সমললৈ যাওক

সাহিত্য-মুক্তাৱলী

ৱিকিউৎসৰ পৰা
[  ]
 

সাহিত্য-মুক্তাৱলী।

 

সংগ্ৰাহক আৰু সম্পাদক

শ্ৰীযুক্ত দণ্ডিনাথ কলিতা।

 

তেজপুৰ।

১৮৫৬শক।

 

মুল্য ৸৵৹ অনা মাথোন।

[  ]

প্ৰকাশক—শ্ৰীভাবিৰাম কলিতা।
 বি, আৰ, কলিতা এণ্ড কোং
 তেজপুৰ, আসাম।

 

কলিকতা,
২নং বেথুন ৰো, ‘ভাৰতমিহিৰ যন্ত্ৰত’
শ্ৰীযুগলচৰণ দাস দ্বাৰা মুদ্ৰিত।

[  ]

সংগ্ৰাহকৰ নিবেদন।

 আজি ৪|৫ বছৰমানৰ আগতে, অসমৰ স্কুলবিলাকৰ প্ৰথমৰ পৰা অষ্টম শ্ৰেণীলৈকে বেলেগ বেলেগ বিষয়ৰ কিছুমান কিতাপ লাগে বুলি শিক্ষাবিভাগৰ মহামান্য ডিৰেক্টৰ চাহাব বাহাদুৰে আসাম গেজেটত ঘোষণা কৰিছিল। সেই ঘোষণা দেখি জনচেৰেক বন্ধুবে অন্ততঃ সাহিত্য-বিষয়ক কেইখনমান কিতাপ যুগুত কৰিবলৈ মোক পৰামৰ্শ দিছিল, কিন্তু নানা কাৰণত মই সেই পৰামৰ্শ লোবা নাছিলোঁ। কিছুদিনৰ মূৰত আসাম উপত্যকাৰ স্কুলসমূহৰ ইন্সপেক্টৰ শ্ৰদ্ধাস্পদ শ্ৰীযুক্ত শৰৎচন্দ্ৰ গোস্বামী বি, এ, বি, টি, ডাঙ্গৰীয়া তেজপৰলৈ আহোঁতে কথা প্ৰসঙ্গত আকৌ সেই কথা ওলায়, তেখেতেও মোক সেই একে উপদেশকে দিয়ে। তেখেতৰ উপদেশ আৰু পৰামৰ্শ মতেই মাহেকীয়া কাকত আৰু প্ৰকাশিত গ্ৰন্থাদিৰ পৰা পাঠ সংগ্ৰহ কৰি এই “সাহিত্য মুক্তাবলী” যুগুত কৰা হয়। এইটো ঠিক যে তেখেতৰ পৰামৰ্শ নোপোৱা হলে এই কিতাপ হাতত লোৱাই নহলহেঁতেন। সেই বাবে তেখেতক মোৰ আন্তৰিক কৃতজ্ঞতা জনালোঁ।

 কিতাপখন যথাসময়ত পুথি-বছা কমিটিলৈ পঠোৱা হৈছিল। সৌভাগ্যৰ কথা, পুথিখনে কমিটিৰ সভ্যসকলক সন্তোষ দিব পাৰিছে। অৱশ্যে তেখেত- সকলে পুথিখনৰ অনুকুলে মন্তব্য প্ৰকাশ কৰাৰ লগতে কেইটামান পাঠত থকা গোটাচেৰেক আসোঁৱাহ দেখুৱাই তাক গুচাবলৈকো উপদেশ দিছিল। কমিটি নিৰ্দ্দেশমতে এতিয়া সেই আসোঁৱাহ সম্পূৰ্ণৰূপে গুচোৱা হৈছে।

 “সাহিত্য-মুক্তাৱলীত” যিবিলাকে গদ্য-পদ্য প্ৰবন্ধ আছে, সেইবিলাক এই কিতাপৰ অন্তৰ্ভুক্ত কৰিবলৈ অনুমতি দিয়াৰ বাবে, সেইবিলাকৰ লেখক আৰু স্বত্বাধিকাৰীসকলক মোৰ আন্তৰিক ধন্যবাদ জনালোঁ। [  ]  ঠিকনাৰ গোলমালতেই হওক, বা আন কোনো কাৰণতেই হওক, কেইটামান প্ৰবন্ধৰ মালিকৰ পৰা অনুমতি পোৱা বা লোৱাৰ সুবিধা নহ’ল; তেখেতসকলেও অনুমতিলৈ অপেক্ষা নকৰাকৈ তেখেতসকলৰ প্ৰবন্ধ ব্যৱহাৰ কৰাৰ বাবে যেন সংগ্ৰাহকক ক্ষমা কৰে।

 এই পুথি যুগুত কৰোঁতে ঘাইকৈ এই দুটা কথালৈ লক্ষ্য ৰখা হৈছে :—
 (১) যাতে প্ৰবন্ধবিলাক সুখপাঠ্য হয়, আৰু লৰাই পঢ়িবলৈ আগ্ৰহ কৰে।
 (২) যাতে প্ৰবন্ধবিলাকত জানিবলগীয়া, শিকিবলগীয়া বিষয় যথেষ্ট পৰিমাণে থাকে, আৰু অধ্যয়নৰ লগে লগে লৰাৰ অনুসন্ধিৎসা বৃদ্ধি হয়।

 প্ৰায়বোৰ প্ৰবন্ধৰ তলতে টীকা আৰু আদৰ্শ প্ৰশ্ন দিয়া হৈছে। তাৰ দ্বাৰা শিক্ষক আৰু ছাত্ৰসকলৰ বিশেষ সুবিধা হ'ব বুলি আশা কৰা যায়।

 এই পুথিৰ নিমিত্তে প্ৰবন্ধ নিৰ্ব্বাচন কাৰ্য্যত বন্ধুবৰ শ্ৰীযুক্ত বসন্তকুমাৰ বৰুৱা বি, এৰ পৰা মাজে-সময়ে সাহায্য পোৱা হৈছিল, সেই বাবে তেওঁৰ শলাগ লৈ আন্তৰিক ধন্যবাদ জনালোঁ।

 শেহত ইয়াকে মাথোন কওঁ যে যি উদ্দেশ্য মনত ৰাখি “সাহিত্য-মুক্তাৱলী”, সংগ্ৰহ কৰা হৈছে, সি সফল হলেই সংগ্ৰাহকে আত্ম-প্ৰসাদ লাভ কৰিব। ইতি।

তেজপুৰ।
২৯ শাওণ, ১৮৫৬ শক
বিনীত নিবেদক
সংগ্ৰাহক।
 
[  ]

সূচী।
গদ্য ভাগ।

বিষয় লেখক পৃষ্ঠা
১। আনন্দৰাম ঢেকিয়াল ফুকন আৰু অসমীয়া ভাষা ৰায় ৺গুণাভিৰাম বৰুৱা বাহাদুৰ
২। কালিদাস ৺লম্বোদৰ বৰা বি, এল
৩। চিন্তা ৺সত্যনাথ বৰা বি, এল
৪। নুমলী ৰাজমাওৰ কলঙ্ক বা বদন বৰফুকনৰ মৃত্যু ৺ৰত্নেশ্বৰ মহন্ত ১০
৫। প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয় পণ্ডিত ৺হেমচন্দ্ৰ গোস্বামী ১৪
৬। ৰোগ আৰু ঔষধ-সেৱন শ্ৰীযুক্ত ৰজনীকান্ত বৰদলৈ বি, এ ১৮
৭। শঙ্কৰদেৱৰ তিথি শ্ৰীযুক্ত চন্দ্ৰকুমাৰ আগৰৱালা ২২
৮। জয়ন্তী শ্ৰীযুক্ত লক্ষ্মীনাথ বেজবৰুৱা বি, এ ২৫
৯। জাতীয় প্ৰেম ৺পানীন্দ্ৰনাথ গগৈ ৩৭
১০। কুমাৰিলা ভট্ট ৰায় শ্ৰীযুক্ত আনন্দচন্দ্ৰ আগৰৱালা বাহাদুৰ ৪১
১১। কুঁজীৰ কলঙ্ক শ্ৰীযুক্ত প্ৰতাপচন্দ্ৰ গোস্বামী ৪৫
১২। সুখ শ্ৰীযুক্তা হেমপ্ৰভা দাস ৫৪
১৩। সমুদ্ৰযাত্ৰা শ্ৰীযুক্ত চন্দ্ৰধৰ বৰুৱা সাহিত্যৰত্ন ৫৮
১৪। সামান্য প্ৰাণী শ্ৰীযুক্ত শৰৎচন্দ্ৰ গোস্বামী বি, এ, বি, টি ৬৪
[  ]
বিষয় লেখক পৃষ্ঠা
১৫। মহাৰাজ ৰাজেশ্বৰ সিংহ   অধ্যাপক শ্ৰীযুক্ত সূৰ্য্যকুমাৰ ভূঞা, এম, এ, বি, এল ৭৪
১৬। মহম্মদ শ্ৰীযুক্ত মহাদেৱ শৰ্ম্মা ৭৮
১৭। হস্তিনাপুৰত শ্ৰীকৃষ্ণ ৰায় ৺ পদ্মনাথ গোহাঞি বৰুৱা বাহাদুৰ ৮২
১৮। বিদ্যাসাগৰ ৺চন্দ্ৰনাথ শৰ্ম্মা বি, এল ৮৮
১৯। ভগৱৎ-প্ৰেম শ্ৰীযুক্ত দণ্ডিনাথ কলিতা ৯৬
২০। মহাত্মা হোচেন মনচুৰ মৌলবী এম, মোছলেহউদ্দিন আহমদ ১০২
২১। ৰামমোহন ৰয় শ্ৰীযুক্ত বসন্তকুমাৰ বৰুৱা বি, এ ১০৮
২২। জাতীয় জীৱন অধ্যাপক বাণীকান্ত কাকতি এম, এ ১১৬
২৩। মাধৱদেৱ ৺লক্ষ্মীধৰ শৰ্ম্মা এম, এ, বি, এল ১১৮
২৪। সাধনাৰ বাটত শ্ৰীযুক্তা পুণ্যপ্ৰভা দাস বি, এ ১২৪

[  ]

পদ্য ভাগ।

বিষয় লেখক পৃষ্ঠা
১। কাকূতি ৺শঙ্কৰ দেৱ ১২৭
২। প্ৰভাত ৺মাধৱ দেৱ ১২৮
৩। যুধিষ্ঠিৰৰ প্ৰতি শ্ৰীকৃষ্ণ   ৺ৰাম সৰস্বতী ১২৯
৪। বৰ আৰু সৰু শ্ৰীযুক্ত লক্ষ্মীনাথ বেজ বৰুৱা বি, এ ১৩১
৫। প্ৰকৃতি-বিভৱ ৰায় ” পদ্মনাথ গোহাঞি বৰুৱা বাহাদুৰ ১৩২
৬। জীৱন-সঙ্গীত ” ” আনন্দচন্দ্ৰ আগৰৱালা ১৩৫
৭। ধূলি-কণা মই ” চন্দ্ৰধৰ বৰুৱা সাহিত্যৰত্ন ১৩৯
৮। ইষ্টদেৱৰ স্তুতি ” তৰুণ ৰাম ফুকন বাৰ-এট্-ল ১৪০
৯। গছৰ পাত ” ৰঘুনাথ চৌধাৰী ১৪২
১০। মৰণ ” দুৰ্গেশ্বৰ শৰ্মা বি, এল ‍১৪৫
১১। তৰ্পণ ” যতীন্দ্ৰনাথ দুৱৰা বি, এ ১৪৭
১২। সকলো আপোন মোৰ ” ইন্দ্ৰেশ্বৰ বৰঠাকুৰ বি, এ ১৫১
১৩। সৰু লৰাৰ গীত ” সৰ্ব্বেশ্বৰ বৰুৱা বি, এল ১৫২
১৪। সৌন্দৰ্য্যৰ ৰাণী ” দণ্ডিনাথ কলিতা ১৫৬
১৫। পুতলী ” শ্ৰীযুক্তা নলিনীবালা দেবী ১৫৮
১৬। জন্মভূমি ” শ্ৰীযুক্ত বিনন্দচন্দ্ৰ বৰুৱা বি, এ ১৬৩

ওপৰঞ্চি।
আখৰ-জোঁটনি আৰু ব্যাকৰণ
সম্পৰ্কে কেইটামান কথা 
সম্পাদক ১৬৬
[  ]
শুধৰণী।
পৃষ্ঠা   শাৰী   ভুল   শুদ্ধ
১৪
১৬
১৮
১৮
উদান্তপুৰী
উদয়ান্তপুৰ
উদ্দণ্ডপুৰ
১৬ ১৮
১৫ ১৬
১৫ ১৮,,১৯ ৮ খৃষ্টাব্দলৈকে ৮ম শতাব্দীলৈকে
৭০ ১১ ৰক্ষসহঁতে ৰাক্ষসহঁতে
৮৪ চৰকাল চিৰকাল
৯০ ১৪ অহিসা অহিংসা

[  ]
 

সাহিত্য-মুক্তাৱলী।

গদ্য-ভাগ।

আনন্দৰাম ঢেকিয়াল ফুকন
আৰু অসমীয়া ভাষা।

 ইংৰাজী ১৮৪৬ চনত শিৱসাগৰৰ পৰা ‘অৰুণোদয়’ নামে এখনি মাসিক সংবাদ পত্ৰ প্ৰচাৰিত হয়। ফুকনে এই সংবাদপত্ৰত সময়ে সময়ে ৰচনা দিবলৈ ধৰিলে। যি দেশৰ যি ভাষা তাৰ ব্যৱহাৰ নহলে দেশৰ মঙ্গল নহয। প্ৰথমে এই দেশত অসমীয়া ভাষাৰে সকলো কাৰ্য্য-কৰ্ম্ম হৈছিল। পাচে বঙ্গলা ভাষাই যে এই দেশৰ প্ৰকৃত ভাষা কৰ্ত্তৃপক্ষৰ পৰা এইটো সিদ্ধান্ত হোৱাত বঙ্গলা ভাষা সকলো বিষয়ত চলিবলৈ ধৰিলে। আদালত আৰু লোকৰ অৱস্থা দেখি অসমীয়া ভাষা চলাবৰ নিমিত্তে ফুকনৰ যত্ন হল। নানা উপদেশ-গৰ্ভ ইংৰাজী প্ৰস্তাবৰপৰা সংগ্ৰহ কৰি “অসমীয়া লৰাৰ মিত্ৰ” নামে দুই কাণ্ড পুস্তক ফুকনে অসমীয়াত প্ৰচাৰ কৰিলে। সেই পুস্তক কলিকতাৰ সমাচাৰ চন্দ্ৰিকা যন্ত্ৰলৈ পঠোৱা হয়, কিন্তু অসমীয়া ভাষা ছাপাৱালাই বুজিব নোৱৰাত কীৰ্ত্তিকান্ত বৰুৱা নামে এজন অসমীয়া লোকক ফুকনে কলিকতালৈ পঠায়। ১৮৪৯ চনত সেই পুস্তক মুদ্ৰিত হয়। ইংৰাজ আৰু দেশীয় ভদ্ৰমহোদয়সকলে [ ১০ ] এই পুস্তক ছাপোৱাৰ বিষয়ে অৰ্থেৰে সাহায্য কৰিলে। মেথী চাহাব আৰু জেনকিন্‌চ চাহাবে এই বিষয় বিশেষ উৎসাহ দিছিল। অসমীয়া ভাষাৰ প্ৰতি তেওঁৰ যিমান যত্ন আৰু আগ্ৰহ আছিল তাক লিখা বাহুল্য। তেওঁৰ দিনত অসমীয়া ভাষাৰ একো উন্নতি নহল। কিন্তু নানা বিঘ্ন আৰু বাধা অতিক্ৰম কৰি ১৮৭২ চনত চাৰ জৰ্জ্জ কেম্বেল লেপ্টেনেন্টে গবৰ্ণৰ চাহাবৰ আজ্ঞাৰে সেই অসমীয়া ভাষা দেশত প্ৰচলিত হল। সেই “অসমীয়া লৰাৰ মিত্ৰ” সংক্ষিপ্তৰূপে এই দেশৰ স্কুল সমূহত এতিয়া প্ৰচাৰিত হৈছে। অসমীয়া ভাষাৰ উন্নতিৰ মূল সেই ফুকন। ভাষা বিষয়ে সপক্ষবাদী বিপক্ষবাদী সকলোৰে সৈতে তেওঁ তৰ্ক কৰিছিল। অসমীয়া ভাষাৰ বিষয়ে মিচনেৰীবিলাকেও যত্ন কৰিছিল। সেই কাৰণে ফুকনে সেই সকল লোকৰে সৈতে সদায় চিঠি আৰু কথাৰে আলাপ-আলোচনা কৰিছিল। আনন্দৰাম ফুকনৰ নাম এইবাবে অসমীয়া ভাষাই সৈতে তাৰ উন্নতি বা অৱনতি হলেও চিৰকাল লগ লাগি থাকিব।

৺গুণাভিৰাম বৰুৱা। 

টীকা।

 উপদেশ-গৰ্ভ— যাৰ গৰ্ভত উপদেশ আছে, উপদেশেৰে ভৰা।

প্ৰশ্ন।

 ১। “অৰুণোদয়” কেতিয়া আৰু ক’ৰ পৰা ওলাইছিল?

 ২। অসমীয়া লৰাৰ মিত্ৰ ক’ত ছপাইছিল? ছপা কাৰ্য্য কেনেকৈ সম্পাদিত হৈছিল?

 ৩। অসমীয়া ভাষা কেতিয়াৰপৰা অসমৰ পঢ়াশালিত চলে? তেতিয়া অসমৰ শাসনকৰ্ত্তা কোন আছিল?

 ৪। অসমত বঙ্গলাভাষা চলাৰ কাৰণ কি?

[ ১১ ]

কালিদাস।

 আজি প্ৰায় ডেৰ হাজাৰ বছৰ হল, এজনা মহাপুৰুষে উজ্জয়িনী নগৰ পোহৰ কৰিছিল, সংস্কৃত সাগৰ মথি কাব্য-মাণিক উৎপন্ন কৰিছিল, কবিসকলক মোহিত কৰিছিল, ৰস আৰু অলঙ্কাৰ-মৌৰে ভাৰত-ভোমোৰাক মতলীয়া কৰিছিল,—তেওঁৰ নাম কালিদাস। তেওঁ বিক্ৰমাদিত্যৰ নবৰত্নৰ ভিতৰত সকলোতকৈ উজ্জ্বল ৰত্ন আছিল। আজি প্ৰায় ডেৰ হাজাৰ বছৰ তেওঁৰ কাব্য, তেওঁৰ নাটক, তেওঁৰ কবিত্ব শক্তি, তেওঁৰ অনুপম উপমা, তেওঁৰ কবিতাৰ অনুপম সৰলতা আৰু মধুৰতা দেখি ভাৰত-জগৎ মোহিত হৈ আছে, সকলোৱে একবাক্যে তেওঁক ভাৰতৰ কবিসকলৰ মাজত সকলোতকৈ ওখ আসনত বহিবলৈ দিছে, সৰস্বতীৰ বৰপুত্ৰ বুলি পূজা কৰিছে! সংস্কৃত জনা লোকসকলে কালিদাসৰ অমৃতময় কাব্য আৰু নাটকবিলাক পঢ়ি মোহিত হয়, আনবিলাকে তেওঁৰ সম্বন্ধে সাধু কথা শুনি আচৰিত হয়। যেনেকৈ ৰামকৃষ্ণৰ নাম ঘৰে ঘৰে, ব্যাস-বাল্মীকিৰ নাম ঘৰে ঘৰে, সেইদৰে কালিদাসৰ নামো ঘৰে ঘৰে। হিন্দুৱে কালিদাস পঢ়া গৌৰৱ বুলি ভাবে; হিন্দু কবিয়ে কালিদাসক আৰ্হি লৈ কবিতা লিখিবলৈ শিকে। এজন হিন্দু কবিয়ে কৈছে বোলে, মোৰ কপালত যেন কালিদাসৰ কবিতা জনমে জনমে ঘটে!

 য়ুৰোপৰ লগত ভাৰতৰ চলাচল হোৱাত কালিদাসৰ ৰাজত্ব আৰু বাঢ়িল, এতিয়া য়ুৰোপ, আমেৰিকাৰ সভ্যজাতিবিলাকেও তেওঁক [ ১২ ]

পূজা কৰিবলৈ ধৰিলে। জৰ্ম্মান, ইংৰাজ আদি জাতিয়ে কালিদাসৰ কাব্যবিলাক বৰ আদৰকৈ পঢ়িবলৈ আৰু নিজ ভাষালৈ ভাঙ্গিবলৈ ধৰিছে। তেওঁলোকে এতিয়া বুজিছে যে হিন্দুজাতি একসময়ত কাব্যজখলাৰ বৰ ওখ খোপলৈকে উঠিছিল। গোটাইথন জগৎ যেতিয়া অজ্ঞান আন্ধাৰত ঢাক খাই আছিল, এই ভাৰতবৰ্ষ তেতিয়া জ্ঞানবিজ্ঞান আৰু কাব্য অলঙ্কাৰ আদিৰ জোনাকত পূৰ্ণিমাৰ জোনৰদৰে তৰবৰাই আছিল। এতিয়া ভাৰতত আগৰ জ্ঞান-ধৰমৰ আলোচনা নাই, কাব্য-অলঙ্কাৰৰ আলোচনা নাই, ভাৰতৰ সেই গৌৰৱ-সূৰ্য্য প্ৰায় মাৰ গৈছে, তথাপি এতিয়াও তাৰ অলপ অলপ পোহৰ আছে। যেতিয়ালৈকে হিন্দুৰ শাস্ত্ৰ আৰু সাহিত্য আছে, কাব্য আৰু কবিতা আছে, ব্যাস আৰু বাল্মীকি আছে, কালিদাস, আৰু ভৱভূতি আছে,—আৰু প্ৰলয়ৰ পূৰ্ব্বে এওঁলোকৰ লয়ও নাই,—তেতিয়ালৈকে ভাৰতৰ আগৰ গৌৰব লোপ নেপায়। সংস্কৃত ভাষাই—সংস্কৃত পুথিয়েই—হিন্দুজাতিৰ কীৰ্ত্তিস্তম্ভ।

 কিন্তু কালিদাসে মানুহক যিমান মুহিব পাৰিছে, আন হিন্দু-গ্ৰন্থকাৰে সিমান পৰা নাই। সংস্কৃতত সকলোতকৈ ভাল নাটক কালিদাসৰ, ভাল মহাকাব্য কালিদাসৰ, ভাল খণ্ডকাব্য কালিদাসৰ, আন কোনো কবিয়ে তেওঁৰ দৰে সকলো বিষয়তে সমান ভাবে পাৰ্গতালি দেখাব পৰা নাই। আহা ! কালিদাস কি অসাধাৰণ কবি ! তেওঁৰ ৰচনা কেনে মধুৰ !—কেনে সুললিত ! তেওঁৰ কবিতা পঢ়ামাত্ৰকে হৃদয় আনন্দত নাচিবলৈ ধৰে,—কাণত যেন স্বৰ্গৰ অপ্‌সৰাবিলাকৰ সুললিত গান হে প্ৰবেশ কৰিলে হি। এটি [ ১৩ ] এটি কবিতাৰ সৌন্দৰ্য্য আৰু চমৎকাৰিত্ব দেখি মন একেবাৰেই বিমোহিত হয়। ধন্য তুমি কালিদাস। জগতত চন্দ্ৰ-দিবাকৰ থাকেমানে তুমি কাব্য জগতত অধিপতি হৈ থাকিবা।

৺লম্বোদৰ বৰা।

টীকা।

 কালিদাসৰ গ্ৰন্থ—ৰঘুবংশ, কুমাৰসম্ভব, মেঘদূত, শকুন্তলা, বিক্ৰমোৰ্ব্বশী, মালবিকাগ্নিমিত্ৰ, ঋতুসংহাৰ, শ্ৰুতবোধ, নলোদয় ইত্যাদি।

 ভবভূতৰ গ্ৰন্থ—মহাবীৰ চৰিত, উত্তৰ ৰামচৰিত, মালতী-মাধৱ।

প্ৰশ্ন।

 ১। কালিদাসৰ চমু পৰিচয় দিয়াঁ।

 ২। নবৰত্নৰ নাম কোৱাঁ।

 ৩। ভাৰতৰ পূৰ্ব্বগৌৰৱ ঘাইকৈ কিহত আছে?

 ৪। অৰ্থ লিখাঁ—প্ৰলয়, কীৰ্ত্তিস্তম্ভ, অলঙ্কাৰ।

_______


চিন্তা।

 বেজে যেনেকৈ নানা তৰহৰ বস্তু মিহলাই খুন্দি, কুটি, বাটি পৰম গুণকাৰী দৰব প্ৰস্তুত কৰে, সোণাৰিয়ে যেনেকৈ সৰু সৰু সোণৰ চেকুৰা গোট কৰি জুইত উতলাই মহামূল্য অলঙ্কাৰ প্ৰস্তুত কৰে, বাঢ়ৈয়ে যেনেকৈ সৰু সৰু চলীয়া কাঠ লগ লগাই বিতোপন পীৰা বা পালেং প্ৰস্তুত কৰে, শিপিনীয়ে যেনেকৈ কপাহী আৰু [ ১৪ ] সোণালী সূতা গোট কৰি ধুনীয়া ৰিহা-মেখেলা বা চেলেং-চুৰিয়া বয়, সেইদৰে চিন্তায়ো নানাবিধ উপকৰণ 'অৰ্থাৎ ভাব গোটাই খুন্দি, কুটি, গুলি-পিহি জ্ঞান প্ৰস্তুত কৰে। মানুহে নানা দেশত ফুৰি, আৰু নানা পুথি পঢ়ি উপকৰণবোৰ যতনাই দিয়ে, চিন্তাই নিজৰ গঢ়শালিত বহি সেই উপকৰণবোৰ উচিত পৰিমাণে মিহলাই জ্ঞান বুদ্ধি আদি অমূল্য বস্তুবিলাক সাজি তোলে। কেৱল পঢ়ন বা দৰ্শনৰ পৰা জ্ঞান বুদ্ধি নোপজে। অনেক মানুহে পুথি পঢ়ে, আৰু নানা দেশৰ নানা বস্তু চাই ফুৰে, কিন্তু সিহঁত সকলোৱেই পণ্ডিত বা জ্ঞানী নহয়। কোনো বস্তু দেখিলে বা কোনো কথা পঢ়িলে, সেই বস্তু বা কথা সম্বন্ধে এটা এটা ভিন ভিন ভাব ওপজে, সেই ভাববোৰ সানমিহলি কৰি তাৰপৰা সাৰ বস্তুখিনি উলিয়াই ল’ব নোৱাৰিলে জ্ঞানৰ উৎপত্তি নহয়। তুমি নানাবিধ বলকাৰক বস্তু খাব পাৰা, কিন্তু উদৰাগ্নিয়ে বস্তুবোৰ জীৰ্ণ কৰি সাৰ উলিয়াই নিদিলে তোমাৰ গাত বল নজন্মে। সেইদৰে তুমি পঢ়ন, দৰ্শন আদি উপায়েৰে নানাবিধ ভাব সঞ্চয় কৰিব পাৰা, কিন্তু চিন্তাই সেই ভাববিলাক জীৰ্ণ কৰি সাৰ গোটাই নিদিলে জ্ঞান নজন্মে। উদৰাগ্নিৰ নিচিনা চিন্তা মনৰ জীৰ্ণকৰী শক্তি। চিন্তাৰ চাকত পৰি ভিন ভিন ভাববিলাক জীণ নগলে মনে জ্ঞানৰূপ বল লাভ কৰিব নোৱাৰে।

 চিন্তা প্ৰশ্নৰ ফল, অৰ্থাৎ যি বস্তু দেখা যায়, সেই বস্তু সম্বন্ধে মনক প্ৰশ্ন কৰিব লাগে, প্ৰশ্ন কৰিলেই চিন্তা কৰা হয়। প্ৰশ্নৰ পৰিমাণেই শিক্ষাৰ পৰিমাণ। যি বিষয়ত যিমান প্ৰশ্ন উদয় হয়, [ ১৫ ]

সেই বিষয়ত সিমান শিক্ষা লাভ কৰা যায়। তোমাৰ নিজৰ বুদ্ধিত কোনোটো প্ৰশ্নৰ উত্তৰ বিচাৰি নাপালেও, পুথি বা পণ্ডিতৰ পৰা তাক শিকি ল’ব পাৰা।

 কোনো এটা বস্তুৰ বিষয়ে চিন্তা কৰিব লাগিলে, বস্তুটো সম্মুখত থাকোঁতেই কৰা উচিত, নাইবা তাৰ কি কি চাব লাগে থিৰ কৰিব নোৱাৰি। কিছুমান মানুহে বস্তু এটা নিজ চকুৰে চাই আহিও অনেক কথাৰ উত্তৰ দিব নোৱাৰে। ই কেৱল চাবৰ সময়ত চিন্তা নকৰাৰ ফল। এই বিষয়ে এটা আখ্যান আছে। এজন ডাঙ্গৰীয়াৰ এজন মহৰি আৰু এটা লগুৱা আছিল। মহৰিৰ দৰমহা কুৰি টকা আৰু লগুৱাৰ দৰমহা তিন টকা আছিল। কম দৰ্ম্মহা পোৱা বাবে লগুৱাৰ ১নত বৰ বেজাৰ। সি এদিন ডাঙ্গৰীয়াক অকলশৰে লগ পাই ওজৰ কৰিলে, “দেউতা! মই ওৰে দিনটো, পুৱাৰ পৰা গধূলিলৈকে আপোনাৰ আলপৈচান ধৰি কেৱাৰ কৰি টাকুৰী ঘূৰাদি ঘূৰি ফুৰোঁ, আৰু সেই মহৰিটোৱে এখন্তক মাথোন আহি লিখা-পঢ়া কৰে, কিন্তু সি পায় কুৰি টকা, মই পাওঁ তিন টকা, ইয়াৰ কাৰণ বন্দীয়ে বুজিব নোৱাৰোঁ। দেউতাৰ ঘৰত মোৰ আদ্‌বয়স গ’ল, ইচ্ছা কৰিলে দুখীয়াক দেউতাই কৃপা কৰিব পাৰে”।

 ডাঙ্গৰীয়াই লগুৱাৰ কথা শুনি সেইদিনা তাক একো সমিধান নিদিলে। কিছুমান দিনৰ পাচত ডাঙ্গৰীয়াৰ এজনী ছাগলী জগিল। ছাগলীজনী তেওঁৰ বৰ মৰমৰ আছিল। তাই জগা বুলি শুনি কেইটা পোৱালি হৈছে চাই আহিবলৈ তেওঁ লগুৱাটোক পাচিলে। [ ১৬ ]

লগুৱাই গৈ চাই আহিল, আৰু পোৱালি তিনটা হৈছে বুলি খবৰ দিলে। ডাঙ্গৰীয়াই এই খবৰ পাই পোৱালি তিনটা কলা নে বগা লগুৱাটোক সুধিলে। সি সেই কথাৰ উত্তৰ দিব নোৱাৰি, লৰি আকৌ চাবলৈ গ'ল, আৰু উলটি আহি কলে যে পোৱালি এটা ক'লা, দুটা বগা হৈছে। ডাঙ্গৰীয়াই তাক আকৌ সুধিলে, “পোৱালি কেইটা পঠা নে পাঠী”? এই বাৰো লগুৱাই তাৰ উত্তৰ দিব নোৱাৰিলে, সি ঘূৰি আকৌ চাবলৈ ওলাল, কিন্তু ডাঙ্গৰীয়াই তাক সেইবাৰ যাবলৈ হাক দি, তাতে থিয় হৈ থাকিবলৈ ক'লে, আৰু আন এজন মানুহ পঠিয়াই মহৰিটোক মতাই অনালে। মহৰি আহি পালত ডাঙ্গৰীয়াই তাক ক'লে, “শুনিছা নে মহৰি! আমাৰ ছাগলীজনী হুনু জগিছে, যোৱাচোন সঁচা নে মিছা চাই আহাঁগৈ”। ডাঙ্গৰীয়াৰ আজ্ঞা পাই মহৰি চাবলৈ গ'ল, আৰু কিছুমান পৰৰ মূৰত উলটি আহি খবৰ দিলে যে ছাগলীজনী জগা হয়, পোৱালি তিনটা হৈছে, এটা ক'লা, দুটা বগা, কলাটো আৰু বগা এটা পাঠী, সিটো পঠা, পঠা পোৱালিটো নোদোকা, পাঠী দুটা লিতা। মহৰিয়ে এবাৰ চাই আহিয়েই এই আটাইখিনি খবৰ ডাঙ্গৰীয়াক বৰ্ণাই ক'লে। এই ঘটনাৰ পাচত লগুৱাই আৰু মহৰিৰ পাটন দি সৰহ দৰ্ম্মহা খুজিবলৈ মুখ নাপালে। এতিয়া চোৱাঁ, মহৰিৰ চোৱাৰ প্ৰণালী আৰু লগুৱাৰ চোৱাৰ প্ৰণালী কিমান বেলেগ। লগুৱাই ছাগলীৰ পোৱালি তিনটা চায়েই গুচি আহিল, সি সেই বিষয়ে মনক আৰু কোনো প্ৰশ্ন নুসুধিলে, সেই দেখি গিৰিহঁতে সোধা আনবোৰ কথাৰ উত্তৰ দিব নোৱাৰিলে। কিন্তু [ ১৭ ] মহৰিটো বুধিয়ক মানুহ, সি চাবলৈ গৈ পোৱালিকেইটাক আগত লৈ সিহঁতৰ বিষয়ে হব পৰা আটাইবোৰ প্ৰশ্ন মনক সুধি, উত্তৰ গোটাই লৈ গিৰিহঁতৰ আগ হৈছিল, আৰু সেই কাৰণে সি লাগতিয়াল কথা আটাইখিনি ক’ব পাৰিছিল। ওপৰত কোৱা এই লগুৱাটোৰ নিচিনা মানুহ পৃথিবীত বহুত আছে, সিহঁত চকু থাকিও কণা।

 চিন্তা মনৰ জেউতি, তাৰ গুণত আন্ধাৰ-সমস্যা পোহৰ হয়, টান কাম উজু হয়। চিন্তাৰ অতুল প্ৰভাব। আগৰ কালত যোগীবিলাকে ধ্যান কৰি ভূত-ভবিষ্যৎ সকলো জানিছিল, আৰু কৈৱল্য লাভ কৰিছিল। ধ্যান চিন্তাৰেই এটা ৰকম মাথোন। চিন্তা উগ্ৰ আৰু দীৰ্ঘকাল স্থায়ী হলেই ধ্যান নাম পায়। পাচে, যদি যোগীবিলাকে চিন্তাৰ বলত দুৰ্লভ কৈৱল্যকেই লাভ কৰিব পাৰিছিল, সংসাৰীয়ে সংসাৰ চলাবৰ জোখাৰে জ্ঞান-বুদ্ধি লাভ কৰিব নোৱাৰিবৰ কোনো কাৰণ নাই।

 চিন্তা কৰিবলৈ কোনো নিৰ্দিষ্ট সময় নালাগে। শোওঁতে, খাওঁতে, ফুৰোঁতে সকলো সময়তেই চিন্তা কৰিব পাৰি। বহুত পণ্ডিতে এনেবোৰ সময়তেই চিন্তা কৰি ডাঙ্গৰ কথা আবিস্কাৰ কৰিছে। এজন পণ্ডিতে গা ধুবৰ সময়ত চিন্তা কৰি জল-জোখৰ প্ৰণালী আবিষ্কাৰ কৰিছিল। চিন্তাৰ অসীম ক্ষমতা, চকুৰে নেদেখা বস্তুকো চিন্তাৰে দেখা যায়, হাতেৰে ধৰিব নোৱৰা বস্তুকো চিন্তাৰে ধৰিব পাৰি। মনুষ্য আকাৰত সৰু, কিন্তু সিহঁতে চিন্তাৰে ভূমণ্ডল, নভোমণ্ডল, সমস্ত ব্ৰহ্মাণ্ড আকোঁৱালি ধৰিব পাৰে।

৺সত্যনাথ বৰা।

[ ১৮ ]

টীকা।

কেৱাৰ— গোলামি।

প্ৰশ্ন— (প্ৰচ্ছ্‌+ন) যি সোধা যায়।

কৈৱল্য ( কেৱল+ষ্ণ্য) ঈশ্বৰৰে সৈতে অভিন্ন অবস্থা।

 

প্ৰশ্ন।

১। ব্যাখ্যা কৰা:— (ক) উদৰাগ্নিৰ নিচিনা ••• কৰিব নোৱাৰে

  (খ) মনুষ্য আকাৰত ••• ধৰিব পাৰে।

২। জল-জোখ কি? কোনে তাক আবিষ্কাৰ কৰিছিল?

