সমললৈ যাওক

পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাসলীলা-তত্ত্ব

এক

       ৰাসলীলাৰ ওপৰ ভাগত প্ৰাকৃত শৃঙ্গাৰ ৰসৰ ঢাকনি আছে; সেইদেখি ওপৰচকুৱাসকলে তাত অশ্লীলতা দেখে। এই বাবেই শুকদেৱে ৰাসপঞ্চাধ্যায়ৰ শেহৰ শ্লোকটোত ৰাসলীলা শুনোতা আৰু বৰ্ণাওঁতাক 'ধীৰ', 'শ্ৰদ্ধান্বিত' বিশ্লেষণেৰে বিশেষিত কৰিছে আৰু কৈছে, এনে ধীৰ অচঞ্চল লোকে শ্ৰদ্ধাৰে সৈতে বিষ্ণুৰ ৰাসলীলা শ্ৰৱণ বা কীৰ্ত্তন কৰিলে তেওঁ অচিৰতে ভগৱন্তৰ প্ৰতি পৰাভক্তি লাভ কৰি কাম নাম ৰোগৰপৰা মুক্ত হয়। আৰু এটা কথালৈ মন কৰিবলীয়া যে শুকদেৱে 'বিক্ৰীড়িত ব্ৰজবধুভিৰিদঞ্চ বিষ্ণোঃ' অৰ্থাৎ ৰাসলীলাক কৃষ্ণৰ ক্ৰীড়া নুবুলি 'বিষ্ণুৰ ক্ৰীড়া' বুলিছে। বিষ্ণু শব্দৰ অৰ্থ বিশ্বব্যাপী ঈশ্বৰ। গোটেই বিশ্বৰ ভিতৰে-বাহিৰে সততে ব্যাপ্ত হৈ যিজনে স্বৰূপ আনন্দেৰে স্বৰূপ শক্তিৰে ক্ৰীড়া কৰিব লাগিছে তেৱেঁই বিষ্ণু। 'বেবেষ্টি ইতি বিষ্ণুঃ' অৰ্থাৎ তেওঁ ব্যাপক, গোটেই জগৎ ব্যাপি আছে, 'জগৎ সৰ্বশৰীৰংতে।' তেওঁ ব্ৰহ্মাণ্ডব্যাপী। গীতাত ভগৱন্তই কৈছে- মায়া ততমিদং সৰ্বং জগদব্যক্তমূৰ্ত্তিনা। অৰ্থাৎ অব্যক্ত মূৰ্ত্তিৰে মই গোটেই জগৎ ব্যাপি আছোঁ। শ্ৰুতিত কৈছে 'তদ্বিষ্ণোঃ পৰমং পদং সদা পশ্যন্তি সুৰয়ঃ দিৱীব চক্ষুৰাততম্।' অৰ্থাৎ চকুৱে যেনেকৈ আকাশত বিস্তৃত বস্তুৰ দৰ্শন কৰে, তেনেকৈ সেই বিষ্ণুৰ অৰ্থাৎ ব্যাপনশীল ব্ৰহ্মৰ উৎকৃষ্ট পদসুৰ ব্ৰহ্মবিদসকলে সদায় দৰ্শন কৰে। আনন্দঘন বিষ্ণুৱেই কৃষ্ণ। উপনিষদত ব্ৰহ্মক সচ্চিদানন্দ স্বৰূপ বোলা হৈছে।

সচ্চিদানন্দময়ং পৰং ব্ৰহ্ম।

       সৰ্বপূৰ্ণস্বৰূপোহস্মি সচ্চিদানন্দলক্ষণঃ।। - (মৈত্ৰী উপনিষদ)

       আনন্দং ব্ৰহ্ম ইতি ব্যজানাৎ।- তৈত্তিৰীয়

       সত্যং জ্ঞানম্ অনন্তম্ আনন্দং ব্ৰহ্ম।- সৰ্ব্বোপনিষৎসাৰ

       এই সৎচিদান্দ পৰম ব্ৰহ্মৰে সচ্চিদানন্দবিগ্ৰহ মুৰ্ত্তি শ্ৰীকৃষ্ণ। ব্ৰহ্মসংহিতাত কৈছে-

ঈশ্বৰঃ পৰমঃ কৃষ্ণঃ সচ্চিদানন্দবিগ্ৰহঃ।

শ্ৰীকৃষ্ণৰ নমস্কাৰত কোৱা হৈছে 'সচ্চিদানন্দৰূপায় কৃষ্ণয়াক্লিষ্টকাৰিণে।' অৰ্থাৎ সচ্চিদানন্দৰূপ অক্লিষ্টকৰ্ম্মা শ্ৰীকৃষ্ণক নমস্কাৰ। এই সচ্চিদানন্দ বিগ্ৰহ কৃষ্ণস্বৰূপ বিষ্ণুৰ পৰম পদ পাব লাগিলে, সকলো বাসনা কামনা পৰিত্যাগ কৰি অকপট প্ৰেমিক হ'ব লাগিব। প্ৰেমৰ ঘাই লক্ষণ উৎকণ্ঠা কেনে সেইটো ব্যভিচাৰিণী বিৰহিণী কামিনীৰ দৃষ্টান্তৰপৰাহে বুজিব পাৰি। পৰপুৰুষত সৰ্ব্বতোভাবে অনুৰক্তা তিৰোতাৰ দৰে যেতিয়া ঈশ্বৰত একান্ত অনুৰক্ত ভক্তই সকলো কামনা পৰিত্যাগ কৰি 'হা কৃষ্ণ! হা কৃষ্ণ!' বুলি কান্দিব, তেতিয়া ভক্তবৎসল ভগৱন্তই নিজৰ সেই একান্ত ভক্তক নিজৰ আনন্দময় কোলাত তুলি লৈ আলিঙ্গন কৰিব। জীৱ আনন্দ-সমূদ্ৰত নিমগন