পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাম এষ ক্ৰোধ এষ ৰজোগুণসমুদ্ভৱঃ।
মহাশনো মহাপাপ্‌মা বিদ্ধ্যেনমিহ বৈৰিণম্।।

       মহাপুৰুষে সেইদেখি কীৰ্ত্তনত ৰাজসিক ভাবেৰে অনুপ্ৰাণিত কৰ্ম্মৰ বিষয়ে কৈছে ̶

ৰজোগুণে কৰে কৰ্ম্মত প্ৰীতি।
কৰ্ম্মীৰ দম্ভ ভাৱ বাঢ়ে নীতি।
কৰে হিংসা ধৰ্ম্ম নোপজে বোধ।
নুগুচয় যেন সৰ্পৰ ক্ৰোধন।।

       সেইদেখি যদিও ভক্তি পূজাৰ প্ৰধান অঙ্গ, সেই ভক্তিত যেন ৰজোগুণাশ্ৰিত কৰ্ম্ম মিহলি নহয়, সেইটো সদায় সাৱধানে চাব লাগিব নতুবা সি নিশ্চয় কলঙ্কিত যাব। সেইদেখি হে ভক্ত ! সাৱধান, ভক্তিসুধামৃতত যেন ৰজোগুণৰ টেঙাৰ চাট নপৰে, ভক্তিৰক্তৰ ধমনীত যেন ৰজোগুণ তমোগুণৰ শত্ৰু কীটপু সোমাই তাক বিকৃত নকৰে।

       ঈশ্বৰৰ স্বৰূপৰ ধাৰণা তুমি তোমাৰ যেনে ইচ্ছা কৰিব পাৰা, কিন্তু সেই ধাৰণা ভাল হ’লে, সুন্দৰ হ’লে, ওখ খাপৰ হ’লে ভাল হ’ব। তেনেহ’লে তোমাৰ মনও ভাল হ’ব, সুন্দৰ হ’ব আৰু ওখ খাপৰ হব ; ফলত তুমি সৰ্ব্বাঙ্গীন উৎকৰ্ষ লাভ কৰি তুলনাত আনতকৈ ঈশ্বৰৰ আৰু সমীপবৰ্ত্তী হবা ; কাৰণ তেওঁ শুদ্ধ বুদ্ধ নিষ্কলঙ্ক নিৰ্ম্মল। মনৰ চিন্ত অনুসাৰে জীৱজন্তুৰ শৰীৰো পৰিৱৰ্ত্তিত হয়। ৰত্নাৱলী শাস্তুত উল্লেখ কৰা বাঘ-পৰুৱাৰ দৃষ্টান্তই আৰু কীৰ্ত্তন-ঘোষাত উল্লেখ কৰা কংসই কৃষ্ণৰ ৰূপ পোৱা এই কথা সপ্ৰমাণ কৰে। বৰ্ত্তমান কালত ব্যৱহাৰিক বিজ্ঞান শাস্ত্ৰইও এই কথাকে সপ্ৰমাণ কৰে। জাপানত কেনেৰি চৰাই পোহোতাসকলে কেনেৰি চৰাইৰ বৰণ সলোৱাৰ কথা আমি জানো। এটা বগা ঘৰত, বগা সজাত, বগা কাপোৰেৰে ঢাকি, হালধীয়া বা মুগা বৰণৰ কেনেৰি চৰাই থৈ দিয়া হয়। কোনো ক’লা বা আন বৰণৰ কোনো বস্তু তাৰ চকুৰ আগৰপৰা একেবাৰেই গুচাই দিয়া হয়। আনকি যিটো মানুহে সেই চৰাইক খাবলৈ দিয়ে সিয়ে সম্পূৰ্ণৰূপে ধৌত বগা কাপোৰ পিন্ধিহে তাৰ আগলৈ যায়। এইদৰে কৰোঁতে কৰোতে কালক্ৰমত সেই কেনেৰিৰ বৰণ বগা হৈ যায়। জাপানৰ চৰাই পোহোতাবোৰে এই উপায়ৰে বগা কেনেৰি বেচি ধন ঘটিব লাগিছে। উপনিষদৰ ঋষিসকলে উপলব্ধি কৰা দৰে ঈশ্বৰ বাস্তৱিকতে অখণ্ড নিত্য, অসীম, নিৰাকাৰ, নিৰ্ব্বিকাৰ, সিৰা আৰু ব্ৰণ ৰহিত ; তেওঁ হ্ৰস্বও নহয়, দীৰ্ঘও নহয়, স্থলও নহয় ; তেওঁ সৰ্ব্বব্যাপক বিভূ। তেওঁক তোমাৰ-আমাৰ মনৰ গজমৰিডালেৰে জোখাটো অসম্ভৱ। তেওঁ তুমি যেনে মনত ধাৰণা কৰা তেওঁ তেনেকুৱা হয় ; অৱশ্যে উৎকৃষ্ট ধাৰণাৰ ফল তোমাৰ নিমিত্তে উৎকৃষ্ট হয়, অপকৃষ্ট ধাৰণাৰে ফল অপকৃষ্ট হয়। তেওঁ অনন্ত সমুদ্ৰ সদৃশ ; তুমি সাধকৰ ভক্তিৰূপ হিমে তেওঁৰ এক খণ্ডক মাথোন তোমাৰ ধাৰণাৰ নিমিত্তে, তোমাৰ উপকাৰৰ নিমিত্তে, এটা আকৃতি প্ৰদান কৰে। তোমাৰ ধাৰণাৰ ফলত সেই আকৃতি তুমি দেখা প্ৰকৃততে তেওঁৰ কোনো ৰূপ নাই। তেওঁৰ কোনো লিঙ্গ নাই। তুমি তেওঁক আই বুলি ভাবিলে তেওঁ আই ;