৩। মূলমতে অৰ্থ লিখাঁ— দুৰ্ল্লভ, পণ্ডিত, যোগী, ব্ৰহ্মাণ্ড।

⸻⸻

 

নুমলী ৰাজমাওৰ কলঙ্ক

বা

বদন বৰফুকনৰ মৃত্যু।

 দীঘলা গোঁহাইদেউ বৰ ভাগ্যবান পুৰুষ আছিল। তেওঁৰ দুযোটি পুতেক (কমলেশ্বৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহ ) ৰজা হয়। তদুপৰি তেওঁ যিজনী তিৰোতা পাইছিল। তেওঁ বৰ গুণৱতী আৰু চতুৰা আছিল। কেৱল তেওঁৰ গাত এই এটা ঘোৰ কলঙ্ক যাৱচ্চন্দ্ৰ-দিবাকৰলৈকে ৰল, যে তেওঁ তিৰোতা হৈ, মাতৃ হৈ, বৰ মানুহ এজনৰ ৰক্তপাত কৰাই প্ৰাণ লবলৈ অলপো আশঙ্কা [ ১৯ ] নকৰিলে। এই সম্পৰ্কে তেওঁৰ অন্তৰ অমানুষিক দেখি, “অয়সা নিৰ্ম্মিতং” অৰ্থাৎ লোহাৰে গঢ়া বুলিলেও হয়। পূৰ্ণানন্দ বুঢ়াগোহাঁইদেউক ৰাজমাওদেউতাই বৰ শ্ৰদ্ধা কৰিছিল। তেওঁৰ ঘৰ-দুৱাৰ লুটি বদন বৰফুকনে তেওঁৰ বংশত অপকাৰ কৰা দেখি ৰাজমাওদেউতাৰ গাই নসলে। বদনচন্দ্ৰ বৰফুকনৰো অত্যাচাৰ লাহে লাহে বাঢ়ি আহিল। লাহে লাহে তেওঁ আকৌ মানুহৰ চকুৰ হুলৰ নিচিনা হৈ উঠিল। আনতকৈ ৰাজমাওদেউতাৰ পক্ষে এই অত্যাচাৰ সকলোতকৈ অসহনীয় হল। তেওঁ গুৱাহাটীৰ পৰা ৰুচিনাথ গোহাঁইদেউক মাতি পঠালে; ইচ্ছা যে তেওঁৰ লগত পৰামৰ্শ কৰি বদনচন্দ্ৰ বৰফুকনৰ নিমিত্তে এটা উপায় কৰে। কিন্তু বাপেকৰ শোকত, বিশেষতঃ বদনফুকনে ঘৰ-বাড়ী লুটি অপমানাদি কৰি আত্মীয় বন্ধু-বান্ধব বহুতৰ বিনাশ সাধন কৰা শুনি তেওঁ আৰু উজনিলৈ আহিবলৈ মন নকৰিলে। কিন্তু বদনচন্দ্ৰ চকুৰ হুলক যেনে তেনে মতে কাঢ়িবই লাগিব, কুঁৱৰীদেউতাৰ এয়ে প্ৰতিজ্ঞা হ'ল। একোকে উপায় নেপাই শেহত তেওঁ বৰফুকনৰ লগত মিতিৰ পাতি, মিতিৰ ভাবে কথা হৈ হৈ বৰফুকনৰ সকলো ভিতৰুৱা কথাবিলাকৰ তৎ ললে। বদনচন্দ্ৰ বৰফুকন যেন ডাঙৰ মানুহ এজনে যিজনা তিৰোতাৰ বুদ্ধিত দন্তস্ফুট কৰিব নোৱাৰিলে, তেওঁ কেনে বুদ্ধিমতী তিৰোতা তাক এনেয়ে বুজিব পাৰি। পাছে কথাই কথাই ৰাজমাওদেউতাই বুজ পালে বৰফুকনৰ হাতত গোটাদিয়েক বিৰি আছিল, সেই বিৰি থাকেমানে তেওঁৰ গাত কোনো অস্ত্ৰে ঘা লগাব নোৱাৰে। সেই বিৰি তেওঁ বৰ পবিত্ৰ ভাবে ৰাখে,— অশুচি [ ২০ ] গাত খহাই থয়, শৌচ কৰিবলৈ গ'লে ওচৰতে থৈ শৌচ কৰিবলৈ যায়। ৰাজমাওদেউতাৰ অভীষ্ট আংশিকৰূপে সিদ্ধ হ’ল। এতিয়া তেওঁক মাৰিবলৈ সুচল হল।—মাৰে কোনে, কোনে ইমান ডাঙৰ কাৰ্য্য এটা কৰিবলৈ সাহ কৰে, তাৰে তেওঁ বিচাৰ কৰিবলৈ ধৰিলে।

 বৰফুকনৰ বিপক্ষে এই ষড়যন্ত্ৰত ৰাজমাওদেউতাক বহুত লোকে সাহায্য কৰিছিল। মান আনি বদন বৰফুকনে নিজৰ একাধিপত্য কৰি লোৱাৰ দৰে কৰাত ৰজাৰ নিজৰো অসহনি হৈছিল। বদনফুকন লাহে লাহে এইদৰে সকলোৰে শত্ৰু হৈ উঠিল। তেওঁক তেওঁৰ নিজৰ ফলীয়া মানুহবিলাকেও ঘিণাই আছিল। মান যোৱাৰ পিচত তেওঁক মান অনা ফুকন বুলি সকলোৱে বিদ্ৰুপ কৰি, আৰ-কাণে তাৰ-কাণে কবলৈ ধৰিলে। মানৰ উৎপীড়নলৈ মনত পৰিলেই বদন বৰফুকনৰ গাত দোষ পেলাই মানুহে তেওঁক শাও দিবলৈ ধৰে।

 এইবিলাকৰ গম পাই বদন বৰফুকনে নিজেও নিজৰ দোষৰ নিমিত্তে মাজে মাজে অনুতাপ কৰিবলৈ ধৰিলে। ইফালে ধনী বৰৰুৱা প্ৰভৃতি বৰ বৰ বিষয়াবিলাকো ৰাজমাওদেউতাৰ মন্ত্ৰণাত সহায় হ’ল। ৰজাৰ মত সোধাত ৰজাই মাকৰ বিপক্ষে একো নকলে। সকলোৱে তাৰ পৰা ঠাৱৰালে যে স্বৰ্গদেউৰৰ তাত সম্মতি আছে। চন্দ্ৰকান্ত সিংহৰ স্বভাৱতে নিজৰ সাহ-পৰাক্ৰম নাই। বৰবৰুৱাকে আদি কৰি বৰ বৰ বিষয়াবিলাক বৰফুকনৰ বিপক্ষে হোৱাত মহাৰাজো—মনেৰে তেওঁলোকৰ ক্ষমতালৈ ভয় কৰি, বা সেই ফালে


  • নুমলী ৰাজমাও, চন্দ্ৰকান্ত সিংহৰ মাতৃ। [ ২১ ] মাক থকাৰ নিমিত্তেই, সেই ফলীয়া হল। ৰূপসিং নামেৰে হিন্দুস্থানী

চিপাহী এটা ৰজাৰ সেনাদলৰ ভিতৰত আছিল। ৰাজমাওদেউতাই বৰফুকনক হত্যা কৰিবৰ নিমিত্তে এই ৰূপসিংঙক বৰকৈ ধৰিলে। ৰূপসিং পোনে পোনে অসম্মত হ’ল। কিন্তু “অৰ্থেন সৰ্ব্বে বশাঃ”— বঁটা-বক্‌চিচ পোৱাৰ আশাত ৰূপসিঙে বৰফুকনক কাটিবলৈ গাত ললে। ৰাজমাওদেউতাই ৰূপসিঙক কলে যে “আন সময়ত বৰফুকনক কাটিব নোৱাৰ;— বৰফুকনৰ হাতত বিৰি গোটাদিয়েক আছে। সেই বিৰিকেটা গাত থাকেমানে তেওঁক অস্ত্ৰে নেকাটে। তেওঁ শৌচলৈ গ'লে বিৰিকেটা ওচৰতে খহাই থৈ শৌচ কৰিবলৈ বহে। তই তেতিয়াই, বিৰিকেটা হাতত নৌ পিন্ধিবলৈ পাওঁতেই তেওঁক নেকাটিলে কাটিব নোৱাৰ।” ৰূপসিঙে সকলো কথা বুজ পাই, ছেগ বুজি এদিন বৰফুকনৰ ঘৰলৈ গল। বৰফুকন দৈৱগতিকে তেতিয়া শৌচলৈ গৈছিল। আগৰ ৰজা আৰু ডাঙৰ মানুহে প্ৰায় হাতত অস্ত্ৰ একো ডুখৰি নোহোৱাকৈ নাথাকিছিল। বৰফুকনেও সদায় তৰোৱাল একোখনি লগৰ পৰা নুগুচাইছিল। শৌচলৈ যাওঁতে বৰফুকনে গা ধুবলৈ যতনাই দিয়া ঠাইতে শৰাই এখনৰ ওপৰত বিৰিকেটা আৰু তৰোৱালখনি থৈ শৌচত বহিছিল। এনে সময়তে ৰূপসিং ওলালগৈ। বদনচন্দ্ৰে পানী লৈ অকস্মাতে ৰূপসিং যোৱাৰ কাৰণ সোধাত সি ক'লে যে, কোনো বিশেষ কাৰ্য্যত সি ফুকনক চেলাম দিবলৈ গৈছিল। ফুকনৰ বিপক্ষে মানুহ গোটখোৱা কথাবিলাক মাজে মাজে ঘুনুক-ঘানাক্‌ কৈ ফুকনৰ কাণত পৰিছিল। অসময়ত অঠাইত ৰূপসিঙক দেখি তেওঁৰ মনত আশঙ্কা [ ২২ ] হ’ল। তেওঁ বিৰি পিন্ধিবলৈ আৰু অস্ত্ৰ লবলৈ ধৰোঁতেই ৰূপসিঙে ওপৰা-উপৰিকৈ সেই অস্ত্ৰেৰেই বৰফুকনক কাটি বধ কৰিলে।

৺ৰত্নেশ্বৰ মহন্ত।

টীকা।

 অমানুষিক— (ন+মানুষ+ষ্ণিক) মানুহৰ পক্ষে অসম্ভব, নীহ।  অভীষ্ট (অভি— ইষ্‌+ক্ত) বাঞ্ছিত।

প্ৰশ্ন।

১। নুমলী ৰাজমাও কোন? তেওঁ বদন বৰফুকনক কিয় মৰালে?

২। বদনক যেতিয়াই তেতিয়াই মাৰিব নোৱৰাৰ কাৰণ কি?

৩। কি অৱস্থাত কেনেকৈ বদনক মৰা হ'ল?

৪। অঠাইত, ঘুনুক-ঘানাক, ছেগ, কথাই কথাই— এই শব্দকেইটাৰে বাক্য ৰচনা কৰা।

⸻⸻

 

প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়।

 আজিলৈকে অনুসন্ধানৰ ফলত যি জানিব পৰা গৈছে, প্ৰাচীন ভাৰতত এই দুটা বিশ্ববিদ্যালয় আছিল। যেনে— তক্ষশীলা, শ্ৰীধান্যকটক, নলন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশীলা আৰু উজ্জয়িনী। [ ২৩ ]   (১) তক্ষশীলাত যি বিশ্ববিদ্যালয় আছিল, সি খৃঃ পূঃ ১ শতিকালৈকে আছিল। এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনো চতুষ্পাঠী আছিল, আৰু ১৮ বিধ বিদ্যা শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰবিদ্যা, চিত্ৰাঙ্কন, মূৰ্ত্তিকটা, আৰু আন আন হাতৰ বিদ্যা শিক্ষা দিয়া হৈছিল। ইয়াতে অত্ৰেয় ঋষিয়ে আয়ুৰ্ব্বেদ শিক্ষা দিছিল, বুদ্ধদেৱৰ চিকিৎসক জীৱক এই অত্ৰেয় মুনিৰে ছাত্ৰ আছিল। এই বিদ্যালয়তে জীৱকে ৭ বছৰ পঢ়িছিল আৰু পাণিনি আৰু চাণক্যও এই বিদ্যালয়ৰে ছাত্ৰ আছিল। এই বিশ্ববিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা পাৰস্য দেশৰ পৰাও ছাত্ৰ আহিছিল, আৰু বেকট্ৰিয়া আৰু মগধ দেশৰ পৰাও ছাত্ৰ আহি পঢ়িছিল। যেতিয়া ই হিন্দু বিশ্ববিদ্যালয় গুচি বৌদ্ধ বিশ্ববিদ্যালয় হল, তেতিয়া ইয়ালৈ চীনদেশৰ পৰাও বহুত ছাত্ৰ আহি পঢ়িছিল।

 (২) শ্ৰীধান্যকটক বিশ্ববিদ্যালয় অম্ৰাৱতী নগৰৰ ওচৰত আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষাকে দিয়া হৈছিল। এই বিশ্ববিদ্যালয়ো খৃঃ পূঃ ৯ শতিকালৈকে বৰ্ত্তমান আছিল। এই বিশ্ববিদ্যালয় প্ৰধান শিক্ষক আছিল নাগাৰ্জ্জুন।

 (৩) নলন্দাৰ বিশ্ববিদ্যালয়ত বেদ, চিকিৎসা আৰু অঙ্ক-শাস্ত্ৰ শিক্ষা দিয়া হৈছিল। এই বিদ্যালয় খৃঃ পূঃ ১ শতিকাৰপৰা ৮ খৃষ্টাব্দলৈকে বৰ্ত্তমান আছিল। এই বিশ্ববিদ্যালয়ৰ বাজে ভিতৰে দহ হাজাৰ ছাত্ৰ আছিল। শিলাভদ্ৰ নামে এজন উদাসীন পণ্ডিত এই বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষ আছিল। ইয়াত শিক্ষা কোনো খৰচ নোলোৱাকৈ দান কৰিছিল আৰু ইয়াত ব্যাকৰণ, তৰ্কশাস্ত্ৰ, [ ২৪ ] চিকিৎসাশাস্ত্ৰ, দৰ্শনশাস্ত্ৰ আৰু আধ্যাত্মবিজ্ঞান শিক্ষা দিয়া হৈছিল। ইয়াৰ যিটো পুথি-ভঁৰাল আছিল, সি ভাৰতবৰ্ষৰ সকলো পুথি ভঁৰালতকৈ ডাঙৰ আছিল। সেই পুথি-ভঁৰালটো ৯ তলীয়া ঘৰ আছিল, আৰু তাৰ নাম আছিল ৰত্নদধি। শিক্ষাগাৰটোত ১০০টা খোটালীত ১০০ টা শ্ৰেণী বহিব পাৰিছিল। এই বিশ্ববিদ্যালয়ৰ ছাত্ৰবিলাক ভাৰতবৰ্ষৰ সকলো ঠাইৰ ছাত্ৰৰ আদৰ্শ আছিল। ৭০০ বছৰৰ ভিতৰত এটা ছাত্ৰৰো অশিষ্টাচাৰৰ কথাৰ উল্লেখ নাই। দেশ-বিদেশৰ ছাত্ৰ আহি নলন্দা ভৰি পৰিছিল, কিন্তু তাৰ শিক্ষাৰ আদৰ্শ ইমান ওখ আছিল যে, কম ছাত্ৰই হে তাত প্ৰবেশ লাভ কৰিব পাৰিছিল। এই বিশ্ববিদ্যালয়ত যেতিয়া চীনদেশৰ পৰিব্ৰাজক য়ুয়ানচ্যাঙে যোগশাস্ত্ৰ পঢ়ে, তেতিয়া আমাৰ দেশৰ ৰজা ভাস্কৰবৰ্ম্মাই তেওঁক এই দেশলৈ আহিবলৈ অনুৰোধ কৰি চিঠি লিখে। নলন্দাৰ বিহাৰৰ ঠাইখন এতিয়া আৰ্কিয়োলজিকেল ডিপাৰ্টমেন্টে খানি চোৱাত ভাস্কৰবৰ্ম্মাৰ চিঠিৰ লগত যোৱা এটা পোৰামাটিৰ মোহৰ পোৱা গৈছে। কোনে কব যে এই মোহৰটো ভাস্কৰবৰ্ম্মাই য়ুয়ানচ্যাঙক নিমন্ত্ৰণ কৰা পত্ৰৰ মোহৰ নহয়?

 (৪) উদয়ান্তপুৰৰ বিশ্ববিদ্যালয় পাল ৰজাবিলাকৰ আগৰেপৰা আছিল; কিন্তু ৮ম খৃষ্টীয় শতাব্দীত হে ই বিশেষ খ্যাতি লাভ কৰে। এই বিশ্ববিদ্যালয়ৰ এটা বহুমূল্য পুথিৰ ভঁৰাল আছিল, ১২০২ খৃষ্টাব্দত ই নষ্ট হয়।

 (৫) বিক্ৰমশিলা বা দেৱবিহাৰত বিশ্ববিদ্যালয় ৮ম খৃষ্টীয় শতাব্দীত ধৰ্ম্মপাল ৰজাই স্থাপন কৰে। এই বিশ্ববিদ্যালয়ৰ তলত [ ২৫ ] ৬টা উচ্চবিদ্যালয় আৰু ১০৫ জন অধ্যাপক আছিল। এই বিদ্যালয় ৪শ বছৰৰ পাচত নষ্ট হয়। ছাত্ৰ থাকিবৰ নিমিত্তে বিদ্যালয়ৰ গাতে লগা ৪ খন সত্ৰ অৰ্থাৎ ছাত্ৰাবাস আছিল। তাত ছাত্ৰবিলাকে বিনা খৰচে খাবলৈ আৰু থাকিবলৈ পাইছিল।

 (৬) উজ্জয়িনীত যি বিশ্ববিদ্যালয় আছিল তাত একালত অৰ্থাৎ বিক্ৰমাদিত্যৰ ৰাজত্বৰ সময়ত ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকসকলৰ মিলন-ক্ষেত্ৰ আছিল। এই বিশ্ববিদ্যালয়ত বিশেষকৈ জ্যোতিষ-শাস্ত্ৰ শিক্ষা দিয়া হৈছিল। এই বিদ্যালয় বুদ্ধদেৱৰ দিনতে প্ৰখ্যাত আছিল।

 আৰ্য্য-শিক্ষাৰ ৬৪ কলা বিদ্যা শিক্ষা এই বিশ্ববিদ্যালয়বিলাকত তলত দিয়া ১১ বিভাগত শিক্ষা দিয়া হৈছিল। ১। সাহিত্য, ২। গৃহ পালন বিদ্যা, ৩। ৰন্ধনবিদ্যা, ৪। সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা, ৫। হাতেৰে কাম কৰা বিদ্যা, ৬। শিল্প বিদ্যা, ৭। বিজ্ঞান, ৮। সঙ্গীত বিদ্যা, ৯। নাট্যবিদ্যা, ১০। শিষ্টাচাৰ, ১১। শাৰীৰিক ব্যায়াম বিদ্যা।

 ওপৰত কোৱা কথাৰপৰা অপোনাসকলে ভালকৈ দেখিছে যে অন্যান্য সভ্যদেশত ছাত্ৰৰ শিক্ষাৰ নিমিত্তে যি বন্দবস্ত কৰিছিল, এই দেশতো তাতকৈ কোনোমতে কম বন্দবস্ত কৰা নাছিল।

৺হেমচন্দ্ৰ গোস্বামী।

টীকা।

ভাস্কৰবিদ্যা— শিল্পবিদ্যা

চতুস্পাঠী— চাৰি বেদ পঢ়োৱা বিদ্যালয়। [ ২৬ ]  আয়ুৰ্ব্বেদ—চিকিৎসা শাস্ত্ৰ। ইয়াৰ ভাগ আঠোটা যেনে—১) শল্য (অস্ত্ৰ চিকিৎসা), (২) শালাক্য (মূৰৰ ৰোগ নিৰ্ণয়), (৩) কায় চিকিৎসা, (৪) ভূতবিদ্যা, (৫) কৌমাৰভৃত্য (শিশু-চিকিৎসা), (৬) অগদতন্ত্ৰ ( ঔষধনিৰ্ণয় ), (৭) ৰসায়ণতন্ত্ৰ, (৮) বাজীকৰণ তন্ত্ৰ।

প্ৰশ্ন।

১। প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ নাম কোঁৱা। সেই বিশ্ব বিদ্যালয়বিলাকত কোন কোন বিষয়ৰ শিক্ষা দিয়া হৈছিল?

২। নালন্দা বিশ্ববিদ্যালয়ৰ চমু বিবৰণ দিয়া।

⸻⸻


ৰোগ আৰু ঔষধ সেৱন।

 ৰোগ হলে যে ঔষধ খাব নালাগে, কেৱল পূজা পাটল দিব লাগে, বা জল-স্থলত মাতিব লাগে বা জৰা-ফুকা মাথোন কৰিব লাগে, এটা উচিত নহয়। ৰোগ অনুসৰি সময়ে-সময়ে ঔষধো খাব লাগে। কিন্তু সেই বুলিয়েই অতি মাত্ৰাকে ঔষধ খোৱাও ভাল নহয়। নিদান আৰু বিখ্যাত য়ুৰোপীয়ান চিকিৎসা-শাস্ত্ৰকাৰ সকলেও কৈছে, ঔষধে যে বেমাৰ ভাল কৰে সেইটো নহয়; ৰোগৰ আপোন জীৱনী-শক্তি (Vitality) আৰু প্ৰকৃতি দেৱীয়ে হে (Nature), অথবা অণুপৰমাণুৰ মত-সমৰ্থকসকলৰ মতে, দেহৰ ভিতৰত থকা ফেগ্‌চাইটে হে ৰোগ ভাল কৰে। ঔষধে মাথোন [ ২৭ ] সেই জীৱনী-শক্তিক বা প্রকৃতিক বা ফেগ্‌চাইটক ৰোগ বা ৰােগৰ মাইক্রোববিলাক ধ্বংস কৰিবলৈ সহায় কৰে। পূজা-পাটল, জল-স্থলত মতা, জৰা-ফুকা বা ঔষধে বেমাৰ ভাল কৰা হলে মানুহ অমৰ হলহেঁতেন। এইটো কথাকে নুবুজি এফালে গাঁৱলীয়া প্ৰজাসকলে ঠায়ে ঠায়ে ৰােগ হলে ঔষধ নাখাই কেৱল পূজা-পাটল, জৰা-ফুকা বা জল-স্থলত মতাতে নিৰ্ভৰ কৰে ; আৰু আনফালে নগৰবাসী অনেক ভদ্রলােকে অলপ ৰােগতে অতিমাত্রাকৈ ঢােকাঢোকে ঔষধ খাই নিজৰ স্বাস্থ্যৰ হানি হে কৰে।

 স্বাস্থ্যৰক্ষাৰ প্রণালী নজনাৰ বাবে ভাৰতবাসী আজি ৰুগীয়া, জীর্ণ-শীর্ণ। ভাৰতবৰ্ষত যিমান পেটেন্ট ঔষধ বিক্রী হয় আন ঠাইত বােধকৰোঁ সিমান নহয়। ইংৰাজৰ বাতৰি কাকত এখন পঢ়ি চালে তাত বিজ্ঞাপনৰ ঘৰত হুইস্কিৰ দাম, কত কি খেল হব, ষ্টকৰ দাম কি ইত্যাদি বিষয় দেখিবলৈ পােৱা যায়; কিন্তু ভাৰতবৰ্ষীয় ভাষাৰ কাকত এখন পঢ়ি চালেই তাত বিজ্ঞাপনৰ ঘৰত নানাতৰহৰ পেটেন্ট ঔষধৰ দৰ-ভাও আৰু সুবাসিত তেলৰ দৰ-ভাও হে দেখিব। ইয়াৰ পৰাই এইটো বুজিব নােৱাৰি নে যে, যুৰোপীয়ানসকল সুস্থ, সবল, কর্মক্ষম, আৰু খেল (Sports) প্ৰিয় আৰু ভাৰতবাসী ৰুগীয়া, এলেহুৱা, বিলাসপ্রিয় ? ডাক্তৰ, কবিৰাজ, বৈদ্য এইসকলত বাজেও ভাৰতবৰ্ষত পেটেন্ট উপ-বিক্ৰেতাৰ দল অসংখ্য। কোনােজনে হয়তো যকৃতৰ ঔষধ, কোনোৱে প্লীহাৰ, কোনোৱে মেলেৰীয়াৰ, কোনোৱে গ্ৰহণীৰ, কোনােৱে জ্বৰৰ, কোনোৱে খৰৰ ঔষধৰ বিজ্ঞাপন দিছে। ৰুগীয়া ভাৰতবাসী সকলে সেইবিলাক [ ২৮ ]
২০
সাহিত্য মুক্তাৱলী

কিনি সোপাসোপে খাইছে। স্বাস্থ্যৰক্ষাৰ প্ৰণালী লঙ্ঘন কৰি দেহটোক ৰুগীয়া কৰি তাকে ভাল কৰিবৰ অৰ্থে ঢোকাঢোকে সোপাসোপে ঔষধ খাই ঘুণীয়া কৰা কামটো ধৰুৱা এজনে টেটুলৈকে ধাৰ লগাইলৈ অ’ৰ সোপা ত’ত, ত’ৰ সোপা অত মাৰি শেহত নিজ সম্পত্তি সমুলঞ্চে নষ্ট কৰা কামে সৈতে একে। স্বাস্থ্যৰক্ষাৰ উপায়বিলাক বুজি সেইবিলাক অৱলম্বন কৰি চলিলে হে দেহ সুস্থ ৰব, ঔষধ খাবৰ আৱশ্যক নকৰে। য'ত নহলে নহয় তাত অলপ-অচৰপ ঔষধ জনাশুনা ডাক্তৰ বা কবিৰাজৰ পৰা খাব। য়ুৰোপৰ বিখ্যাত ডাক্তৰ সকলে নিজে কয় যে, যিমান ডাক্তৰ কবিৰাজৰ সংখ্যা বাঢ়িছে সিমান ৰোগো সৰহ হৈছে। এই সকলৰ সংখ্যা কম হলে ৰোগো কমিলহেঁতেন। বিখ্যাত ডাক্তৰ প্ৰফেচৰ জে, ডব্লিউ, কাৰ্চ্চন, এম্‌, ডিয়ে কয় যে,—আইন শাস্ত্ৰৰ দৰে চিকিৎসা শাস্ত্ৰও এতিয়ালৈকে অসম্পূৰ্ণ, অনিশ্চিত। অৰ্থাৎ যেনেকৈ আইনৰ ধাৰাবিলাক পঢ়িয়েই অমুকটো মানুহৰ গোচৰ ভাল হব নে বেয়া হব অতি বিচক্ষণ উকীল বা বাৰিষ্টাৰেও ডাঠি কব নোৱাৰে, সেইদৰে ঔষধ জানিলেও যে সেই ঔষধে নিশ্চয় সকলোকে ভাল কৰিব এই কথাও ভাল জনাশুনা ডাক্তৰে কব নোৱাৰে। তেওঁ আকৌ কৈছে;-“আমি ৰোগীক যে ভালকৰোঁ সেইটো আমাৰ ঔষধেই ভাল কৰে নে প্ৰকৃতিয়ে হে ৰোগীক ভাল কৰে সেইটো মই কব নোৱাৰোঁ‌।” প্ৰফেচৰ ক্লাৰ্কে কয় যে, বৈদ্য বা ডাক্তৰ সকলে অনেক স্থলত ভাল কৰিবলৈ গৈ বেয়া হে কৰে। ঢোকাঢোকে ঔষধ নুখুৱাই প্ৰকৃতিৰ ওপৰত পেলাই দিলেই অনেক [ ২৯ ] ৰোগী আপোনা-আপুনি ভাল হয়। পাৰ্কাৰে কয় যে, ঔষধত বেচি আস্থা নাৰাখি প্ৰকৃতিৰ ওপৰত বেচি আস্থা ৰাখিলে মৃত্যু সংখ্যা কমিব। প্ৰফেচৰ গিলমেনে কয় যে, পানী চামৰি আইৰ বা মিজলচ্ ভাল কৰিবলৈ যি এলোপ্যাথিক ঔষধ খুওৱা হয় সি উপকাৰৰ বদলি অপকাৰ হে কৰে। জৰ্ম্মান প্ৰফেচৰ মেজেনডায়ে কয় যে, চিকিৎসা শাস্ত্ৰক মানুহে এখন বিজ্ঞান বুলি কয়; মোৰ মতেৰে চিকিৎসা শাস্ত্ৰ এতিয়াও বিজ্ঞান নামৰ উপযুক্ত হোৱা নাই। কেৱে কব নোৱাৰে যে, সেই অমুকটো ৰোগৰ ঔষধ থিৰাং কৰি জানো। ৰোগী সকলে ভাবে, আমি সিহঁতক ঢোকাঢোকে ঔষধ নুখুৱালে সিহঁতৰ ৰোগ ভাল নহয়। ৰোগীসকল মূৰ্খ। প্ৰকৃতি, জীৱনী-শক্তি, কল্পনা, বিশ্বাস (Imagination and faith) এইবিলাকেই হে ৰোগ ভাল কৰে। মানুহ হৈছে জড় দেহ, মন আৰু জীৱাত্মাৰ সমষ্টি। অকল ঔষধে এই সমস্তৰে ওপৰত ক্ৰিয়া কৰিব নোৱাৰে। মনৰ ভিতৰত ভাল বেয়া, সজ চিন্তা, কুচিন্তা, ৰিপুৰ উত্তেজনা, বিবেকৰ শক্তি এই সকলোটি আছে। যতে এইবোৰে সামঞ্জস্য ৰাখি চলে ততই মঙ্গল, যতে তাৰ ব্যতিক্ৰম ঘটে ততে ফল বেয়া। স্বাস্থ্যৰক্ষাদিৰ প্ৰণালী নিজে নাৰখি বা লঙ্ঘন কৰি বেমাৰ পৰিলে বা শৰীৰ ৰুগীয়া কৰিলে, সেই ৰোগক অকল ঔষধে ভাল নকৰে, ঔষধৰ লগে লগে স্বাস্থ্যৰক্ষাৰ প্ৰণালীবিলাক ৰক্ষা কৰি চলিব লাগিব, তেহে ৰোগ ভাল হব। অতি মাত্ৰা ঔষধে উপকাৰৰ পৰিবৰ্ত্তে অপকাৰ হে কৰে।

শ্ৰীৰজনীকান্ত বৰদলৈ। [ ৩০ ]

প্ৰশ্ন।

১। নৰিয়া পৰিলে অকল ঔষধৰ ওপৰতে নিৰ্ভৰ কৰিব পাৰি নে?
২। ঔষধৰ ক্ৰিয়া সকলো ৰোগীৰ পক্ষে একে নহয়, ইয়াৰ কাৰণ কি?


