পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৩৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাসলীলাৰ শৃঙ্গাৰ ৰসস্বৰূপ বহিৰাবৰণত যি আটক হৈ থাকে, সি তাৰ পৰম তত্ত্ব লাভ কৰিব নোৱাৰে। সেই পৰম তত্ত্বহে হৃদৰোগ কামৰ ঔষধ, বাহিৰৰ ফাল বাকলিহে।

তিনি

       ৰাসলীলাৰ নিগূঢ় তত্ত্বত প্ৰবেশ কৰিব নোৱাৰি তাত বহিৰাবৰণত মাথোন দৃষ্টি ৰাখিলে যে মানুহৰ মনত সংশয় উপস্থিত হয়, সি ৰাসলীলা শ্ৰৱণ কৰি পৰীক্ষিতৰ মনত উপস্থিত হোৱা সংশয়তে প্ৰকাশ পায়। এইটো নিশ্চয় যে পৰীক্ষিতে শ্ৰীকৃষ্ণক পূৰ্ণব্ৰহ্ম বুলি জানিছিল। তেওঁ নিজে যে ৰাসলীলাৰ বহিৰাবৰণ ভেদ কৰি গূঢ় পৰম তত্ত্বত উপস্থিত হ'ব পৰা নাছিল এনেও নহয়। ৰাসলীলা শুনি সাধাৰণ মানুহৰ মনত যেনে সংশয় হ'ব, প্ৰশ্নৰ ছলতে শুকদেৱৰ দ্বাৰাই যথাৰ্থ উত্তৰ দিয়াই সেই সংশয় সকলোৰে নিমিত্তে যাতে ছেদ হয়--আচলতে তাৰ নিমিত্তেহে তেওঁৰ প্ৰশ্ন। পৰীক্ষিতে শুকদেৱক সুধিলে ̶

সংস্থাপনায় ধৰ্ম্মস্য প্ৰশমায়েতৰস্য চ।
অৱতীৰ্ণোহি ভগৱানংশেন জগদীশ্বৰঃ।।
স কথং ধৰ্ম্মসেতুনাং বক্তা কৰ্ত্তাভিৰক্ষিতা।
প্ৰতীপমাচৰদ্ ব্ৰহ্মণ্ পৰদাৰাভিমৰ্শনম্।।
আপ্তকামো যদুপতিঃ কৃতবান্ বৈ জুগুপ্সিতম্।
কিমভিপ্ৰায় এতং নঃ সংশয় ছিন্ধি সুব্ৰত।।

অৰ্থাৎ ̶

ধৰ্ম্মক ৰাখিবা অধৰ্ম্ম নাশি।
ই কাৰ্য্যে ভৈলা আৱতাৰ আসি।
ধৰ্ম্মৰ ৰক্ষক হুয়া মুৰাৰি।
ক্ৰীড়িলা কেনে পৰ গোপনাৰী।।
হোৱন্ত হৰি যদি পূৰ্ণকাম।
কৰিলা কেনে গৰিহিত কাম।।
ছেদিও সংশয় কৈয়ো বৃত্তান্ত।
ধৰ্ম্মব্যতিক্ৰমো দূষ্ট ঈশ্বৰাণাঞ্চ সাহসম্।
তেজীয়সাং ন দোষায় বহ্নেঃ সৰ্ব্বভুজো যথা।।

অৰ্থাৎ-

পৰম ঈশ্বৰে কৰে অকৰ্ম্ম।।
তেজস্বীত কিছু নাহি অধৰ্ম্ম।
সৰ্ব্বভক্ষ বহ্নি সবাকো শোষে।

তথাপিতো কিছু নোছোৱে দোষে।। ̶ কীৰ্ত্তন-ঘোষা

       এইটো শুকদেৱৰ প্ৰথম পোনপটিয়া উত্তৰ মাথোন। 'ঈশ'ধাতুৰ অৰ্থ প্ৰভুত্ব কৰা। 'সৰ্ব্বস্য প্ৰভূম্ ঈশানম্' (শ্বেতাশ্বেতৰ উপনিষদ)। 'য ঈশেহস্য দ্বিপদশ্চতুষ্পদঃ।'