পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৩
নামধৰ্ম্ম-তত্ত্ব

পালেই তোমাৰ কাম সিজিল ; তেতিয়া সকলো কৰ্ম্ম পৰিত্যাগ কৰি আচল কাৰ্য্য ঈশ্বৰত একশৰণ হ’ব পাৰিবা। কিন্তু এটি কথা, ঈশ্বৰত প্ৰথমৰেপৰা একশৰণ হোৱা ভক্তৰ পক্ষে মুক্তিৰ নিমিত্তে preliminary কৰ্ম্ম কৰিবৰ একো আৱশ্যক নাই, কাৰণ তেওঁ যদিও সংসাৰত ঈশ্বৰনিদিষ্ট সকলো কৰ্ম্মকে কৰি যায়, তথাপি তেওঁ ঈশ্বৰত একশৰণীয়া হোৱা দিনৰেপৰা, নিজৰ শৰীৰ পুত্ৰ ভাৰ্য্যা বিত্তত মমতাশূন্য হৈ অবিদ্যাৰ হস্তবিমুক্ত হয়। কৰ্ম্ম বিহোতা বেদৰ নিজৰো এই অভিপ্ৰায়েইহে, আৰু বেদৰ সেই নিগুঢ় ভাব বুজোতাই সেইদেখি আন ধৰ্ম্ম-কৰ্ম্মৰ ওপৰত হৰিনামক বহুৱায়।

সেহিসে কুলীন বেদক বুজে।
যাহাৰ মুখে হৰিনাম সিজে।
সকল ধৰ্ম্মত কৰি বিশিষ্ট।--
হৰি কীৰ্ত্তনেসে ধৰ্ম্ম গৰিষ্ঠ। ।
অনাদিৰ আন ধৰ্ম্ম সম্প্ৰতি।
দিওঁ উপদেশ হৰি ভকতি। (কীৰ্ত্তন)

নাৰদে তিনি কটপা দি তাকেহে কৈছিল

হৰি নামে নামে নিশ্চয়।
মোহোৰ জীৱন নাৰদে কয়।।
কলিৰ কালে আৰ আতপৰ।
নাই নাই নাই গতি লোকৰ।।
নাৰদে দিলন্ত তিনি কটপা।
আৰু নামানিবে কোন নো লপা।।
নাৰদৰ বাণী শিলৰ ৰেখা।
বৃহত নাৰদী বিচাৰি দেখা।। (কীৰ্ত্তন)

       প্ৰথম স্কন্ধ ভাগৱতত নাৰদে ব্যাসক উপদেশ দিওঁতে কৈছে যে ব্ৰহ্মাই চাৰিখন বেদক তিনিবাৰ ভালকৈ বিচাৰি চাই তাত হৰি-কীৰ্ত্তনকহে সাৰ বুলি থিৰ কৰাটো পালে ; –

চাৰিও বেদক ব্ৰহ্মায়ে আনি।
বিচাৰিলা তিনিবাৰ প্ৰণামি।।
এহিমানে মাত্ৰ কৰিলা সাৰ।
হৰি কীৰ্ত্তনেসে তৰে সংসাৰ।।

       আৰু চোৱাচোন বেদবিহিত তন্ত্ৰ-মন্ত্ৰবিহিত যজ্ঞ হোম আদি কৰ্ম্ম কৰোঁতাসকলৰ কৰ্ম্মতো অনেক ছিদ্ৰ থাকি যায়, তাৰ অঙ্গপূৰ্ণ নহয় ; সেইদেখি সেইটাে বুজি তাৰ অন্তত হৰিনাম স্মৰণ কৰিবৰ ব্যৱস্থা ঋষিসকলে দিছে –

তন্ত্ৰ মন্ত্ৰ আনো দ্ৰব্য অনেক।
দেশ কাল পাত্ৰ ছিদ্ৰ যতেক।।
পূৰ্ণ নুহি যত যজ্ঞৰ অঙ্গ।