শঙ্কৰদেৱৰ তিথি।

 শ্ৰীশঙ্কৰক নমস্কাৰ। যিজন শক্তিমন্ত পুৰুষৰ চেষ্টাত অসম দেশৰ নানা জাতিয়ে ধৰ্ম্মৰ সোৱাদত মজি, ভিন ভিন বিৰোধী খাপৰ হৈও একামন্ত্ৰত বান্ধ খাই এটা অসমীয়া সমাজ গঢ়ি তুলিব পাৰিছিল আজি সেইজন মহাপুৰুষৰ তিথি! মহাপুৰুষব স্থূলদেহ নাশ হবৰ প্ৰায় ৪৫০ বছৰৰ পাচত তেওঁ আজি এইক্ষণত এই ঠাইত সূক্ষ্মব্যাপক প্ৰাণেৰে বৰ্ত্তমান। অসমৰ প্ৰত্যেক নামঘৰত, গোঁ‌সাই-ঘৰত, সত্ৰত তেওঁ প্ৰাণৰূপে বৰ্তমান। কীৰ্ত্তন পুথিৰ প্ৰাণৰূপে প্ৰত্যেক অসমীয়াৰ ঘৰতে বৰ্ত্তমান। তেওঁৰ নাম য’তে উচ্চাৰিত হয়, তেওঁ তাতে বৰ্ত্তমান। হে মহাপুৰুষ, ভক্তিপূৰ্ণ সেৱা গ্ৰহণ কৰাঁ‌।

 ভিন ভিন ভাবৰ শতমুখী জুৰি-জান একমুখী কৰি অসমৰ মাজে দি ব্ৰহ্মপুত্ৰ নৈৰ দৰে যি ধৰ্ম্মৰ মহাস্ৰোত ব’ব লাগিছে, তাৰ অধিষ্ঠাতৃ দেৱ শ্ৰীশঙ্কৰ। জড় জগতৰ অন্তৰ্নিহিত ভাবৰাজ্যেই প্ৰাণময়

সনাতন স্ৰোত। ধৰ্ম্ম ভাবময়। অসমীয়াৰ ধৰ্ম্ম অসমীয়াৰ ভাৱপূৰ্ণ। [ ৩১ ]
২৩
শঙ্কৰদেৱৰ তিথি।

এই ধৰ্ম্মৰ যদি এটা প্ৰাণ আছে, সেই প্ৰাণ শ্ৰীশঙ্কৰৰ প্ৰাণ। অসমীয়া জাতিৰ যদি এটা প্ৰাণ আছে, সেই প্ৰাণ হৈছে শঙ্কৰৰ। অৱতাৰ আৰু কাক বোলে? এনে ক্ষণজন্মা পুৰুষেই অৱতাৰ বুলি খ্যাতি পায়। ঐশী শক্তিৰ বিকাশ মহাপুৰুষতে বৰ্ত্তে। শত বাধাবিঘ্ন এৰাই, অসম্ভবক সম্ভব কৰি, আন্ধাৰক পোহৰাই যি শক্তি বিকীৰ্ণ হ'ব পাৰে, সেই শক্তি নিশ্চয় অসাধাৰণ। ধৰ্ম্মৰ গ্লানি আৰু অধৰ্ম্মৰ অভ্যুত্থানৰ সময়ত সাধু পন্থা ৰক্ষা কৰি অপধৰ্ম্মৰ বিনাশৰ হেতু যি প্ৰখৰ বুদ্ধি, সৰ্ব্বতোমুখী প্ৰতিভা, বলবিক্ৰম, সাহ, স্বাধীনতা, দেশাচাৰৰ নিৰপেক্ষতা, অদম্য চেষ্টা আৰু আন আন উপকৰণ যি লাগে, সেই সকলো শঙ্কৰত বৰ্ত্তমান।

 আহি লাগে শঙ্কৰত পাবা। মূলমন্ত্ৰ লাগে শঙ্কৰত পাবা! একান্ত ভক্তি লাগে তেওঁতে পাবা। সাহিত্যৰ গুৰু শঙ্কৰ, অন্তৰ ৰাজ্যৰ ৰজা শঙ্কৰ, সমাজ গঢ়োঁ‌তা শঙ্কৰ, সমাজৰ নেতা শঙ্কৰ। তেওঁৰ চেষ্টা সহজায়ত্ত। কষ্টকল্পিত ভাব তেওঁত নাই, তেওঁৰ ওচৰলৈ আহিলেই মানুহ ধৰা পৰে—বশ হৈ পৰে। সমদৃষ্টি তেওঁতে, বামুণ-চণ্ডালক সমান দেখে তেওঁৱেই—“কুকুৰ চণ্ডাল গৰ্দ্দভৰো আত্মা ৰাম। জানিয়া সবাকো পৰি কৰিবা প্ৰণাম।” ভণ্ডামিৰ যম তেওঁ। ৰজাৰ গুৰু হবলৈ তেওঁ অস্বীকাৰ কৰাটোত কি দৃঢ়তা! কেনে স্বাধীনতা! কি অটলতা! কি আৰ্হি দেখুৱাই তেওঁ দেহলীলা সম্বৰণ কৰিলে! জয়, শঙ্কৰদেৱৰ জয়! দেহত্যাগ কৰি ৰজাক দীক্ষা দিলা। [ ৩২ ]  জ্ঞান, ভক্তি, কৰ্ম্ম— তিনিও বিধ সাধনা সাধিলা। একাধাৰতে শতগুণ! এজনতেই সহস্ৰজনৰ কাৰ্যকাৰিতা! হে শঙ্কৰ, তুমি অসমক নিদিলা কি? ধৰ্ম্ম দিলা, ভক্তি দিলা, সাহিত্য দিলা, শিল্প দিলা, নাট দিলা, গীত দিলা, অসমক তুমি নতুনকৈ স্ৰজিলা। যুগৰ প্ৰবৰ্ত্তক তুমি, তোমাক নমস্কাৰ। ধন্য অসম! তুমি শঙ্কৰ- সূৰ্য্যক পাইছিলা! নহলে আজি ক’ত পৰিলাগৈহেঁতেন!

 শঙ্কৰৰ কাৰ্য্যকুশলতা অপৰিমেয়। ছেগ, ক্ষণ, সুবিধা, উপ- কৰণ,— সকলো সৃষ্টি কৰি লৈ কাৰ্য্য সম্পন্ন কৰাই তেওঁৰ কাৰ্য্যৰ পৰিচয়। নিষ্কৰ্ম্মই ছেগ সুবিধা বিচাৰিয়েই জীৱন কটায়। কৰ্ম্ম- কৰিব খুজিছা শঙ্কৰৰ আহি লোৱা কাম কৰি গৈ থাকাঁ‌, মন- প্ৰাণ দি একাগ্ৰ ভাবে কাম কৰাঁ‌— কামে আগ বাঢ়ি আহি তোমাক কাম দেখুৱাই নিব, বুকুত সাবটি লব। কামে তুমিয়ে একে হৈ পৰাঁ— দেখিবা কাম তোমাৰ পক্ষে ‘সহজ’ হৈ পৰিব।

 আজি কালিৰ ৰেল-জাহাজ, চৰকাৰী আলিৰ দিনত নহয়, সেই মধ্য যুগৰ বিপদসঙ্কুল দিনত শঙ্কৰৰ তীৰ্থপৰ্য্যটনৰ কথা ভাবি চাইছা নে? ভক্তি-প্ৰৱণতা কিমান দূৰ আগ বাঢ়িব পাৰে জানিছা নে? লোকৰ হিতাৰ্থে সুখ-সমৃদ্ধি, সাংসাৰিক বিষয়-বাসনা ত্যাগ কৰি শঙ্কৰে কি মহত্ত্ব, কি ওখ প্ৰাণৰ চিনাকী দিলে বুজিছা নে? ভাবাঁ, বুজাঁ, মানা, আৰ্হি লোৱা। সেয়ে হলেই মহাপুৰুষৰ তিথি পালনৰ সাৰ্থকতা হ’ব।

চন্দ্ৰকুমাৰ আগৰৱালা।

[ ৩৩ ]

টীকা

সনাতন— (সনা=সদায়+তন=থকা) সদায় থকা, চিৰস্থায়ী।
ক্ষণজন্মা— শুভক্ষণ জন্ম, যাৰ।
সৰ্ব্বতোমুখী— (সৰ্ব্বতঃ— মুখ+ইন্‌= আছে) সকলোপিনে লক্ষ্য থকা।
বিকীৰ্ণ— (বি-কৃ = ছটিয়া+ক্ত) কেইওফাললৈ সিঁচৰতি হৈ পৰা।
সহজায়ত্ত— (সহজ = সহ-জন্+ড+ আয়ত্ত= আ— যুৎ+ক্ত ) সহজে লাভ কৰিব পৰা, সহজ সাধ্য।
কষ্টকল্পিত— (কষ্ট+ক্লপ+ক্ত) কষ্টেৰে কল্পনা কৰা, কষ্টসাধ্য। সহজে নুবুজা। মূলমন্ত্ৰ–বীজমন্ত্ৰ, ঈশ্বৰক আৰাধনা কৰাৰ মূল বচন।

প্ৰশ্ন

১। বহলাই বুজাই দিয়াঁ—
 (ক) দেহত্যাগ কৰি ৰজাক দীক্ষা দিলা।
 (খ) অসমক তুমি নতুনকৈ স্ৰজিলা।

⸻⸻

 

জয়ন্তী

প্ৰথম অধ্যায়।

 জয়ন্তী ডাঙ্গৰ মানুহৰ জিয়াৰী, ডাঙ্গৰ মানুহৰ ঘৈণী, সৰুতে বাপেকৰ ঘৰত সুখত উঠা আৰু ডাঙ্গৰত গিৰিয়েকৰ ঘৰত সৌভাগ্যৰ কোলাত লালিতা। দৈন্য-দৈত্যৰ তাড়নাত শাৰীৰিক কিম্বা মানসিক কষ্ট বাপেকৰ ঘৰত কি শহুৰেকৰ ঘৰত তেওঁ [ ৩৪ ] অনুভব কৰা নাছিল। কিন্তু সেইবুলি আন আন ডাঙ্গৰ মানুহৰ জীয়াৰী-বোৱাৰীৰ নিচিনাকৈ আলাসৰ লাড়ুটিৰ দৰে নিষ্কৰ্ম্মা হৈ সাজ-পাৰ, মেল-দোৱান, আৰু আহাৰ-নিদ্ৰাদিতে মাথোন কাল কটাই ৰংপুৰৰ এই সন্ত্ৰান্ত ধনী বামুণৰ জীয়াৰী ডাঙ্গৰ দীঘল হোৱা নাছিল। বাপেকৰ ঘৰতে গুণৱতী মাকৰ যতন আৰু শিকনিত ভবিষ্যৎ ঘৰুৱা-জীৱনৰ প্ৰায় সকলো আৱশ্যকীয় কামত জয়ন্তী সুশিক্ষিত হৈ উঠিছিল। আসামৰ ভাল মানুহৰ ঘৰৰ জীয়াৰীয়ে যিবিলাক বিদ্যাত পাৰ্গতালি লাভ কৰা উচিত, জয়ন্তী আইদেওৰ সেইবিলাক একো বাকী নাছিল। “টিক বলধা ওলাই মাটি, মাক ভালে হে তাকে জাতি,” জ্ঞানী ডাকৰ এই বচনটিয়ে জয়ন্তীতে সাৰ্থকতা লাভ কৰিছিল। তেওঁ গুণবতী, শিপিনী মাকৰ আহিত গঢ় লৈ আপোন গুণেৰে ৰংপুৰ নগৰ পোহৰ কৰিছিল। কোনোবাই যদি সোধে, ৰংপুৰৰ ভিতৰত ভাল কাপোৰ বয় কোনে? উত্তৰ দিব লাগিব জয়ন্তী আইদেৱে। ভাল পাৰি দিয়া কাপোৰ কাৰ তাঁ‌তৰ পৰা ওলায়? কব লাগিব জয়ন্তীৰ। বিয়াই সবাহে সুললিত মাতেৰে সকলোতকৈ সুৱলাকৈ কোনে নাম দিব পাৰে? জয়ন্তীয়ে। দশম, কীৰ্ত্তন, ঘোষা, ৰত্নাৱলী প্ৰভৃতি পুথিবিলাকৰ কথা ৰংপুৰৰ ভিতৰত কোন ছোৱালীৰ জিভাৰ আগত? শুনিবা জয়ন্তীৰ। গা ধুই, মূৰ আঁচুৰি কপালত সেন্দুৰৰ ফোঁট, কাণত কেৰু, ডিঙিত মণি, হাতত খাৰু, আৰু বগা পাটৰ ৰিহা-মেখেলা পিন্ধি হাত যোৰকৈ বাল-সূৰ্য্যৰ সেই বৰণীয়া কান্তি ধ্যান কৰিবৰ সময়ত বশিষ্ঠজায় অৰুন্ধতীৰ নিচিনা সুন্দৰী দেখুৱায় কাক? [ ৩৫ ] স্বীকাৰ কৰিব লাগিব, ৰমানাথ বৰুৱাৰ ষোল বছৰীয় সহধৰ্ম্মিণী শ্ৰীমতী জয়ন্তী দেবীক। সঁচাসঁ‌চিকৈয়ে ৰমানাথ বৰুৱাৰ পত্নী শ্ৰীমতী জয়ন্তী দেবী পুৰণি আসামৰ ৰাজধানী ৰংপুৰ নগৰৰ মাজত সাবিত্ৰীৰ নিচিনা সতী, কমলাৰ নিচিনা সুন্দৰী, শচীৰ দৰে সৌভাগ্যৱতী বুলি ৰাষ্ট্ৰ আছিল।

 

দ্বিতীয় অধ্যায়।

 আজি প্ৰায় এক শতিকা হব লগীয়া হ'ল, অসম দেশ মানৰ দ্বাৰাই তিনিবাৰ আক্ৰান্ত হয়। তৃতীয়বাৰৰ আক্ৰমণ অতি ভীষণ। এইবাৰ অসম দেশে ব্ৰহ্মৰজাৰ সৈন্যৰ দ্বাৰা অধিকৃত হৈ স্বাধীনতা- ফুলৰ মালা ডিঙিৰ পৰা দলিয়াই পেলাই পৰাধীনতা-লোৰ-শিকলি ভৰিত পিন্ধে। মানৰ গোৰোহনিয়ে স্বাধীন অসমৰ ওখ মূৰ দোৱাঁয়। আহোম ৰজাৰ গৌৰব ৰবি চিৰকাললৈ অস্ত যায়। ছশ বছৰ অকণ্টক ৰাজ্যভোগৰ পিচত সৌমাৰ-বিজেতা আহোম ৰজা চুকাফাৰ বংশধৰসকল বাটৰ মগনিয়াৰ হ’ল। ১৭৪২ শকৰ ২ চতৰ পৰা ১৭৪৬ শকৰ ২১ মাঘলৈকে নৃশংস ব্ৰহ্মবাসাহঁতৰ অত্যাচাৰ, নিষ্ঠুৰতা, হত্যা আৰু লুট্‌-পাত আদিৰে অসম লালকাল আৰু জুৰুলা হয়। শেহত, ব্ৰিটিছসূৰ্য্যৰ উদয়ত, দুৰ্ভগীয়া অসমৰ পৰা, তিনিবছৰ দহমাহ উনৈশদিনব্যাপী এই ঘোৰ এন্ধাৰ ৰাতিৰ ওৰ পৰে। এই সময়ৰ অসমৰ অৱস্থা বৰ্ণনা কৰিবলৈ কাপ অক্ষম। শিক্ষা, কৃষি, বাণিজ্য, শিল্প, সুখ, শান্তি পাপাত্মাবিলাকৰ দৌৰাত্ম্যত দেশৰ পৰা একেবাৰেই অন্তৰ্হিত হৈছিল। ইহঁতৰ [ ৩৬ ]

অত্যাচাৰত প্ৰায় তিনিভাগৰ এভাগ প্ৰজা অসমৰ পৰা নাইকিয়া হৈছিল; স্বামীৰ পৰা তিৰুতাক, বাপেকৰ পৰা পুতেকক, কোলাৰ কেচুৱাৰ পৰা মাকক, এই দুৰাচাৰহঁতে চিৰজন্মলৈ আঁতৰ কৰিছিল। শই শই গাওঁ দেৱালয় আদি অগ্নিত আহুতি দিয়া হৈছিল। হেজাৰ হেজাৰ সতী সাধ্বীয়ে দুৰাত্মাহঁতৰ ভীষণ কৱলত সতীত্ব-ৰত্ন বিসৰ্জ্জন দিব লগীয়াত পৰিছিল। প্ৰকৃতিৰ কাম্যকানন অসম,—মহাতপা বশিষ্ঠ, গালৱ, গোকৰ্ণকে আদি কৰি যোগী তপস্বী ঋষি-মুনিসকলৰ পবিত্ৰ আশ্ৰম অসম,—নীলাচল, অশ্বক্ৰান্ত, মণিকৰ্ণিকেশ্বৰ, উমানন্দ শুক্ৰেশ্বৰ হয়গ্ৰীৱ-মাধৱ, বিশ্বনাথ প্ৰভৃতি হিন্দুদেৱতা সকলৰ পীঠ- স্থান তীৰ্থস্থান অসম শ্মশানত পৰিণত হৈছিল। ঠিক এই সময়ৰ এদিনৰ এটি ঘটনা লৈ আজি আমি আমাৰ আখ্যান আৰম্ভ কৰিলোঁ।

 

তৃতীয় অধ্যায়।

 দেশৰ এনে অৱস্থা। ধন-প্ৰাণৰ এনেকুৱা অস্থিৰতা। ৰজা চন্দ্ৰকান্তসিংহ মানৰ ভয়ত কাপুৰুষৰ দৰে ৰাজসিংহাসন আৰু ৰাজধানী এৰি পলৰীয়া। গতিকে মানৰ সেনাপতি মিঙিমাহা তিলুৱাই ৰাজছত্ৰদণ্ড বুটলি পোৱাদি পাই তুলি ললে মানৰ অত্যাচাৰ, লুট, হত্যা, কুন্ধচ ব্যৱহাৰ আৰু নৃশংসতাত দুৰ্ভগীয়া অসমৰ টল্‌বলনি লাগি পৰিল।

 ৰমানাথ বৰুৱাই কি কৰিব, কলৈ যাব একোকে ভাবি থিৰ কৰিব পৰা নাই। তেওঁৰ বন্ধু-বান্ধৱ লগুৱা-লিক্‌চৌৰ ভালেখিনিয়ে [ ৩৭ ]

প্ৰাণৰ ভয়ত দেশ এৰি পলাল, অথবা অসমৰ অগাধ অৰণ্যত হিংসুক বনৰীয়া জন্তুৰ প্ৰতিবেশিত্ব স্বীকাৰ কৰিলে। ৰমানাথে দেখিলে, যে প্ৰাণ, মান, ধন, জন, লৈ আৰু জন্মভূমিত বাস কৰা অসম্ভব হৈ উঠিল। তেওঁ এই অৱস্থাত সোনকালে বঙ্গদেশৰ ফাললৈ সস্ত্ৰীক পলোৱাৰ বাহিৰে আন একো উপায় দেখিবলৈ নেপাই এক সপ্তাহৰ ভিতৰতে জন্মভূমিৰ ওচৰত কৰযোৰ কৰি বিদায় মাগি ভটীয়াই যাবলৈ কৃতসঙ্কল্প হ'ল।

 ইয়াৰ ভিতৰতে এদিন ঠিক দুপৰ বেলিকা ৰমানাথ বৰুৱাই আহাৰাদি কৰি চালপীৰাৰ ওপৰত শুই বিশ্ৰাম কৰিছে, চকুত অলপ তন্দ্ৰা আহিছে মাথোন; আৰু জয়ন্তী দেবীয়ে গৃহকাৰ্য সমাপন কৰি ওচৰতে বহি বিচনী এখন লৈ স্বামীক বিচিব লাগিছে। এনে সময়তে তেওঁলোকে বাহিৰৰ দুৱাৰত ধুধুপকৈ কোব পৰা শুনিবলৈ পালে। কি হৈছে, কিহৰ শব্দ বুলি সুধি নাম কাঢ়ি মাতি মাতিও কোনো লগুৱা-লিগিৰীৰ উত্তৰ নেপাই জয়ন্তীয়ে নিজে উঠি গৈ দেখিলে যে তিনিটা অস্ত্ৰধাৰী মানে টোকোনেৰে কুবিয়াই ঘৰৰ দুৱাৰখন ভাঙি দুডোখৰ কৰিছে। এই কাণ্ড দেখিয়েই জয়ন্তীৰ মুখ কেহেঁৰাজ-বটা যেন বিবৰ্ণ হ’ল,ভয়ত তেওঁ থৰ থৰ, কৰে কঁপিবলৈ ধৰিলে। ঘৰৰ লগুৱা-লিগিৰীহঁত ইয়াৰ আগেয়ে ঘৰ এৰি মুহূৰ্ত্তকতে কলৈ পলাই গল ঠিক নাই। চকুৰ পচাৰতে মানহঁ‌ত ঘৰৰ ভিতৰ সোমাই জয়ন্তী আৰু ৰমানাথক জৰিৰে কট্‌কটীয়াকৈ বান্ধি ঘৰ লুটিবলৈ ধৰিলে।

 দেশৰ এনে হুলস্থূল অৱস্থা দেখি ইয়াৰ দিনচেৰেকৰ আগেয়েই [ ৩৮ ]

ৰমানাথ বৰুৱাই তেওঁৰ ৰূপবান অলঙ্কাৰ-পাতি আৰু মূল্যবান বয়-বস্তুবিলাক গুৱাহাটীলৈ তেওঁৰ ভায়েকৰ তালৈ পঠিয়াই দিছিল। গতিকে মান ডকাইতহঁতে বিশেষ মূল্যবান একো লুটিবলৈ নেপালে। আশাত নিৰাশ হৈ মানহঁতৰ খং জুই জ্বলাদি জ্বলি উঠিল, দাঁতে কড়মড় কৰিবলৈ ধৰিলে, চকুৰ পৰা জুইৰ আঙনি ওলাল।

 প্ৰথমটো মানে দ্বিতীয়টোলৈ চাই কলে, “ইহঁত বৰ টেঙ্গৰ মানুহ; ৰূপবান অলঙ্কাৰ-পাতি সোপাকে আগৰ পৰাই কৰবাত লুকুৱাই থৈছে।” দ্বিতীয়টোৱে প্ৰথমটোৰ কথাৰ কোনো সমিধান নিদি ৰমানাথ বৰুৱাৰ পিঠিত চমটাৰে সৰোপ সৰোপকৈ তিনি কোব মাৰি গুজৰি সুধিলে, “ধন-বস্তুবিলাক ক’ত লুকুৱাই থৈছ এতিয়াই দেখুৱাই দে, নাইবা তহঁতক এই ঘৰৰ ভিতৰতে জুই দি পুৰি মাৰিম।” চমটাৰ কোবত ৰমানাথ বৰুৱাৰ পিঠিৰ পৰা ঝৰ ঝৰ, কৈ তেজ পৰিবলৈ ধৰিলে, বপুৰিয়ে যন্ত্ৰণাত চেঙালুটি পাৰিবলৈ ধৰিলে। স্বামীৰ এনে তৱস্থা দেখি কান্দি কান্দি জয়ন্তীয়ে যোৰহাতকৈ কাতৰ কণ্ঠেৰে ডকাইতহঁতক কলে, “তোমালোকে এই দুখুনীৰ প্ৰতি দয়া কৰা। মোৰ দেউতাহঁত, মোৰ স্বামীক আৰু নেমাৰিবা। মই ঈশ্বৰক সাক্ষী কৰি কৈছোঁ‌ আমাৰ হাতত এতিয়া একো নাই। সত্যে সত্যে তিনি সইত খাই কৈছোঁ‌, ৰূপবান অলঙ্কাৰ পাতি বয়-বস্তু যি আছিল, আমি ইয়াৰ পৰা গুচি যাম বুলি দিনচেৰেকৰ আগেয়েই আমাৰ গুৱাহাটীৰ মিতিৰ-কুটুমৰ ঘৰলৈ পঠিয়াই দিলোঁ। এতিয়া তোমালোকে আমাক দুইকো ছোৱা-ছোৱাকৈ কাটিলেও একো পাবৰ উপায় নাই। সেই দেখি [ ৩৯ ]

মোৰ দেউতাহঁত, আমাক মিছাতে মাৰি কাটি আৰু যন্ত্ৰণা নিদি ঘৰত যি আছে তাকে লৈ তোমালোক যোৱাহঁ‌ক। তোমালোকৰ ভৰিত ধৰি কাবৌকৈ মাতিছাঁ মোৰ স্বামীক আৰু নেমাৰিবাহঁ‌ক। মোৰ ডিঙিত এইধাৰ মণি আৰু হাতত এইজোৰ খাৰু আছে, ইয়াকে মই সোলোকাই দিছো, তোমালোকে তেওঁক এৰি দিয়া। এই বুলি ডিঙিৰ মণিধাৰ আৰু হাতৰ খাৰু-জোৰ সোলোকাই জয়ন্তীয়ে মানহঁতক দি কাকূতি কৰিবলৈ ধৰিলে। জয়ন্তীৰ কথা শুনি মান তিনটাই একেবেলিয়েই খল্ খল্ কৰে হাঁহি কলে, “তহঁতে আমাক কেচুৱা লৰা বুলি ভাবিছ নে কি যে এইবিলাক মিছা কথা আমি বিশ্বাস কৰিম? কত কি লুকুৱাই থৈছ বেগেতে ক, নাইবা পোনতে এই চমটাৰে কোবাই তহঁতৰ পিঠিৰ ছাল ছিঙিম, তাৰ পিছত জুই লগাই দুইকো এই ঘৰৰ ভিতৰতে পুৰি ছাই কৰি গুচি যাম।”

 দুখুনী জয়ন্তীৰ কাকূতি-মিনতিলৈ আওকাণ কৰি পামৰহঁতে ৰমানাথ বৰুৱাক কোবাই কিলাই যেনে যন্ত্ৰণা দিবলৈ ধৰিলে তাক বৰ্ণনা কৰিবলৈ এই কাপ অক্ষম। শেহত মানহঁতে যেতিয়া দেখিলে যে ইমান মৰিয়াই কিলাই জীয়াতু দিও ধনবস্তু একোকে তেওঁলোকৰ পৰা পোৱা নগল, তেতিয়া প্ৰথম মানটোৱে লগৰীয়া দুটাৰ মুখলৈ চাই কলে, “আহ ইহঁত দুইটাকেই লৈ যাওঁহক, মতাটো বেছ শকত-আৱত আছে, আমাৰ বয়-বস্তুবিলাক ইয়াৰ পিঠিত তুলি দি লৈ যাওঁহঁক, তাৰ পিচত লাঠুবাক কাটি পেলাম। আৰু এই তিৰুতা মানুহজনী দেখিবলৈ শুৱনী আছে, আমাৰ মলুকলৈ লৈ গৈ এইক আমাৰ ৰজাক ভেটী দিমহঁ‌ক; এনে ৰূপহী তিৰুতা ৰজাই পালে [ ৪০ ] আমাৰ ওপৰত খুব সন্তুষ্ট হব।” দ্বিতীয়টোৱে প্ৰথমটোৰ কথাত অমত প্ৰকাশ কৰি কলে, “দেখ, ককাই, তোৰ আজি কালি এটা ৰোগ হৈছে; যিহকে হওক এটা ভাল বস্তু পালেই আগেয়েই তই কৈ পেলাৱ, যে এইটো আমাৰ দেশলৈ লৈ গৈ ৰজাক দিম। কিয়, ৰজাক দিম কিয়? মই কওঁ এই ৰূপহী তিৰুতাজনী মোৰ, মই কাকো নিদিওঁ। তহঁতে ৰূপবান বয়-বস্তু যি মন যায় লহঁ‌ক, কিন্তু মোৰ ভাগত এই।” “কথাষাৰ শুনামাত্ৰকেই তৃতীয়টোৱে গৰ্জ্জি উঠি কলে, “কাৰ? তোৰ? কেতিয়াও হব নোৱাৰে। বাৰু! মই দেখিম কোনে মোৰ হাতৰ পৰা এইক নিয়ে? এই মোৰ।” দুইৰো ভিতৰত এই দৰে পৌৰাণিক সুন্দ-উপসুন্দীয়া দন্দ লাগিবৰ দেখি প্ৰথমটোৱে “এই কথাৰ মীমাংসা পিচত কৰা যাব” বুলি দুইকো বুজাই সান্ত্বনা কৰিলে। ইয়াৰ পাচত সস্ত্ৰীক ৰমানাথ বৰুৱাক, লুটিপুটি পোৱা বস্তুৰে সৈতে বান্ধি মানহঁ‌তে লৈ যাবলৈ ধৰিলে। জয়ন্তীয়েও বিপদহাৰী মধুসূদনক কাতৰকণ্ঠে মাতি স্বামীৰে সৈতে চকুৰ লো টুকি যাবলৈ ধৰিলে।

 

চতুৰ্থ অধ্যায়।

 বাটত বাওঁতে যাওঁতে আত্মসংযমত অভ্যস্ত জয়ন্তীয়ে মনে মনে হঠাৎ এটা উপায় স্থিৰ কৰি খং আৰু বেজাৰৰ ভাও পৰিত্যাগ কৰি মানহঁতৰ ফালে চাই মৃদু মধুৰ মাতেৰে কলে, “দেখ, ফায়া! তহঁতে যেতিয়া আমাক ধৰি লৈ গৈছ, আৰু ধন-বস্তু ৰাখিবৰ মিছা চেষ্টা কৰি কি ফল? আমিয়েই যেতিয়া গাওঁ-ভূঁ‌ই দেশ এৰি যাব [ ৪১ ] লগীয়াত পৰিলোঁ, আৰু আমাৰ ৰূপবান ধন-সম্পত্তি কোনে খাব? মোৰ-কপালত গোসাঁ‌য়ে যি লিখিছে সেয়েই হব, কিন্তু যদি তহঁতে মোৰ স্বামীক নাকাটি এৰি দিবলৈ মান্তি হৱ তেন্তে আমাক ওভতাই আমাৰ ঘৰলৈ লৈ বল, ক’ত আমাৰ পেৰাই পেৰাই সোণ-ৰূপ অলঙ্কাৰ-পাতি পুতি লুকুৱাই থৈছোঁ‌হঁ‌ক তহঁতক দেখুৱাই দিওঁগৈ।” জয়ন্তীৰ অলৌকিক ৰূপ-লাৱণ্যই ইতিপূৰ্ব্বেই ডকাইতহঁতক আংশিক- ৰূপে জয় কৰি ৰাখিছিল; এতিয়া তেওঁৰ এই সুমধুৰ বচনে আৰু বিপুল অৰ্থপ্ৰাপ্তিৰ লোভে সিহঁতক সম্পূৰ্ণৰূপে পৰাজয় কৰিলে। সিহঁত উলাহেৰে আকৌ উভতি আহি ৰমানাথৰ ঘৰৰ ওচৰ চাপিল। জয়ন্তীয়ে ঘৰৰ আগচোতালৰ কাষতে থকা এজোপা কাঞ্চন ফুলৰ গছ দেখুৱাই কলে, “এই খিনিতে চাৰি হাত মাটিৰ তলত আমি আমাৰ ৰূপ-বানৰ পেৰাবিলাক পুতি থৈছো।” এই কথা কাণত পৰা মাত্ৰকতে মানহঁতে কাঞ্চন গছত ৰমানাথক ভালকৈ বান্ধি, ৰংমনেৰে কোৰ লৈ সেই দেখুৱাই দিয়া ঠাই ডোখৰ খানিবলৈ লাগিল। এই খিনিতে কোৱা যাওক যে ডকাইতহঁতে জয়ন্তীক অবলা তিৰুতা মানুহ কলৈ পলাব বুলি সৰহ পৰ বান্ধি ৰাখিবৰ আৱশ্যক যেন নেভাবি মুকলিকৈ থৈছিল। সিহঁতে আৰু ভাবিছিল, যদি তেওঁ পলাব খোজেও ততালিকে এজনী তিৰুতা মানুহক ধৰি পেলাবলৈ সৰহ কথা নেলাগে।

 প্ৰায় আদঘণ্টামান বেলি তিনিউটা মানে ওপৰা-উপৰিকৈ চাৰি হাতমান দকৈ গাঁত খানিলে; কিন্তু ৰূপ-বানৰ পেৰা কিম্বা আন বয়-বস্তুৰ একো চিন পোৱা নগল। প্ৰথম ডকাইতে জয়ন্তীৰ [ ৪২ ] মুখলৈ চাই কলে, “চাচোন, ঐ মানুহজনী! তই আমাৰে সৈতে ঠাট্টা কৰিছে নে কি? এইয়া এডিঙীয়াকৈ গাত খানিলোঁ, তোৰ ধনৰ পেৰা ক'ত?” জয়ন্তীযে গহীনকৈ উত্তৰ কৰিলে, “আৰু অলপমান খান, নিশ্চয় ওলাব। আৰু নোলায় যদি আমি তো ডিঙি পাতিয়েই আছো, তাৰ নিমিত্তে চিন্তা কি?” গাঁ‌তৰ ভিতৰৰ মানটোৱে আশ্বস্ত হৈ আকৌ উৎসাহেৰে সৈতে খানিবলৈ লাগিল। গাঁ‌তৰ পাৰত থকা দুটাই নিজ নিজ তৰোৱাল কাষত থৈ কথা পাতি থাকোতেই ছেগ চাই জয়ন্তীয়ে বিজুলীৰ বেগেৰে, সিহত দুইকো ঠেলা মাৰি সেই এডিঙীয়া দা গাঁ‌তত পেলাই দি সেই তৰোৱালেৰেই মুহূৰ্ত্তৰ ভিতৰতে তিনিউৰো মুৰ তিনটা কাটি পেলাই, ৰমানাথৰ হাতৰ বান্ধ সোলোকাই দি বলিয়াৰ দৰে নাচিবলৈ ধৰিলে। নিমিষৰ ভিতৰতে এনে আচৰিত পট-পৰিবৰ্ত্তন ৰমানাথৰ সমাজিক যেন লাগিল। ক'ত সেই ভীমকায় দুৰ্বৃত্ত দস্যুৰ হাতত প্ৰতি নিমিষতে তেওঁ জীৱনৰ আশাত জলাঞ্জলি দিবলগীয়াত পৰিছিল, আৰু ক'ত খন্তেকতে সিহঁতৰ মৰা শ কেইটা স্বকৃত দুষ্কাৰ্য্যৰ পৰাচিত-স্বৰূপে নিজে খনা গাঁ‌তৰ ভিতৰত মূৰ নাইকিয়া হৈ পৰিল। ক'ত সেই ভয়ত শোট্-মোট্ খোৱা জয়ন্তীয়ে চকুৰ লোৰে ৰিহাৰ আঁচল তিয়াইছিল, আৰু ক'ত নিমিষতে এই ৰণোন্মত্তা চামুণ্ডাৰূপিণী তিৰুতাই তৰোৱাল হাতত লৈ উন্মাদ-নৃত্য কৰিব লাগিছে! ক'ত কাঞ্চন গছত ৰমানাথ বধ্য বন্দীৰূপে বান্ধ খাই আছিল, আৰু ক’ত পলকৰ ভিতৰতে তেওঁ বান্ধৰ পৰা মুকলি হৈ স্বাধীনতা লভিলে! নিমিষতে দৃশ্যৰ কি অদ্ভুত সলনি! সঁ‌চাকৈয়ে [ ৪৩ ]

এই নৃত্যকাৰিণী উন্মাদিনী ৰমণীয়েই সেই শান্তা লজ্জাশীলা আৰু ভীতা জয়ন্তী নে? এইবিলাক স্বপ্ন নে মায়া নে দিঠক? ৰমানাথে একো ঠিক কৰিব নোৱাৰি ধূঁৱলি-কুৱঁলী দেখি চকু মুদি বহি পৰিল। অলপ বেলিৰ পিচত আকৌ চকু মেলি তেওঁ দেখিলে যে ই সপোন নহয়। সঁচাকৈয়ে দুৰাত্মাহঁতৰ কৱন্ধ দেহ দ গাঁতৰ তলিত পৰি আছে, আৰু সঁচা-সঁচিকৈয়ে তেওঁৰ হাতত বান্ধ নাই, তেওঁ স্বাধীন আৰু মুক্ত। আৰু সঁচাকৈয়ে তেওঁৰ প্ৰিয়তমা জয়ন্তী চুলি-মেলা চামুণ্ডাৰ নিচিনাকৈ তেজেৰে ৰাঙলী হৈ হাতত দা লৈ নাচিব লাগিছে। হায়! জয়ন্তী সঁচাকৈয়ে উন্মাদ হল নে কি? ৰমানাথে স্পষ্টকৈ দেখিলে যে তেওঁৰ প্ৰাণপ্ৰিয়া জয়ন্তী বাহ্যজ্ঞান-শূন্যা উন্মত্তা!

