পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৩৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


অৱস্থান। গোপীসকলে তাক পাবৰ নিমিত্তে ব্যাকুল হৈছিল আৰু ভকতৰ বশ্য ভগৱন্তই তাকে তেওঁলোকক দিবলৈ ইচ্ছা কৰিছিল। তেওঁ গীতাত নি মুখেই কৈছে – ‘যে যথা মাং প্ৰপদ্যন্তে তাংস্থথৈব ভজাম্যহম্।’ অৰ্থাৎ যি যেনেকৈ মোক ভজনা কৰে মই তাক সেইভাবেই কৃপা কৰোঁ। ‘ৰন্তুং মনশ্চক্ৰে’ মানে ভগৱন্তই ৰমণ কৰিবলৈ ইচ্ছা কৰিলে। ‘ৰম্’ ধাতুৰ অৰ্থ আনন্দ আস্বাদন কৰা। আনন্দময় ‘পতিঃ পতীনাং পৰমং পৰস্তাৎ’ ভগৱন্ত বস্তুৰে সৈতে মিলিত হোৱাটোৱেই জীৱৰূপা প্ৰকৃতিৰ ৰমণ বা আনন্দ আস্বাদন। আৰু শৰণাগত ভক্ত জীৱৰ মনোবাঞ্চা পূৰ্ণ কৰাটোৱেই ভক্তবৎসল ভগৱন্তৰ স্বভাৱ, ইচ্ছা বা ৰমণ। সেই বাবেই তেওঁৰ নাম ৰাম।

চৈতন্য শক্তিৰ দ্বাৰে       ইটো জড় জগতক
ৰমাৱন্ত কৰ্ম্ম অনুৰূপে।
এতেকেসে ঈশ্বৰৰ       পৰম প্ৰসিদ্ধ ৰাম
নাম আৰু জানিবা স্বৰূপে।। – ঘোষা

       আত্মাৰাম ভগৱানৰ ইচ্ছা তেওঁৰ নিজৰ কোনো অভাৱ পূৰণৰ নিমিত্তে নহয়। তেওঁ ইচ্ছাময়; তেওঁৰ ইচ্ছা হৈয়েই আছে। প্ৰকৃত স্ত্ৰী-পুৰুষৰ ৰমণৰ নিচিনাকৈ শ্ৰীকৃষ্ণ আৰু গোপীসকলৰ ৰমণৰ বাহ্য ক্ৰীড়া নাই, মাথোন অবাধ আনন্দ। নিজানন্দ-পৰিপূৰ্ণ ভগৱন্তৰ ৰমণৰ আৱশ্যক নহয়। নিত্যানন্দ শ্ৰীৰামে এই জড় বিশ্বজগতত স্থাবৰজঙ্গম, পশু-পক্ষী, সকলোৰে সৈতে তেওঁৰ চৈতন্য শক্তিৰ দ্বাৰাই নিতো নিৰৱচ্ছিন্নভাৱে ৰমণ কৰি, সেইসকলক কৰ্ম্ম অনুৰূপে ৰমণ কৰাব লাগিছে। আনন্দময় মূৰ্ত্তি শ্ৰীকৃষ্ণৰ দ্বাৰাই আলিঙ্গিত বা তেওঁৰ সৈতে মিলিত হ’লেও সকলো আনন্দৰ আক্ষা পৰিপূৰ্ণ হৈ গ’ল। আৰু ক্ৰিয়াৰ আৱশ্যকতা ক’ত? ক্ৰিয়াৰ দ্বাৰাই যিটোক পাবলৈ আশা অৰ্থাৎ যি আনন্দক পাবলৈ চেষ্টা, মূৰ্ত্তিমান সেই আনন্দক হাততে পালে আৰু ক্ৰিয়াৰ প্ৰয়োজন ক’ত থাকিব পাৰে? ভগৱন্তৰ এক অত্যাশ্চৰ্য্য ঐশী শক্তিৰ নাম যোগমায়া। যোগমায়াৰ প্ৰভাৱত অসত্যক সত্য যেন দেখি। তেওঁ নিজ মুখে গীতাত কৈছে – ‘নাহং প্ৰকাশঃ সৰ্ৱস্য যোগমায়াসমাবৃতঃ।’ অৰ্থাৎ মই যোগমায়াৰে সমাবৃত থাকোঁ সেইদেখি সকলোৱে ঠিক মোক দেখিবলৈ নেপায়। এতেকে এইটো ঠিক বুজিব পাৰি যে বহিৰ্মুখ মানুহৰ নিমিত্তেই পৰম নিগূঢ় ৰাসলীলাত এনে এটা বাহিৰা আবৰণ আছে। ভগৱন্তই যোগমায়াৰে তেওঁৰ ৰাসলীলাক ৰতিক্ৰীড়াৰ নিচিনা দেখুৱাইছিল মাথোন। প্ৰথম শ্লোকতে ব্যাসদেৱে সেইদেখি এইকথা ‘যোগমায়ামুপাশ্ৰিতঃ’ বুলি স্পষ্টকৈ কৈ দিছে। বেদত কৈছে, ‘ব্ৰহ্ম আশ্বৰ্য্য আৰু ব্ৰহ্মৰ শ্ৰোতা, বক্তা আৰু জ্ঞাতাও আশ্বৰ্য্য।’ আঠ-ন বছৰীয়া শ্ৰীকৃষ্ণ বৃন্দাবনত ৰাসলীলাৰ নায়ক। শিশু কৃষ্ণৰ পুতনা-শোষণ, শকট-ভঞ্জন, চক্ৰবাত নিধন আদি লীলা অতি আশ্বৰ্য্য লীলা। বেদোক্ত পৰম ব্ৰহ্মই যে আনন্দঘন-বিগ্ৰহ শ্ৰীকৃষ্ণৰূপে এই আশ্বৰ্য্য লীলা কৰিছিল, বেদ-বিভোগকাৰী বেদান্তসূত্ৰ প্ৰণেতা মহাভাৰতান্তৰ্গত গীতা ৰচোঁতা বেদব্যাসে তেওঁৰ চিত্তপ্ৰশমক পুৰাণসূৰ্য্য স্বৰূপ শ্ৰীমদ্ভাগৱতত তাকে concrete ভাৱে দেখুৱাইছে। এনে লীলা অধ্যাত্ম-দৃষ্টিশূন্য সৰ্ব্বসাধাৰণৰ চকুত অসম্ভৱ লাগিবৰে কথা। ব্ৰহ্মইও তেওঁৰ লীলাৰ মৰ্ম্মৰ অন্ত নেপাই গোপবালক শ্ৰীকৃষ্ণৰ