পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/১১৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


কৰা, তেহে সেই বিদ্যা তোমাৰ সৰ্ব্বতোভাৱে আয়ত্ব হ’ব। নতুবা তোমাৰ ভিষক্‌ বিদ্যাৰ খৰচি নমৰে, তুমি এধাখুন্দা বেজহে হ’ব। ভক্তিও সেইদৰে মহন্ত সাধু ভক্তৰ ওচৰত তেওঁৰ উপদেশমতে শিক্ষা কৰা, অনুশীলন কৰা আৱশ্যক। ভক্তি যদিও সুগম, তথাপি অন্যমনা হৈ তাক আচৰণ কৰিলে তাত সিদ্ধিলাভ সুদুষ্কৰ হৈ উঠে। এটা কথা মন কৰিবলৈ পাহৰিব নেলাগে যে উজু কাৰ্য্যবোৰেই, উজু কথাবোৰেইহে আয়ত্তৰ অধীন কাম হয় ; কাৰণ উজু বুলি মানুহে সেইবোৰক অৱহেলা কৰে বা একেদিনাই কৰিম বুলি পেলাই থৈ দিয়ে। ঈছপৰ শহাপহু আৰু কাছৰ সাধুতে এই কথাৰ নীতি আছে। ভকতিৰ পথ যদিও উজু, কিন্তু মানুহৰ স্বভাৱ হৈছে — উজু বস্তুৰ ফালে আকৃষ্ট নহৈ, সহজ প্ৰাপ্য বস্তুত মূল্য স্থাপন নকৰি, জটিল আৰু কষ্টসাধ্য বস্তুৰ ফালে ঢাল লোৱাটো। এইটোও ঈশ্বৰৰ মায়াৰে খেলা। পানী-বতাহ সহজপ্ৰাপ্য উজু বস্তু, সেইদেখি তাৰ মূল্য সাধাৰণ মানুহৰ মানত কম বা একৰকম নাই বুলিলেই হয় ; কিন্তু এই দুইটা এনে বহুমূলীয়া পদাৰ্থ যে তাৰ অভাৱত মানুহৰ থিতাতে মৰণ। মহাপুৰুষ শঙ্কৰদেৱৰ প্ৰচাৰিত উজু অথচ অমূল্য ধৰ্ম্মত সেইদেখি অসম ৰজাই মূল্য নেদেখি বঙ্গদেশৰ তান্ত্ৰিক ধৰ্ম অসমলৈ আনি গ্ৰহণ কৰিছিল। এই কাৰণৰ নিমিত্তেই মহাপুৰুষ বিহিত উজু অসমীয়া মাতৃভাষাত উচ্চাৰিত শৰণতকৈ সংস্কৃত বিজড়িত দীক্ষাক কোনো কোনো লোকে আৰু তেওঁলোকৰ শিকনিৰে মনে ঘোৰপাক খোৱা শিষ্যই শ্ৰেষ্ঠ বোলে। অথচ যেই শৰণ, সেই দীক্ষা, যেই তণ্ডুল, সেই চাউল, বৰং শবণ আমাৰ মাতৃভাষাত উক্ত দেখি সি দীক্ষাৰ মন্ত্ৰতকৈ অবাধে সহজে আমাৰ মৰ্ম্মত প্ৰৱেশ কৰে, সেই দেখি সি শ্ৰেষ্ঠ। হায়। ঘূতপক্ক মচলামিশ্ৰিত rich পোলাও চমকেই এনে। স্বাস্থ্যবিজ্ঞানৰ হিচাপত পোলাও plain ভাততকৈ তল খাপৰ হ’লেও আৰু বৰং অস্বাস্থ্যকৰ হ'লেও মানুহে কিন্তু পোলাও খাবলৈ হেঁপাহ কৰি ফুৰে আৰু পইচা খৰচ কৰি মৰে। এই নিমিত্তেই তাহানি যুৰোপত লাটিন গ্ৰীক ভাষাত ৰচিত গ্ৰন্থৰ প্ৰাধান্য প্ৰচলিত ভাষাৰ গ্ৰন্থৰ ওপৰত আছিল ; এই কাৰণেই আজিও আমাৰ মনত সংস্কৃত ভাষাত ৰচিত শ্লোকৰ প্ৰাধান্য আমাৰ মাতৃভাষাতকৈ ওপৰত আছে ; এই কাৰণেই কাৰো কাৰো মনত ক্লীং ইং ফট্‌-অৰ শ্ৰেষ্ঠতা ৰাম শব্দৰ ওপৰত বৰ বেছি কাৰণ ৰাম যে বৰ উজু, বৰ সৰল আৰু সকলোৱে সহজে মাতিব পৰা, আৰু সি যে “ঢাকিলে ঢুকিলে লাখ টকা”ৰ জাতৰ ইং ক্লীং নহয়।

দুগুটি অক্ষৰ ৰাম নাম
শ্ৰীৰাম নাম অমিয়া-মাধুৰী জৰে।
অতি সুকোমল পৰম মঙ্গল,

সবে মনোৰথ পূৰে। (ঘোষা)

       কিন্তু ৰাম একে সুকোমল আৰু সবে মনোৰথ পূৰোৱা হ’লে কি হ'ব? — ৰাম যে একেবাৰেই উকা আখৰ আৰু যে সি অতি সহজে উচ্চাৰণ কৰিব পৰা সহজপ্ৰাপ্য। তাততো ক্লীং হ্ৰীং-অৰ জবৰ্জং অলঙ্কাৰ কাঁইট নাই। কাঁইট নোহোৱা গোলাপক কোনে আদৰ কৰিব ? এতেকে 'বুদ্ধিমানসকলে’ মন্ত্ৰ লোৱাক, দীক্ষা