 ইয়াৰ পিচত মানুহ-দুনুহৰ সাহায্যত জয়ন্তীক লৈ সেই ৰাতিয়েই ৰমানাথ বৰুৱাই ৰংপুৰ এৰি গুৱাহাটীলৈ যাত্ৰা কৰিলে। গুৱাহাটী পাই নিজৰ ভায়েক আৰু বন্ধুসকলৰ সাহায্যত তেওঁ অনেক প্ৰকাৰ চিকিৎসাদি কৰালে, কিন্তু জয়ন্তী আৰু আৰোগ্য নহল।

 বিষম উন্মাদৰোগিণী জয়ন্তীৰ মুখত তেওঁৰ জীৱনৰ শেহ পয্যন্ত, “মোৰ স্বামীৰ হাতৰ বান্ধ মোকোলালো।” এইষাৰ কথাৰ বাহিৰে আৰু একো কথা শুনা নগৈছিল। শেহত সকলো দুখ আৰু সকলো শোক হৰোতাঁ মৃত্যুৱে আপোনাৰ কোমল কোলাত আশ্ৰয় দান কৰি, এই সতীক এই সংসাৰৰ দুখ-যন্ত্ৰণাৰ হাতৰ পৰা উদ্ধাৰ কৰিলে।

—শ্ৰীলক্ষ্মীনাথ বেজবৰুৱা।

[ ৪৪ ]

টীকা।

নৃশংস— (নৃ=মানুহ+শংস্=বধ কৰ্) যি মানুহ মাৰে। নিষ্ঠুৰ।
কাকূতি— (কাকু=কাতৰ+উক্তি) কাওবাও।
মধুসূদন— (মধু-নূদি = বধ কৰ্+অন) মধুদৈত্যক বধ কৰোঁ‌তা;
বিষ্ণু।
ভীমকায়— (ভীম—ভী—ভয় লগা+মক্; কায়—চি= গোটোৱা+ঘঞ,
যাৰ চেহেৰা ভয়লগা; ভয়ানক।
চামুণ্ডা—চণ্ডমুণ্ড নামে দৈত্যক বধিবলৈ দুৰ্গাৰ কপালৰপৰা জন্ম পোৱা
এজনা দেবী।
কৱন্ধ দেহ—(কবন্ধ = মূৰ নোহোৱা+দেহ) গাঁ‌ৰি।

 

প্ৰশ্ন

১। জয়ন্তীৰ শিক্ষানিপুণতাৰ পৰিচয় দিয়াঁ‌।
২। মানৰ দিনত অসমৰ অৱস্থা কেনে হৈছিল বৰ্ণনা কৰাঁ‌।
৩। সুন্দ-উপসুন্দৰ আখ্যানটো কোৱাঁ‌।

[ ৪৫ ]

জাতীয় প্ৰেম।

 জাতীয় প্ৰেম জাতীয় উন্নতিৰ মূল ভিত্তি। অমুক জাতি উন্নত হৈছে বুলিলে বুজিব লাগিব, সিবিলাকৰ জাতীয় প্ৰেম আছে, সিবিলাকে স্বজাতিৰ অৰ্থে আত্মোৎসৰ্গ কৰিব জানে। ইংৰাজ জাতি পৃথিবীৰ সপ্তমাংশৰ অধীশ্বৰ, ইংৰাজ-গৌৰব পৃথিবীময় ৰাষ্ট্ৰ; ইয়াৰ মুখ্য কাৰণ ইংৰাজৰ অকৃত্ৰিম জাতীয়প্ৰীতি, ইংৰাজৰ অসাধাৰণ আত্মত্যাগ। পাঠকসকলৰ অৱগতিৰ অৰ্থে ইংৰাজৰ জাতীয় বুৰঞ্জীৰ পৰা সিবিলাকৰ অদ্ভুত জাতীয় প্ৰেমৰ উদাহৰণ দিয়া গল। পোন প্ৰথমে ইষ্টইণ্ডিয়া কোম্পানীয়ে বেপাৰ কৰিবৰ অৰ্থে হে ভাৰতবৰ্ষলৈ আহিছিল, তেতিয়া তেওঁলোকৰ একো ৰাজকীয় শক্তি নাছিল, তেতিয়া সিবিলাক সামান্য সদাগৰ মাথোন। সেই কালত ৰাজলক্ষ্মী মোগলবংশৰ অঙ্কশোভা কৰি আছিল; মোগল ৰাজদণ্ডৰ ওচৰত সমস্ত ভাৰত তলমূৰ হৈ ৰৈছিল। আজি যি বৃটিচ-সিংহৰ গোজৰণিত ভাৰত তল ওপৰ, একালত সেই জাতি মোগল সম্ৰাটৰ অনুগ্ৰহ-ভিক্ষুক আছিল। কালৰ কি বিচিত্ৰ গতি।

 জাহাঙ্গীৰ পাতছাহৰ পিচত তংপুত্ৰ স্যাহজাহান পাতছাহ দিল্লীৰ ৰাজপাটত বহে। ইংৰাজৰ সৌভাগ্যৰ কাৰণেই হওক, নাইবা আন কাৰণেই হওক, স্যাহজাহান পাতছাহৰ জীয়েক এজনাক জুয়ে পোৰাত ডাক্তৰ বৌটন চাহেবে, বহু পুৰুষাৰ্থেৰে চিকিৎসা কৰি সম্ৰাট কন্যাৰ প্ৰাণ ৰাখে। তাতে পাতছাহে উক্ত ডাক্তৰৰ প্ৰতি সন্তুষ্ট হৈ তেওঁক উপযুক্ত বঁটা দিব খোজাত তেওঁ নিজ স্বাৰ্থলৈ হাবিলাষ নকৰি স্বজাতিৰ উপকাৰ চিন্তি যাতে কোম্পানীয়ে বিনা [ ৪৬ ] কৰে, নিৰাপদে ব্যৱসায় কৰিব পাৰে, সম্ৰাটত তেনে প্ৰাৰ্থনা মাথোন জনায় আৰু সম্ৰাটেও দ্বিৰুক্তি নকৰি তেওঁৰ প্ৰাৰ্থনা পূৰ কৰে। তাৰ পিচত হামিল্টন নামেৰে আন এজনা ইংৰাজ ডাক্তৰে ফেৰোকস্যাহ সম্ৰাটৰ ৰোগ-শান্তি কৰি সম্ৰাটৰ স্নেহভাজন হয়; তেওঁ জাতীয় গৌৰবকে শ্ৰেষ্ঠ মানি আপোন স্বাৰ্থলৈ পিঠি দি সম্ৰাটৰ পৰা কোম্পানীৰ হকে কিছুমান ক্ষমতা খুজি লয়। চোৱাঁ‌, ইংৰাজ জাতিৰ কেনে অদ্ভুত জাতীয় চেনেহ, কেনে অসাধাৰণ আত্মত্যাগ! এই দুজনা ইংৰাজে সম্ৰাটৰ পৰা স্থায়ী-বৃত্তি নাইবা ভূ সম্পত্তি লোৱা হলে তাৰ দ্বাৰাই পুত্ৰ-পৌত্ৰাদি-ক্ৰমে মহসুখে সংসাৰযাত্ৰা নিৰ্ব্বাহ কৰিব পাৰিলেহেঁতেন। কিন্তু এই স্বাৰ্থ-কথাই সিবিলাকৰ হৃদয়ত এবাৰো নেখেলালে! ইংৰাজৰ বুৰঞ্জীত, ইংৰাজ জাতিৰ মাজত এনে অসংখ্য অসংখ্য দৃষ্টান্ত দেখিবলৈ পোৱা যায়, কিন্তু বাহুল্যৰ ভয়ত সেইবিলাকৰ উল্লেখ কৰা নগল। যি জাতিৰ এনে গভীৰ জাতীয় প্ৰেম, সেই জাতিৰ বহুল উন্নতি একে। বিচিত্ৰ নহয়।

 বৰ পৰিতাপৰ, বৰ লাজৰ কথা যে, ভাৰতবাসীয়ে জাতীয় প্ৰেম কথা নেজানে, জাতীয় উন্নতিৰ অৰ্থে স্বাৰ্থত্যাগৰ ক্ষমতা ভাৰতবাসীৰ নাই। নাইবা আজি স্বৰ্ণপ্ৰসবিনী ভাৰতজননী কেতিয়াও পৰপদানতা, পৰমুখাপেক্ষিণী নহলহেঁতেন। সেই কাৰণেই কোৱা গৈছে, ভাৰতবাসীৰ জাতীয় প্ৰেম নাই, ভাৰতবাসীৰ স্বাৰ্থত্যাগ নাই। ভাৰতবাসীৰ জাতীয় প্ৰীতি নথকাৰ কাৰণেই পাপাত্মা জয়সিংহে বিধৰ্ম্মীৰ হাতত স্বদেশৰ স্বাধীনতা লোপ পোৱা দেখিও আনন্দত [ ৪৭ ] নৃত্য কৰি উঠিছিল; ব্ৰাহ্মণ পৰিষদৰ চাতুৰ্য্য-জালত শঠ-শিৰোমণি বখ্তিয়াৰ খিলিজিয়ে নিৰ্ব্বিৰোধে বঙ্গদেশ জয় কৰিবলৈ সক্ষম হৈছিল; কুলাঙ্গাৰ বদন বৰফুকনে কালসৰ্প স্বৰূপ মানক মাতি আনি অসম দেশ খাস্তাং কৰিলে আৰু চিৰকালৰ নিমিত্তে অসমৰ স্বাধীনতা ৰত্নও হেৰুৱালে। জাতীয় প্ৰেমৰ অভাবতেই ভাৰতৰ জাতীয় উন্নতি আকাশ ঘনঘটাচ্ছন্ন;⸺ভাৰতৰ গৌৰৱ সূৰ্য্য অস্ত গল।

 পুৰণি আৰ্য্য হিন্দুবিলাকৰো জাতীয় প্ৰেম নাছিল আমি তেনেকৈ কোৱা নাই। তেও যে আজি ভালেদিন হল হিন্দুবিলাকে জাতীয়প্ৰেম হেৰুৱাইছে, তাত সংশয় ৰাখিব নোৱাৰি। বোধ কৰোঁ, জেতিয়া জাতিভেদ ঘটিল, যেতিয়া ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য,শূদ্ৰ চাৰিওজাতি নিজ নিজ স্বাৰ্থত অন্ধীভূত হৈ পৰিল, তেতিয়াই হিন্দুৰ জাতীয় প্ৰেম বোলা, মানসিক উন্নতি বোলা, একতা বোলা, সকলো লোপ পালে। ব্ৰাহ্মণ সৰ্ব্বেসৰ্ব্বা হল, সকলো ক্ষমতা ব্ৰাহ্মণৰ অকলশৰীয়া হল; ক্ষত্ৰিয়ই ৰাজকীয় শক্তি পালে, বিদেশীয় শত্ৰুৰ পৰা ৰাজ্য ৰক্ষা, দুষ্টৰ দমন আৰু শিষ্টৰ পালন ক্ষত্ৰিয়ৰ কৰ্ত্তব্য বৈশ্যৰ ভাগত পৰিল বেহা কৃষি আদি ব্যৱসায়, আৰু শূদ্ৰই পালে ওপৰত লিখা তিনি জাতিৰ পদসেৱা। নিজ নিজ স্বাৰ্থ লৈ ব্ৰাহ্মণ ক্ষত্ৰিয়ৰ মাজত ভালেমান কন্দল হৈ গল; শেহত ব্ৰাহ্মণৰ অত্যাচাৰ সহিব নোৱাৰি ক্ষত্ৰিয় ৰাজকোৱঁ‌ৰ মহাত্মা বুদ্ধদেবে জগতত সাম্যভাব ঘোষণা কৰিলে; তাতে আকৌ ধৰ্ম্মভেদো ঘটিল। ধৰ্ম্মভেদ আৰু জাতিভেদৰ সোঁতত পৰি হিন্দুজাতিয়ে চিৰকালৰ নিমিত্তে জাতীয় প্ৰেমৰ গভীৰ অৰ্থ পাহৰি গল। [ ৪৮ ]  জাতীয় প্ৰেম নেথাকিলে জাতীয় প্ৰতিষ্ঠা হোৱা অসম্ভৱ। ভাৰতৰ উন্নতি-কামনা কৰিলে গোটেই ভাৰতবাসীৰ হৃদয়ত জাতীয়-প্ৰেম-ৰস ঢালি দিয়া উচিত। যিদিনা গোটেই ভাৰতবাসীৰ এক প্ৰাণ, এক স্বাৰ্থ, এক কৰ্ত্তব্য বিবেচিত হব, যিদিনা “পঁয়ত্ৰিশ কোটি ভাৰতবাসীৰ ভালেই মোৰ ভাল, আৰু বেয়াই মোৰো বেয়া” এই মহামন্ত্ৰেৰে গোটেই ভাৰতবাসী দীক্ষিত হব, সেইদিনা ভাৰতৰ উন্নতি অনিবাৰ্য্য; সেইদিনা নিশ্চয় ভাৰতে সকলে বাধা-বিপত্তিক হেলাৰঙ্গে অতিক্ৰম কৰি নৱপ্ৰাণেৰে উদ্দীপ্ত হব।

৺পানীন্দ্ৰনাথ গগৈ।

টীকা।

 ভিত্তি— (ভিদ+ক্তি) ভেটি।
 আত্মোৎসৰ্গ—(আত্মন্‌-উৎ-সৃজ+ঘঞ্‌) নিজক উচৰ্গা কৰা।
 ৰাষ্ট্ৰ—(ৰাজ+ষ্ট্ৰন্‌) জনাজাত।
 নিৰস্ত—(নিৰ্‌-অস্‌ = নিক্ষেপ কৰ্‌+ ক্ত) ক্ষান্ত।
 নিৰ্ব্বাহ—(নিৰ-বহ+ঘঞ্‌) সম্পাদন।
 ঘনঘটাচ্ছন্ন—( ঘন=ডাৱৰ, ঘটা=সমূহ, আচ্ছন্ন = ঢাক খোৱা) ডাৱৰেৰে ঢাকখোৱা।
 উদ্দীপ্ত—উৎ+দীপ্‌ = আলো কৰ্‌+ ক্ত) আলোকিত, জিলিকা।

প্ৰশ্ন।

১। ইংৰাজ জাতিৰ জাতীয় প্ৰেমৰ কেইটামান উদাহৰণ দিয়াঁঁ।
২। লিখকৰ মতে ভাৰতবাসীয়ে জাতীয় প্ৰেম হেৰুওৱাৰ কাৰণ কি?

[ ৪৯ ]

কুমাৰিলা ভট্ট।

 “অসম দেশ সুখ্যাতিৰ সমাধিক্ষেত্ৰ।” এই কথা এজন ইংৰাজ লেখকে লিখি গৈছে। কথাষাৰ আখৰে আখৰে সঁচা। প্ৰকৃতিৰ কাম্যকানন পুণ্যশ্লোক ঋষিসকলৰ পবিত্ৰ তপোবন, দেৱভূমি অসমৰ অতীত কীৰ্ত্তিমালা বিস্মৃতিৰ আন্ধাৰ গহ্বৰত লুকাই আছে। খনিৰ অতল গৰ্ভত হীৰাৰ দৰে, সাগৰৰ তলিত মুকুতাৰ দৰে পুৰণি অসমৰ কীৰ্ত্তিকাহিনী পাহৰণি-মৈদামৰ গভীৰ তলিত সময়ৰ বালিত পোত খাই ক্ৰমে জহি-খহি যাব লাগিছে। মাজে-সময়ে একোখন তামৰ ফলিয়ে, একোখন শিলালিপিয়ে, দুই চাৰিটা পুৰণি মোহৰে, দুখন এখন পুৰণি পুথিয়ে, আৰু অগাধ অৰণ্যৰ মাজত বা নিৰ্জ্জন পৰ্ব্বতৰ টিঙত শিলৰ ভগা মূৰ্ত্তি, ভগা মন্দিৰ, এৰা নগৰ আৰু ভগা-শিল, ভগা ইটাবোৰে হা-হুমনিয়াহ কাঢ়ি বাটৰুৱাক পুৰণি অসমৰ অতীত গৌৰব সোৱঁ‌ৰাই দিয়ে। পুৰণি নাম, পুৰণি পটন্তৰ, সাধুকথা আৰু কিংবদন্তিয়েও কেতিয়াবা কেতিয়াবা আগৰ দিনৰ কথা মনত পেলাই দিয়ে। সেই দেখিহে এজন অসমীয়া কবিয়ে মনৰ দুখত গাইছে,⸺

“কোৱাঁ পাহৰণি, তোমাৰ পেটত
কতনো ৰাখিছা বুৰঞ্জী সুমাই,
চিন্তিলে এবাৰ মৰোঁ পুৰি দেই,
কত জাতি কীৰ্ত্তি খালা গিলি হায়।”

[ ৫০ ]

 অসমত অনেক মহাত্মাই জন্ম গ্ৰহণ কৰি এই দেশক মহৎ, পবিত্ৰ আৰু গৌৰাৱান্বিত কৰি গৈছে। তেওঁলোকৰ বিমল কীৰ্ত্তিৰ জ্যোতিত অসমৰ মুখ উজ্জ্বল হৈছিল। বৰাহ মিহিৰৰ নিচিনা জ্যোতিষী, ডাকৰ নিচিনা জ্ঞানী, “বৃহৎ গঙ্গাজলৰ” নিচিনা স্মৃতিশাস্ত্ৰ-ৰচোঁতা, “প্ৰয়োগ ৰত্নমালাৰ” নিচিনা ব্যাকৰণ-প্ৰণেতা, এই অসমতে উপজিছিল। এই অসমেই কণ্ব, বশিষ্ঠ, কপিল, গৌতম, ভৰদ্বাজ, গোকৰ্ণ, গালব, কৌণ্ডিণ্য আদি ঋষিসকলৰ তপস্যাৰ ঠাই আছিল। আজি প্ৰায় বাৰ শ বছৰ হ’ল, এই অসম কামৰূপতে জগৎবিখ্যাত পণ্ডিতপ্ৰবৰ কুমাৰিলা ভট্টৰ জন্ম হৈছিল। খৃষ্টীয় অষ্টম শতিকাত যেতিয়া বৌদ্ধ-ধৰ্ম্মই বান পানীৰ দৰে বাঢ়ি প্ৰায় গোটেইখন ভাৰতবৰ্ষক তল নিয়াইছিল, হাজাৰে হাজাৰে, লাখে-লাখে ভাৰতীয় নৰনাৰীয়ে বৌদ্ধ-ধৰ্ম্ম গ্ৰহণ কৰিছিল, ৰজা, মন্ত্ৰী আৰু ৰাজপুৰোহিত সকলো বৌদ্ধ-ধৰ্ম্মত দীক্ষিত হৈছিল, সনাতন বৈদিক-ধৰ্ম্ম লুপ্তপ্ৰায় হৈছিল, সেই সময়ত যিজন মহাপুৰুষে অশেষ পুৰুষাৰ্থ কৰি বৌদ্ধ ধৰ্ম্মৰ গ্ৰাসৰ পৰা বৈদিক-ধৰ্ম্মক ৰক্ষা কৰিছিল, তেওঁৰ নাম আছিল কুমাৰিলা ভট্ট। তেওঁ, শ্ৰুতি, স্মৃতি, পুৰাণ, ইতিহাস, দৰ্শন, বিজ্ঞান আদি সনাতন ধৰ্ম্মৰ সকলো শাস্ত্ৰকে ভালকৈ জানিছিল। নিজেও অনেক বহুমূলীয়া পুথি ৰচনা কৰিছিল। যেতিয়া বৌদ্ধ-ধৰ্ম্মৰ ঢৌৱে আহি কামৰূপক ঢৌৱালে, তেতিয়া তেওঁ থিৰেৰে থাকিব নোৱাৰিলে। তেওঁ সিংহ-বিক্ৰমেৰে বৈদিক-ধৰ্ম ৰক্ষা কৰিবলৈ ওলাল। তেওঁ প্ৰথমে বিহাৰলৈ যায়। তেতিয়া বিহাৰ ভাৰতীয় বৌদ্ধ-ধৰ্ম্ম-মণ্ডলৰ এখনি প্ৰধান কেন্দ্ৰভূমি আছিল। তাত তেওঁক [ ৫১ ]

কোনেও তৰ্কত পৰাস্ত কৰিব নোৱাৰিলে। তাৰ পৰা তেওঁ বিজয়ী বীৰৰ দৰে অতি উৎসাহেৰে আন আন প্ৰদেশত গৈ বৈদিক ধৰ্ম্ম প্ৰচাৰ কৰি ফুৰিছিল; তেওঁৰ বক্তৃতাত মুগ্ধ হৈ জাকে জাকে মানুহে বৌদ্ধ-ধৰ্ম্ম পৰিত্যাগ কৰি আকৌ বৈদিক-ধৰ্ম্মত শৰণ লৈছিল। তেওঁ ব্ৰহ্মচাৰীৰ বেশেৰে খোজ কাঢ়িয়েই ভাৰতৰ এমূৰৰ পৰা আন মূৰলৈকে ভ্ৰমণ কৰিছিল। তেওঁৰ সম্বন্ধে মাৰ্চডেন চাহাবৰ ভাৰতৰ ইতিহাসত এইদৰে লিখা আছে, “কুমাৰিলা ভট্ট আসামদেশী ব্ৰাহ্মণ; তেখেত ৭৫০ খৃষ্টাব্দৰ সম-সাময়িক লোক। এক ঈশ্বৰে জগৎ সৃষ্টি কৰি পালন কৰিছে - বেদৰ এই প্ৰাচীন ধৰ্ম্মমতকেই তেখেতে বিহাৰ প্ৰদেশৰ পৰা যাত্ৰা কৰি ভাৰতৰ সকলো প্ৰদেশত শিক্ষা দি ফুৰিছিল; অনেক ৰাজ-সভাত বৌদ্ধ ভিক্ষুসকলক বাদত পৰাস্ত কৰি অগণিত বৌদ্ধ-ধৰ্ম্মীসকলক হিন্দু ধৰ্ম্মলৈ ঘূৰাই আনিছিল। তেখেতে বৌদ্ধ আৰু জৈন ধৰ্ম্মৰ ঘোৰ শত্ৰু হৈ ব্ৰাহ্ম-সকলক ধৰ্ম্ম-গুৰুৰ অধিকাৰ দান কৰিছিল। তেখেতে অনেক শাস্ত্ৰ লিখি থৈ গৈছে।” []

 জগৎগুৰু শঙ্কৰাচাৰ্য্য এই কুমাৰিলা ভট্টৰ শিষ্য আছিল। সেই দেখি হে অসমীয়া কবিয়ে মনৰ আনন্দত গাইছে,—

“শঙ্কৰাচাৰ্য্যৰ   গুৰু অসমীয়া
 কুমাৰিলা ভট্ট নাম;


  1. Marsden's History of India for Senior classes vol 1, Page 187.
[ ৫২ ]

জগৎ গুৰুৰো   গুৰু হব পাৰি,
  ভট্টই দেখালে কাম।
বাজক ডবা,   বাজক শঙ্খ,
  বাজক মৃদং খোল,
অসম আকউ   উন্নতি পথত
 ‘জয় আই অসম’ বোল।

 দৰংজিলাৰ শৃঙ্গগিৰি বা শিঙ্গৰী পৰ্ব্বতত শঙ্কৰাচাৰ্য্যৰ মঠ আছিল। ভাৰতৰ পূব, পশ্চিম, উত্তৰ, দক্ষিণ চাৰিউ দিশত তেওঁৰ ৪টা মঠ আছিল। দক্ষিণৰ মঠ আজিকালি বেছি প্ৰসিদ্ধ। পূব দিশৰ শিঙ্গৰীৰ মঠৰ এতিয়া নামেই নাইকিয়া হল।

 দুখৰ বিষয় এই যে, অসমৰ বুৰঞ্জীত কুমাৰিলা ভট্টৰ নামকে পাবলৈ নাই। অসমীয়া জাতিৰ আৰু পুৰণি অসমৰ বিস্তৃত ইতিহাস এই পৰ্য্যন্ত ওলোৱা নাই।

শ্ৰীআনন্দচন্দ্ৰ আগৰৱালা।

টীকা।

 পুণ্যশ্লোক— (পুণ্য—শ্লোক্‌+ অচ্‌,) যাৰ নাম ললে পুণ্য হয়, সুখ্যাতি- সম্পন্ন।

প্ৰশ্ন।

 ১। অসমৰ অতীত গৌৰব কিহত আছে?

 ২। কুমাৰিলা ভট্টৰ চমু পৰিচয় দিয়াঁ।

[ ৫৩ ]

কুঁজীৰ কলঙ্ক।

 ৰাম-বনবাসৰ চাবি-কাঠী মন্থৰা। ৰাম বনবাস কিয়, ৰামায়ণ- ৰূপ মহা আকাশৰ ধ্ৰূবতৰা মন্থৰা। কবিয়ে মন্থৰাৰে ৰামায়ণৰ গতি ঠিক কৰিছে। কিন্তু, এই মন্থৰা কোন? মন্থৰাৰ মাতৃকুল, পিতৃকুল, স্বামীকুল, সকলো দুৰ্জ্ঞেয়। কবিও এই কথাত নিমাত।

 মন্থৰাৰ পৰিচয়ঃ — মন্থৰা এজনী দাসী। দাসী বুলি আমাৰ ডাঙ্গৰীয়াৰ বান্দী বা কলিকাতাৰ জি নহয়। মন্থৰাৰ অতুল ক্ষমতা, অতুল প্ৰভাৱ। এই কুঁজী বান্দীয়ে শ্ৰীৰামচন্দ্ৰক বনলৈ পঠায়। এই কুঁজী বান্দীয়ে দশৰথৰ প্ৰাণাদপি গৰীয়সী ৰাজৰাণী কৈকেয়ীক তিৰস্কাৰ কৰে। ৰাজনীতি-বিশাৰদ অদ্বিতীয় প্ৰতাপশালী দশৰথ ৰজাক ক্ৰূৰ, শঠ আদি মধুৰ সম্বোধন কৰে। পাটৰাণী কৌশল্যাকো হাত যোৰ কৰি হে ৰাণি, হে দেবি, আদি সম্বোধন নকৰে। কৌশল্যাৰ কথা কেতিয়াবা কাৰবাৰ আগত কব লাগিলেও আমি কাঁথিত বহি বিৰহুৰ মাকৰ কথা কোৱা দি ৰামৰ মাক বুলি হে কয়।

 গুণৰ ফালে বিচাৰি চালেও কুঁজী কম নহয়। কৰ্তব্যনিশ্চয়ত কুঁজী পকা। কুঁজীৰ কুঁজত বুদ্ধি, ৰাজমন্ত্ৰণা, মায়া আদিও ভৰি থকা বুলি কবিয়ে কৈ গৈছে। “মতয়ঃ ক্ষাত্ৰ বিদ্যাচ মায়াশ্চাত্ৰ বসন্তি তে।” অৰ্থাৎ এই কুঁজীৰ শৰীৰত বুদ্ধি, ৰাজমন্ত্ৰণা আৰু মায়াও আছে। [ ৫৪ ]  ৰামায়ণত কবিয়ে কুঁজীক আমাৰ আগত অতি অলপ সময় হে ৰাখিছে। সূত্ৰধাৰে নাটকৰ প্ৰস্তাবনা কৰি ভাওনাৰ মুখ মেলা দি কুঁজীয়ে মাথোন ৰামায়ণৰ মুখ মেলি দিয়েই আঁতৰ হৈছে। কিন্তু এই অলপ সময় আৰু তাকৰীয়া কথাৰে কুঁজীৰ চৰিত্ৰ কেনেকৈ ফুটিছে, বোধ কৰোঁ আন কোনো চৰিত্ৰ তেনেকৈ ফুটা নাই। এতিয়া আৰু কুঁজীৰ দোষ-গুণ বিচাৰি আমাৰ একো লাভ নাই; গুণ হলেও গুণ, দোষ হলেও দোষ। তথাপি ইয়াতে নকৈ নোৱাৰি যে, ৰাম-বনবাস ৰূপ দুৰ্ঘটনাটোৰ গোটইসোপা দোষকেই আমি কুঁজীৰ ওপৰত দি আহিছোঁ। দি আহিছোঁ কিয়, আজিও দিছোঁ! ৰামক বনলৈ পঠাবৰ আজি বহু হেজাৰ বছৰ অতীত হল,আজিও কুঁজী সেই দোষৰৰ বাহিৰ হব নোৱাৰিলে।

 সংসাৰৰ প্ৰাকৃতিক নিয়ম অনুসাৰে ৰাতিৰ পাচত দিন, এন্ধাৰৰ পাচত পোহৰ, দুখৰ পাচত সুখ, কলঙ্কৰ পাচত যশ হবই। কি কুঁজীৰ কপালত হলে আজিও সেই সিদ্ধান্ত খটা নাই। আজিও কুঁজীৰ নাম শুনিলে সন্তান-বৎসল জননীযে বাৎসল্য ৰসত মতলীয়া হৈ, ভক্তই ভক্তি ৰসত বলিয়া হৈ, প্ৰেমিকাই প্ৰেম ৰসত ভোল গৈ, কুঁজীক গালি পাৰে,— “কুঁজী হে নাশৰ হেতু, কুঁজী হল ধূমকেতু।”

 এই চিৰকালৰ সংস্কাৰৰ বশবত্তী হৈ অবিচাৰ নকৰিলে গোটেই সোপা দোষৰ বোজা কুঁজীৰ কুঁজত নথবও পাৰি।

 ভাৰতত বৈদিক কালৰে পৰা ৰাম বনবাসৰ নিচিনা ডাঙ্গৰ ঘটনা বিনা ৰক্তপাত, বিনা বিবাদেৰে তিনিটিত বাহিৰে আৰু হোৱা নাই। ১ম ৰাম বনবাস। ২য় পাণ্ডৱবিলাকৰ বনবাস। ৩য় ৰাজপুত[ ৫৫ ] বিলাকৰ ভিতৰত ভীমসিংহৰ ৰাজ্যত্যাগ। তলৰ দুটাতকৈও ওপৰটো বৈচিত্ৰ্যময়। তলৰ দুটাত শক্তিশালী পুৰুষবিলাকৰ ষড়যন্ত্ৰ, কুটিলতা আদি দেখিবলৈ পোৱা যায়। ওপৰৰটো কেৱল এজনী পৃথিবীৰ ভিতৰতেই ঘিণ-লগা, সম্ভ্ৰম-নোহোৱা বান্দীৰ পৰা হে হোৱা বুলি সাধাৰণৰ বিশ্বাস। বৈচিত্ৰ্য এইখিনি।

 যি এটা ঘটনা পৃথিবীৰ ভিতৰতেই আচৰিত সি এজনী বান্দীৰ পৰা হোৱাটো সম্ভৱ হব পাৰে নে? বান্দী যিমানেই ক্ষমতাশালিনী নহওক, তথাপি তাই বান্দায়েই হে। এতেকে চাওঁচোন ইয়াৰ ভিতৰত নো কি আছে।

 ৰামায়ণত ৰাম-বনবাস এইদৰে বৰ্ণাইছে :—
 এদিন মন্থৰা নিজ ইচ্ছামতে পকী ঘৰৰ ওপৰত উঠি চাৰিওপিনে চাওঁতে চাওঁতে দেখিলে, অযোধ্যাৰ বাটবিলাক পানীৰে ধুইছে। চাৰিওফালে পদুম ফুলবোৰ ছটিয়াই দিয়া হৈছে! বহুমূলীয়া সুন্দৰ ধ্বজ আৰু পতাকাৰে নগৰ শুৱনি হৈছে; আৰু শুৱনি শুৱনি মানুহেৰে নগৰ পৰিপূৰ্ণ হৈছে। বামুণবিলাকে হাতত ফুলৰমালা লৈ বেদ উচ্চাৰণ কৰিছে। দেৱালয়বিলাকত বাদ্য বাজিছে। নগৰবাসী মানুহ দূৰৈত থাকোক, হাতী-ঘোৰাবিলাকে আনন্দিত হৈছে। মন্থৰা দেখি শুনি বিস্মিত হল। এদিনৰ ভিতৰতে নগৰত এনেকুৱা ধুমধামখনৰ একো কাৰণ থিৰ কৰিব নোৱাৰি ৰামৰ ধাত্ৰীক সুধিলে,—“অ, বোলো শুনিছা নে? আজি নো ৰামৰ মাকে বৰ হৰিষেৰে মানুহক কিয় ধন বিলাইছে? ৰজাই আজি সন্তুষ্ট চিতেৰে কিবা ডাঙ্গৰ কাম কৰাব নে কি? আৰু এই মানুহখনৰ [ ৫৬ ]

