পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৭২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


তেতিয়া আমি এক ঈশ্বৰক সুকীয়াভাৱে, উপাসনা, ভক্তি প্ৰাৰ্থনা কৰিবলৈ, তেওঁৰ মহিমা কীৰ্ত্তন কৰিবলৈ, তেওঁৰ ভক্ত দাস ইত্যাদি ভাবে তেওঁৰ সেৱা কৰি আত্মপ্ৰসাদ আৰু সন্তোষ লভিবলৈ পাওঁ। জগতক ব্ৰহ্ম বুলি ভাবিলে (যদিও সেইটো ঠিক ভাবেই) আমি এইবোৰ একো নেপাওঁ। আমি পিয়াহত পানী খাবলৈ গৈ নৈৰ মাজত জঁপিয়াই পৰিলে তাত বুৰিহে মৰিম, পিয়াহ গুচাব নোৱাৰোঁ, কিন্তু তাৰপৰা এচলু বাএবাটি পানী আনি খালেহে আমাৰ পিয়াহ গুচিব। ঈশ্বৰৰ অভিপ্ৰায়ো যে সেইটোৱেই অৰ্থাৎ তেওঁক যে সুকীয়াকৈ এক ঈশ্বৰ বুলি আমি সেৱা-ভজনা কৰিব লাগে ̶ সৰ্ব্বজগতক ঈশ্বৰ বা ব্ৰহ্ম বুলি নহয়, সেইটো আমাক আমাৰ সুকীয়াত্ব তেওঁ প্ৰদান কৰাতেই স্পষ্ট দেখা গৈছে।