সম্ভৱ নে? বৰং সাধাৰণতঃ কি দেখি? দেখি, ̶ যদি অনেক তিৰোতাই কোনো এজন পুৰুষক ভাল পাই তেওঁক পাবৰ ইচ্ছা কৰে, তেন্তে প্ৰত্যেকে আনক ফাকি দি বা বঞ্চনা কৰি মনে মনে লুকাই সেই পুৰুষজনক পাবৰ চেষ্টা কৰিব। কিন্তু ব্ৰজকুমাৰীসকলৰ আচৰণ এই প্ৰণয়ৰ স্বাভাৱিক প্ৰথাৰ সম্পূৰ্ণ বিপৰীত। ঈশ্বৰপ্ৰাপ্তিৰ নিমিত্তে অনুৰাগী ভক্তসকলে যেনেকৈ সমৱেতভাৱে মিলি উপাসনা আৰু প্ৰাৰ্থনা কৰে তেওঁলোকেও তেনেকৈ কৰিছিল। কণ কণ ছোৱালী, যি বিয়া কাক বোলে, পতি কাক বোলে, প্ৰেম বা প্ৰণয় কাক বোলে ভালকৈ নাজানে, তেওঁলোকে তেওঁলোকৰে সমনীয়া ল'ৰা এটিক পতি-ৰূপে পাবলৈ এনেবাৱে পাৰ্থিৱ কামৰ গোন্ধ থকা ভাপোৱা দেখুৱাব এইটো হ"ব পাৰে নে? সেইদেখি গোপীসকলৰ প্ৰণয় প্ৰাকৃত প্ৰণয় নহয়, ই ঈশ্বৰ কৃষ্ণপ্ৰেম আৰু আগৰ অনেক জনমৰ সুকৃতিৰ ফল।
ছান্দোগ্য উপনিষদত আছে 'ব্ৰহ্ম এক আৰু অদ্বিতীয় ̶ একমেৱাদ্বিতীয়ম্', 'নেহ নানাস্তি কিঞ্চন' (বৃহদাৰণ্যক) অৰ্থাৎ ইয়াত নানা, বহু, দ্বৈত নাই; আছে মাথোন তেওঁ অদ্বৈত এক ব্ৰহ্ম বস্ত। 'চৈতন্যস্বৰূপে ব্যাপি এক নিৰঞ্জন। তাহাক বোলয় দ্বৈত কোন অজ্ঞজন।।' ̶ শঙ্কৰদেৱ।
গীতাত লেখিছে ̶ "মত্তঃ পৰতৰং নান্যং কিঞ্চিদস্তি ধনঞ্জয়"। শ্বেতাশ্বেতৰ উপনিষদত তেওঁক-'পতিং পতীনাং পৰমং পৰস্তাৎ' বুলিছে, অৰ্থাৎ তেৱেঁই পতিৰ পৰাৎপৰ পৰম পুৰুষ। এইজনকে ব্ৰজকুমাৰীসকলে পতিৰূপে পাবলৈ কামনা কৰিছিল। বেদত কৈছে-' ব্ৰহ্মৰ বাহিৰে দ্বিতীয় বস্তুত মন সমৰ্পিত হ'লে জীৱৰ সংসাৰ বন্ধন হয়। যেতিয়ালৈকে দ্বিতীয় বস্তুত মানুহৰ মন নিমগ্ন থাকে, তেতিয়ালৈকে লাজ অভিমান ভয় আদি সাংসাৰিক মায়াৰ আবৰণ থাকে আৰু লাজৰ নিমিত্তে বস্ত্ৰৰ আবৰণৰো আৱশ্যক হয়। সনক সনাতন আদি চাৰি সিদ্ধৰ বস্ত্ৰৰ প্ৰয়োজন নহৈছিল। মহাদেৱ শিৱও দিগম্বৰ। তেওঁলোকে নিজৰ ইচ্ছাত বস্ত্ৰ পৰিত্যাগ কৰিছিল এনে নহয়, ভগৱন্ত শ্ৰীকৃষ্ণই তেওঁলোকৰ বস্ত্ৰৰ হৰণ কৰিছিল। সনক-সনাতন, শুকদেৱ, মহাদেৱৰ বস্ত্ৰ নাছিল বুলি তেওঁলোকক কোনোবাই অসভ্য নিজাল বোলে নে? শ্ৰীকৃষ্ণ ভগৱন্তই বেদোক্ত অদ্বৈতজ্ঞান শিক্ষা দিবৰ নিমিত্তেই মহাভক্ত আৰু একমাত্ৰ পতিৰ পতি তেওঁত অনুৰক্ত গোপীসকলক কৃপা কৰি তেওঁলোকৰ বস্ত্ৰ হৰণ কৰিছিল। জীৱই বৈষ্ণৱীমায়াত মুগ্ধ হৈয়েই দ্বৈতজ্ঞানৰ নিমিত্তে বস্ত্ৰাবৰণ লয় কিন্তু ঈশ্বৰৰ কৃপাত সমদৰ্শী হ'লে বস্ত্ৰ ত্যাগ কৰে। গোপীসকলৰ তেতিয়াও দ্বিতীয়জ্ঞান সম্পূৰ্ণৰূপে যোৱা নাছিল, সেইদেখি শ্ৰীকৃষ্ণই তেওঁলোকক পানীৰপৰা উঠি বস্ত্ৰ ল'বলৈ মতাতো তেওঁলোকে উঠি যাবলৈ সঙ্কোচ কৰিছিল অৰ্থাৎ যদিও তেওঁলোকৰ শ্ৰীকৃষ্ণলৈ লাজ নাছিল, পিছে আনে সেই অৱস্থাত তেওঁলোকক দেখিবলৈ পায়, এই ভয় এই লাজ অৰ্থাৎ দ্বৈতজ্ঞান সম্পূৰ্ণৰূপে তেওঁলোকৰ নষ্ট হোৱা নাছিল। শেহত নোৱাৰিহে তেওঁলোকে নিজৰ হাতেৰে যোনিদেশ আবৃত কৰি পাৰলৈ উঠিল। সেই বাবেই কৃপালু কৃষ্ণই তেওঁলোকক সেইফেৰা আৱৰণো গুচাই তত্ত্বোপদেশ প্ৰদান কৰিলে। কিন্তু অকল উপদেশ পালেই নহয়, সেই উপদেশ শিষ্যই সৰ্ব্বতোভাৱে পালন কৰিব লাগে, সেইদেখি তেওঁ