নো আজি কি আনন্দ মিলিছে?” ধাত্ৰীয়ে আনন্দত উৰুলীকৃত হৈ কলে,—“কালি লৈ পুষ্যা যোগত ৰামক যুৱৰাজ পাতিব।” মন্থৰাই উত্তৰ শুনিয়েই পকী ঘৰৰ ওপৰৰপৰা নামি আহি কৈকেয়ীক সংবাদ দিলে। কৈকেয়ী আৰু মন্থৰাৰ ভিতৰত যি কথাবাৰ্ত্তা হৈছিল তাক পিচত আলোচনা কৰা হব। আগেয়ে ওপৰৰ কথাফেৰাকেই চোৱা যাওক।

 সৌৰ জগতত এটি গ্ৰহ চূৰ্ণ-বিচূৰ্ণ হৈ যোৱাটো যেনে এটি ডাঙ্গৰ ঘটনা, ৰাজনৈতিক জগততো ৰজা সলনি হোৱাটো ঠিক তেনেকুৱা এটি ঘটনা। নতুন ৰজাৰ অভিষেক ঘাইকৈ প্ৰজাবিলাকৰ মনত এটি স্মৰণীয় ঘটনা। তেতিয়া আনন্দ আৰু ভয়েৰে প্ৰজাবিলাকৰ মনত এটি নতুন ভাব ওপজে। আনন্দ, ৰজাৰ ৰাজ্যাভিষেক বুলি। ভয়, নতুন ৰজাই বা কিদৰে আমাক শাসন পালন কৰে এই বুলি। আৰু ৰাজ্যাভিষেক আদি ডাঙ্গৰ ডাঙ্গৰ কামবোৰ সদৰী ভাৱেই হোৱাৰ নিয়ম; সেই ভাৱে হৈও আহিছে। কিন্তু ৰামৰ ৰাজ্যাভিষেকত ভালকৈ চকু ফুৰাই চালে, দেখিবলৈ পোৱা যায়, আধা এন্ধাৰ, আধা পোহৰ ভাৱ এটি তাত লুকাই আছে।

 দশৰথৰ প্ৰথম পুত্ৰ ৰামচন্দ্ৰৰ কালিলৈ ৰাজ্যাভিষেক হব; তেওঁৰ মৰমৰ মাদৈ কৈকেয়ীয়ে আজিও তাৰ ভুকে পোৱা নাই। ৰজা ঘৰৰ লগা-ভগা দাসী কুঁজীয়ে লোকৰ আনন্দ দেখি ৰামৰ ধাত্ৰীক সুধিছিল বোলে “আজি নো কি?” আৰু ঘাইকৈ বৰ পুত্ৰই ৰাজ্য পোৱাটো ইক্ষ‌্বাকু বংশৰ পুৰণি নিয়ম, এনে অৱস্থাত ৰামৰ অভিষেক গুপুততে কৰাৰ সকামটো কি আছিল? এইটো [ ৫৭ ] চিন্তিবৰ বিষয়। আৰু সেই গুপুত ভাবটোও আনৰ আগত নহয়, কেৱল ভৰতৰ নিজা মানুহবিলাকৰ ওচৰত হে। এইবিলাক দেখি শুনি ৰামৰ অভিষেকত যে, এটি ডাঙ্গৰ ষড়যন্ত্ৰ আছিল আৰু ভৰতৰ নিজ মানুহবিলাকৰ ওচৰত গুপুত নকৰিলে বিপদৰ ভয় আছিল ই ধুৰুপ! দশৰথৰ নিজৰ কাম-কাজবিলাকতো ইয়াৰ ভালকৈ প্ৰমাণ পোৱা যায়।

 দশৰথে ৰামৰ অভিষেকৰ নিমিত্তে নানা নগৰ আৰু জনপদবাসী ৰজাবিলাকক মাতি আনিলে, কিন্তু নামাতিলে কেকয়ৰজা আৰু জনকক। (১) []

 কেকয়ৰজা ভৰতৰ মোমায়েক, তেওঁ শুনিলে নিশ্চয় ভৰতৰ ফলীয়া হব। আৰু ৰামৰ শহুৰেক জনকক বাতৰি দিলেও বিপদৰ ভয়; যিহেতু ভৰতৰ শহুৰেক তেওঁৰ ভায়েক। জনকক মাতি তেওঁক নামাতিলে শিষ্টাচাৰ-বিৰোধ হয়, আৰু কথাও গোপনে নেথাকে। (অৱশ্যে তেওঁ জানিলে তেওঁৰ ভায়েকেও জানিব।) ভৰতৰ শহুৰেকে জানিলে তেওঁ নিশ্চয় ভৰতৰ ফলীয়া হব। এই ভাবি তেওঁলোক দুজনৰ নিমন্ত্ৰণ ৰহিত কৰিলে।

 এনেকুৱা অনুমানৰ বিৰোধ পক্ষত এটি প্ৰশ্ন হব পাৰে যে, ইক্ষাকুবংশৰ জ্যেষ্ঠ পুত্ৰই ৰাজ্য পোৱা প্ৰসিদ্ধ নিয়ম জানি শুনিও


  1. (১) নানা নগৰ ৱান্তব্যান্ পৃথগ্‌জানপদানপি। সমানিনায় মেদিন্যাঃ প্ৰধান পৃথিৱীপতিঃ ন তু কেকৰাজানং জনক ৱা জনাধিপঃ। ত্বৰয়া চানয়ামাস পশ্চাতে শ্ৰোষ্যতঃ প্ৰিয়ঃ
[ ৫৮ ]

দশৰথৰ মিত্ৰ আৰু ধৰ্ম্মজ্ঞ ৰজাসকল কিয় এনেকুৱা অধৰ্ম্মানুষ্ঠানত প্ৰবৃত্ত হব? আৰু মিছামিছি কিয় এটি গৃহ-বিবাদৰ সূত্ৰপাত কৰিব? ইয়াৰ উত্তৰ মন্থৰাৰ কথাত পোৱা যায়। মন্থৰাই কৈকেয়ীক কৈছেঃ—
“ভৰতৰ পৰা ৰামৰ ৰাজ্য পাব নোৱৰা মহা-ভয় আছে।”
(২) []এই কথাৰ পৰা অনুমান কৰিব পাৰি যে, ভৰতৰৰ ৰাজ্যত অধিকাৰ, আছিল, আৰু ছলে বলে সেই অধিকাৰ নষ্ট কৰিবৰ দিহা কৰা হৈছিল।

 এই ষড়যন্ত্ৰ ব্যাপাৰত দশথে নিশ্চিন্ত হব পৰা নাছিল। সদায় তেওঁ কোনো ৰকমৰ বিঘ্ন হে প্ৰতীক্ষা কৰিছিল। সেই নিমিত্তেই ৰামক সাৱধান কৰি দিছিল।
“তোমাৰ বন্ধুসকলে মিলি আজি তোমাক অতি যতনেৰে ৰক্ষা কৰোক; কিয়নো, এনেকুৱা কামত বহু বিঘ্ন হব পাৰে।” (৩) []

 ভৰতৰ প্ৰতিও তেওঁৰ মহাভয় আছিল, আৰু সেই ভয়ৰ বাবেহে তেওঁক আগ ধৰি চলেৰে নি মোমায়েকৰ ঘৰত ৰখা হৈছিল। তেওঁ কৈছিল,—
“ভৰত মোমায়েকৰ ঘৰত থাকোতেই তোমাৰ অভিষেক হৈ যোৱাটো মোৰ মনৰ কামনা।” (৪) []


  1. (২) ভৰতাদেৱ ৰামস্য ৰাজ্যবাধা মহদ্ভয়ম্।
  2. (৩) সুহৃদশ্চা প্ৰমত্তান্ত্বাং ৰক্ষন্ত্বদ্য সমন্ততঃ। ভৱন্তি বহুবিঘ্নানি কাৰ্য্যাণ্যেৱং ৱিবানিহি॥
  3. (৪) ৱিপ্ৰোষিতশ্চ ভৰতঃ যাৱদেৱ পূৰাহিতঃ। তাৱদেৱাভিষেকন্তে প্ৰাপ্তকালো মতো মম॥
[ ৫৯ ]

কৈকেয়ী আৰু মন্থৰাৰ ভিতৰত যি কথাবাৰ্ত্তা হৈছিল, তাতো ইয়াৰ প্ৰমাণ পোৱা যায়। মন্থৰাই যেতিয়া কৈকেয়ীক কলে যে, “ৰাম ৰজা হলে তোমাৰ সৰ্ব্বনাশ”, তেতিয়া কৈকেয়ীয়ে উলাহেৰে কৈছিল,—“ৰামে এশ বছৰ ৰাজত্ব কৰাৰ পিচত ভৰতেও পিতৃ- পিতামহৰ ৰাজ্য পাব।” (৫) []

 ইয়াৰ দ্বাৰা এনেকুৱা অনুমান হয়, কৈকেয়ীয়ে কোনো সময়ত দশৰথৰ পৰা এনে প্ৰবোধ পাইছিল যে, এতিয়া ৰাম ৰজা হওক, এশ বছৰৰ পাচত ভৰতেও এই পিতৃপিতামহৰ ৰাজ্যৰ অধিকাৰী হব পাৰিব। কিন্তু কুজী সাধাৰণ নহয়, কুঁজী ৰাজনীতিতো পকা। গতিকে কুঁজীয়ে মিঠা মাতেৰে তিৰস্কাৰ কৰি কলে :—
 “ৰজাৰ কুলত জনম ধৰি, আৰু ৰজাৰ মহিষী হৈও তই ৰাজনীতিৰ কুটিলতা বুজি নেপাৱ!” (৬) [] এই বুলি কুঁজীয়ে ৰাজ- নাতিৰ কুটিলত বুজাই দিলে,—“এশ বছৰৰ পাচত ভৰতে ৰাজ্য পোৱা কথাটো মিছা; যিহেতু এতিয়া ৰাম ৰজা হলে, তাৰ পিচত তেওঁৰ পুতেক, নাতিয়েক ইত্যাদি ক্ৰমে ৰাজপদ চলি যাব। ভৰত চিৰ- কালৰ নিমিত্তে ৰাজপদৰ পৰা আঁতৰ হ’ল।” তেতিয়া কৈকেয়ীয়েও বুজিলে, আৰু ৰামৰ অভিষেক বাধা দিবলৈ দৃঢ় প্ৰতিজ্ঞা কৰিলে।


  1. (৫) ভৰতশ্চাপি ৰামস্য ধ্ৰুৱং বৰ্ষশতাৎ পৰং। পিতৃ-পৈতামহং ৰাজ্যমৱাপ্স্যতি নৰৰ্ষভঃ।
  2. (৬) নৰাধিপকুলে জাতা মহিষী ত্বং মহীপতেঃ। উগ্ৰৱং ৰাজধৰ্ম্মাণাং কথং দেৱি ন বুধ্যসে।
[ ৬০ ]

 এই বিলাক কথাৰ পৰা এনে সিদ্ধান্ত স্বাভাবিক ভাবে হয় যে, ৰামৰ নিচিনা ভৰতৰৰ ৰাজ্যত কোনো কাৰণে অধিকাৰ আছিল। দশথে স্নেহতে নাইবা আন কাৰণে, ভৰতক সেই অধিকাৰৰ পৰা বঞ্চিত কৰিবৰ দিহা কৰিছিল। সেই কথাত কুঁজীৰ আদেশ মতে কৈকেয়ীয়ে বাধা দিছিল।

 ইয়াতে ভৰতৰ চৰিত্ৰৰ কথা অলপ নকৈ নোৱাৰি। কৈকেয়ীৰ নিচিনা মাক, কুঁজীৰ নিচিনা দাসী, আৰু কেকয় ৰজাৰ নিচিনা বন্ধু প্ৰভৃতি থাকোঁতেও যে, ভৰতৰ অধিকাৰ নষ্ট কৰিবৰ চেষ্টা হৈছিল, সেইটো কেৱল ভৰতৰ চৰিত্ৰ আৰু ধৰ্ম্ম-জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰি হে। ভৰতৰ চৰিত্ৰৰ কথা দশৰথে নিজে কৈছিল।— “ৰামতকৈও মই ভৰতক ধাৰ্মিক বুলি মাননা (৭) []।” ভৰতৰ এই ধৰ্ম্মজ্ঞানেই দশৰথৰ ঘাই সহায় আছিল। দশৰথে থিৰ কৈ জানিছিল যে, যদি কোনো ৰকমে অভিষেক কৰি ৰামক ৰাজপাটত বহুৱাব পৰা যায়, তেন্তে পাচত আৰু কোনো ভয় নাই। ৰাম ৰজা হলে পাচত ভৰতে ভ্ৰাতৃস্নেহৰ বশ হৈ, নাইবা, অধৰ্ম্মৰ ভয়ত ( যিহেতু ৰাজ্য ৰামৰ পক্ষে পিতৃদত্ত হব ) ৰাজ্যৰ বাবে দাবি নকৰিব, আৰু কোনো প্ৰকাৰ বিবাদে নঘটিব।

 এতিয়া বুদ্ধিমতী কুঁজীৰ কলঙ্কৰ বিচাৰৰ ভাৰ আমি পাঠক- পাঠিকা সকলৰ ওপৰত দিব পাৰোঁ। আপোনালোকে পক্ষপাত নকৰি বিচাৰ কৰি চাওক, এই ঘটনাটোৰ বাবে কুঁজী কিমান জগৰীয়া।
শ্ৰীপ্ৰতাপচন্দ্ৰ গোস্বামী।


  1. (৭) ৰামাদপি হি ত্বং মন্তে ধৰ্ম্মতো বলৱত্তৰম্।
[ ৬১ ]

টীকা।

 প্ৰস্তাবনা—নাট্যকাৰ আৰু নাটৰ চমু আভাস দিয়া নাটকৰ জোৰণি।

 প্ৰতীক্ষা— ( প্ৰতি—ঈক্ষ+অ) বাট চোৱা।

 শিষ্টাচাৰ—{শিষ্ট ( শাস্‌+ক্ত)+আচাৰ} ভদ্ৰ আচৰণ।

 জনপদবাসী—জন পদ = দেশ+বাসী।

 অভিষেক—( অভি—সিচ্‌+ঘঞ ) পানী ঢালি পবিত্ৰ কৰা কাম, ঘাইকৈ ৰজা পতা উৎসৱ; কিয়নো তাত পবিত্ৰ জলেৰে গা ধুওৱা হয়।

প্ৰশ্ন।

 ১। অৰ্থ লিখাঁ আৰু বাক্য ৰচনা কৰাঁ—ষড়যন্ত্ৰ, সিদ্ধান্ত, সদৰী, কাঁথি, সূত্ৰধাৰ, চাবিকাঠী, সূত্ৰপাত।

 ২। ধাত্ৰী, গৰীয়সী, জননী, বুদ্ধিমতী—এই কেইটা পুংলিঙ্গত কি হব কোৱাঁ।

 ৩। ৰামৰ বনবাসৰ বাবে কুঁজীক কিমান জগৰীয়া বুলি ভাবা?

[ ৬২ ]

সুখ।

 সকলো দেশতে সকলো মানুহে যুগে যুগে খালী সুখকে বিচাৰিছে। আমি সকলো সুখৰ কাৰণে মহা ব্যস্ত। আমি সকলো সময়তে সুখকে হে বিচাৰোঁ। আজি থিয়েটাৰ, টিকিট কিনিবৰ পইচা মোৰ হাতত নাই, তথাপি পৰৰ পৰা ধাৰকৈ থিয়েটাৰ চাবলৈ লৰ ধৰিম। কাইলৈ বায়স্কোপ,—আমি হেঁচা-ঠেলাকৈ বহি গৰমত সিজি বায়স্কোপ চামেই। পৰহিলৈ ছাৰ্কাছ; দূষিত বায়ু খাই ইনফ্লুয়েঞ্জা আদি সংক্ৰামক ৰোগৰ সম্ভাৱনা বৰণ কৰিও ছাৰ্কাছ চাম। আজি-কালিৰ সভ্যদেশৰ এইবিলাক আয়োজন আমাৰ সুখৰ কাৰণেই। যিমান দিন মনৰ বল থাকে, সেই কেইদিন হে আমাৰ সুখৰ দিন। যিমান দিন শৰীৰত শক্তি আছে, চকুত জ্যোতি থাকে, সেইকেইদিন হে আমাৰ ভোগৰ দিন, সেই কাৰণে সময় আৰু সুবিধা থাকোঁতেই সুখ-ভোগ কৰাত আমি মহা ব্যস্ত।

 কিন্তু যিমানেই আমাৰ ভোগৰ আয়োজন বাঢ়িছে, সুখৰ আয়োজন বেছি হৈছে, সিমানেই আমাৰ অশান্তিও বাঢ়িছে। মনত অশান্তি, শৰীৰত অশান্তি, বাহিৰত অশান্তি, ঘৰত অশান্তি, পৰত অশান্তি, ভিতৰত অশান্তি—চাৰিওফালে অশান্তিময়। যিমানেই সুখভোগৰ ইচ্ছা বেচি হৈছে, সিমানেই সুখ আমাৰ ওচৰৰ [ ৬৩ ] পৰা আঁতৰলৈ গৈছে। কাৰণ প্ৰকৃত সুখ সত্যৰ ওপৰত প্ৰতিষ্ঠিত। য’ত সত্য, তাতে সুখ, অসত্যই আমাক সুখ দিব নোৱাৰে। ত্যাগে হে আমাক আচল সুখ দিয়ে, ভোগে আচল সুখ দিব নোৱাৰে। ঘৰ আমাৰ ইমান সুখৰ কিয়? কাৰণ ঘৰত ত্যাগ আছে, ঘৰৰ সকলোৱে ইজনৰ কাৰণে সিজনে ত্যাগ কৰে, সেই কাৰণে ঘৰ আমাৰ ইমান সুখৰ। আমাৰ অন্তৰ যিমানেই দুখপূৰ্ণ নাথাকক, ঘৰ পালেই আমি সকলো পাহৰি যাওঁ। ঘৰ ভগা হওক, কিন্তু আমাৰ মানত সেয়ে স্বৰ্গ; ঘৰৰ লোণ-ভাত আমাৰ মানত অমৃত; কাৰণ যিটোৱে মানুহক আচল সুখ দিব পাৰে, ঘৰত সেয়ে আছে। গৃহস্থ-ঘৈণী, লৰা-ছোৱালী সকলোৱে ইজনে সিজনৰ কাৰণে আত্মত্যাগ কৰে, সেই কাৰণে ঘৰ ইমান সুখৰ। স্বাৰ্থ- পৰতাই মানুহক টকা দিব পাৰে, কিন্তু স্বাৰ্থপৰতাই মনৰ শান্তি দিব নোৱাৰে। আপোন-পেটীয়া মানুহে সুখ বুলি সুখ বিচাৰি ফুৰিলেও সুখ নাপায়।

 আমি দুখীয়া হলে নিজৰ অৱস্থাক ঘিণ কৰোঁ আৰু নিজক দুখীয়া ভাবি অসুখী হওঁ। কিন্তু দুখ যে বহুত সময়ত ঈশ্বৰে আশীৰ্ববাদ-স্বৰূপে পঠায় সেইটো আমি নুবুজোঁ। যদি সেইটো বুজিলোঁহেঁতেন তেনেহলে আমাৰ জীৱনৰ আধা দুখ, আধা অশান্তি একেবাৰে কমি গলহেঁতেন। দুখত পৰিলে আমি ধৈৰ্য্য শিকোঁ, দুখৰ লগত যুদ্ধ কৰি কৰি মানসিক বল পাওঁ। নিজে দুখীয়া, সেই কাৰণে দুখীয়াৰ দুখ বুজোঁ। দুখীয়াৰ দুখ বুজোঁ দেখি দুখীয়াক বিপদত সাহায্য কৰোঁ, আৰু এইদৰে নিজৰ সৎগুণখিনি ফুটাই [ ৬৪ ] তুলিবলৈ সুবিধা পাওঁ। যিজনে পৰৰ কাৰণে খাটে, পৰৰ কাৰণে ভাবিব পাৰে, তেওঁ নিজৰ সুখ আৰ্জ্জে, কাৰণ তেওঁ কৰিবলগীয়া কাম কৰে। কামে হে মানুহক আচল সুখ দিয়ে। কৰ্ত্তব্য কৰিলে হে মানুহে আচল সুখ পায়। দুখীয়াৰ শৰীৰ সবল হয়। তেওঁবিলাকৰ শৰীৰ আটিল আৰু মন দৃঢ় হয়। কামত ব্যস্ত থাকে দেখি তেওঁবিলাকৰ মন প্ৰফুল্ল। কাল্পনিক কষ্টই তেওঁবিলাকৰ অশান্তি বঢ়াব নোৱাৰে। সেই কাৰণে নিজক দুখীয়া ভাবি, নিজৰ অৱস্থাত অসন্তুষ্ট হৈ আমাৰ মন অশান্তিময় কৰি তোলা আমাৰ মহাভ্ৰম।

 যদি আমি সুখী মানুহ বিচাৰি যাওঁ, ধনীতকৈ দুখীয়াৰ ভিতৰত হে সুখীৰ সংখ্যা বেছি পাম। সহজে পোৱা বস্তুৱে মানুহক সিমান সুখ দিব নোৱাৰে। ভোগ কৰি কৰি ধনীক ভোগে আমুৱায়, ভোগে আৰু তেওঁবিলাকক তৃপ্তি দিব নোৱাৰে। তেওঁ- বিলাকৰ কাম নাই, সেই কাৰণে বহি বহি আমুৱায়। তেওঁবিলাকে ভোক কি বস্তু বুজি নাপায়, সেই কাৰণে নানা সুখাদ্যয়ো তেওঁ বিলাকক তৃপ্তি দিব নোৱাৰে। তেওঁবিলাক দুখত পৰা নাই, সেই কাৰণে তেওঁবিলাকে পৰৰ দুখ বুজিব নোৱাৰে। যিজনে পৰৰ কাৰণে একোকে নকৰে, যিজনে পৰৰ কাৰণে ভাবিব নোৱাৰে, তেওঁ নিজৰ কাৰণেও একোকে নকৰে বুলি ভাবিব লাগে। কাৰণ কামে হে মানুহক আচল সুখ দিয়ে, কৰ্ত্তব্য কৰিলে হে মানুহে আচল সুখ পায়। মানুহে কামত হে আত্ম-তৃপ্তি আৰু ত্যাগত হে সুখ পাব পাৰে। সংসাৰত আপোন-পেটীয়া মানুহ সুখা হব নোৱাৰে। [ ৬৫ ]  আমি সৰল ভাৱে জীৱন যাপন কৰিবলৈ ভয় কৰোঁ, ভাবোঁ সৰল ভাৱে জীৱন যাপন কৰিলে আমাৰ মান-সম্ভ্ৰম নষ্ট হব। বন্ধু-বান্ধৱ সকলে ঠাট্টা কৰিব বুলি সততে আমি ব্যস্ত থাকোঁ, কিন্তু সৰল ভাৱে জীৱন যাপন কৰিলে হে আমি সুখী হব পাৰিম। অহঙ্কাৰশূন্যতা আৰু আড়ম্বৰহীনতাই আমাক সুখী কৰে, বিলাসিতাই আমাক সুখ দিব নোৱাৰে; তাৰে নানা ৰকমৰ কৃত্ৰিম অভাৱৰ সৃষ্টি কৰি আমি নিজক অসুখী কৰোঁ। ধৈৰ্য্যশীল আৰু সংযমী মানুহ সংসাৰত সুখী হব পাৰে। যদি আমি বিবেচনা কবি কাম কৰোঁ, যদি আমি কাৰো অন্যায় নকৰোঁ, যদি আমি নিজৰ কৰ্ত্তব্য কাম কৰিবলৈ হেলা নকৰোঁ, তেনেহলে আমি সংসাৰত সুখী হব পাৰিম।

শ্ৰীহেমপ্ৰভা দাস।

প্ৰশ্ন।

 ১। অৰ্থ লিখাঁ — ত্যাগ, আপোন-পেটীয়া, কৃত্ৰিম, বিবেচনা, আড়ম্বৰ।

 ২। সুখ কি, আৰু কেনেকৈ চলিলে তাক পোৱা যায়।

 ৩। ব্যাখ্যা কৰা—কাল্পনিক কষ্টই•••••• বঢ়াব নোৱাৰে। [ ৬৬ ]

সমুদ্ৰ-যাত্ৰা

( এডেনৰ পৰা পোৰ্ট চেইডলৈ )

 [ লিখক লণ্ডনত পতা ঘূৰণীয়া চ’ৰাৰ মেললৈ অসম দেশৰ প্ৰতিনিধি মনোনীত হৈ প্ৰথম বাৰ ১৯৩০ চনৰ ১৮ অক্টোবৰৰ দিনা বম্বেৰ পৰা যাত্ৰা কৰি ২২ অক্টোবৰৰ দিনা আবেলি এডেন পাইছিলগৈ।]

 ২২ তাৰিখে গধূলি এডেন এৰি, ২৫ তাৰিখে আবেলি চুৱেজ যোজকত সোমালোঁগৈ। এডেনৰ পৰা একেৰাহে গৈ গৈ, ২৬ তাৰিখৰ দিনা পুৱা ৫ বজাত, জাহাজ একেবাৰেই চুৱেজ বন্দৰত ৰ'ল গৈ। তাতে জাহাজ এৰি, মোটৰেৰে ইজিপ্টৰ ৰাজধানী কেইৰো নগৰলৈ যাব পাৰি। নগৰত এপাক ফুৰি-চাকি আৰু ইজিপ্টৰ “পিৰামিড” কেইটাও চাই-চিতি, ৰেলেৰে আহি গধূলি আঠ বজাত পোৰ্ট-চেইড্‌ বন্দৰত আকৌ জাহাজ ধৰিবৰ চল আছে। কিন্তু বাট ভালেখিনি। আমাৰ লগৰ অনেকে সেইদৰেই চাই-চিতি আহিল গৈ।

 চুৱেজতে অলপ বেলি ৰৈয়েই, জাহাজ “চুৱেজ কেনেল্‌” ত সোমাই অতি লাহে লাহে চলিবলৈ ধৰিলে। সাধাৰণতে ডাঙ্গৰ জাহাজ বোৰ ঘণ্টাত ১৮।২০ মাইলকৈ চলে। চুৱেজখালত কিন্তু ৫॥ মাইলৰ ওপৰে চলাবলৈ নিদিয়ে। এই খালটো এটা চালগীয়া [ ৬৭ ] বস্তু। ইয়াক খানোতে অজস্ৰ ধন ভাগিছে আৰু অসংখ্য মানুহৰ বহুকালব্যাপী খাটনি লাগিছে। মানুহৰ অধ্যৱসায়ৰ ই এক যুগমীয়া নিদৰ্শন হৈ জিলিকি আছে। চুৱেজ উপসাগৰৰ পৰা ভূমধ্য সাগৰলৈকে এশ মাইল শান-বালি খানি, জাহাজ চলিব পৰাকৈ এই বিশাল খাল নিৰ্ম্মাণ কৰিছে। আগেয়ে য়ুৰোপৰ পৰা এচিয়ালৈ আফ্ৰিকা দক্ষিণে দি ঘূৰি হে আহিব পৰা আছিল। চুৱেজ খালে যাতায়াতৰ বাট তেনেই চমু আৰু সুগম কৰি পেলালে। মৰুভূমিৰ মাজ গুণে, এই ছোৱা বাটতো বৰ জহ লাগে।

 অতি অতীজ কালতে, নাইল নদীৰ মুখৰ পৰা লোহিত সাগৰলৈকে খাল এটা থকাৰ চিন এতিয়াও হেনো পোৱা যায়। খৃষ্ট জন্মৰ প্ৰায় ৪০০ বছৰৰ আগেয়েই, ইজিপ্টৰ সেই কালৰ শাসনকৰ্ত্তা পাৰস্যসকলে সেই খালকে, বালি খানি অঁতাই-পিতাই, ন-কৈ উলিয়াই লৈছিল। তাৰ পিচত ইজিপ্ট মুছলমানৰ হাতত থাকোঁতেও, খালটো আকৌ খানি কুৰুকি উলিওৱা হৈছিল। কিন্তু ঊনবিংশ শতাব্দীৰ মাজ ভাগলৈ তাৰ চিন-চাবো নোহোৱা হ'ল।

 শেহত, যোৱা শতাব্দীৰ শেহ ভাগলৈ ফ্ৰান্স আৰু ইজিপ্ট দেশে লগ লাগি, কোম্পানী কৰি আৰু সমানে ধন ভৰি বৰ্ত্তমান থকা চুৱেজ খাল খনালে। ইয়াক খানোতে দহ বছৰৰ ওপৰ লাগিছিল আৰু ২৯,৭২৫,০০০ পাউণ্ড ভগন হৈছিল। আমাৰ টকাৰ হিচাপেৰে লিখিবলৈ হলে, এই সংখ্যা তেৰ গুণতকৈও বাঢ়ি পৰিব। ১৮৬৯ চনৰ ১৭ নবেম্বৰ তাৰিখে, যাতায়াতৰ কাৰণে যথাবিধি খাল খুলি দিয়া হ'ল। [ ৬৮ ] কিছুদিনৰ পিচত, ইজিপ্ট চৰ্কাৰে খাল-কোম্পানীৰ নিজ ভাগৰ অংশখিনি বেচিব খুজিলে। ৰুচিয়াই তাক কিনিবলৈ বৰ আগ্ৰহ কৰিছিল। কিন্তু চুয়েজ খাল হাতত নাথাকিলে, ইংৰাজ জাতিৰ বহু কথালৈ অচল হয়, ভাৰতবৰ্ষ আৰু অস্ত্ৰেলিয়ালৈ যাতায়াতৰ নথৈ অসুবিধা ঘটে; এচিয়া মহাদেশত বাণিজ্য বিস্তাৰৰ সুচল নহয়; নৌ-শক্তিত প্ৰাধান্য ৰক্ষাৰ অৰ্থে লাগতিয়াল প্ৰধান এটা সমল নোহোৱা হয়। তদুপৰি, ব্যৱসায়ৰ হিচাপতো, ই এক লাভৰ কাৰবাৰ। ইংলণ্ডৰ সেইকালৰ মহামন্ত্ৰী দূৰদৰ্শী ডিজ্ৰেলিয়ে ( লৰ্ড বেকন্সফীল্ড ) এইবিলাক কথা গৰকি চাই, ইজিপ্টৰ অংশখিনি ৪,০০০,০০০ পাউণ্ডত ততাতৈয়াকৈ বৃটীছ চৰ্কাৰলৈ কিনি পেলালে। ১৯২৭ চনত এই অংশখিনিৰ বজাৰ দাম ৩৬,৫২৪,৩৫০ পাউণ্ড বুলি ধাৰ্য্য হৈছিল। খালটো দীঘে ১০০ মাইল আৰু বহলে তলিত ১১৮ ফুট; কোনো কোনো ঠাইত ১৮০ ফুটলৈকে বহলাইছে। গোটেই খালটো দই ৩৩ ফুট। তাত দুখন জাহাজ একেলগে যাব নোৱাৰে। এখনে কাষ চাপি, বাট এৰি দিলে হে ইখন যাব পাৰে। এই খালে দি সকলো দেশৰে জাহাজ যাবলৈ দিয়ে। একোখন ডাঙ্গৰ জাহাজ খালে দি এবাৰ যোৱা বাবে খাল কোম্পানীয়ে প্ৰায় ৩,০০০ পাউণ্ড মাচুল পায়। খালৰ এমূৰৰ পৰা ই মূৰলৈ যাবলৈ বাৰৰ পৰা পোন্ধৰ ঘণ্টালৈকে সময় লাগে। সমলেখত দিনে ১৭ খনকৈ জাহাজ খালে দি অহা-যোৱা কৰে। তাৰ ভিতৰত, ইংৰাজৰ জাহাজ শতকৰা ৬০ খনৰো ওপৰ।

 চুৱেজ-খালে চুৱেজৰ পৰা পোৰ্ট চেইডলৈকে ইজিপ্ট দেশৰ বিশাল [ ৬৯ ] শাণ বালিৰ দুই মূৰ জুৰি ব্যাপি থাকে। ইয়াৰ দুয়োপাৰ শিলেৰে বন্ধোৱা। তৃণশূণ্য. মৰুভূমিত, দুৰন্ত ৰ’দ মূৰত লৈ, দহ বছৰলৈ খাটি, ধম্‌ধমীয়া বালিৰ মাজত ইমান ডাঙ্গৰ খাল এটা খানি তাৰ দুই দাঁতিয়ে দুশ মাইল ব্যাপী আওগৰীয়া পাৰ দুটা শিলেৰে বন্ধোৱাটো কেনে দুৰূহ কাম তাক ভাবিলে বাস্তবিকতে বিস্ময় মানিব লাগে। খালৰ দুই পাৰে বালিময় দেশ। মাজে মাজে একো ডোঙা তৰাং লোণা পানী থাকে। যাওঁতে সোঁহাতে পকা বালি, ডোঙা-ডোঙে লোণা পানী, আৰু মাজে মাজে বালিৰ পৰ্ব্বতৰ বাহিৰে আন আৰু একো পাবলৈ নাই। তাত মানুহে খাব পৰা মিঠা পানীও হেনো নাই। কিন্তু কি কথা কব নোৱাৰোঁ, বাওঁহাতে হ'লে, সেই বালিৰ মাজতে ঘৰ-দুৱাৰ, গছ-গছনি, খেতি-বাতি, মিঠা পানী, এই সকলোখিনি আছে। খালৰ দাঁতিতে ঠায়ে ঠায়ে ধুনীয়া ফুলনিৰ মাজত ইঞ্জিনিয়াৰ সকলৰ বিনন্দবিলাস বঙ্গলাবোৰ আছে। ইঞ্জিনিয়াৰ বোৰ ফৰাছী দেশৰ মানুহ, কুলি-মালীবোৰ ইজিপ্ট দেশৰ।

 খালৰ পাৰৰ ঠাইৰোৰ পুৰীৰ সাগৰৰ দাঁতিৰ দৰে বৰ মনোৰম লাগে। বালি ঝৰি ঝৰি পোত গৈ থাকে দেখি, খালৰ তলিৰ পৰা সদায় বালি খানি থাকিব লাগে। ইয়াৰ নিমিত্তে কল-কৌশল আছে। বালি খানি নি দূৰত পেলাবলৈ ট্ৰলী লাইন আছে। তাৰ ওপৰে ট্ৰলীবোৰ গাধ, খচ্চৰ বা ঘোৰাই টানি নিয়ে। পকা পাৰ দুটাও ঠায়ে ঠায়ে প্ৰায়েই মেৰামত কৰি থাকিব লাগে। তাত বাজে, সদায় কৰি থাকিবলগীয়া আন আন কামো বহুত আছে। [ ৭০ ] সেই দেখি, এই ইঞ্জিনিয়াৰবিলাকৰ তলত, গোটেই খালতে ঠায়ে ঠায়ে, বেলেগ বেলেগ কামত জুমে জুমে মানুহ সদায় লাগি থাকে।

 খালৰ প্ৰায় আধা বাট গৈ, বাওঁহাতে ইজিপ্টদেশৰ “ইচ্‌মাইলিয়া” নামেৰে এখনি বিতোপন নগৰ পায় গৈ। খালৰ দাঁতিতে, কেইৰোৰ পৰা পেলেষ্টাইনলৈ যোৱা ৰেলৰ বাট এছোৱাও আছে। দুখন এখন ৰেলো লগ পোৱা যায়। খাল প্ৰায় দুভাগ গৈ, এভাগমান থকাতে “কেণ্টেৰা” বোলা ঠাই এডোখৰ আছে। তাতে খাল পাৰ হৈ, ইপাৰৰ মানুহ সিপাৰৰ আৰু সিপাৰৰ মানুহ ইপাৰৰ ৰেলত উঠে। সেই বাওঁহাতেই খালৰ কাণে কাণে, চুৱেজৰ পৰা পোৰ্টচেইডলৈকে এটা সুন্দৰ পকা আলি আছে। তাৰ ওপৰে চলা ২।৪ খন মোটৰ গাৰীও জাহাজৰ পৰা ওচৰতে দেখা যায়। সুদূৰ সাগৰ-পথৰ মাজত লোকালয়ৰ চিন পাই, এই চুৱেজ খালৰ বাট ছোৱাত মনত উলাহ লাগে।

 এই দৰে ইজিপ্টদেশৰ মৰুভূমিৰ মাজে দি, দুই পাৰৰ সুন্দৰ নতুন দৃশ্য চাই, খালে খালে ধীৰ গতিৰে গৈ গৈ ২৬ তাৰিখে গধূলি ৬ বজাত, পোৰ্ট চেইড্‌ নগৰৰ বন্দৰ পালোঁগৈ। চুৱেজৰ পৰা কেইৰোলৈ যোৱা সহযাত্ৰী-সকলো ঘূৰি আহি, ৰাতি ৮ বজাত এই ঠাইতে আকৌ জাহাজত উঠিলহি।

 চুৱেজ খালৰ সিমূৰেই পোৰ্টচেইড্‌ বন্দৰ। খাল এৰা মাত্ৰে, হাৱা-পানীৰ বিভিন্নতা স্পষ্টকৈ ওলাই পৰে। খালৰ বিষম জহৰ [ ৭১ ] সলনি গাত জাৰ লাগে আৰু জাৰ কাপোৰ পিন্ধিবৰ প্ৰয়োজন হয়। সেই গুণে, হঠাৎ ঋতু সলনি হৈ, জেঠৰ মূৰতে জাৰকালি হোৱা যেন অনুমান হয়।
শ্ৰীচন্দ্ৰধৰ বৰুৱা।

টীকা।

 দুৰন্ত—( দুৰ্‌ = বেয়া, অন্ত=পৰিণাম ) যাৰ শেষ ফল বেয়া, ভয়ানক।

 উদ্ভিদ্‌—( উৎ = ওপৰলৈ, ভিদ্‌ = ফাল+ক্কিপ ) মাটি ফালি ওপৰলৈ ওলোৱা; গছ-লতা আদি।

 বিনন্দ-বিলাস— ( বিনন্দ = আনন্দ, বিলাস = খেলা ) আনন্দদায়ক আৰু মনোৰম।

প্ৰশ্ন

 ১। চুৱেজ খাল কোনে, কেতিয়া খনাইছিল? তাক খানিবলৈ কিমান দিন আৰু কিমান ধন লাগিছিল?

