পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিলোঁহি। তাত দুইৰো সন্মিলন ঘটিল আৰু বাহিৰৰ আমজোপা তাত প্ৰতিবিম্বিত হ'ল। মই আকৌ ওলাই গ'লোঁ বাহিৰৰ আমলৈ, আকৌ আহিলোঁ ভিতৰৰ আমলৈ। এই যোৱা-অহা বৃত্ত মই নিৰবচ্ছিন্নৰূপে কৰিবলৈ ধৰিলোঁ। যিমানবেলি আমজোপা মোৰ আগত সিমান বেলি অলেখ বাৰ এই ঘূৰণীয়া বৃত্তত মই ঘুৰিলোঁ। কঁঠালজোপাৰে সৈতেও মোৰ তেনে কাৰ্য্য চলিল, অৱশ্যে আমাৰে সৈতে একে সময়তে নহয়। আমৰ আকৃতি-প্ৰকৃতি মই লৈ গৈ কঁঠালত মিলালোঁ, ৰিজালোঁ, মিলাই-ৰিজাই কঁঠালৰপৰা মোলৈ আনিলোঁ। মোৰপৰা কঁঠাললৈ নিলোঁ গলোঁ। তাৰপৰা আমলৈ আনিলো আহিলোঁ। এইদৰে মই, আম আৰু কঁঠাল গছ মণ্ডলাকাৰে নিজৰ নিজৰ সমল লৈ পৰস্পৰেৰে সৈতে মিলি আত্মীয়তা কৰি চাকত ঘুৰিলোঁ; অথচ আমি তিনিও সুকীয়া। আমাৰ তৰ্কশাস্ত্ৰমতে হ'লে মই আমো হ'ব নোৱাৰোঁ, কঁঠালো হ'ব নোৱাৰোঁ। কঁঠালো আম হ'ব নোৱাৰে। আমো কঁঠাল হ'ব নোৱাৰে। কিন্তু transcendental logic মতে আমি দেখিলোঁ যে মইও আম, মইও কঁঠাল, কঁঠালো আম, আমো কঁঠাল। শ্ৰীমদ্ভাগতত লিখা - সেই শুকদেৱে জন্মৰ পিছত বাপেকক এৰি গুচি যাওঁতে, বাপেক ব্যাস "হে পুত্ৰ! হে পুত্ৰ!" বুলি মতাত বাটৰ দুই কাষৰ গছে "পিতা" "পিতা" বোলা কথাৰ মানে এই কথা বুজিলে ওলায়। "পুত্ৰেতি তন্ময়তয়া তৰৱো ৱদন্তি।"

        আমি ঈশ্বৰ, ঈশ্বৰ আমাৰ ভিতৰত আছে, জগতৰ সকলোৰে ভিতৰত ঈশ্বৰ আছে, সেইদেখি আমিও সকলোতে আছোঁ, এনে সিদ্ধান্তলৈ ইয়াৰ পিছত যাবলৈ আৰু টান নহয়। কিন্তু তথাপি আমি কাৰ্য্যত দেখিছোঁ যে যদিও আমি পৃথিৱীৰ জীৱ আৰু জড় আৰু জড় জন্তু দেখিছোঁ, সেইসকলোবোৰেই আমি, সকলোবোৰতে আমি আছোঁ, তথাপি আমি ঈশ্বৰ নহওঁ, আমি সুকীয়া এটা এটা গাইগোটা। ৰজা ময়েই, ময়েই তেৱোঁ, ময়েই সেইজনো, ময়েই ধনী বায়ন, মণি মেধিও ময়েই, আমগছ কঁঠালগছ ময়েই যদিও কিন্তু সেইবোৰ মই নহয় আৰু সেইবোৰো মই নহওঁ। সেইবোৰ খালে মোৰ ভোক নুগুচে, সেইবোৰে খং কৰিলে মোৰ খং নুঠে, সেইসকলে টান পালে মই টানি নেপাওঁ আৰু মোৰ পেটত চাহপানী এটোপা নিদি, আম গছজোপা আৰু কঁঠাল গছজোপাৰ গুৰিত মলীয়াই পানী দিলে মোৰ মুখলৈ জীপ নাহি হামি-হেকেটিহে আহে। ইয়াৰ দ্বাৰাই কি প্ৰমণ হয়? এইটোৱেই নহয় যেন যে ঈশ্বৰ যেনেকৈ বিশ্বব্ৰহ্মাণ্ডৰ সকলো, সকলোতে যেনেকৈ তেওঁ ব্যপি আছে, তেনেকৈ তেওঁ সুকীয়াও। আমি ৰাজহুৱা যদিও, সুকীয়া নহ'লে যেনেকৈ আমাৰ জীৱনযাত্ৰা নচলে, ঈশ্বৰো সেইদৰে সৰ্ব্বব্যাপক সকলো আৰু বিশ্বব্ৰহ্মাণ্ডময় যদিও, তথাপি তেওঁ মাথোন তেনেকুৱা হৈ থাকিলে আমালৈ অৰ্থাৎ মানুহলৈ কাম নচলে। Pantheist বা "সৰ্ব্বং ব্ৰহ্মময়ং জগৎ" যেনে সঁচা, উপনিষদৰ abstraction " নেতি" "নেতি" ব্ৰহ্মও তেনে সঁচা। সৰ্ব্বৎ ব্ৰহ্মময়ং জগৎ (conception) ধাৰণা ঈশ্বৰৰ মহিমা উপলদ্ধি কৰাৰ বাহিৰে আমাৰ জীৱনৰ কোনো কামত নেলাগে। কিন্তু আনটি ধাৰাণাই হ'লে আমাক ২৪ ঘণ্টা কাম দিয়ে।