বহি আছে, সেই আহ্বানলৈ তাৰ কাণ নাযায়। শৃঙ্গাৰ ৰসৰ লোভতে এই মুগ্ধ জীৱই কৃষ্ণকথা শুনি, ভণি তেওঁৰ ফালে আকৃষ্ট হৈ যাতে উদ্ধাৰ পায় তাৰ নিমিত্তে এই মহৌষধিত পাৰ্থিৱ শৃঙ্গাৰ ৰস-ৰূপ চেনিৰ আৱৰণ। কিজানি গোপীসকলৰ কৃষ্ণৰ ফালে প্ৰথম আকৰ্ষণত কামৰ ছাট আছিল কিন্তু এই আকৰ্ষণেই টানি অনতিবিলম্বে তেওঁলোকক কৃষ্ণপ্ৰেমৰ অনন্ত সমুদ্ৰত পেলাই দিলে। তেওঁলোকে কৃষ্ণৰ কৃপাত কামৰোগৰ পৰা মুক্ত হৈ প্ৰেমানন্দত নিমগ্ন হ'ল। কামতে পৰি থাকিলে মুক্ত বা মুকলি ক'ত? কাম যে পেঁচ থকা 'স্ক্ৰু', তাত যত ঘূৰিবা তত তললৈ সোমাবা। তাত তৃপ্তি আৰু পূৰ্ণতা নাই। আছে তাত অতৃপ্তি, অশান্তি আৰু বিষাদ। সেই বাবেই ভগৱন্তই গীতাত কৈছে ̶
কাম এষ ক্ৰোধ এষ ৰজোঘুণসমুদ্ভৱঃ।
মহাশনো মহাপাপমা বিদ্ধোনমিহ ৱৈৰিণম্।।
আবৃতং জ্ঞানমেতেনে জ্ঞানিনো নিত্যৱৈৰিণা।
অৰ্থাৎ কাম ৰজোগুণোদ্ভৱ কৃষ্ণসৰ্পৰ নিচিনা। কেতিয়াবা সি ক্ৰোধৰ ৰূপ ধৰি আহে। কাম দুষ্পূৰ মহাপাপ; তাৰ সমান অৰি নাই। কাম দুষ্পূৰ অগ্নিৰ সমান, তাৰ তৃষ্ণা কেতিয়াও নপলায়। এই বাবেই শ্ৰীধৰ স্বামীয়ে টীকাত কৈছে ̶
ব্ৰহ্মাদিজয়সংৰূঢ়দৰ্পকন্দৰ্পদৰ্পহা।
জয়তি শ্ৰীপতিৰ্গোপীৰাসমণ্ডলমণ্ডিতঃ।।
আৰু এই বাবেই শুকদেৱে নিজেই কৈছে ̶
প্ৰেম নিত্য, অপ্ৰাকৃত আৰু আনন্দ বিষয়ক; কাম আগন্তুক, প্ৰাকৃত আৰু পদাৰ্থ বিষয়ক। প্ৰাকৃত পদাৰ্থত আনন্দ নাই। জীৱ মোহমায়াত পৰ তাত আনন্দ বিচাৰি হায়ৰাণ হয়। যদি সৌভাগ্যৰ বলত জীৱৰ এই মোহ দূৰ হয়, তেতিয়া তেওঁ প্ৰকৃত আনন্দৰ ফালে ধাবমান হয়। তেতিয়া জীৱই বুজিব পাৰে যে অস্তি-মাংস মেদ মজ্জাময় দেহত আনন্দ নাই; আনন্দঘন শ্ৰীকৃষ্ণৰ আনন্দ সমুদ্ৰত বুৰিব পাৰিলেহে আনন্দ। এই আনন্দ সমুদ্ৰত বুৰিবৰ নিমিত্তে জীৱৰ যি ব্যাকুলতা, সেই ব্যাকুলতাই প্ৰেম। মানুহক সেই প্ৰেম প্ৰদৰ্শন কৰাই প্ৰেমময়ে তেওঁৰ ফাললৈ লৈ যাবৰ নিমিত্তে গোপীসকলক নিমিত্ত মাত্ৰ কৰি সাক্ষাৎমন্মথ-মন্মথ তেওঁৰ বৃন্দাবনত এই ৰাসলীলা।
ভগৱন্তক পতিভাৱে পোৱাটো জ্ঞানী আৰু যোগীৰো দুৰ্ল্লভ বুলি ওপৰত কোৱা হৈছে। জ্ঞানী-যোগীয়ে পৰমেশ্বৰত মিলি তদাকাৰ হোৱাটোৱেই কামনা কৰে। কিন্তু ভক্তই নিজৰ অস্তিত্ব নেহেৰুৱাই (যদিও জীৱ তেওঁৰে অংশই) তেওঁক ন বিধ ভক্তিৰে সেৱা কৰি তেওঁৰ প্ৰীতি সম্পাদন কৰি নিত্যানন্দ আস্বাদন কৰিবলৈহে একমাত্ৰ আকাঙ্ক্ষা কৰে। সাধাৰণতঃ দেখা যায় জীৱমাত্ৰকৰে চিৰকাল থাকিবৰ প্ৰথান ইচ্চা, নিজৰ অস্তিত্ব জীৱই হেৰুৱাব নোখোজে। নিৰ্ব্বাহ স্বাভাৱিক বাসনা নহয়। জীৱৰ যদি এই চিৰকাল থাকিবৰ বাসনা পূৰাব নোৱাৰা বস্তু হ'লহেঁতেন, তেন্তে