সমললৈ যাওক

পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
তত্ত্ব-কথা

চাৰি ধৰ্ম্মক জানোহো মই        তাহাত প্ৰবৃত্তি নাই,
অধৰ্ম্মতো নিবৃত্তি নহয়।
হৃদিস্থিতি হুয়া তুমি        যেন কৰোৱাহা স্বামী,
তাকে মাত্ৰ কৰোঁ কৃপাময়। (ঘোষা)

       এই আষাৰ কথা, জ্ঞানৰ পোহৰ কম পোৱা অন্ধবিশ্বাসী আৰু লোকৰ গলগ্ৰহ হ’ব খোজা এলেহুৱাৰ নিমিত্তে নহয়, যদিও সেই শাৰীৰ লোকসকলে ইয়াক কথাই কথাই মাতে, কথাই কথাই ব্যৱহাৰ কৰে। এইষাৰ শ্ৰুতি-স্মৃতি আদিৰে ব্যৱস্থিত, দৰ্শনৰ যুক্তি-তৰ্কেৰে পৰিশোধিত, জ্ঞানৰ আলোকেৰে আলোকিত, পুৰাণৰ পাৰমাৰ্থিক কথা। এই জ্ঞানী ভক্তই কয় যে “চাৰি বেদ, চৈধ্য শাস্ত্ৰ, ওঠৰ পুৰাণ, ছখন দৰ্শন ইত্যাদিত যি ধৰ্ম্মৰ পথবোৰ প্ৰদৰ্শিত হৈছে সেই পথবোৰৰ বিষয়ে মই সকলো জানো, সকলোবিলাক মোৰ দ্বাৰায় অৱলম্বিত আৰু পৰীক্ষিত হৈছে। মই অৱশ্যে জানো যে সেই বেদ-বেদাঙ্গ আদি শাস্ত্ৰৰ বাণী তোমাৰেই বাণী আৰু জানো যে গীতাত তুমি মুক্তিলাভৰ উপায় স্বৰূপে যি জ্ঞানযোগ, কৰ্ম্মযোগ আৰু ভক্তিযোগৰ উপদেশ দিয়া, সেইবোৰও তোমাৰ আপোন মুখৰে উপদেশ ; কিন্তু হে প্ৰভু ! হে ভকতবৎসল ভক্ত ভগৱান ! তথাপি মোৰ মনক একো একো বেলি ডাৱৰে ঢাকি ধৰে, তথাপি মই কেতিয়াবা কেতিয়াবা সমুখত পোহৰ নেদেখি ধুৱলিকুঁৱলি দেখোঁ। তুমি দেখুৱা জ্ঞানপন্থাৰে বাট বুলোঁতে বুলোঁতে মোৰ চকুত জলব তবক লাগি আহে, কিয়নো বৰ পোহৰ, বৰ জেউটি; ভালকৈ চকু মেলি চাব নোৱাৰো। হে প্ৰভু ! বৰ পোহৰ এন্ধাৰৰ সমান। তোমাৰ অখণ্ড অত্যুজ্জ্বল জ্ঞানৰ প্ৰখৰ জ্যোতি মোৰ চৰ্ম্ম-চক্ষুৰে ধাৰণ কৰিব নোৱাৰে, জ্ঞানৰ চিন্তা কৰোঁতে কৰোঁতে দেখোন কেতিয়াবা অজ্ঞানতাই জ্ঞানৰ ভাও জুৰি তাত সোমাই সকলো নষ্ট কৰে আৰু চাবলৈ গ’লে, হে প্ৰভু ! মোৰ শক্তিৰ ভিতৰুৱা ক্ষুদ্ৰ সীমাবদ্ধ জ্ঞানেই বা তোমাৰ অনিৰ্ব্বচনীয় অখণ্ড অশেষ জ্ঞানৰ তৰ পায় কেনেকৈ? মুক্তিলাভৰ preliminary পাতনি কৰ্ম্ম কৰি চিত্তশোধন কৰি থাকোতেই দেখোন তাত নানা বিঘিনি, নানা বিপদ, নানা দোষ পৰি তাক পণ্ড কৰি দিয়ে, চিত্তশোধন কৰি মন-দৰ্পণৰ ধূলিমলি জাৰি-ফুকি গুচাই থাকোঁতেই দেখোন আকৌ আহি সংসাৰৰ ধূলিয়ে তাক ছাটি পেলায়। সি জড় সংসাৰৰ ধূলি-মাকতিৰে লগৰীয়া বস্তু বুলিহে হবলা। হে প্ৰভু! তোমাৰ উপদেশ মতে তোমাৰে সৈতে মোৰ আত্মাৰ যোগ সাধন কৰিবলৈ যোগমাৰ্গ অৱলম্বন কৰি নথৈ পৰিশ্ৰম কৰোঁতে কৰোতে মই হাইৰাণ হৈছোঁ, তথাপি নোৱাৰোঁ; তোমাক ধৰোঁ ধৰোঁ, ছোওঁ ছোওঁ হওঁতেই, সংসাৰৰ এশ এটা দুপুৰ কামনা, দুৰ্ঘোৰ দুৰ্ব্বাসনাই মোৰ মনত সোমাই যোগৰ চেষ্টাত সাধন কৰি দিয়ে। এতেকে হে প্ৰভু ! মই কি কৰিম, কলৈ যাম? তুমি যাক অধৰ্ম্ম বুলি কৈছা, সেই অধৰ্ম্মলৈ নেযাওঁ বুলি প্ৰাণপণে যত্ন কৰিও নেখোন মই কৃতকাৰ্য হব নোৱাৰোঁ। মই কবই নোৱাৰো ক’ৰপৰা যে কিহৰ ধুমুহা আমি মোৰ দুৰ্ব্বল মনক মোহাৰি পেলায়হি। মই জানি-শুনিও কোনোমতে অধৰ্ম্মৰপৰা নিবৃত্ত নোৱাৰোঁ।