পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
তত্ত্ব-কথা

জীৱন্ত জ্বলন্ত মূৰ্ত্তি ধৰি অসমীয়াক এন্ধাৰ বাটত উজ্জ্বল পোহৰেৰে বাট দেখুৱাই, দুখত সুখ, নিৰানন্দত আনন্দ, নিৰাশাত আশা দি, ইহকাল পৰকালৰ উন্নতি সাধন কৰি লৈ যাব লাগিছে। তেন্তে হে অসমীয়া! ভয় কি? আৰু সংশয় কি ? আৰু আমনজিমনকৈ থাকা কিয় ? বুকুত সাহ লৈ, অন্তৰত উছাহ লৈ, ঈশ্বৰৰ আশীৰ্ব্বাদ ধৰ্ম্মৰ সুবিমল জ্যোতিৰে বিমণ্ডিত হৈ আগবঢ়া। চোৱাঁ, ওপৰলৈ চোৱা, অসমৰ বিজয়স্তম্ভৰ চূড়ান্ত সেই শঙ্কৰৰ নাম ডাঙৰ ডাঙৰ আখৰেৰে লিখা বিজয় পতাকা উৰি অসমীয়াৰ অতীত গৌৰৱৰ কাহিনী আৰু ভৱিষ্যততো তেনে গৌৰৱৰ আশাবাণী প্ৰচাৰ কৰিব লাগিছে।


দুই

        মহাপুৰুষ শ্ৰীশঙ্কৰদেৱে কীৰ্ত্তনত কৈছে –

হৰি-নামে নামে নামে নিশ্চয়।
মোহোৰ জীৱন নাৰদে কয়।
কলিৰ কালে আৰ আত পৰ।
নাই নাই নাই গতি লোকৰ।
নাৰদে দিলন্ত তিনি কতপা।
নামানিবে আক কোননো লপা।।

        আমিও বাৰে বাৰে কওঁ, বুকু ডাঠ কৰি কওঁ, বাহু ডাম্ফি কওঁ, যে সকলো ধৰ্ম্মৰ সাৰ নামধৰ্ম্ম, সকলো ধৰ্ম্মৰে প্ৰাণ নামধৰ্ম্ম আৰু আমাৰ জীৱন হোৱা উচিত নামধৰ্ম্ম নাম আৰু নামী অভেদ ; যদিও আমি সদায় শুনি আহিছোঁ, what is in a name? আমি কওঁ – But there is much in a real name, বস্তুৰ গুণ আৰু প্ৰকৃতিৰ সংক্ষেপ সংজ্ঞা নাম ; নাম নামীৰ পুঞ্জীকৃত নিৰ্যাস, সত্তা, সূচী, সূত্ৰ। এক নিমিষৰ ভিতৰতে উচ্চাৰিত নামে বস্তুৰ বিস্তৃত সকলো গুণ হৃদয়ঙ্গম কৰায়। অৱশ্যে আমি এই কথা কওঁতে এনে বিধৰ নামলৈ চকু ৰাখি কোৱা নাই, যাৰ উদাহৰণ “কেলেহুৱা কুকুৰৰ কমললোচনও নাও” ; বা “নিৰ্ধনীৰ ধনঞ্জয়” বা ধনী নাম, নাইবা ওফোন্দাগালীক পাৰ্ব্বতী বা গৌৰী বুলি বাপেক-মাকে মৰম কৰি দিয়া নাম ; নাইবা মানুহ গৰু মৰা দগধা চোৰ আৰু অঘাইতং দুষ্টক “সুশীল” বুলি মাক-বাপেকে সৰুতে দিয়া নামৰ অসদ্ব্যৱহাৰ। নাম নোহোৱা সভ্য বা মনুষ্য সমাজ অসম্ভৱ, মানুহৰ প্ৰকৃতিগত ধাৰণা অসম্ভৱ। অখণ্ড অব্যয় অনন্ত সৎ-চিৎ-আনন্দময় পৰমেশ্বৰৰ ধাৰণা সীমাবদ্ধ ক্ষুদ্ৰ মনুষ্যৰ হৃদয়ত সম্ভৱ মাত্ৰ নামৰ দ্বাৰায়। অনন্ত কোটী ব্ৰহ্মাণ্ডৰ অধিকাৰীক বান্ধি আনি ক্ষুদ্ৰ মনুষ্যৰ হৃদয়-মন্দিৰত স্থাপনা কৰিব পাৰে মাথোন নাম-জৰীয়েই। নাম আৰু নামীৰ অভেদত্বৰ নিমিত্তেই নামক নাম-ব্ৰহ্ম বোলা হয়। নাম-ব্ৰহ্ম, শব্দ ব্ৰহ্মৰেই স্বৰূপ। সৃষ্ট জগতৰ আদি নাদ, মানুহৰ বাক্য স্ফুৰণৰ প্ৰথম প্ৰয়াস ̶ ওঁ এই আখৰটো বা শব্দটো এই বাবেই ইমান পৱিত্ৰ, ইমান গুৰুতৰ আৰু এই বাবেই বেদৰপৰা আৰম্ভ কৰি সকলো শাস্ত্ৰই ইয়াক পৰমব্ৰহ্মবাচক বুলিছে।