পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
কীৰ্ত্তন আৰু ঘোষা-তত্ত্ব

অসমীয়া নিশ্চয় অপাত্ৰ নাছিল ; সেই অসমীয়াই সেই মহাপুৰুষৰ মহাদান মূৰ পাতি গ্ৰহণ কৰি তাৰ সাৰ্থক ব্যৱহাৰ কৰি তেতিয়াৰ অসমক গৌৰৱান্বিত কৰি তুলিছিল ; তেওঁৰ মহাদানৰ শান্তিসলিলত সিক্ত হৈ গোটেই অসম সজীৱ আৰু সৌভাগ্যৱন্ত হৈ উঠিছিল। আমাৰ জাতীয় গৌৰৱৰ জাতীয় মহাপুৰুষৰ সেই অমূল্য দানৰ মোল নুবুজি যদি এতিয়া আমি তাক আজি অপাত্ৰত পৰাটো প্ৰমাণ কৰোঁ, তেন্তে নিশ্চয় সেই কাৰ্য্যই আজিৰ আমাৰ হীনতাহে প্ৰমাণ কৰিব, সেই মহাপুৰুষৰ মহাগৌৰৱৰ অখণ্ড জ্যোতিৰ এক ধনিষ্ঠামানো খৰ্ব্ব নকৰে। জ্যোতিৰ্ম্ময় সূৰ্য্যই সকলো সময়তে ঠিক অখণ্ড উজ্জ্বল জ্যোতিবিলাক দিব লাগিছে। সেই জ্যোতি আমাৰ চকুত পৰিব নিদি চকু মুদিলে আমিহে এন্ধাৰত থাকিব, সূৰ্য এন্ধাৰত নহয় আৰু পোহৰতো এতিলমানো ক্ষীণ নহয়। সূৰ্য্যই ওপৰত উজ্জ্বল পোহৰ দি থাকোতে তেওঁৰ তলত মেঘে ওলমি পৃথিৱীক অলপ সময়ৰ নিমিত্তে এন্ধাৰ কৰিলেও সূৰ্যৰ পোহৰ নকমে আৰু সূৰ্য্যৰ কোনো প্ৰকাৰ হ্ৰাস-বৃদ্ধিও নঘটে। এনে পৰম উপকাৰী মহাপুৰুষ আমাৰ শঙ্কৰদেৱ। আমি নেজানো শঙ্কৰদেৱে বামুণ নে শূদিৰ ; আমি জানিব নোখোজো, তেওঁ কায়স্থ নে কলিতা। আমি তেওঁক পাইছো, তেওঁ দিয়া ষড়ৈশ্বৰ্য্যৰ অধিকাৰী আমি হৈছোঁ, তেওঁৰ মহাদান – ধৰ্ম্ম, ভাষা, সাহিত্য, কাব্য, নীতি, চৰিত্ৰ, কলাবিদ্যা, সমাজ আদি অমূল্য বস্তুবোৰ আমি পাইছো, সেই বাবেই শঙ্কৰ আমাৰ আৰু আমি শঙ্কৰৰ। পূজনীয় কৱিশ্ৰেষ্ঠ ৰবীন্দ্ৰনাথ ঠাকুৰৰ গানৰ ভাষাৰে ক’ব লাগিলে – হে শ্ৰীমন্ত শঙ্কৰ ! “আমাৰ পৰাণ যাহা চায়, তুমি তাই গো। তোমা ছাড়া এ জগতে, মোৰ কিছু নাই গো। আমি তোমাৰে পেয়েছি হৃদয় মাঝে, আৰ কিছু নাহি চাই গো।” সেই বাবেই আমি আমাৰ সকলো দিব লাগিলে অকাতৰে দিম, আমাৰ শঙ্কৰক ৰাখিম ; সেই বাবে আমি প্ৰত্যেক অসমীয়াই এই নগণ্য অকিঞ্চিৎকৰ জীৱন পৰ্যন্ত পাত কৰি অসমৰ অতীত গৌৰৱ কাহিনীৰ বিজয় স্তম্ভৰ ওপৰত শঙ্কৰদেৱে-পতাকা ৰক্ষা কৰিম। ঈংলণ্ডৰ এজন ডাঙৰ পণ্ডিত গ্ৰন্থকাৰে কৈছিল যে আমেৰিকাৰ ওপৰত ইংলণ্ডৰ অধিকাৰ আৰু য়ুৰোপ মহাদেশৰ ওপৰত যদি ইংলণ্ডৰ অধিকাৰ থাকিলহেঁতেন তাকো অম্লান বদনে আমি এৰি দিব পাৰি, কিন্তু আমাৰ ছেক্সপিয়েৰক আমাৰ ইহজীৱনত একবিন্দু তেজ থাকে মানে আমি এৰি দিব নোৱাৰো। হেৰা অসমীয়া ! আমিও সেইদৰে তেওঁৰ পুণ্য পৱিত্ৰ তিথিৰ দিনা, সাম্বৎসৰিক উৎসৱক দিনা, বুকু ফিন্দাই কওঁহক আহা, যে যদিও অসমীয়া আজি দীন-দৰিদ্ৰ, অসমীয়াৰ আজি “নান্নং ন বস্তুং ন চ বাৰিপাত্ৰং”, অসমীয়াৰ সেই পুৰণি কালৰ ভাৰত-ব্যপা সংস্কৃত বিদ্যাৰ চৰ্চা নাই, খ্যাতি নাই, জগতত অদ্বিতীয় শঙ্কৰাচাৰ্য্যৰ গুৰু অসমীয়া কুমাৰিল ভট্ট আজি যদিও অসমীয়াৰ নাই, যদিও আজি অসমীয়াৰ সেই আউৰংজেব পাটচাৰ সৈন্যক শৰাইঘাট আদি ঠাইত বিধবক্ত কৰা বীৰ্য নাই, অসমীয়া সতী জয়মতীৰ সেই জগতৰ admiration, শ্ৰদ্ধা আৰু ভক্তি আকৰ্ষণ কৰা অত্যাশ্চৰ্য্য সতীত্বৰ বীৰ্য আজি অসমত যদিও গুহানিহিত, – তথাপি আজিও আমাৰ শঙ্কৰদেৱ অসমত অসমীয়াৰ ঘৰে ঘৰে, গাঁৱে গাঁৱে, নগৰে নগৰে দেদীপ্যমান, আজিও শঙ্কৰদেৱৰ অমৃতনিসন্দিনী লেখনীৰপৰা ওলোৱা দশম, কীৰ্ত্তন আদি মহাশাস্ত্ৰসমূহ