 ২। চুয়েজ খালৰ বৰ্ত্তমান গৰাকী কোন? ইংৰাজ কেনেকৈ তাৰ অংশীদাৰ হ’ল?

 ৩। মন পাৰি, কুৰুকি, আওগৰীয়া, চেংচেঙ্গীয়া, বিপাঙ্গ—এই শব্দ কেইটাৰ প্ৰত্যেকটোৰে একোটা বাক্য ৰচনা কৰাঁ।

[ ৭২ ]

সামান্য প্ৰাণী।

(ক)

পৰ্ব্বতৰ নখত তাহাঁতৰ উমি উমি চিকুণ ঘৰটি। পাছৰ ফালে ওখ আকাশ-লঙ্ঘী শিলৰ স্তূপ—মেঘেৰে সৈতে কোলা-কুলি কৰি আছে। সমুখত সেউজীয়া গছ আৰু বন; যিমানলৈ চকু যায় তিমানলৈ এই স্নিগ্ধ ৰসাল সৌন্দৰ্য্য। তাহাঁতৰ অকণমানি ঘৰটোৰ দাঁতিয়ে দি এটি নিজৰা নাচি-বাগি যে কৰ পৰা আহি কলৈ গৈছে কোনোৱে কব নোৱাৰে; কেৱল তাইৰ চিৰন্তন নাচন-বাগন, কুল কুল কৰা হাঁহিৰ, নে হাঁহিতে কন্দা কান্দনৰ, সঙ্গীততকৈও সুমধুৰ ধ্বনি,—এয়ে এটা ধুনীয়া ছবি আঁকি তাহাঁতক চিৰকাল এক অবৰ্ণনীয় আনন্দত ডুবাই ৰাখি আহিছে।

 ঘৰত মতা-মাইকী এহাল আৰু শিশু সন্তান দুটি। খাৱন- দাৱন শেষ কৰি দুপৰীয় দুয়ো নিজৰাৰ পাৰত জিৰায়; সন্তান দুটিএ দৌৰা-দৌৰি কৰি, ইফালে জাঁপ মাৰি, সিফালে বাগৰি পৰি ৰং-ধেমালি কৰে, আৰু অকলশৰীয়া নিজৰায়ো এই কেইটা উদাৰ জীৱ লগ পাই বেছি ৰঙেৰে নাচি নাচি পৰ্ব্বতৰ পৰা নামি আহে; আৰু বেছি মধুৰ সুৰেৰে কুল কুল কৰি গীত গায়।

 এনে নিৰ্ম্মল নিবাৰিল তাহাঁতৰ জীৱন-যাত্ৰা। কতো অলপো আজাহ নাই; খোৱা-লোৱাৰ একো চিন্তা নাই; শৰৎ কালৰ [ ৭৩ ] মেঘৰ দৰে, কেতিয়াবা মনত অলপ দুশ্চিন্তা আহে—দূৰত বাঘৰ হাঁওৰণি শুনিলে, বা কৰবাৰ কেনেবাকৈ বন্দুকৰ বা তেনে কোনো আকস্মিক শব্দ শুনিলে।

 মোৰ এই ক্ষুদ্ৰকথা জংঘলৰ এক হৰিণ পৰিয়ালৰ।

(খ)

 সেইদিন দুপৰীয়া বৰ ৰ’দ। হঠাতে আকাশত মেঘ ওলাল, আকাশখন কলা পৰিল; বিজুলীৰ চক্‌মকনি দুটামান দেখা গল। তাৰ পাচতে দক্ষিণ পশ্চিম ফালৰপৰা বতাহ মাৰিলে। বৰষুণ আহিল। আৰু এঘণ্টামানৰ পাচত আকৌ আকাশ মুকলি হল, আকৌ ৰ’দ ওলাল। মুঠেই বৰষুণৰ টোপাবোৰ বনৰ ওপৰত লাগি থাকি, আৰু ৰ’দত চিক্‌মিকাই, গোটাই জংঘলখনকে এক নতুন শ্ৰীৰে বিভূষিত কৰি তুলিলে—যেন প্ৰকাণ্ড এখন সেউজীয়া দলিচাত মণিমুক্তাৰ ফুল। বহাগ মাহত এনেকুৱা বতৰ মাজে- সমযে হয়।

 হৰিণ-হৰিণী নিজৰাৰ পাৰত শুই আছিল। হৰিণে কলে,— “হৰিণী, ঘাহবোৰৰ কোমল আগ ওলাল। আজি বৰষুণ পৰি আৰু কোমল হৈছে। বলাঁ, আজি অলপ দূৰৰ পৰা চৰি আহোঁহঁক।”

 হৰিণীএ কলে,—“এৰা, যাব পাৰিলে ভাল আছিল তো! ইয়াত আজি অত দিনে শুই শুই গাটোও মেৰমেৰীয়া লাগিছে। পাছে, আজি যোৱাটো ভাল নহব। অথনি দুটা হাতীত আঠ- দহজন মানুহ এই ফালে দি যোৱা দেখা নাই জানো? তাতে আজি [ ৭৪ ] কেইদিনমানৰপৰা সোঁ চকুটোও খৰ খৰ কৰি লৰি আছে। আন এদিন যাম বাৰু; আজিলৈ থাওক।”

 হৰিণে উত্তৰ দিলে,—“তোমাৰ কথাবোৰ সদায় এনেকুৱাই। মই যি দিনাই কিবা এটা কৰিব খুজিম, তুমি কিবা নে কিবা এটা উলিয়াবাই। আজি নো কি হল বাৰু, আজিয়েই যাওঁহঁকচোন বলাঁ।”

 হৰিণীএ কলে,—“মোৰ কথাত নো এতিয়া সোৱাদ লাগিব কেনেকৈ? কোমল ঘাঁহ খাবলৈ যাব লাগে নে, সেই দলনিৰ ওচৰৰ ভেৰটোলৈ যাব লাগে, তাকে কওক। মই দেখিছোঁ, তাত থকা সৌ চেঙেৰী হৰিণীজনীৰে বিলৰ কাণত ফুচ্‌ফুচাই কথা পাতি থকা।”

 কথাটো হলে সঁচা হয়। বিলৰ পাৰৰ ইকৰাৰ ভেৰত আচলকৈ ধুনীয়া গাভৰু জনী থাকে; আৰু সুন্দৰ দেখিলে জীয়াত চকুৱে কেতিয়াবা নোচোৱা কৰি থাকিব পাৰে জানো? হৰিণে চায়। কিন্তু চায় হে; ছলিয়ে আকাশৰ জোন নাচায় জানো? ফুলে ফুলৰ ফালে চাই নাথাকে নে? আকাশে জানো শৰৎ কালৰ তন্বী নদীলৈ চাই থাকি মোহ নাযায়! সেই চোৱা।

 কিন্তু প্ৰগাঢ় প্ৰণয়-পদুম ফুলটিৰ কাঁইটো আছে; সি ঈৰ্ষা।

 হৰিণৰ মনত বৰ অভিমান হল। সি কাহানিৰ কথা, প্ৰায় মনত নপৰে। তাৰ মাক-বাপেকৰ কি হ’ল তাক সি নাজানে; আৰু তায়ো নাজানে তাইৰ মাক-বাপেকৰ কি হ’ল। অহু-কাণে, পহু-কাণে শুনিছিল মুঠেই, যে ওচৰৰে কোনোবা বৰ ডাঙৰীয়াৰ ঘৰত সকাম হৈছিল, কোন কাহানিবাই; আৰু বহুত মানুহে জাল, [ ৭৫ ] বন্দুক, হাতী লৈ জাৰণিত সোমাইছিল। সেইদিনা হৰিণৰ বংশত মৰক লগিছিল। কোনেও দেখা নাছিল যে তাহাঁতৰ মাক-বাপেকক কোনোবাই মাৰি নিলে। কিন্তু আটাইৰে অনুমান সেইটো হে।

 তাৰ পাচত দুয়ো অকলে অকলে কেটামান দিন অনাই-বনাই অকলশৰীয়া হৈ ফুৰি ফুৰিছিল। এদিন এই নিজৰাৰ পাৰতে দেখাদেখি। তেতিয়া জংঘলৰ গছে গছে নতুন কোমল পাত, লতাই লতাই কুসুম পুলক। ঘাঁহবোৰৰ কোমল সেউজীয়া বৰণ। বতাহ কঁপি কঁপি আহে আৰু যায়; আৰু নিজৰাৰ নতুন প্ৰাণ, নাচি নাচি শীতল পানীৰে, সুললিত সুৰেৰে বননি জুৰি পেলাই, আকুল কৰাই, কৰবালৈ যায়। তেতিয়া বেলি ডুব যায় যায়। গছৰ পাতৰ মাজে দি সূৰ্য্যৰ কিৰণবিলাকে মণি-মুক্তাৰ মালাৰ দৰে সমস্ত বননিতে এক অপৰূপ জেউতি চৰাই দিছিল। দুয়ো দুই ফালৰ পৰা আহিল, পানী খাবলৈ, পিয়াহ পলুৱাবলৈ। বিধিৰ বিধান; তাতে দুয়ো দুয়োৰে অন্তৰৰ পিয়াহ বুজি পালে; আৰু স্বৰ্গৰ ঋষিৰ দৰে দুয়ো দুয়োতে সন্তোষ পাই, তৃপ্তি পাই, প্ৰথম মিলনৰ তীৰ্থক্ষেত্ৰতে থাকিবলৈ ললে।

 কোন কাহানিৰ কথা সি, মনত নপৰে। সেইদিনাৰ পৰা হৰিণাৰ আন চিন্তা নাই—হৰিণীৰ চিন্তা আৰু সন্তান দুটিৰ ভাবনা। তথাপি, ইমানতো অবিশ্বাস! তাৰ মনত বৰ অভিমান হল। সি বেছি একো নকলে, “বাৰু তোমাৰ খুচি” এই বুলি সি ঘৰৰ পৰা ওলাই আহিল। [ ৭৬ ]

(গ)

 ওলাই আহিল হয়; কিন্তু যায় কেনেকৈ? যিমানেই সি কোমল ঘাঁহ দেখে, যিমানেই আকাশৰ স্নিগ্ধ কোমল জীপাল সৌন্দৰ্য্যই তাৰ প্ৰাণটোক উদাৰ কৰি তোলে, যিমানেই আকাশে-বননিয়ে নতুন ৰূপ ধৰি তাৰ অন্তৰতম আত্মালৈকে পুলক তুলিব খোজে, তিমান তাৰ মনত পৰে হৰিণীলৈ। আজি তায়ে লগত থকা হলে, কিমান সন্তোষৰ কথা হলহেঁতেন।

 সেইদেখি বিলৰ পাৰৰ ভেৰলৈ যোৱ নহল। কিন্তু, ইমান অভিমান কৰি আহি নো ঘৰলৈ ফিৰে কেনেকৈ? সি ঘৰৰ পৰা অলপ আঁতৰলৈ আহি অলপ হাবি থকা ঠাইত আগৰ ঘুলি এটা বিচাৰি উলিয়ালে। ৰদৰ পাচত বৰষুণ পৰি শুকান মাটিৰ সুগন্ধই আকাশ ছানি ধৰিছে; সি তাতে নিঃপয় দি শুলে; কিন্তু মূৰটো দাঙি চাই থাকিল তাৰ ঘৰৰ ফাললৈ। তাৰ ঘৰ তাৰ পৰা দেখি।

 তাৰ মনত কিমান সুখ-দুখৰ কল্পনা! তিৰীজাতি অতি নিষ্ঠুৰ নিকৰুণ, একো নুবুজে। তাৰ মনৰ কথাটো হৰিণীএ ইমান দিনে বুজিব পৰা নাই নে? আৰু সি ইমান খং কৰি ঘৰৰ পৰা ওলাই আহিল, সিজনীএ নো এবাৰ ফিৰিও চাব নাপায় নে?

 এইদৰে সি নানান কথা ভাবি, অভিমান, খঙত আৰু মৰমত কি কৰোঁ কি নকৰোঁ হৈ আছে, আৰু ডিঙি মেলি তাৰ ঘৰৰ ফালে চাই আছে;—তাহাঁতে নো কি কৰে।

 হৰিণীৰো মনত বৰ বেয়া লাগিল। তাই বুজিলে যে অনাহকতে [ ৭৭ ] তাই গিৰীয়েকক কটু-কাটব্য কৰিছে। সেই দেখি তায়ো কিছু পৰ উচ-পিচ কৰি থাকি, সন্তান দুটিক কলে, “তহঁত বাৰু ইয়াতেই থাক; দুষ্টালি কৰি আন ফালে নেযাবি। হাতী দুটাৰে আজি মানুহ হাবিত সোমাইছে; সিটোৰ বা কি হয়!” এইবুলি কৈয়েই হৰিণীৰ অন্তৰ কঁপি উঠিল! তাইৰ মুখৰ পৰা দেখোন হঠাৎ অমঙ্গলীয়া কথাটো ওলাই পৰিল। যি ঈশ্বৰ স্বৰ্গ আৰু পৃথিবী, মানুহ আৰু পশু, সকলোৰে সমানে বুজ লওঁতা, তেওঁ নো তাহাঁতৰ এই নিৰ্জু নিৰীহ পৰিয়ালটোলৈ পাহৰিব নে?

 তাই গিৰীয়েকক বিচাৰি কোন ফালে যাব তাকে চাবৰ মনেৰে দীঘল কোমল চকু দুটিৰে ডিঙিটো মেলি চঞ্চল চকু দুটা ইফালে সিফালে ঘূৰাবলৈ ধৰিলে।

 হৰিণে দেখিলে যে হৰিণী এ ইফালে-সিফালে চাইছে; কিজানি তাকেই বিচাৰি আহিব। বিচাৰি বাৰু অলপ দিগ পাওক, এই বুলি সি টলকা মাৰি যতে আছিল তাতে শুই থাকিল। তাৰ কাণ থাকিল, হৰিণীৰ অহা শব্দ নো কেতিয়া পায়।

()

 এনেতে গুৰুম্‌ গুৰুম্‌ কৰি দুটাও শব্দ হল। চক খাই হৰিণে চাই দেখে তাৰ দুই ফালে দুটা হাতী; ওপৰত ৪।৫ টাকৈ মানুহ। তাৰে দুটা মানুহক যেন দেৱে ধৰিছে, তাহাতৰ গাত থৰকাছুটি নাই, চকু ৰঙা আৰু উজ্জ্বল; হাত দুখনত বন্দুক লৈ কঁপিছে।

 কাৰ বন্দুক, কাৰ গাত লাগিল সি কবই নোৱাৰি “হৰিণী ঔ” বুলি চিঞৰ মাৰি ঘৰৰ ফালে এটা কি দুটা লাফ্‌ মাৰিলে। [ ৭৮ ] এনেতে তাৰ মনত পৰিল, তাৰ সন্তান দুটিৰ কথা, মৰমত পমি যোৱা হৰিণীৰ কথা, আৰু নন্দনৰ কুঞ্জৰ সদৃশ তাৰ থকা ঘৰটোৰ কথা। যি যদি ঘৰৰ ফালে যায়, তেন্তে সেই ৰাক্ষস কেইটাই ছলি-পলি সমম্বিতে ঘৰখনকে টনাস্তি নকৰিব নে? সি ফিৰিল। বিদ্যুৎ সঞ্চাৰে ঘৰৰ পৰা ওভোল ফালে লৰ মাৰিলে। তেতিয়া দেখিলে গুলি তাৰ গাতেই লাগিছে; তাৰ গলধনৰ পৰা চৌ-চৌকৈ তেজ ওলাইছে; সি ভয়, আশা, নিৰাশা, বেজাৰত উধাতু খাই আৰু লৰ দিলে।

 লৰি গৈ বিলৰ পাৰৰ ভেৰৰ ওচৰত বাগৰি পৰিল; শক্তিয়ে আৰু নুকুলায়। ভাবিলে কিজানি ৰক্ষসহঁতে ইমানখিনি খেদি আহি নাপাব; আৰু প্ৰাণ যায় যদিও কিজানি ভেৰৰ সেই গাভৰুজনী,—তাই আহি অন্তিম সময়ত তাক অলপ পতি কৰিব পাৰেই।

 কিন্তু হতভাগ্য হৰিণ! তাৰ তেজে যে সি পলাই অহা বাটৰ চিন্‌ কৰি থৈ আহিছে, তাৰ তো সেই ভাব নহল। হাতীয়ে মানুহে খেদি আহি তাক তাতেই লগ পালে। অলপ দূৰৰ পৰা গুলি কৰিবলৈ ধৰিছে যেন অনুমান কৰি, হৰিণে প্ৰাণ টাকি আৰু এটা লৰ মাৰিলে। কিন্তু সেই দেহাই যে আৰু নসয়। তিনি-চাৰি নল গৈ সি ঢেৰমেৰ দি বাগৰি পৰিল। মানুহবিলাকেও সেইখিনি পালে; হাতীৰ পৰা জাঁপ মাৰি তিনি-চাৰিজন মানুহ নামিল; এজনে তাৰ মূৰতে দাৰে কোব মাৰি দিলে; প্ৰাণৰ কাতৰত, মনৰ দুখত হৰিণে চিঞৰ মাৰি দিলে। মুহূৰ্ততে মৰণৰ যন্ত্ৰণাত তাৰ [ ৭৯ ] চকু জাপ খাই আহিল। সেই সময়তে সি যেন দেখিলে, দূৰত তাৰ হৰিণী আৰু বিলৰ পাৰৰ ভেৰৰ গাভৰু—দুয়োৰে দীঘল নোমেৰে আবৰা চকুৰ পৰা গিৰ্‌ গিৰ্‌কৈ চকুলো ওলাইছে। তাৰ কিন্তু সুস্থিৰ জ্ঞান নাছিল, সেই দৃশ্য দেখা-নেদেখাতে তাৰ প্ৰাণ ওলাই গল।

(ঙ)

 হৰিণীএ ডিঙি মেলি চাওঁতে গুৰুম্‌ গুৰুম্‌ শব্দ শুনি তাইৰ গোটেই গাটো কঁপিবলৈ ধৰিলে। পাছ মুহুৰ্ততে দেখিলে, হৰিণ সিহঁতৰ ফালে লৰি আহিছে; কিন্তু ক্ষন্তেকতে সি তাৰ বাট ফিৰালে।

 হৰিণীএ তৎক্ষণাৎ বুজিলে কি হল। দেহাত জীউ নোহোৱা হৈ তাই সি শুই থকা ঠাইলৈ দৌৰি আহিল। তাৰ গাৰ তাপত তেতিয়াও ঠাইখিনি তপত হৈ আছে। তাই চালে, তাত তেজ নাই। মনতে ভাবিলে, “গোসাঁয়ে কিজানি বা ইবাৰলৈ ৰক্ষা কৰিছেই।”

 তথাপিতো তাই হৰিণ যোৱা বাটেৰে লৰি গল। অলপ গৈয়ে দেখে, তেজ। চুলিৰ আগে তাইৰ জীউ উৰি যোৱা যেন হল। হায়! কি কুক্ষণত আজি তাই এনে অশ্ৰাব্য কটু কথাটো কৈছিল। তাইৰ জ্ঞান নোহোৱা হল; চুতি হেৰাল। “আজি ময়ো তোৰ লগতে মৰোঁ” বুলি হৰিণীএ হৰিণাৰ পাছে পাছে লৰ দিলে। লৰি লৰি বিলৰ পাৰৰ ভেৰৰ ওচৰ পালে। তাত গৈ দেখে ভেৰৰ গাভৰুএও হৰিণৰ ফাললৈ চাই কি কৰোঁ কি নকৰোঁ, কি হৈছে [ ৮০ ] কি নহৈছে বুলি তধা লাগি চাই আছে। গাভৰুক দেখি হৰিণীৰ শোক উঠলি উঠিল। তাতে এই জনীকে অন্যায় কৰা নাই নে? দুয়ো লগ লাগিল; কথা হবৰ আৱশ্যক নহল। দুয়ো দ্বিতীয় বাৰ, হৰিণ যি ফালে গৈছিল, সেই ফাললৈ লৰ দিলে।

 এনেতে হৰিণৰ মূৰত সেই দাৰ কোব। তাৰ আৰ্ত্তনাদে আকাশ ভেদি গল; আৰু তাহাঁতৰ বুকত শেল হানিলে। তাহাঁত দুখ-বেজাৰত মৰাৰ দৰে থিয় হৈ ৰল! চকুৱে দি গিৰ্‌-গিৰকৈ লো ববলৈ ধৰিলে।

পাছ মুহূৰ্ত্ততে সেই ৰাক্ষসহঁতে হৰিণক হাতীৰ ওপৰত বান্ধি লৈ গল। ইফালে গধূলি হৈছে।

 হৰিণী আৰু গাভৰু সেই ঠাইলৈ আহিল। আহি দেখিলে হৰিণৰ তেজেৰে গোটাইখন থল ৰঙা পৰিছে আৰু হাতী, মানুহ আৰু হৰিণৰ টনা-আজোৰাত তেজেৰে মাটি-পৰিমিত বোকা হৈ গৈছে।

 দুয়ো মূচ্ছিত হৈ পৰিল।

(চ)

 ইফালে ৰাতি ডেৰপৰমান হোৱাত চিকাৰীহঁত ঘৰ পালেহি। তাহাঁতৰ লৰা-তিৰোতা, পো-পৰিয়াল সকলোৱে বাট চাই আছিল, চিকাৰ চাবলৈ।

 লুষ্ট-পুষ্ট প্ৰকাণ্ড হৰিণ এটি দেখি তাহাঁতৰ জিভাৰ পানী পৰিবলৈ ধৰিলে; আৰু তেতিয়াই খোৱা-কামোৰা খিকিন্দালি কৰি হৰিণাক কাটি নি খাবৰ যো-জা কৰিলে।

—শ্ৰীশৰৎচন্দ্ৰ গোস্বামী।

[ ৮১ ]

টীকা।

 নখ—পৰ্ব্বতৰ নিচেই তলৰ দাঁতি। উমি উমি—অলপ উম থকা।

 নিৰাবিল— (নিঃ—আ—বিল্‌+ক) পৰিবৰ্ত্তন নোহোৱা; একেৰাহে থকা।

 চিৰন্তন—( চিৰং = সদায়+তন = থকা) চিৰকলীয়া।

 আজাহ—আহুকাল। জীয়াত—জীৱন্ত; সজীৱ।

 তন্বী—(তনু = ক্ষীণ+স্ত্ৰীলিঙ্গত ঈ) ক্ষীণা।

 জীপাল—( জীপ+আল )যাৰ জীপ আছে; ৰসাল।

 টনান্তি—( লণ্ডভণ্ড। লুষ্টু পুষ্ট—হৃষ্টপুষ্ট।

প্ৰশ্ন।

 ১। গল্পটো পঢ়ি তোমাৰ মনত কি ভাব খেলাইছে কোৱাঁ।

 ২। হৰিণৰ মৃত্যুত হৰিণ-পৰিয়াল আৰু চিকাৰীৰ পৰিয়ালৰ মানসিক অৱস্থাৰ পাৰ্থক্য দেখুওৱাঁ।

 ৩। জীপাল শব্দৰ দৰে সিদ্ধ হোৱা দহোটা শব্দ লিখা।

[ ৮২ ]

মহাৰাজ ৰাজেশ্বৰ সিংহ।

 মহাৰাজ ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱ আহোম ৰাজপাটত উঠা কালত অসমৰ জয়-জয় ময়-ময়। দেশত ৰণ-কাজিয়া নাই, মিকিৰ-দফলাই যি অলপ সৰুসুৰাকৈ দ্ৰোহ আচৰিছিল, মোগল বিক্ৰমক পৰাস্ত কৰা অসমীয়াৰ ৰণ-কৌশলে তাক হেলাৰঙ্গে দমন কৰিলে। ইটাখুলী-ৰণত বঙ্গালৰ অসম আক্ৰমণৰ আশঙ্কা সমূলে নিৰ্ব্বাপিত হোৱাত অসমৰ স্বৰ্গদেৱে বিচক্ষণ কাৰিকৰৰ হতুৱাই ৰংঘৰ সাজি ৰং-ধেমালি চোৱাৰ সুচল কৰি লৈছিল। মোৱামৰীয়াৰ শিষ্য- সম্প্ৰদায়ে ফুলেশ্বৰী কুৱঁৰীৰ হাতত পোৱা লাঞ্ছনা অপমানৰ দুঃসহ বেজাৰ নিজৰ অন্তৰতে সংগোপনে পুহি আছিল; তাত টিঙ্গিৰি-তুলা লগাই দেশত অশান্তিৰ মহা অগ্নি তেতিয়ালৈকে তেওঁলোকে বিস্তাৰ কৰা নাছিল। ৰজা সন্তুষ্ট, পাত্ৰ-মন্ত্ৰী সন্তুষ্ট, প্ৰজা-সকলে ৰণবিগ্ৰহৰ পৰা আজৰি পাই নিজ নিজ খেতি-ব্যৱসায়ত লাগিছে, আৰু অসমীয়াৰ ঐশ্বৰ্য্য বিভূতিৰ পৰিমাণ দিনক দিনে বঢ়াবলৈ ধৰিছে। স্বৰ্গদেৱে শান্তিৰ কোলাত সম্ভৱ হোৱা সকলো কামে কাজে লাগি গৈছে। ৰজাই নিজে পণ্ডিতবৃন্দৰে সৈতে শাস্ত্ৰ, পুৰাণ, ইতিহাস আলোচনা কৰিছে; নিজে নাটক ৰচিছে; নাটকৰ ভাৱনা চাইছে; বিদেশৰ পৰা বাজীকৰ আনি ৰং-তামাচা কৰাইছে; কাঁড়- হিলৈ লৈ চৰাই পহু মাৰি বীৰোচিত গুণবোৰ সতেজ ৰাখিছে; আৰু [ ৮৩ ] দেশৰ নানা ঠাইত ফুৰি প্ৰজাৰ সমৃদ্ধি, দৈন্য আৰু ৰাজ্যৰ অৱস্থা চাই ফুৰিছে। ধৰ্ম্ম প্ৰাণ স্বৰ্গদেৱে মঠমন্দিৰ সাজি আৰু তীৰ্থাদিত গৈ দান-দক্ষিণা দি ৰাজ্যৰ সুমঙ্গল কামনা কৰিছে। দুৰ্দ্ধৰ্য ৰজাৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ দাঁতিয়লীয়া ৰজা আহি স্বৰ্গদেৱৰ শৰণাপন্ন হৈছে: স্বৰ্গদেৱে অভয় প্ৰদান কৰি শৰণীয়া ৰজাক স্বৰাজ্যত সংস্থাপন কৰিবলৈ সৈন্য-সামন্ত দি পৰাক্ৰমী সেনাপতিক পঠাইছে।

 এই দৃশ্য কেনে মনোৰম! অসম ৰাজ্যৰ শান্তিময় ভোগালি কালৰ দিনকেইটা কেনে বিতোপন! ইয়াৰ লগত ৰণবিগ্ৰহৰ দিন কেইটাৰ তুলনা কৰক।—মোগলৰ নবাবে আঙ্গুলি জোকাৰি অসমীয়া ৰজাৰ পৰা পেচকচৰ দাবি কৰিছে। দেশৰ মৰ্য্যাদা-হানিত ক্ষুব্ধ হোৱা স্বৰ্গদেৱ আৰু পাত্ৰ-মন্ত্ৰীয়ে তাৰ পোটক তুলিবলৈ যুদ্ধৰ বিপুল আয়োজন কৰিছে। কমাৰে হিলৈ তৈয়াৰ কৰিছে; চাউল- সমলীয়াই সৈন্যৰ কাৰণে ৰচদ-পাতি যোগাৰ কৰিছে; নাওশলীয়া বাঢ়ৈয়ে তিনিকুৰি, চাৰি কুৰি হতীয়া দীঘল যুদ্ধৰ নাও সাজিবলৈ ধৰিছে; ভাগিযোৱা কোঠবুৰুজ আৰু গড়প্ৰাঞ্চিৰ মেৰামতি চলিছে; হিলৈদাৰী সৈন্যবোৰে হাতত হিলৈ, কাঁড়ীয়ে ধেনুকাঁড়, বাৰূৱতীয়ে ঢাল-বাৰু লৈ ক্ষতিক্ষণ নোহোৱাকৈ কাৱাজ কৰিছে; যখৰীয়া আৰু খাৰঘৰীয়াই খাৰ-বাৰুদ তৈয়াৰ কৰি ৰণৰ সম্বল যোগাইছে; চোৰাংচোৱাই চোৰাং কৰি শত্ৰুসেনাৰ গতি-বিধি আৰু আলেখ-লেখ চাই ফুৰিছে; বিজুলীবেগৰ ঘোৰাত উঠি চোৱাৰী কটকীয়ে স্বৰ্গদেৱ পাত্ৰ-মন্ত্ৰীৰ খা-খবৰ আদেশ-দিহা অনানিয়া কৰি উজনি-ভাটী [ ৮৪ ] কম্পমান কৰি তুলিছে; উজনিৰ সেনাপতি ফুকন-বৰুৱা যুঁজাৰু সকলে আহি লতাশিলৰ পৰা ফটাশিললৈকে, হাজোৰ পৰা বশিষ্ঠ লৈকে সকলো প্ৰজাৰ হৃদয় ৰণ-জেউতিত মতলীয়া কৰিছে। সেই সময়ৰ সকলো প্ৰজাৰ মন-প্ৰাণ, শঙ্কিত, সচকিত, সুতীক্ষ্ন, উদ্বিগ্ন, কম্পমান, চিন্তাকুল! ইয়ো এক দৃশ্য!

