পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৃষ্ণনাম চৈতন্য স্বৰূপ।
সুমধুৰ সুমঙ্গল       শ্ৰদ্ধায়ে হেলায় লৈয়া
নৰমাত্ৰ তৰে ভৱ-কূপ। (ঘোষা)

       এই বাবে অজামিলে, অন্তকালত পুতেকৰ নাম ধৰি নাৰায়ণ’ বুলি মাতিলত তেওঁৰ সৰ্ব্বপাপ নষ্ট হৈ উদ্ধাৰ পালে।

পুত্ৰ-নাম ধৰি       উপহাস্য কৰি
হেলাত যি বোলে হৰি।
তাহাৰ সমস্ত       পাতক দহয়,
জানা তাক নিষ্ঠ কৰি। (কীৰ্ত্তন)

       নামৰ গোপ্য মহিমাই (intrinsic value) এনে। নিৰৰ্থক শব্দ এটাৰে যদি আমি প্ৰত্যক্ষ শক্তি দিনৌ এনেকৈ দেখো যে দেখি অবাক হওঁ, পৰম মঙ্গলময় পৰম ঈশ্বৰৰ আনন্দময় হৰিনাম শক্তিৰ অপাৰ মহিমা থকাত সন্দেহ কি?

নাম পঞ্চানন       নাদে পলাৱত
পাপ দন্তী ভয়ভীত। (শঙ্কৰদেৱ)
তাৱদেকে মহা       পাতক-হস্তীৰ
থাকে মহা গৰ্ব্ব-মদ।
যাৱে ৰামনাম       প্ৰমত্ত সিংহৰ
নুশুনে ধ্বনি শব্দ। (কীৰ্ত্তন)
       এই দেখি গুৰুজনে লেখিছে – নামৰ মহিমা       কহন্ত কেশৱে
আপুনি আশ্চৰ্য ভৈলা।
শৰীৰ ৰোমাঞ্চ       বচন নোলায়
নিচুকি স্তম্ভিয়া ৰৈলা।।

       এই বাবেই নাম সকলো ধৰ্ম্মৰ ওপৰত। সকলো ধৰ্ম্মৰ ওপৰে বসিয়া হৰিৰ নাম প্ৰকাশে বুলি এই বাবেই ঘোষাত কৈছে। এই বাবেই ভক্তই প্ৰভু ৰামক স্তুতি কৰি কৈছে –

হে প্ৰভু ৰঘুপতি ৰাম ৰাম ৰাম ৰাম
        তোমাত কৰিয়া তযু গুণ-নাম ছাৰ।
বিনা সেতু বন্ধ কৰি নৰে, ৰাম ৰাম ৰাম ৰাম ৰাম
        অপাৰ সংসাৰ সমুদ্ৰৰ হোৱে পাৰ। (ঘোষা)

এইবোৰ অতিৰঞ্জিত কথা নহয়, ভকতৰ প্ৰাণৰ প্ৰকৃত অনুভূতিৰ কথা ; ঈশ্বৰৰ পদ-পঙ্কজত ভকতে নিমগন হৈ অনেক সাধনা কৰি পোৱা কথা। আমি বাহিৰৰপৰা এনে কথাক অতিৰঞ্জিত আৰু ভুল বুলি আমাৰ মুখতাৰ চিনাকি দিওঁ মাথোন। ৰাম কৃষ্ণ হৰি নামৰ, ওঁ নামৰ অৰ্থৰ মৰ্ম্ম অবগাহ কৰি তাক সাধনা কৰি আমাৰ অস্তিত্বৰ প্ৰত্যেক অণু-পৰমাণু, প্ৰত্যেক কণাৰ চেতনা কৰি লব নেজানি, নোৱাৰি আৰু কৰিবলৈ চেষ্টা নকৰিহে আমি তাক ভাটৌৰ মাত বুলি উৰাই দি অধোগামী হৈছোঁহক। নামক