পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


পান কৰিবলৈ হাবিলাষ কৰে। এই বাবেই মহাপুৰুষ গুৰুজনে বৰগীতত কৈছে ̶

ধন্য ধন্য কলিকাল       ধন্য নৰতনু ভাল
ধন্য ধন্য ভাৰতবৰিষে।
তপ জপ যজ্ঞ ত্যজি       তোমাৰ চৰণ ভজি
তুৱা নাম ঘুষিয়ো হৰিষে।।

       এই বাবে কলিত 'হৰেৰ্নাম হৰেৰ্নাম হৰেৰ্নামৈৱ কেৱলম্‌।'

       পৃথিৱীত যতপ্ৰকাৰ শণিত সুতীক্ষ্ন অস্ত্ৰ আছে সকলোৰে ভিতৰত শব্দ অস্ত্ৰ সকলোতকৈ চোকা। 'কথাতে কটা যায়, কথাতে বঁটা পায়' বুলি কয়। 'ভাতৰ তিতা সহিব পাৰি, মাতৰ তিতা সহিব নোৱাৰি।' এইবোৰ বুঢ়ালোকৰ সাৰুৱা বচন। শব্দক সেইদেখি শব্দব্ৰহ্ম বোলে। ওঁকাৰ সেই দেখি মূলমন্ত্ৰ। বাইবেলত সেই দেখি Word is God বুলিছে। প্ৰথমতে হেলাতে ৰাম নাম লৈ থাকোঁতে থাকোঁতে লাহে লাহে সি মানুহৰ চিত্ত অধিকাৰ কৰে। প্ৰথমতে মানুহে সেইটো গম ধৰিব নোৱাৰে। অৱশ্যে প্ৰথমতে আওকাণ কৰি উচ্চাৰণ কৰি থকা নামে কালত উচ্চাৰণ কৰোতাৰ গোটেই অস্তিত্ব অজ্ঞাতসাৰে অভিভূত কৰি পেলায়। এই বাবেই ভাৰতবৰ্ষৰ মানুহে শাক্তই হওক বা শৈৱই হওক বা বৈষ্ণৱেই হওক, তেওঁলোকৰ উপাস্য দেৱতাৰ নাম তেওঁলোকে নিজ সন্তানসকলক দিয়ে। শাক্ত-শৈৱসকলেও তাৰা দুৰ্গা শিৱ গণপতিৰ নাম নিজৰ সন্তানসকলক দি নামৰ প্ৰাধান্য অজ্ঞাতসাৰে স্বীকাৰ কৰিব লাগিছে।

       হাতুৰিৰে কোবাওঁতে কোবাওঁতে প্ৰথমতে নোসোমোৱা গজালও পিছত সোমাই যায়। ঈশ্বৰত ৰতি নোহোৱাই ঈশ্বৰৰ নাম প্ৰথমতে চেলেংপেতেংকৈ লওঁতে লওঁতে কালত তাৰ মন ঈশ্বৰত নিবিষ্ট হয়। এই বাবেই কি কৰ্ম্মকাণ্ডবাদী, কি জ্ঞানকাণ্ডবাদী, কি শাক্ত, কি শৈব, কি বৈষ্ণৱ, সকলোৱে তেওঁলোকৰ অনুষ্ঠান আৰু ক্ৰিয়াবোৰ আৰু ইষ্টমন্ত্ৰ জপ, গায়ত্ৰী সন্ধা আদি দিনৌ কৰে। গিৰ্জাত আৰু মচ্‌জিদত এই বাবেই ঈশ্বৰৰ 'প্ৰেয়াৰ’ আৰু নামাজৰ’ ব্যৱস্থা। এই বাবেই শঙ্কৰদেৱৰ দিনীে নাম প্ৰসঙ্গৰ ব্যৱস্থা। নাম লোৱা ভকতক উপহাস কৰোতাসকলে তেওঁলোকৰ নিজৰে ঠিক এনে বিধৰ ব্যৱস্থালৈ চকু দিবলৈ পাহৰিহে বৈষ্ণৱক তেনে উপহাস কৰে। বাল্মীকিয়ে 'মৰা' 'মৰা' জপ কৰোঁতে পিছত তেওঁৰ মুখত ৰাম ওলালগৈ ; আৰু ওলালতে বৈকুণ্ঠৰ গোটেইখন দুৱাৰ তেওঁলৈ মুকলি হ’ল।

       ঈশ্বৰৰ প্ৰতি লোমকূপতে একোটা ব্ৰহ্মাণ্ড। ব্ৰহ্মাণ্ড অসংখ্য অলেখ কোটি, কোটি। একোটা ব্ৰহ্মাণ্ডৰ ওপৰত একোজনকৈ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ। কেইজনে ৰাম। বুলিছে যে তেওঁলোক উদ্ধাৰ হৈ বিশ্বপতিৰ বিশ্বগৃহ বৈকুণ্ঠৰ ঠাই তেওঁলোকে জুৰি পেলাব? ঈশ্বৰৰ আকাশত কোটি কোটি গ্ৰহ-উপগ্ৰহ, চন্দ্ৰ-সূৰ্য্য। একো একোটাৰ আগত আমাৰ এই পৃথিৱী, চন্দ্ৰ, সুৰ্য বালিচাহী। সেইবোৰত জীৱৰ বসতি আছে, বিজ্ঞানে এই কথা নিঃসন্দেহে প্ৰমাণ কৰিছে। ই কবিৰ কল্পনা নহয়। আমাৰ মাধৱদেৱে ঘোষাত কৈছে ̶ ‘গোৱিন্দ গোৱিন্দ গোৱিন্দ গোৱিন্দ ৰাম মুৰাৰি। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী’। এতেকে ঈশ্বৰৰ নাম লৈ উদ্ধাৰ হোৱা কেচা, পকা, সিজা, নিসিজা, এধাসিজা ভকত অভকতসকলক তেওঁৰ বৈকুণ্ঠধামত ঈশ্বৰ কৃষ্ণই ঠাইৰ দিহা কৰি