এতেকে হে প্ৰভু ! হে ভগৱান ! হে মোৰ বাহিৰে-ভিতৰে গুৰু। হে হৃদিস্থিত পৰমেশ্বৰ ! মই তোমাত কায়মনোবাক্যে আত্মসমপণ কৰিলোঁ, তোমাৰ যি মন যায় তাকে মোৰ হতুৱাই কৰোৱা, মই ধৰ্ম্মৰ বাটত ঠিক ঠাকিব নোৱাৰোঁ।”
পৰমেশ্বৰত absolute resignation অৰ ভাব অৰ্থাৎ সম্পূৰ্ণৰূপে আত্মসমৰ্পণৰ unconditional surrender ভাব ইয়াতকৈ কি আৰু হ'ব পাৰে? এয়েই যীচুৰ প্ৰচাৰিত খ্ৰীষ্টধৰ্ম্ম resignation, এয়েই মহম্মদে প্ৰচাৰিত মচলেম ধৰ্ম্মৰ মহা বলৱন্ত বিশ্বাসৰ আত্মসমৰ্পণ, এয়েই হিন্দু ধৰ্ম্মৰ গীতাশাস্ত্ৰৰ শ্ৰীকৃষ্ণোপদিষ্ট একশৰণ, এয়েই শঙ্কৰ-মাধৱ প্ৰকাশিত মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম্মৰ একশৰণ।
ভক্তৰ ঈশ্বৰত আত্মসমপণ (resignation) সংসাৰ-ধৰ্ম্মত ঈশ্বৰনিৰ্দিষ্ট কৰ্ম্মৰ প্ৰতি বিমুখতা নহয়, নিষ্কৰ্ম্ম ঔদাস্যৰ জীৱন নহয় ; ভক্তৰ এই আত্মসমৰ্পণত নিজৰ অহং বিলোপ, নিজে অকৰ্ত্তা আৰু ঈশ্বৰ সকলোৰে কৰ্ত্তাৰ ভাব, এই আত্মসমৰ্পণত অসীম বলৰ, অনন্ত ক্ষমতাৰ, অখণ্ড আনন্দৰ উৎস। “মই অকামিলা অপাৰগ দুৰ্বলৰ গুৰিত সকলো কাৰ্য্যৰ গুৰি সৰ্ববপাৰগ অনন্তবলীৰ বল আছে। ইন্দ্ৰিয়বিলাকক সবল কৰি সেইবোৰৰ দ্বাৰায় মই মোৰ কায্য কৰোৱাই লোৱাৰ দৰে ঈশ্বৰে মোৰ দ্বাৰায় তেওঁৰ ইচ্ছাৰ কাৰ্য্যবোৰ সম্পন্ন কৰি লৈছে ; তেওঁ মোৰ সকলো কাৰ্য্যৰ, সকলো ইচ্ছাৰ মূলত থকাত মোৰ অসীম সাহ, অদম্য উৎসাহ প্ৰবল কাৰ্যকৰী শক্তি, দুৰ্ঘোৰ বিভীষিকাত নিৰ্ভীকতা, নৈৰাশ্যৰ দুখত অক্লিষ্টতা, সুখৰ ধাৰ নিছিগা প্ৰবাহ।" ঈশ্বৰৰ চৰণত আত্মসমৰ্পণ কৰোঁতা ভক্তৰ এই অমৃত বাণী শুনি লোৱা হে অহম্মমী অবিবেকী মানৱ! তোমাৰ আগতে আহি আছে, চকু মেলি চোৱা, ঈশ্বৰত সম্পূৰ্ণ আত্মনিবেদন কৰোতা মীচুখুষ্ট, মহম্মদ, নানকৰ কি কি শক্তি কি ক্ষমতা লাভ। তেওঁলোকৰ সাংসাৰিক –কি ধনৰ, কি ঐশ্বৰ্য্যৰ, কি সন্মানৰ, কি ক্ষমতাৰ অধিকাৰ আছিল যে তেওঁলোকে বিশ্ববিজয় কৰিলে? এইটো হ’ব বিশ্ববিজয়ীৰ, তেওঁলোকৰ কি বল ? এনেকুৱা তেওঁলোকৰ আৰ্হি দেখিও তুমি অহঙ্কাৰৰ আশ্ৰয় লৈ সসীম সংসাৰেদিয়া ক্ষুদ্ৰ ঐশ্বৰ্য সন্মান ক্ষমতালৈ হেঁপাহ কৰি, মহান অসীম পৰমাত্মদত্ত ক্ষমতা আৰু পাৰমাৰ্থিক ঐশ্বৰ্য্য-সন্মানলৈ আওকাণ কৰি আছাঁ! হায়! আন হিচাপে consideration এৰিলেও, তুমি যদি লাভ-লোকচানৰ হিচাপ কৰোতা চতুৰ ব্যৱসায়ীও (business-man) হোৱা, তেনেহ’লেও এনে ক্ষুদ্ৰ লাভৰবেহা কৰিবলৈ যোৱাটো তোমাৰ বুদ্ধি-বৃত্তিৰপক্ষে আগৌৰৱৰ কথা নহয়নে ? এতেকে হে ব্যৱসায়ী! তুমি এনে ব্যৱসায় কৰা, যি ব্যৱসায়ত পৰম লাভ আছে। মহাপুৰুষ মাধৱদেৱৰ এই কথাষাৰ ভাবি চোৱা –
ভাৰত ৰত্নৰ দ্বীপ, মনুষ্য শৰীৰ নৌকা
ৰামনাম মহাৰত্ন সাৰ।
হেনয় বণিজ পাই যিটোজনে নকৰয়
তাতপৰে দুখী নাহি আৰ।। (ঘোষা)
“জানামি ধৰ্ম্ম ন চ মে প্ৰবৃত্তিঃ” এই শ্লোকটোৰ শেহডোখৰ “ত্বয়া হৃষীকেশ হৃদিস্থিতেন যথা নিযুক্তোহস্মি তথা কৰোমি” বিকৃতিভাৱে চৰ্চ্চা কৰি কৰি