 বাস্তৱিকে অসমীয়াসকলে বলবীৰ্য্য স্বাৰ্থত্যাগ আদিৰে সোণৰ সঁফুৰা অসমভূমিত বিদেশীৰ প্ৰতিপত্তি আৰু পৰাভৱৰ ঘুণে ধৰিবলৈ নিদিবৰ কাৰণে যি প্ৰাণ-পৰিশ্ৰম কৰিছিল, সেই সকলোৰে ফল- ভোগ কৰিছিল ৰাজেশ্বৰসিংহ স্বৰ্গদেৱে।

 ৰণ-বিগ্ৰহত লিপ্ত থাকি চক্ৰধ্বজ সিংহৰ মৃত্যু হল। তাৰ পাচত দেশৰ বিপ্লৱ, মন্ত্ৰীসকলৰ চক্ৰান্ত, ৰাজসিংহাসনত ৰজা উঠিছে, নামিছে। তাৰ পাচত গদাধৰসিংহ যেতিয়া সিংহাসনত উঠে, সিয়ো বহু ভাগ্যচক্ৰ, দুখ-বিপৰ্য্যয়ৰ পাচত। তেওঁৰ ৰাজত্বও ইমান শান্তিময় নাছিল; বঙ্গালেৰে ৰণ, মহন্তসকলৰ নিৰ্য্যাতন, এইবোৰে স্বৰ্গদেৱক শান্তিৰ মুখ দেখিবলৈ নিদিছিল। ৰূদ্ৰসিংহ স্বৰ্গদেৱেও মহা সঙ্কল্প পূৰ্ণ কৰিবৰ মনেৰে দাঁতি-কাষৰীয়া জাতিবোৰক শৰণাপন্ন কৰি বঙ্গ আক্ৰমণৰ বিপুল আয়োজন কৰিছিল; পাচত সেই আয়োজনৰ মাজ খিনিতে হিয়াৰ কামনা হিয়াতে মাৰ নিয়াই মহাৰাজৰ লোকান্তৰ হয়। শিৱসিংহ ৰজাৰ দিনত দেশত শান্তি আছিল, কিন্তু ৰজাৰ দুৰ্দ্দশাৰ বাবে গাভৰুসকলে ৰাজ্যভাৰ পাই এটা সবল সম্প্ৰদায়ৰ প্ৰাণত অপমানৰ কুঠাৰাঘাত কৰি মহা অনিষ্টৰ সূত্ৰপাত কৰে। তাৰ পাচত প্ৰমত্ত সিংহৰ ৰাজত্ব তেনেই তাকৰ[ ৮৫ ] দিনীয়া। ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱৰ কোনো কথাতে অতিচাৰ নাছিল। ধৰ্ম্ম, অৰ্থ, কাম, মোক্ষ এই চতুৰ্ব্বৰ্গ-গুণসম্পন্ন স্বৰ্গদেৱে সুস্থিৰ সুগম্ভীৰ চিত্তেৰে ৰাজ্যশাসন কৰিব পাৰিছিল। ৰুদ্ৰসিংহ স্বৰ্গদেৱক আমি যদি আহোম-আকবৰ বোলোঁ, ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱক আমি আহোম চাজাহান বুলিব পাৰোঁ।

শ্ৰীসূৰ্য্যকুমাৰ ভূঞা।

টীকা।

 গড়প্ৰাঞ্চি—গড়+প্ৰাচীৰ।

 কোঠ-বুৰুজ—গোটা বাঁহ কাঠেৰ বেৰা দিয়া কোঠ বা গড়।

 বঙ্গাল—বিদেশী মানুহ।

 কৌশল—( কুশল = নিপুণ+ষ্ণ ) নিপুণতা।

 পৰাস্ত — (পৰা অস্‌ = খেদোৱা+ক্ত) পৰাজিত।

 সমৃদ্ধি ( সম্—ঋধ = বাঢ় + ক্তি) ঐশ্বৰ্য্য।

 দুৰ্ধৰ্ষ — ( দুৰ্‌ = কঠিন, ধৃষ = বল কৰ+ঘঞ্‌ ) যাক পৰাজয় কৰা কঠিন; পৰাক্ৰমী।

 চোৱাৰী—( ফাৰ্চী ) অশ্বাৰোহী।

প্ৰশ্ন।

 ১। বাক্য ৰচনা কৰাঁ:—পোটক, ৰণ-জেউতি, ক্ষতিক্ষণ, আলেখ-লেখ, সঁফুৰা, উদ্বিগ্ন।

 ২। ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱৰ দিনত অসমৰ অৱস্থা কেনে আছিল, বৰ্ণনা কৰাঁ।

[ ৮৬ ]

মহম্মদ।

 আজি প্ৰায় তেৰ শ বছৰ অতীত হল মহম্মদে ইহলোক এৰি স্বৰ্গধামলৈ প্ৰয়াণ কৰিলে; কিন্তু আজিও পৃথিবীৰ অন্যূন ১৮ কোটী মানুহে তেওঁৰ নাম দিনে ৰাতিয়ে ভক্তিৰে লব লাগিছে, তেওঁৰ প্ৰতি কৃতজ্ঞতা জনাব লাগিছে। যি ধৰ্ম্মৰ প্ৰভাৱত অসভ্য আৰব জাতি মানুহ হৈ উঠিল, সেই ধৰ্ম্মৰ প্ৰতিষ্ঠাপক কোন? নিঃসহায়, নিঃকিন, এনে কি, দুবেলা দুমুঠি খাবলৈ সংস্থান নোহোৱা মহম্মদে কিহৰ বলত এই নতুন ধৰ্ম্ম স্থাপন কৰি সমাজক নতুন সঞ্জীবনী শক্তি দান কৰিবলৈ ক্ষমতা পালে? মহম্মদ নিজে নিৰক্ষৰ আছিল বুলিলেও অত্যুক্তি নহয়। তেওঁ কৰ পৰা কোৰাণৰ বিশুদ্ধ আৰবী ভাষা শুনালে? কি লাভ কৰি মহম্মদে পৃথিবীৰ ৰাজ- সিংহাসন পায়ো ভৰিৰে ঠেলি পেলালে?—নিজে গৰীব বেশেৰে গোটেই জীৱন আনন্দেৰে কটাব পাৰিলে? সেয়ে হৈছে তেখেতৰ ধৰ্ম্মবল; ঈশ্বৰৰ ওপৰত অটল বিশ্বাস! ঈশ্বৰক যি লাভ কৰে, তেওঁৰ মানত সংসাৰৰ যাবতীয় সম্পদ লোষ্টবৎ নহৈ কি হব পাৰে?

 যি সময়ত গোটেই আৰব দেশ মহম্মদৰ ইঙ্গিতত চলিছিল তেতিয়াও মহম্মদৰ অৱস্থা কেনে আছিল জানিলে বিস্ময় মানিব লাগে। তেওঁৰ পিন্ধনত বাৰ সিয়নি মৰা এড়োখৰ মাথোন কাপোৰ। কেতিয়াবা নতুন এখন পিন্ধিবলৈ পালে ঈশ্বৰক এইদৰে উপাসনা [ ৮৭ ] কৰিছিল , “প্ৰভু, তোমাৰ অশেষ কৰুণাৰ বলত মই লাজ নিবাৰণ কৰিবলৈ এই কাপোৰ পাইছোঁ—মই জীয়াই থাকোঁমানে ই মোৰ শোভা বঢ়াব। ইয়াৰ গুণ ভাগৰ কাৰণে তোমাক শত ধন্যবাদ, কিন্তু ইয়াৰ দোষ ভাগৰ পৰা মোক সদায় ৰক্ষা কৰিবা।”

 তেওঁ খাইছিল অতি সাধাৰণ আহাৰ; সিও বহুত দিন দুবেলা হে নেলাগে এবেলাকৈও মিলা নাছিল। অধিকাংশ সময়ত খেজুৰ খাই, কেতিয়াবা একেবাৰেই নিৰম্বু উপবাস কৰি দিন নিয়াব লগা হৈছিল। শুইছিল কঠ এটাত। নিজৰ কাপোেৰ নিজে ধুই নিকা কৰি লৈছিল। জোতা আৰু কাপোৰ ফাটিলে নিজহাতে চিলাই কৰি লৈছিল। ঘৰ-দুৱাৰ নিজে সাৰি-পুছি পৰিষ্কাৰ কৰি লৈছিল। অহঙ্কাৰ নিচেইকৈ নাছিল—আৱশ্যক মতে গাধৰ ওপৰত উঠিও গৈছিল। কোনো দাসে খাবলৈ নিমন্ত্ৰণ কৰিলে তালৈ কেতিয়াও অৱহেলা নকৰিছিল। তেওঁ কৈছিল, “মই নিজেও এজন ঈশ্বৰৰ দাস”। খাবৰ আগতে তেখেতে সদায় ঈশ্বৰক প্ৰাৰ্থনা কৰিছিল। গা ধোৱাৰ পূৰ্ব্বে তেওঁ সদায় দাঁত ঘঁহিছিল। মূৰত তেল আৰু চকুত অঞ্জন ঘনাই সানিছিল। তেখেতে কোনো অলঙ্কাৰ নিপিন্ধিছিল। এবাৰ এজন শিষ্যৰ আগ্ৰহ এৰাব নোৱাৰি এটা সোণৰ আঙ্গঠি পিন্ধি দুদিনৰ পিচত খহাই দি কৈছিল, “ই মনটো কেতিয়াবা ঈশ্বৰৰ পৰা আঁতৰ কৰিব খোজে। এনে বস্তুৰ ব্যৱহাৰ কৰা অবিধি।” তেওঁ শত্ৰুক সদায় ক্ষমা কৰিছিল; বিলাসিতা বৰ্জ্জন কৰিছিল।

 তেওঁ সকলোকে সদয় ব্যৱহাৰ কৰিছিল, নিজৰ দাসসকলক [ ৮৮ ] বৰ পুতৌ কৰিছিল। ল'ৰা-ছোৱালীক বৰকৈ মৰম-চেনেহ কৰিছিল। কেতিয়াবা বাটে-পথেও ল'ৰা-ছোৱালীৰ লগ পালে খন্তেক ৰৈ সিহঁতৰে ধেমালি কৰিবলৈ বৰ ভাল পাইছিল। তেওঁৰ জীৱনত কেতিয়াও কাকো মৰা নাছিল; কাকো কোনো কথাত কেতিয়াও এষাৰ কেটেৰাই মতা নাছিল।

 ৰোগী দেখিলে মহম্মদে নিজে শুশ্ৰুষা কৰিছিল। মৰা শৱ সৎকাৰ কৰিবলৈ নিজে কান্ধত বৈ লৈ গৈছিল। তেওঁ শোকাৰ্ত্তক সান্ত্বনা, দৰিদ্ৰক উৎসাহ আৰু নিৰাশ্ৰয়ক আশ্ৰয় দিছিল। তেওঁ সদায় প্ৰিয়বাদী আছিল।

 ধৰ্ম্মৰ তত্ত্ব জানিবলৈ বহুতো মানুহ তেওঁৰ ওচৰলৈ আহিলে অতি সাদৰে থাকিবলৈ দিছিল। সুখী-দুখী, ধনী-মানী সকলোৱে তেওঁৰ পৰা সমানে আদৰ পাইছিল।

 মহম্মদে কেতিয়াও খৰকৈ কথা নকৈছিল। কিন্তু খোজকঢ়াত তেওঁক বলে পৰা টান আছিল। তেওঁ মিঠাই আৰু মৌ খাবলৈ বৰ ভাল পাইছিল। বৰষুণৰ পানী ধৰি ৰাখি তাকে খাইছিল। নহৰু আৰু পিয়াজ তেওঁ কেতিয়াও খোৱা নাছিল। তেওঁ কথা পাতোঁতে সময়ত বৰকৈ হাঁহিছিল।

 যুদ্ধলৈ যাওঁতে তেওঁ যুদ্ধৰ সাজ পিন্ধিছিল। তেওঁ ৩৩ বাৰ যুদ্ধযাত্ৰা কৰিবলগীয়া হৈছিল। তথাপি এদিনলৈকো তেওঁ হতাশ হোৱা নাছিল, বা যাবলৈ হেলা কৰা নাছিল। কেতিয়াবা কোনো কথা মনত পেলাবলৈ তেওঁ কেঞা আঙ্গুলিত এটা গাঁথি দি থৈছিল। তেওঁ বৰ দানী আছিল। মৰিবৰ আগতে নিজৰ [ ৮৯ ] সকলো বস্তু দান কৰিছিল। ৰোগৰ সময়ত কিছুমান সোণৰ মোহৰ পাই গৰীবসকলক বিলাই দিবলৈ দিছিল। ৰোগৰ পৰা অলপ সংজ্ঞা পালেই সেই মোহৰবোৰ বিলাই দিয়া হল নে নহল খবৰ লৈছিল আৰু যেতিয়ালৈকে দিয়া হল বুলি জনা নাছিল তেতিয়ালৈকে খবৰ লৈয়ে আছিল।

 জ্ঞান সম্পৰ্কে তেওঁৰ ধাৰণা অতি ওখ আছিল। তেওঁ কৈছিল, “জ্ঞানৰ বিষয়ে কথা কলে ঈশ্বৰকে প্ৰশংসা কৰা হয়, জ্ঞান চৰ্চ্চা কৰিলে তেওঁকে পূজা কৰা হয়, আৰু জ্ঞানদানেই হে প্ৰকৃত দান”।

 আৰবজাতিক একতা-ডোলত বন্ধাই তেখেতৰ জীৱনৰ ব্ৰত আছিল। ঈশ্বৰৰ কৃপাত তেখেতে সেই ব্ৰত পালন কৰিবলৈ সক্ষম হৈছিল। কুসংস্কাৰপূৰ্ণ আৰবদেশত সত্যধৰ্ম্ম দান কৰাই মহম্মদৰ একমাত্ৰ লক্ষ্য আছিল। সেই আদৰ্শ তেওঁ পূৰ্ণভাবে লাভ কৰিছিল।

শ্ৰীমহাদেৱ শৰ্ম্মা।

টীকা।

 অত্যুক্তি—( অতি—ৱচ্‌+ক্তি) বঢ়াই কোৱা।

 নিৰম্বু— ( নিৰ্‌ = নোহোৱা+অম্বু =পানী) পানী নথকা, পানীকো নোখোৱা।

প্ৰশ্ন।

 ১। মহম্মদৰ চৰিত্ৰ আৰু তেওঁ দিয়া উপদেশৰ বিষয়ে যি জানা লিখাঁ। [ ৯০ ]

হস্তিনাপুৰত শ্ৰীকৃষ্ণ।

 মহাপ্ৰতাপী যুৱৰাজ বা উঠিৰজা দুৰ্য্যোধন ৰত্নসিংহাসনত উপবিষ্ট হৈ তেওঁৰ ভিতৰ-বিশ্বাসী ভাইবন্ধু দুঃশাসন, কৰ্ণ আৰু শকুনি প্ৰমুখ্যে ভালেমান ভূপাল আৰু কৌৰবগণৰে সৈতে মন্ত্ৰণাত মগ্ন আছিল। শ্ৰীকৃষ্ণ গৈ উপস্থিত হোৱামাত্ৰকে সকলোটিয়ে আসনৰ পৰা উঠি আগ বাঢ়ি গৈ তেওঁক যথাৰীতি সম্মান জনালে। শ্ৰীকৃষ্ণদেৱে আসন গ্ৰহণ কৰি শিষ্টতাৰে সৈতে অলপ পৰ কথাবাৰ্ত্তা পতাৰ পাচত দুৰ্য্যোধনে তেওঁক ভোজনলৈ নিমন্ত্ৰণ জনালে। বাসুদেৱে সেই বাবে তেওঁৰ শলাগ ল'লে, কিন্তু কাৰণবশতঃ নিমন্ত্ৰণ গ্ৰহণ কৰিব নোৱাৰি আক্ষেপ প্ৰকাশ কৰিলে। দুৰ্য্যোধনে সেই কথাত আচৰিত হৈ এই বুলি বাসুদেৱক প্ৰশ্ন কৰিলে,—“হে জনাৰ্দ্দন! ই কি কথা? আপোনাৰ শুশ্ৰষাৰ অৰ্থে সযত্নে যুগুত কৰা আহাৰ-পানী, সাজ-সমল, শয্যা-পাটী আপুনি গ্ৰহণ নকৰাৰ কাৰণ কি? আপুনি দুয়োপক্ষৰে হিতাকাঙক্ষী। আগন্তুক মহাৰণত আপুনি উভয়ৰে উপদেষ্টা। এতেকে, আপুনি উভয়কে সমান চকুৰে চোৱা উচিত।”

দুৰ্য্যোধনৰ প্ৰশ্নৰ উত্তৰত শ্ৰীকৃষ্ণদেৱে এইবুলি সমিচাৰ দিলে,—“হে কৌৰৱ-কোৱঁৰ! আপুনি বিষম নাপাব। মই দেশাচাৰ আচৰিবলৈ বাধ্য হৈ হে আপোনাৰ নিমন্ত্ৰণ গ্ৰহণ কৰিব পৰা নাই। [ ৯১ ] কিয়নো, ৰাজকীয় নীতি অনুসৰি কটকীয়ে নিজৰ উদ্দেশ্য সিদ্ধি কৰিব পাৰিলে হে ভোজনাদি আতিথ্য গ্ৰহণ কৰে। এতেকে, মোৰ যেতিয়া উদ্দেশ্য সিদ্ধি হব তেতিয়া হে মই আপোনাৰ নিমন্ত্ৰণ গ্ৰহণ কৰিম।”

 কৃষ্ণৰ উত্তৰত সন্তুষ্ট নহৈ দুৰ্য্যোধনে পুনৰপি আক্ষেপ-সহকাৰে এইবুলি কবলৈ ধৰিলে,—“হে বৃষ্ণি-কোৱঁৰ! আপোনাৰ এই সিদ্ধান্ত যুক্তিযুক্ত হোৱা নাই। আপোনাৰ লগত আমাৰ কোনো শত্ৰুতা নাই; আপুনি আমাৰ বন্ধু, আত্বীয় আৰু কুটুম্ব। এতেকে আপোনাৰ উদ্দেশ্য সিদ্ধি হওক বা নহওক, আপুনি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰা একান্ত বাঞ্ছনীয়, আৰু নিতান্ত উচিত।”

 দুৰ্য্যোধনৰ ওপৰা-উপৰি অনুৰোধত শ্ৰীকৃষ্ণদেৱে অগত্যা আকৌ এইবুলি যুক্তিসঙ্গত সমিধান দিলে,—“হে কৌৰৱ! আপুনি বিশ্বাস কৰিব মই ক্ৰোধপৰবশ হৈ, কিম্বা ঘিণ কৰি নাইবা কোনো স্বাৰ্থসিদ্ধিৰ উদ্দেশ্যে ধৰ্ম্মৰপৰা কাচিতো নিপিছলোঁ। আপুনি জনা উচিত যে, লোকে হয় প্ৰীতিপৰবশ হৈ, নহয় আপদত পৰি অন্যৰ অন্নগ্ৰহণ কৰে। আপুনি এতিয়া মোক সেই প্ৰীতিৰে সৈতে ভোজন কৰাবলৈ বিচৰা নাই, আৰু ময়ো আপদত পৰা নাই। তেন্তে নো মই আপোনাৰ অন্নগ্ৰহণ কৰিবলৈ কি বুলি বাধ্য? আপুনি অবাবত সোদৰ-সদৃশ পাণ্ডৱগণক হিংসা কৰে; সেইটো নিতান্ত অনুচিত। পাণ্ডৱগণ ধৰ্ম্মপৰায়ণ, সততে ধৰ্ম্মপথাবলম্বী, এতেকে কাৰ সাধ্য সিবিলাকৰ অহিত সাধন কৰে? যি পাণ্ডৱক হিংসা কৰে, সি মোৰ প্ৰতিও হিংসুক; আৰু যি পাণ্ডৱৰ অনুগত, সি [ ৯২ ] মোৰো অনুগত। স্বৰূপত মই পাণ্ডৱৰ পৰা পৃথক নহওঁ। যি লোকে কাম-ক্ৰোধ-লোভ-মোহৰ বশবৰ্ত্তী হৈ অন্যৰ লগত কন্দল পাতে আৰু গুণবানক হিংসা কৰে, সি নৰাধম। যি জনে কল্যাণকৰ গুণসম্পন্ন জ্ঞাতিগণক অকাৰণত দুষ্ট জ্ঞান কৰি সিবিলাকৰ ধনৰত্ন অপহৰণ কৰিবলৈ ইচ্ছা কৰে, সেই অজিতাত্মা দুৰাচাৰে কাচিতো চিৰসঞ্চিত সম্পত্তি সম্ভোগ কৰিবলৈ নাপায়। আন হাতে নিজৰ অপ্ৰিয় হলেও যি গুণীলোকক প্ৰিয় আচৰণেৰে বশ কৰে, চৰকাল যশস্যা ভোগ কৰে। এতিয়া বুজিবলৈ মোৰ বাকী নাই যে, আপুনি কোনো দুৰভিসন্ধিৰে সৈতে মোক ভোজনলৈ টানি আহ্বান কৰিছে। এতেকে মই কেতিয়াও আপোনাৰ সঙ্কল্পিত ভক্ষ্য-সামগ্ৰী ভোজন নকৰোঁ গৈ; ধৰ্ম্মাত্মা বিদুৰৰ কুটীৰত ভোজন কৰিবলৈ হে মই স্থিৰ কৰিছোঁ, আপুনি বিষম নাপাব।”

 শ্ৰীকৃষ্ণৰ অকাট্য যুক্তিপূৰ্ণ উত্তৰৰ প্ৰত্যুত্তৰ কাটিবলৈ ওপৰঞ্চি যুক্তি ঢুকি নাপাই দুৰ্য্যোধন নিৰুত্তৰ হল। নিমিষচেৰেক স্বভাৱতে কাঁহ পৰি-জিন যোৱাৰ নিচিনাকৈ নিজম পৰিল। তাৰ মাজতে দুৰ্য্যোধনে মনে মনে অন্য কোনো কথা পাঙ্গিছে যেন বুজিব পাৰি, তেওঁক সেই অৰ্থে সুবিধা দি শ্ৰীকৃষ্ণদেৱে বিহিতভাৱে বিদায় লৈ অন্যত্ৰ গতি কৰিলে। তেওঁ পোনেই ভীষ্মদেৱ, তাৰ পাচত দ্ৰোণাচাৰ্য্য, তাৰ পাচত কৃপাচাৰ্য্য এই অনুক্ৰমে কুৰুৰাজ-সভাৰ জ্ঞানী, মানী, সজ্জন সকলোকে সাক্ষাৎ কৰি যথাৰীতি প্ৰীতিভাব জ্ঞাপন কৰিলে গৈ। সিবিলাকে অযাচিতে মহাজ্ঞানী পৰমপুৰুষ দৈৱকীনন্দন বাসুদেৱৰ সাক্ষাৎ লাভ কৰি নিজৰ পৰম সৌভাগ্য [ ৯৩ ] বুলি মানিলে। সিবিলাকৰ প্ৰত্যেকেই শ্ৰীকৃষ্ণদেৱক যথাসমাদৰেৰে সিবিলাকৰ নিজ নিজ ঘৰত আলহী হবলৈ বিনীত অনুৰোধ জনালে, আৰু প্ৰত্যেকেই বহুমূলীয়া ৰত্নৰাজিৰে সৈতে তেওঁৰ ওলগ ললে। কিন্তু মহানীতিবান আদৰ্শমানৱ মাধৱে প্ৰত্যেককে যথাযোগ্য সাধু বুজনি দি সিবিলাকৰ সাদৰী অনুৰোধ বিনীতভাৱে প্ৰত্যাহাৰ কৰিলে। তাৰ পাচত, শ্ৰীকৃষ্ণদেৱে সেই সমৃদ্ধিশালী ৰাজপুৰুষ সকলৰ বিচক্ষণীয়া ৰাজপ্ৰাসাদ এৰি থৈ, দীন ক্ষীন ধৰ্ম্মাত্মা বিদুৰৰ সামান্য কুটীৰত আলহী হলগৈ।

 ভোজনৰ পাচত, যথাৱতকৈ জিৰণি লৈ উঠি বাসুদেৱে বিদুৰৰে সৈতে ভিতৰুৱাকৈ কথাবাৰ্ত্তা পাতিবলৈ ধৰিলে। কথা প্ৰসঙ্গত বিদুৰে ভক্তিভাৱে শ্ৰীকৃষ্ণৰ আগত এইবুলি মনোভাৱ ব্যক্ত কৰিলে, “হে মধুসূদন! আপোনাৰ হস্তিনালৈ অহা অসাৰ্থক হব। মই জানো, দুৰাশয় দুৰ্য্যোধনে আপোনাৰ সন্ধি-প্ৰস্তাৱত কাচিতো মান্তি নহয়; বিনা ৰণে কৌৰৱে পাণ্ডৱক গাওঁ এখনো এৰি নিদিয়ে। এতেকে আপোনাৰ দৌত্য বিফল হব। আপুনি সেই উদ্দেশ্যে ইয়ালৈ অহাৰ প্ৰয়োজন নাছিল। হে পুৰুষোত্তম! আপোনাৰ প্ৰভাব, পৌৰুষ আৰু বুদ্ধিৰ বিষয়ে মই বিলক্ষণ জানো; তথাপি মোৰ মনেৰে আপুনি বিপক্ষৰ ফলীয়া হৈ এই সময়ত শত্ৰুৰ ৰাজভবনলৈ অহাটো উচিত নাছিল।”

 জ্ঞানী বিদুৰৰ মুখে সৰল বন্ধুৰ বুজনি শুনি পাণ্ডৱ-কটকী শ্ৰীকৃষ্ণদেৱে এটি সৰল হাঁহি মাৰি এইবুলি সমিচাৰ দিলে,—“হে ধৰ্ম্মাত্মা বিদুৰ! আপোনাৰ সৰল মন্তব্যত মই সম্মানেৰে কাণ [ ৯৪ ] পাতিছোঁ। আপুনি যি কৈছে সেইটো সঁচা হব পাৰে; মোৰ মনতো তেনে ধাৰণা বহিছে। তথাপি যে মই শত্ৰুপক্ষৰ মাজত অযাচিতে সোমাই বিপদমুখীয়া হৈছোঁহি, তাৰ মূল উদ্দেশ্য হৈছে কৰ্ত্তব্য-পালন। এই পৃথিবীত প্ৰকৃত ধাৰ্ম্মিক হবলৈ হলে অধাৰ্ম্মিকক আগন্তুক আপদৰ পৰা ৰক্ষা কৰিবলৈ প্ৰাণ টাকি যত্ন কৰা উচিত। সিবিলাকে আপদত পৰা বন্ধুজনক উদ্ধাৰ কৰিবলৈ পাৰ্য্যমানে আগ নেবাঢ়ে, সিবিলাকক জ্ঞানীজনে নিঠুৰ নিকৰুণ বুলি নিন্দা কৰে! আৰু যিসকলে ৰণগ্ৰস্ত নৰলোকক মৃত্যুমুখৰ পৰা ৰক্ষা কৰি পৃথিবীক ৰক্ষা কৰিব পাৰে, সেইসকলৰ সমান পুণ্যবান লোক নাই; সিসকলৰ সবাতো ভাল ধৰ্ম্মলাভ হয়। তাৰ উপৰি, অকাৰ্য্য কৰি আপদত পৰিবলৈ আগ বঢ়া বান্ধৱক জ্ঞানীজনে চুলিত ধৰি টানি হলেও তাৰ পৰা ৰক্ষা কৰে। দুৰ্য্যোধনে যদি মোৰ সৰল হিতোপদেশত সন্দেহ মানি উপস্থিত অকাৰ্য্যৰ পৰা নিবৃত্ত নহয়, তাত মোৰ লেশমানো ক্ষতি নাই; বৰঞ্চ আত্মীয়জনক উদ্ধাৰ কৰিবলৈ যথাসাধ্য যত্ন কৰা বাবে মই অতুল আনন্দ উপভোগ কৰিবলৈ পাম। তদুপৰি, জ্ঞাতিভেদৰ আগন্তুকত দুৰ্ভগীয়া লোকক যি লোকে জানি-বুজিও সৎপৰামৰ্শ নিদিয়ে, তেনেলোকক কাচিতো আত্মীয় বুলি মানিব নোৱাৰি। এতেকে, মোৰ সৎপৰামৰ্শ দুৰ্য্যোধনাদি কৌৰৱে গ্ৰহণ নকৰিলেও মোৰ বেজাৰ-অসন্তোষ নাই, মই নিজ কৰ্ত্তব্য পালনৰ সুখ অনুভৱ কৰি উলটি যামগৈ।

 শ্ৰীকৃষ্ণৰ উক্তি কাটিবলৈ ভক্ত বিদুৰৰ যুক্তিৰ নাটনি পৰিল; তেওঁ অগত্যা মৌনেন সম্মতি লক্ষণৰ ভাব ধাৰণ কৰিলে। তথাপি [ ৯৫ ] কুৰুৰাজ-কাৰেঙ্গত আৰু কৌৰৱ-শিবিৰত বিশেষ সতৰ্কতাৰে সৈতে গা চাই ফুৰিবলৈ ভিতৰ-বিশ্বাসত ধৰ্ম্মাত্মা বিদুৰে পৰমাত্মা শ্ৰীকৃষ্ণদেৱক আগধৰি যৎকিঞ্চিৎ সঙ্কেত দি থলে। ভগ বান্— বাসুদেৱেও সেই সঙ্কেতৰ বিশেষণত সবিশেষ বুজি ললে।

শ্ৰীপদ্মনাথ গোহাঞি বৰুৱা।

টীকা।

 আক্ষেপ—( আ—ক্ষিপ্‌+ মঞ ) বেজাৰ।

 প্ৰাসাদ— প্ৰ—আ—সদ= থকা+ ঘঞ্‌ ) ৰজাৰ ঘৰ, অট্টালিকা

 কাচিত ( কচিৎ ) —( ক্ক = ক'ত+অনিশ্চয়াৰ্থে চিৎ) কেতিয়াবা।

 অজিতাত্মা— ( অজিত = দমাব নোৱৰা +আত্মা) = যি নিজক দমই ৰাখিব নোৱাৰে, অজিতেন্দ্ৰিয়।

প্ৰশ্ন

 ১। শ্ৰীকৃষ্ণ হস্তিনাপুৰলৈ কিয় গৈছিল?

 ২। শ্ৰীকৃষ্ণই দুৰ্য্যোধনৰ নিমন্ত্ৰণ ৰক্ষা নকৰাৰ কি যুক্তি দিছিল?

 ৩। সন্ধিস্থাপনৰ প্ৰয়োজনীয়তা সম্পৰ্কে শ্ৰীকৃষ্ণৰ অভিমত চমুকৈ ব্যক্ত কৰাঁ।

 ৪। বাক্য ৰচনা কৰা:—উপবিষ্ট, উপদেষ্টা, যুক্তিযুক্ত, স্বাৰ্থসিদ্ধি, 'গুণসম্পন্ন, বিচক্ষণীয়া, বিলক্ষণ, নিবৃত্ত, ভিতৰ-বিশ্বাস আৰু

সঙ্কেত। [ ৯৬ ]

বিদ্যাসাগৰ।

 মনুষ্য মৰণশীল। সমাজ পৰিবৰ্ত্তনশীল। ইতিহাসো স্থায়ী নহয়। কাৰণ মানুহৰ কাৰ্য্যকলাপ লৈয়েই বুৰঞ্জী। মনস্বী কাৰ্লাইলৰ মতে জগতৰ বুৰঞ্জী মানৱজাতিৰ কাৰ্য্যাৱলী; মহৎ লোকসকলৰ জীৱনচৰিতৰ সমষ্টি। পৃথিবীৰ ইতিহাস ভিন্ ভিন্ জাতিৰ উত্থান-পতনৰ এটা স্থায়ী প্ৰতিধ্বনি মাথোন। জাতীয় বুৰঞ্জী অধ্যয়ন কৰিলে দেখা যায় জাতিৰ ভঙ্গা-গঢ়া, সজা-পতা আছে। কোনো মহাত্মাই কেতিয়াবা বিশৃঙ্খল জনসমষ্টিক গঢ়ি- পিটি জাতি কৰিছে, কোনোবা কুলাঙ্গাৰে কেতিয়াবা আকৌ সেই জাতিকে ভাঙ্গি ছাৰখাৰ কৰিছে। এই যে জাতি সজা-ভঙ্গা গঢ়া-পিটা ইয়াক বোলোঁ আমি জাতীয় উত্থান-পতন, জাতিৰ উন্নতি- অৱনতি; কাৰণ ই সৰ্ব্বাঙ্গে মানুহৰ কৰ্ম্মসাপেক্ষ নহয়, ইয়াতো স্বাভাবিকতা আৰু ঐশ্বৰিকতাৰ যোগ আছে। এই জাতীয় উত্থান- পতনত যিসকলে সমাজৰ সংশোধন, জাতিৰ সংগঠন আৰু দেশৰ উন্নতিসাধনত উদ্যোগ আৰু উদ্যম প্ৰকাশ কৰে, অথবা ইয়াৰ অধঃপতনত সহায়তা কৰে সেইসকলে চিৰকাল মানৱ-সমাজত নিজ নিজ কৰ্ম্মফল ভোগ কৰে—কোনোৰ পুৰস্কাৰ ভক্তি-ভজনা, পূজা- অৰ্চ্চনা; কোনোৰ পুৰস্কাৰ তিৰস্কাৰ আৰু অভিশাপ। [ ৯৭ ] কিন্তু যি সকল মানৱ-সন্তানে অসাধাৰণ বীৰত্বৰ বলেৰে আৰু ঐশ্বৰিক প্ৰতিভাৰ সাহায্যেৰে শৰীৰৰ ৰক্তমাংস ক্ষয় কৰি, হৃদয়ৰ পাৰ্থিব আকাঙক্ষা আৰু-সুখ-সম্পদৰ বাসনাত জলাঞ্জলি দি দেশৰ আৰু সমাজৰ উন্নতি-বিধান কৰে, সিবিলাকেই বিভিন্ন ভাব, বিভিন্ন প্ৰবৃত্তি আৰু বিভিন্ন অভিৰুচিৰ মানৱ-সমাজত চিৰকাল দেৱপুৰুষ বুলি সমাদৃত হয়, আদৰ্শ মহাত্মাৰূপে পূজনীয় আৰু অনুকৰণীয় হয়। এই শ্ৰেণীৰ দেৱপ্ৰতিম লোকৰ পূজা-অৰ্চ্চনা দেশ-কাল- অভেদে সচৰাচৰ চলি থাকে, কাৰণ উন্নতি দুৰ্গম পথত আগ বঢ়াবলৈ সিবিলাকেই মানুহৰ পৰম সহায়, প্ৰধান অৱলম্বন। এনে সৰ্ব্বত্ৰ পূজনীয় মহাপুৰুষৰ যি দেশত আবিৰ্ভাব হয় সেই দেশ ধন্য, যি জাতিৰ মাজত জন্ম সেই জাতি গৌৰৱান্বিত। ভাৰতবাসীৰ গৌৰব এই বিষয়ত আন কোনো উন্নত জাতিতকৈ ন্যূন নহয়, বৰঞ্চ অতীজৰ পৰা এতিয়ালৈকে ধাৰাবাহিকহিচাপে ধৰিলে কব লাগিব, ভাগ্যবান পুত্ৰৰ আবিৰ্ভাবত ভাৰতবৰ্ষ সকলো সভ্যদেশতকৈ ভাগ্যবান।

 পুণ্যৱতী ভাৰতভূমি বীৰপুত্ৰপ্ৰসবিনী। “যেতিয়া প্ৰায় গোটেইখন পৃথিবী অজ্ঞান-আন্ধাৰৰ কলা ঢাকনীয়ে ঢাকি থৈছিল, যেতিয়া প্ৰায় সকলো মানুহে উলঙ্গবেশে পৰ্ব্বতৰ গাঁতত বাস কৰি হাবিৰ পহু, পানীৰ মাছ আৰু গছৰ ফলমূল খাই জীৱন ধাৰণ কৰিছিল,” তেতিয়াও এই পুণ্যভূমিত মহাযোগী বশিষ্ঠ আৰু বিশ্বামিত্ৰৰ, শুকদেৱ আৰু নাৰদৰ তপোবনসমুহে অতুলনীয় সৌন্দৰ্য্য বৰ্দ্ধন কৰিছিল। যেতিয়া পৃথিবীৰ অজ্ঞান-আন্ধাৰত ডুবি থকা মানুহে ৰাজ্য[ ৯৮ ] শাসন, প্ৰজা-পালন কাক বোলে বুজ নাপাইছিল, তেতিয়াও এই পুণ্যক্ষেত্ৰত ৰাজৰ্ষি জনক প্ৰজাৰঞ্জক ৰামচন্দ্ৰ আৰু সত্য-ধৰ্ম্মপালক যুধিষ্ঠিৰে পৃথিবীত স্বৰ্গৰাজ্য স্থাপন কৰিছিল। যেতিয়া জগতৰ লোকে অস্ত্ৰ-শস্ত্ৰৰ ব্যৱহাৰ নাজানিছিল, ৰণ-বিগ্ৰহ কাক বোলে ভু নাপাইছিল তেতিয়াও ৰণ-ধৰ্ম্ম-পৰায়ণ মহানুভব পিতামহ ভীষ্ম, মহাবীৰ অৰ্জ্জুন, কৰ্ণ, আচাৰ্য্য দ্ৰোণ প্ৰভৃতি বীৰপুৰুষসকলে এই ভাৰতবৰ্ষতে ধৰ্ম্ম-যুদ্ধৰ বিজয় পতাকা উৰুৱাইছিল। যেতিয়া কাব্য আৰু সাহিত্য, ৰস আৰু অলঙ্কাৰ, ব্যাকৰণ আৰু ৰচনা, গোটেই পৃথিবীৰ মানুহৰ কল্পনাৰ অতীত আছিল, তেতিয়াও কবি-যোগী বাল্মীকি আৰু ব্যাস, কালিদাস আৰু ভবভুতিৰ কাব্যৰসে ভাৰতভূমি ঢৌৱাই দিছিল। এই ভাৰততে তপস্বী ৰাজকুমাৰ শাক্যসিংহ আৰু প্ৰাতঃস্মৰণীয় আদৰ্শ ৰাজপুৰুষ অশোকে পোন প্ৰথমে “অহিসা পৰমোধৰ্ম্মঃ” মত আৰু মানব-প্ৰেম প্ৰচাৰ কৰিছিল। ধন্য ভাৰতবৰ্ষ!

