁলোকৰ নাই; কৰিলেও বিফল। শাস্ত্ৰৰ এই কথা দেখুৱাইও তেওঁ পৰীক্ষাত গোপীসকল উত্তীৰ্ণ হ’ল। ভগৱন্তক পাবৰ আগতে ভক্তৰ অন্তৰত যেনেকুৱা অস্ফুট আন্দোলন হয়, ভগৱন্তই গোপীসকলৰ সৈতে তাকে লীলা কৰি দেখুৱালে।

       গোপীসকল পৰীক্ষাত উঠিল আৰু ভগৱন্ত শ্ৰীকৃষ্ণৰে সৈতে আনন্দময় ৰাসলীলাত যোগ দিবৰ বাবে উপযুক্ত হ’ল।

দুই

ৰাসলীলাৰ বৰ্ণনাৰ উপসংহাৰৰ শেষৰ শ্লোকটো –

এৱং শশাঙ্কাংশুৱিৰাজিতা নিশাঃ।
       স সত্যকামোহনুৰতাবলাগণঃ।
সিষেৱ আত্মন্যৱৰুদ্ধসৌৰতঃ।
       সৰ্ৱাঃ শৰৎকাৱ্যকথাৰসাশ্ৰয়াঃ।।

       ইয়াৰ অৰ্থ – এইদৰে সত্যসঙ্কল্প ভগৱন্ত শ্ৰীকৃষ্ণই আপোনাৰ শৰীৰতেই শুক্ৰাবৰোধন কৰি অনুৰক্ত অনুৰক্ত অৱলাসকলেৰে সৈতে শৰৎকালচোৱাত কবি-প্ৰসিদ্ধ শৃঙ্গাৰ ৰসৰ অভিনয় কৰি চন্দ্ৰালোকিত সেই সুদীৰ্ঘ ৰজনী অতিবাহিত কৰিলে।

       শ্ৰীধৰ স্বামীয়ে ‘আত্মনি অৱৰুদ্ধ-সৌৰতঃ’ৰ টীকা কৰিছে – ‘এৱমপ্যাত্মনেৱ অৱৰুদ্ধঃ সৌৰতঃ চৰমাধাতুঃ নতু স্খলিতো যস্যোতি কামজয়োক্তিঃ।’ অৰ্থাৎ শ্ৰীকৃষ্ণই গোপীসকলৰ সৈতে শৃঙ্গাৰ ৰসৰ অভিনয় কৰিলেও তেওঁৰ ধাতুস্খলন হোৱা নাছিল; ইয়াতেই কামজয় প্ৰদৰ্শিত হ’ল। স্বামীজীয়ে ৰাসলীলা বৰ্ণনাৰ আদিতে কৈছে ‘তস্মাদ্ৰাসক্ৰীড়াৱিড়ম্বনং কামজয়াখ্যাপনায়েতি তত্ত্বম্।’ অৰ্থাৎ ৰাসক্ৰীড়া বিড়ম্বন মাথোন, ৰাসলীলাৰ অনুকৰণত কামজয় প্ৰদৰ্শন কৰাটোৱেই আচল তত্ত্ব।

       শুকদেৱে ৰাসপঞ্চাধ্যায়ৰ শ্লোকবোৰত বাৰে বাৰে শ্ৰীকৃষ্ণক ‘পূৰ্ণকাম’, ‘আত্মাৰাম’ ইত্যাদি বিশেষণেৰে বিভূষিত কৰি শ্ৰীকৃষ্ণৰ পূৰ্ণতাৰ পৰিচয় দিছে। যি পূৰ্ণকাম তেওঁৰ কোনো কামনা কোনো অভাৱ থাকিব নোৱাৰে। কামৰ উৎপত্তি মনত আৰু বিকাশ ইন্দ্ৰিয়ত। মানস পুত্ৰ কাম নেথাকিলে ইন্দ্ৰিয়ৰ ক্ৰীড়াও অসম্ভৱ। ইন্দ্ৰিয়ৰ ক্ৰীড়া নহ’লে ধাতুস্খলনো হ’ব নোৱাৰে। ধাতুস্খলনৰ মূল কাৰণেই যেতিয়া কাম