পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মই তাকে কৰিছোঁ !

বিষয় সম্বন্ধ সুখ        সমস্ত যোনিত পায়,
হৰি-সেৱা একো স্থানে নাই।
হৰিৰ সেৱাৰ যোগ্য        কেৱলে মনুষ্য তনু,
জানি ফুৰা হৰি গুণ গাই। (ঘোষা)

তুমি এইষাৰ গুৰুবাক্যপাহৰি আওবাটে যাব লাগিছা, আকৌ শ্লোকমাতিছা “ত্বয়া হৃষীকেশ হৃদিস্থিতেন যথা নিযুক্তোহস্মি তথা কৰোমি।” তুমি দেখা নাই নে কাম, ক্ৰোধ, লোভ, মোহ আদি বিষয়-সম্বন্ধৰ সুখ কাউৰী, ছাগলীৰ সাপ, বাঘ, গৰুৰো আছে, সিহঁতে তাৰ অধীন ; সেইবোৰৰ ওপৰত কৰ্তৃত্ব কৰিবলৈ সিহঁতক জ্ঞানবিবেচনা ঈশ্বৰে দিয়া নাই ; কিন্তু তোমাক দিছে। কিয় দিছে কোৱাচোন ? ঈশ্বৰে আশা কৰে যে তুমি শ্ৰেষ্ঠ জীৱ, এতেকে জ্ঞান-বিবেচনাৰে তুমি সেই দুৰ্বত্ত দানৱ ৰিপুবোৰৰ ওপৰত জয় লাভ কৰি জীৱৰ উন্নতি আৰু ওখ খাপলৈ যাবা। ঈশ্বৰে দিয়া জ্ঞান-বিবেচনাৰ সদ্ব্যৱহাৰ নকৰি যদি তুমি তাক পেলাই থৈ ৰিপুৰ দাসহোৱা,তেন্তে তোমাৰ ওপৰত ঈশ্বৰে যি trust impose কৰিছিল অৰ্থাৎ কৰ্ত্তব্যৰ ভাৰ দিছিল, তাত তুমি fail হ’লা, কৃতকাৰ্য নহ’লা। তুমি dutiful নহৈ নিজৰ মাৰ নিজে চিন্তিলা, আৰু শেহত কোৱা যে “ত্বয়া হৃষীকেশ হৃদিস্থিতেন যথা নিযুক্তোহস্মি তথা কৰোমি!” কত হৰিভকতৰ ই grand resignation, মহান আত্মসৰ্পণৰ বাক্য, আৰুকত মতলবী মোহান্ধৰ এই শ্লোকাদ্ধৰ আবৃত্তি আৰু বিকৃত মৰ্ম্মগ্ৰহণ! তুমিচোন কোৱা, যীচুখ্ৰীষ্ট, মহম্মদ, জনক, ভীষ্ম আদিকৰি যিসকল ঈশ্বৰত আত্মসৰ্পণ কৰোঁতা মহাপুৰুষ আছিল তেওঁলোকে লোভ-মোহ আদি ৰিপুক প্ৰশ্চয়দিয়া কোনো কাৰ্য কেতিয়াবা কৰিছিলনে? যদি নাই কৰা তেওঁলোকে তুমি বুজাদি “ত্বয়া হৃষীকেশ’ৰ মানে নুবুজি কআন প্ৰকাৰে বুজিছিল কিয় ? সেইটো আচল মানে নে তোমাৰটো?

       যি যিটো বস্তু দিনে-ৰাতিয়ে ধ্যান কৰে, সদায় মন-প্ৰাণ যিটোত সাপ দিয়ে, সেই বস্তুটোতে তেওঁৰ লাহে লাহে আসক্তি জন্মি তাকে লাভ মনত ভাবি তাৰে আনন্দত তেওঁ নিমগন হয়। যি দিনে-ৰাতিয়ে টকা টকা কৰি থাকে, টকা ঘটাকেহে জীৱনৰ একমাত্ৰ কাম বুলি ভাবে, ক্ৰমাৎ তেওঁৰ টকাতেই এনে এটা আনন্দ হয় যে টকা যে means to an end অৰ্থাৎ আন সুখ পাবৰ উপায়, সেইটোলৈ তেওঁ পাহৰি যায় ; দিনে-ৰাতিয়ে টকাকে বুকুত বান্ধি সচিতে-সপোনে টকাৰ সমাজিক দেখি কটায় আৰু শেহত তেওঁৰ এনে অৱস্থা হয় যে তেওঁ নৰিয়াত পৰি মৰিবলৈ ওলালেও নিজৰ নিমিত্তে ঔষধ-পথ্য আৰু চিকিৎসাৰ অৰ্থে পইচা খৰচ কৰিব নোৱাৰি টকাক ৰাখি থৈ নিজক বিনাশ কৰে। তেওঁৰ নিজৰ মৃত্যু-শোকতকৈও ধন-ভগনৰ শোক মৰ্ম্মভেদী। পুত্ৰ-দাৰা আদি বিষয়ত অতিৰিক্ত আসক্তজনৰো এনে অতিৰিক্ত অৱস্থা ঘটে। ভকতি-সুখত মজি থকা ভক্তৰো এনে অৱস্থাৰে তুলনা কৰিব পাৰি, যদিও ভক্তৰ অৱস্থা ideal (আৰ্হি) অৱস্থা। শেহত ভক্তই ভক্তি-সুখৰ বাহিৰে আন একো নিবিচৰা হয়, মুক্তি-সুখও তেওঁৰ এলাগী হৈ পৰে। ভক্তৰ এই অৱস্থাৰে সৈতে