 সোঁৱৰণিৰ অতীত কালত ধৰ্ম্ম-নীতি, সমাজতত্ত্ব, আৰু লোক- হিতৈষিতা প্ৰভৃতিত উচ্চতম সোপানত উঠি, আৰ্য্য হিন্দুসকলে জগতত আদি শিক্ষা-গুৰুৰ স্থান যেতিয়া অধিকাৰ কৰিলে, তেতিয়া ভাৰত-বুৰঞ্জী আৰু আৰ্য্য-ইতিহাসৰ এক আধ্যা পৰিল। ধৰ্ম্মবিহীনতা আৰু সামাজিক কুসংস্কাৰ আৰু কুপ্ৰথাৰ কলা অন্ধকাৰে আৰ্য্যাবৰ্ত্তবাসীক আকৌ এবাৰ ঢাকি ধৰিলে; কিন্তু তেতিয়াও ভাৰত-মাতৃ বীৰ পুত্ৰৰ অভাৱত নপৰিল। সেই মৃতপ্ৰায় হিন্দু- সমাজৰ পুনৰ্জ্জীৱনৰ নিমিত্তে, জাতীয় জীৱনৰ পুনৰ গঠনৰ অৰ্থে [ ৯৯ ] অধঃপতিত ভাৰতবাসীৰ মাজৰ পৰা নানক আৰু গুৰুগোবিন্দ, ৰমানন্দ আৰু কবিৰ, শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীদামোদৰদেৱ, শ্ৰীচৈতন্য আৰু ৰামপ্ৰসাদ আদি মহাত্মাৰ আবিৰ্ভাব হল।

 আধুনিক সময়ত যি সকল ভাৰত-সন্তানৰ বীৰত্ব-কাহিনীয়ে জগতত অক্ষয় কীৰ্ত্তি-মন্দিৰ স্থাপন কৰিছে, সেই সকলৰ ভিতৰত অমৰ পুৰুষ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে বিশ্ব-বন্ধুৰূপে উচ্চ আসনত উপবিষ্ট হৈ জগতৰ নৰ-নাৰীক আলোকিত কৰিছে। ধৰ্ম্মবীৰ ৰামমোহন বৰ্ত্তমান যুগৰ প্ৰৱৰ্ত্তক—ঊনবিংশ শতিকাৰ যুগ-নায়ক। ঈশ্বৰচন্দ্ৰ এই যুগৰ দ্বিতীয় মহাপুৰুষ। এই মহাজনৰ পবিত্ৰ চৰিত্ৰ, সি অসংখ্য চিত্ত-মুগ্ধকৰ আৰু উপদেশপূৰ্ণ ঘটনাৱলীৰে পৰিপূৰ্ণ তাৰ যথাযথ সমালোচনা কৰা অথবা সেই অনুপম চৰিত্ৰ সুন্দৰকৈ অঁকা বৰ্ত্তমান লিখকৰ নিচিনা অভাজন লোকৰ কাম নহয়। তেওঁৰ গুণ বৰ্ণনা আৰু মহিমা কীৰ্ত্তন কৰিব খোজাটাও এই লিখকৰ দুঃসাহস বুলিব পাৰি; কিয়নো সকলো সজ কাৰ্য্যৰে, প্ৰত্যেক পবিত্ৰ অনুষ্ঠানৰে উপযুক্ত স্থান, কাল আৰু পাত্ৰ আছে। কিন্তু সেই বুলি এইটোও নুই কৰিব নোৱাৰি যে ভক্তিয়ে হে ভক্ত কৰে। পূজাৰ অধিকাৰ পোন-পটিয়ে চালে সকলোৰে আছে। তদুপৰি আনি কথাতে কওঁ “কীৰ্ত্তিযস্য স জীৱতি”—যি কীৰ্ত্তিমান, তেওঁ অমৰ। নিজৰ কীৰ্ত্তিয়েই তেওঁক চিৰকাল পূৰ্ণিমাৰ চন্দ্ৰৰ দৰে জিলিকাই ৰাখিব; আমাৰ নিচিনা ক্ষুদ্ৰ শক্তিৰ চেষ্টাত সি এফালে যেনেকৈ বেচি উজ্জ্বল হোৱাৰ সম্ভাৱনা নাই, আনফালে সেইদৰে ম্লান হোৱাৰ সম্ভাবনাও নাই। [ ১০০ ] তেনেহলে নো বৰ্ত্তমান ৰচনাৰ উদ্দেশ্য কি? প্ৰাতঃস্মৰণীয় পুৰুষসকলক স্মৰণ কৰা মানে সিবিলাকৰ উপকাৰৰ ঋণ পৰিশোধ কৰা নহয়, তেওঁলোকক ভক্তি কৰা হে। ভক্তিৰ বলত ভক্তি- ভাজন উচ্চতৰ নহয়, সি ধুৰুপ; কিন্তু ভক্তৰ মন উচ্চ হয়। মহাত্মাসকলৰ নামোচ্চাৰণ আৰু সিবিলাকৰ অলৌকিক কাৰ্য্যৰ পবিত্ৰ স্মৃতিয়ে ভক্তৰ হৃদয় মহৎ কৰে। সেই বাবেই ভক্তি কৰা সকলোৰে দৈনিক কৰ্ত্তব্য কাম। বিশেষ, “জীৱন চৰিত্ৰই জীৱনৰ সকলোতকৈ ঘাই সোৱঁৰণি আৰু কৃতজ্ঞতা প্ৰকাশৰ ঘাই উপায়।”

 বিদ্যাসাগৰ আধুনিক ভাৰতৰ পৰম গৌৰৱ-স্থল; বঙ্গ-জননীৰ বৰপুত্ৰ। তেওঁৰ দীৰ্ঘজীৱন অবিৰত কৰ্ম্মময় আছিল। প্ৰকৃততে কৰ্ম্মবীৰ আছিল। কৰ্ম্মক তেওঁ সকলো কালতে জিনি ৰাখিছিল, কৰ্ম্মৰ দ্বাৰা কেতিয়াও মুহূৰ্ত্তলৈও পৰাজিত হোৱা নাছিল। তেওঁৰ কৰ্ম্ম সৰ্ব্বতোমুখী আছিল। জীৱনৰ মহাব্ৰত উদ্‌যাপনত তেওঁ যি অসাধাৰণ ক্ষমতা আৰু পুৰুষালি দেখুৱালে, সি পৃথিবীৰ অতি কম লোকৰ ভাগত হে ঘটিছে। তেওঁৰ জীৱন- চৰিত্ৰ সেই দেখি অকল বঙ্গালীৰ পাঠ্য নহয়, ভাৰতবাসীৰ আলোচ্য নহয়, ই জগতবাসীৰ চৰ্চ্চা আৰু অনুকৰণৰ বস্তু।

 মহাপুৰুষসকলৰ জীৱন-চৰিত আলোচনা কৰিলে দেখা যায় যে সিবিলাকৰ প্ৰতিভা, ক্ষমতা আৰু কাৰ্য্যতৎপৰতা কোনো এক বা ততোধিক লক্ষ্যলৈ ধাবিত। একোখন কৰ্ম্মক্ষেত্ৰত সিবিলাক কৰ্ম্মবীৰ। কোনোবা ধৰ্ম্মপ্ৰচাৰক গুৰুৰূপে বৰেণ্য, [ ১০১ ] কোনোবা সমাজসংস্কাৰক স্বৰূপে পূজনীয়, কোনোবা ৰাজনীতি বিষয়তে অদ্বিতীয়, আন জন হয় তো জ্ঞানবিস্তাৰ আৰু শিক্ষা- প্ৰচাৰতে অসাধাৰণ। কিন্তু বিদ্যাসাগৰৰ অতুলনীয় প্ৰতিভা, তেওঁৰ অদ্ভুত ক্ষমতা, তেওঁৰ অৱৰ্ণনীয় কাৰ্য্যপ্ৰিয়তা সৰ্ব্বতোমুখী আছিল। উনবিংশ শতাব্দীত ভাৰতৰ ধৰ্ম্ম, ৰাজনীতি, সমাজনীতি, জ্ঞানবিস্তাৰ, শিক্ষাবিতৰণ সকলো বিষয়তে বিদ্যাসাগৰ অগ্ৰগণ্য। ৰামমোহন যুগত ভাৰতবৰ্ষত সকলো সদনুষ্ঠান, সকলো উন্নতি, সকলো কীৰ্ত্তিৰ মূলত দেখিবা বিদ্যাসাগৰ। স্ত্ৰী-শিক্ষাবিস্তাৰ, স্ত্ৰীজাতিক স্বাধীনতা আৰু সুবিধা দান, সৰ্ব্ব-সাধাৰণৰ মনত সংস্কৃত চৰ্চ্চাৰ ভাব উদ্ৰেক, বিদ্যালয়ৰ সহজ সংস্কৃত শিক্ষাবিস্তাৰ, পাশ্চাত্য ভাবপ্ৰচাৰ, ইংৰাজী-শিক্ষা প্ৰবৰ্ত্তন আৰু প্ৰচলন এই সকলোতে বিদ্যাসাগৰৰ কীৰ্ত্তি জ্বলন্ত। ঊনবিংশ শতিকাত অধোগামী হিন্দুসমাজ সংস্কাৰৰ মহাযুদ্ধত বিদ্যাসাগৰ আছিল বিজয়ী মহাবীৰ। বিধবা-বিবাহ প্ৰচলন, বাল্যবিবাহ আৰু বহুবিবাহ নিবাৰণ, সতীপ্ৰথা বাৰণ আদি অতি লাগতিয়াল আৰু স্মৰণীয় সংস্কাৰত বিদ্যাসাগৰৰ অক্লান্ত পৰিশ্ৰম, অভাবনীয় অধ্যৱসায়, অপাৰ্থিব স্বাৰ্থত্যাগ আৰু কৌশল বৰ্ণনা কৰা সাধ্যাতীত। বঙ্গভাষাও বিদ্যাসাগৰৰ প্ৰধান কীৰ্ত্তি। পাৰিবাৰিক জীৱনতো তেওঁ আদৰ্শ গৃহস্থ। এই সকলো বিষয়তে বিদ্যাসাগৰ জগতৰ আদৰ্শ। এনে অলেখ অগণন ঘটনাৱলীৰে পূৰ্ণ বিদ্যাসাগৰৰ জীৱন-চৰিতত পৃথিবীৰ নৰ-নাৰীৰ শিকিবলগা বহুত আছে।

 এই আটাইবোৰত কৈ মূল্যবান সম্পত্তি ভাৰতৰ প্ৰকৃত [ ১০২ ] গৌৰৱৰ বস্তু, বিদ্যাসাগৰৰ অনুপম চৰিত্ৰ। তেওঁৰ দেৱচৰিত্ৰ সকলো সদ্গুণৰ আধাৰ আছিল। সমাজ-সংস্কাৰত বিদ্যাসাগৰৰ সমতুল্য, জ্ঞান আৰু শিক্ষা-বিস্তাৰত তেওঁৰ দ্বিতীয়, সাহিত্য-ক্ষেত্ৰত তেওঁৰ সমনীয়া আন জন থাকিব পাৰে; কিন্তু নিৰ্ম্মল, পবিত্ৰ, আদৰ্শ চৰিত্ৰৰ তুলনাত বিদ্যাসাগৰৰ দ্বিতীয় জগতত নাই। বিদ্যাসাগৰৰ দয়া, তেওঁৰ পৰোপকাৰ, তেওঁৰ বিশ্ব-প্ৰেমৰ তুলনা জগতৰ কোনো দেশৰ ইতিহাসত, কোনো জাতিৰ বুৰঞ্জীত, কোনো লোকৰ জীৱন-চৰিত্ৰত পাবলৈ নাই। সংসাৰত জটিল কৰ্ম্মক্ষেত্ৰত—অকল যে তেওঁ মহাবীৰৰ দৰে কৰ্ম্মৰ লগত যুদ্ধ কৰি বিজয়ী হে হৈছিল এনে নহয়, তেওঁ মনুষ্যজীৱনৰ অদম্য ইন্দ্ৰিয়- বোৰক বশ কৰি ৰাশি ৰাশি ৰিপু দমন কৰি, প্ৰকৃত মনুষ্যত্ব লাভ কৰিছিল। এয়ে তেওঁৰ বিশেষত্ব।

৺চন্দ্ৰনাথ শৰ্মা।

টীকা।

 ন্যুন—( নি+উন ) কম। প্ৰতিভা ( প্ৰতি-ভা+অ ) অসাধাৰণ মানসিক শক্তি।

 দুৰ্গম ( দুঃ= দুখেৰে—গম্ = গতিকৰ+ড) যাবলৈ বা সোমাবলৈ টান।

 উত্থান ( উৎ+স্থান ) উন্নতি।

 ইন্দ্ৰিয়— ( ইন্দ্ৰ+ঘ ) শৰীৰৰ যি বেলেগ বেলেগ ভাগৰ দ্বাৰা জ্ঞান উপাৰ্জ্জন বা কৰ্ম্ম সম্পাদন হয়। [ ১০৩ ] ইন্দ্ৰিয় মুঠতে ১৪টা, যেনে -
ক। বহিৰিন্দ্ৰিয়—
(১) জ্ঞানেন্দ্ৰিয় -চকু, কাণ, নাক, জিঙা, ছাল।
(২) কৰ্ম্মেন্দ্ৰিয় -বাক্, পাণি, পাদ, পায়ু, উপস্থ।
খ। অন্তৰিন্দ্ৰিয় -মন, বুদ্ধি, চিত্ত, অহঙ্কাৰ।
১। "পুণ্যৱতী ভাৰতভূমি বীৰ পুত্ৰ প্ৰসবিনী" -ইয়াৰ সত্যতা পটন্তৰ
দি দেখুওৱাঁ।
২। বিদ্যাসাগৰে কি কি মহৎ কৰ্ম্ম সম্পাদন কৰিছিল?
৩। ৰামমোহন ৰায়ৰ চমু পৰিচয় দিয়াঁ।
৪। ব্যাখ্যা কৰাঁ -পৃথিবীৰ ইতিহাস ভিন ভিন জাতিৰ উথান-পতনৰ
এটা স্থায়ী প্ৰতিধ্বনি মাথোন।
৫। প্ৰকৃতি আৰু প্ৰত্যয় লিখা —স্থায়ী, পুত্ৰ, ভাগ্যৱান, প্ৰচাৰ, প্ৰবৰ্ত্তক,
স্মৰণীয়, অধোগামী, স্নান, পাৰিবাৰিক।

[ ১০৪ ]

ভগৱৎ-প্ৰেম।

 যেই সেই বস্তুৱে নিজৰ অস্তিত্বৰ লগত আৰু এজনৰ অস্তিত্ব প্ৰচাৰ কৰে। ঘট দেখিলে কুমাৰৰ, চিত্ৰ দেখিলে চিত্ৰকৰৰ, কিতাপ দেখিলে গ্ৰন্থকাৰৰ, গান শুনিলে গায়কৰ বিদ্যমানতা স্বীকাৰ নকৰাকৈ কোনো থাকিব নোৱাৰে। কাৰণবিহীন কাৰ্য্য অসম্ভব। তেনেহলে এই জগতৰ উৎপত্তিতো এটা মূল কাৰণ আছে, এজন কৰ্ত্তা আছে। তেওঁ কোন আৰু কেনেকুৱা এইটো দকৈ গমি চাবলগীয়া।

 প্ৰথমেই জননী বসুমতীৰ অতীত বুৰঞ্জীলৈ এবাৰ চকু দিয়াঁ। তাৰ পাচত এবাৰ তেওঁৰ বিস্তৃতি কল্পনা কৰাঁ;—নদ-নদী, সাগৰ- ভূধৰ আদি নতোন্নত অবয়ব,—জলচৰ, স্থলচৰ আৰু আকাশবিহাৰী প্ৰাণীপুঞ্জ,—লতা-গুল্ম, তৃণ-তৰু আদি উদ্ভিদশ্ৰেণী তোমাৰ মানস চকুৰ আগত দাঙ্গি ধৰাঁ। তাৰ পাচত এই পৃথিবী সৌৰ জগতৰ কি এটি ক্ষুদ্ৰ অংশ, এনে কত গ্ৰহ-উপগ্ৰহ লগ লাগি সৌৰজগৎ সম্পূৰ্ণ কৰিছে সেই বিষয়ে চিন্তা কৰাঁ।

 তাৰ পাচত ৰাতিৰ আন্ধাৰত মুকলিলৈ ওলাই এবাৰ আকাশৰ ফালে চকু ঘূৰোৱাঁ, আৰু কেনেকৈ কোটিয়ে কোটিয়ে অৰ্ব্বুদে অৰ্ব্বুদে নক্ষত্ৰমালাই নভোমণ্ডল আচ্ছন্ন কৰিছে তাক মনোযোগেৰে নিৰীক্ষণ কৰাঁ। লগে লগে এইটোও নাপাহৰিবা যে সেইবিলাক [ ১০৫ ] একোটা-একোটা সূৰ্য্য,অধিকাংশ আমাৰ সূৰ্য্যতকৈও ডাঙ্গৰ, আৰু সেইবিলাকৰৰ সৌৰ জগৎ আছে। কিন্তু ইমানতেই শেষ নহয়, আমাৰ চকুত পৰা নক্ষত্ৰসমষ্টিৰ বাহিৰেও কত নক্ষত্ৰ আছে, কত সৌৰ জগৎ আছে তাক লেখ কৰা তো দূৰৰ কথা, কল্পনা কৰাও অসম্ভব। কত নক্ষত্ৰৰ পোহৰ সৃষ্টিৰ আদিৰে পৰা চেকেণ্ডত ১৮৬০০০ মাইলকৈ আহিব লাগিছে, তথাপি আজিলৈকে পৃথিবী পোৱা নাই, সেইবোৰ কিমান দূৰত আছে কোনে গণনা কৰিব!

 এই যে গণনাৰ অতীত, কল্পনাৰ বহিৰ্ভূত জ্যোতিষ্কমণ্ডলী অহৰহ আবৰ্ত্তন কৰিব লাগিছে, কোনো দিনে তাৰ কোনোটো কক্ষচ্যুত হোৱা নাই, গতিৰ বিশেষ তাৰতম্য ঘটা নাই, অগাভেটাকৈ বাট-কেঁৰা লগাই চূৰ্ণ-বিচূৰ্ণ হোৱা নাই। অকল সেয়ে নহয়, বালি-চাহীৰ পৰা গজহস্তীলৈকে বিবিধ জাতীয় প্ৰাণীৰ গঠন, কাৰ্য্য- প্ৰণালী আৰু জীৱন-সংগ্ৰামৰ এটা নিৰৱচ্ছিন্ন শৃঙ্খলা আছে। কোনে কয় ই মাথোন এটা আকস্মিক ঘটনা বুলি?

 কোনো যন্ত্ৰৰ বিভিন্ন অংশ যথানিয়মে চলি থকাৰ মূলত চালকৰ ইচ্ছা। তেনেকৈয়ে এই কল্পনাৰ অতীত অনন্ত বিশ্বৰ পৰিচালনাৰ মূলত যে এটি কেন্দ্ৰীভূত শক্তি বৰ্ত্তমান, তাক অগ্ৰাহ্য কৰিবৰ উপায় নাই। সৃষ্টিৰেই যেতিয়া আদি-অন্ত নাই, এই শক্তিৰ আদি-অন্ত বিচাৰিবলৈ যোৱাৰ নিচিনা মূৰ্খতাও নাই। যেনেকৈ যন্ত্ৰ-পৰিচালনাৰ আগতেও চালক থাকে, আৰু বন্ধ ৰাখোঁতেও থাকে, তেনেকৈয়ে সৃষ্টিৰ পূৰ্ব্বেও এই শক্তি আছিল, প্ৰলয়ৰ [ ১০৬ ] শেষতো থাকিব; সেই দেখিয়েই এই শক্তি অনাদি অনন্ত। এই শক্তিকেই কোনোৱে বোলে নিয়তি, কোনোৱে বোলে পৰমেশ্বৰ।

 জগতৰ সকলো জাতিয়েই এক ভাবে নহয় এক ভাবে এই শক্তিক বিশ্বাস কৰে আৰু এই বিশ্বাসেই সৃষ্টি-শৃঙ্খলাৰ মেৰুদণ্ড। অনন্ত ব্ৰহ্মাণ্ডৰ শৃঙ্খলাবদ্ধ গতিবিধি, নীতিবিগৰ্হিত কাৰ্য্যকাৰীৰ যন্ত্ৰণা, আৰু ন্যায়নিষ্ঠ লোকৰ সুখ-শান্তি দেখি পৰমেশ্বৰক সত্য, শিৱ আৰু সুন্দৰ বুলি মানুহে বিশ্বাস কৰে। এই সত্য, শিৱ আৰু সুন্দৰৰ ধ্যানত যেয়ে যেয়ে নিজকে সত্য, শিৱ আৰু সুন্দৰ কৰি গঢ়িব পাৰে। অৱশ্যে দেশ-কালৰ ভেদ-অনুযায়ী এইবিলাক গুণৰ সংজ্ঞাতো প্ৰভেদ থকাটো স্বাভাবিক। সি যি হওক, লৌকিক আদৰ্শমতে সকলোৱে ঈশ্বৰোপসনা কৰে অৰ্থাৎ নিজক ঈশ্বৰৰ ওচৰ চপাবলৈ বা ভগৱৎ-গুণসম্পন্ন কৰিবলৈ প্ৰাৰ্থনা আৰু চেষ্টা কৰে। যদিও দেশকাল-অনুযায়ী উপাসনাৰ প্ৰণালীত প্ৰভেদ দেখা যায়, তথাপি সকলোৰে মূল লক্ষ্য একে।—“আদি সেই এক, অন্ত সেই এক, একেই লক্ষ্য, একেই মূল।"

 ওপৰত কৈ অহা মহাশক্তি বা পৰমেশ্বৰক এৰি কোনো থাকিব নোৱাৰে; সকলোৱেই সেই বিৰাট বিশ্বেশ্বৰৰ অন্তৰ্গত। একলহ নাইবা এবাটি পানী, পাত্ৰৰ আবৰণ ভাঙ্গি সাগৰত পৰিব পাৰিলেই তাৰ সুকীয়া অস্তিত্ব বিনাশ পায়, কিন্তু পাত্ৰত থাকোঁতে পাত্ৰৰ নাম অনুযায়ী সিও সুকীয়া আখ্যা লাভ কৰে। আকৌ সাগৰৰ কাষ চাপিবলৈ সুযোগ নঘটিলে সেই পানীখিনি সোনকালে [ ১০৭ ] সাগৰত লীন যাব নোৱাৰে, তেনে হোৱাৰ আগেয়ে সি বহুত পৰিবৰ্ত্তনৰ মাজে দি জন্ম-জন্মান্তৰ ঘূৰিব লগাত পৰে। জাগতিক প্ৰাণীসমূহৰ অৱস্থাও ঠিক তেনেকুৱাই। মানুহে যেতিয়া নিজৰ চৈতন্য উপলব্ধি কৰি তাক সেই বিৰাট চৈতন্য শক্তিৰেই অংশ বুলি বুজিব পাৰে তেতিয়াই তেওঁৰ উপাসনা সিদ্ধ হয়, নহলে বিবিধ পৰিবৰ্ত্তনৰ মাজে দি জন্মজন্মান্তৰ ঘূৰি ফুৰিব লগাত পৰে। যি উপাসনাত সিদ্ধ হয়, তেওঁ বিশ্বেশ্বৰৰ বিশ্বৰূপ দেখে; তেতিয়া আৰু তেওঁৰ আত্মাভিমান নাথাকে, সকলো প্ৰাণীৰ ভিতৰতে নিজক দেখা পায়, যত জীৱ, তত শিৱ বুলি সকলোকে সেৱা কৰিবলৈ শিকে। তেতিয়া তেওঁ
 “অসীমৰে সতে অভিন ভাবত যায় সসীমৰ অস্তিত্ব ভুলি।”
এনে ভাৱৰ পূৰ্ণ উপলব্ধিয়েই ভগবৎ-প্ৰেম। এই প্ৰেম অন্তৰত এবাৰ জাগৰূক হলে কাৰৰ প্ৰতি আপোন-পৰ ভাব নাথাকে, সমস্ত বসুধা কুটুম্ব হয়, দেশ-কালৰ প্ৰভেদ লোপ পায়, সাম্প্ৰদায়িকতাৰ সঙ্কীৰ্ণ ভেটা চূৰমাৰ হৈ যায়। তুমি যেতিয়া তোমাক তেনেকৈ উপযুক্ত কৰি তুলিব পাৰিবা, তোমাৰ সত্তাৰ লগত সেই বিৰাট চৈতন্যময়ৰ অস্তিত্ব ওতপ্ৰোতভাবে মিহলি কৰিব পাৰিবা, তেতিয়া তুমি প্ৰকৃত ভগৱৎ-প্ৰেমিক হ’ব পাৰিবা।

বান্ধিবা তেতিয়া বিশ্বমানবক
প্ৰেমৰ ডোলেৰে একেটি কৰি,
পৰ বুলি কেওঁ নৰ’ব সৃষ্টিত
সকলো ঘূৰিব তোমাকে ধৰি।

[ ১০৮ ]

 প্ৰকৃততে ভগৱৎ-প্ৰেম মানুহৰ আপদৰ শান্তি, মোহৰ বজ্ৰ, মৰ্ত্ত্যৰ অমৃত, আন্ধাৰৰ আলো, ধৰ্ম্মৰ ধ্বজা। এই প্ৰেমত মুগ্ধ হৈয়েই বৈদিক ঋষিয়ে সৰস্বতী-তীৰ গাম্ভীৰ্য্য পৰিপূৰিত অমৃতস্ৰাবী স্তোত্ৰেৰে নিনাদিত কৰিছিল; এই প্ৰেম-বাৰিধিত স্নান কৰিয়েই বুদ্ধ, যীচুখ্ৰীষ্ট, মহম্মদ, শ্ৰীশঙ্কৰদেৱ, শ্ৰীচৈতন্যদেৱ আদি মহাপুৰুষ- সকলে নিজৰ ঐহিক স্বাৰ্থত জলাঞ্জলি দি ভ্ৰাতৃমানৱৰ মঙ্গল চিন্তাত আত্মোৎসৰ্গ কৰিছিল।

 ভগৱৎ-প্ৰেমিকৰ ওচৰত হিন্দু-মচলমান, বৌদ্ধ-খৃষ্টান আদিৰ পাৰ্থক্য নাই; ব্ৰাহ্মণ-চণ্ডাল, ৰজা-প্ৰজা, সভ্য-অসভ্য, সপক্ষ-বিপক্ষৰ বাছ-বিচাৰ নাই; সকলোতে মাথোন আত্মপ্ৰকাশৰ চেষ্টা। সেই দেখিয়েই ক্ৰুছত প্ৰাণ দিবৰ সময়তো যীচুৱে বিপক্ষদলৰ মঙ্গল-কামনা কৰিব পাৰিছিল, চৈতন্যই জগাই-মধাইক বুকত সাবটি লৈছিল।

 আহাঁ বন্ধু, আহাঁ এবাৰ, অন্তৰৰ কপটতা, সঙ্কীৰ্ণতা, স্বাৰ্থপৰতা আদি মলিন প্ৰবৃত্তিবিলাক নিলগাই থৈ, সমস্ত মানৱাত্মাৰ ভিতৰত আত্মপ্ৰতিষ্ঠা কৰি, মহামানৱৰ মহৎ পন্থা অনুসৰণ কৰি, সকলো নীচভাব সেই চিন্ময় বিৰাট শক্তিৰ উদ্দেশ্যে বলি দি সেই মহান লক্ষ্যত উত্তীৰ্ণ হবলৈ অগ্ৰসৰ হওঁ; এবাৰ সকলো পাৰ্থক্য, সকলো ব্যৱধান আঁতৰ কৰি সমসুৰে জগৎ কঁপাই গাওঁ—“জয় জগদীশ হৰে।”

শ্ৰীদণ্ডিনাথ কলিতা।

[ ১০৯ ]

টীকা।

উৎপত্তি -(উৎ=ওপৰলৈ, পদ্ = যোৱা+ক্তি) প্ৰকাশ, জন্ম।
বিস্তৃতি - (বি+স্তৃ=বহল হ,+ক্তি) পৰিসৰ, দীঘল বহলৰ পৰিমাণ।
নতোন্নত - (নত=চাপৰ+উন্নত = ওখ) ওখ-চাপৰ।
আৱৰ্ত্তন- (আ-বৃৎ = ঘূৰ,+অনট্) ঘূৰি থকা কাৰ্য্য, পাক।
নিৰৱচ্ছিন্ন- (নিৰ্-অৱ-ছিদ্ = ছিগা,+ক্ত) নিছিগা, নেৰানেপেৰা।
উপাসনা— (উপ = ওচৰ-আস্ = থকা+অন্) ঈশ্বৰৰ ওচৰ চপা কাৰ্য্য, আৰাধনা।
ওতপ্ৰোত- [ওত- (আ-ৱে=ব,+ক্ত)+প্ৰোত (প্ৰ-ৱে+ক্ত)]
 দীঘে-পথালিয়ে বোৱা বা সিয়া, সম্পূৰ্ণৰূপে জুৰি থকা।
স্তোত্ৰ- (ও+ষ্ট্ৰন্) আৰাধনাৰ গীত।
কক্ষচ্যুত- (কক্ষ = গ্ৰহাদিৰ ভ্ৰমণ-পথ,+চ্যু = পৰ,+ক্ত নাইবা চুৎ=
 পৰ্,+ক) নিজৰ পথৰ পৰা আঁতৰ হোৱা।
তাৰতম্য- (তৰ = এটাতকৈ বেছি,+তম=সকলোতকৈ বেছি+ষ্ণ্য)
 প্ৰভেদ, কম-বেছি, হীন-ডেঢ়ি, ন্যূনাধিক্য।
সত্তা- (সং+গ) অস্তিত্ব। জাগৰূক- (জাগৃ+উক্) সজাগ।

প্ৰশ্ন

১। তলত দিয়া শব্দবোৰৰ প্ৰকৃতিগত অৰ্থ দিয়াঁ আৰু প্ৰত্যেকৰে সৈতে একোটা বাক্য ৰচনা কৰাঁ:-অস্তিত্ব, নিৰীক্ষণ, জ্যোতিষ্ক, অন্তৰ্গত, পৰিবৰ্ত্তন, অমৃতস্ৰাবী, ঐহিক, উত্তীৰ্ণ, অগ্ৰসৰ আৰু ব্যৱধান।

২। ব্যাখ্যা কৰাঁ:-(ক) জগতৰ সকলো জাতিয়েই.....সৃষ্টি-শৃঙ্খলাৰ মেৰুদণ্ড।

(খ) এই প্ৰেম অন্তৰৰ....চূৰমাৰ হৈ যায়।

(গ) অকল সেয়ে নহয়....শৃঙ্খলা আছে। [ ১১০ ]

মহাত্মা হোচেন মনচুৰ।

 অদ্বিতীয় ঈশ্বৰৰ প্ৰেমিক মহাত্মা হোচেন মনচুৰৰ নিচেই সংক্ষিপ্ত ধৰ্ম্মজীৱনী ছোৱা অতি অদ্ভুত আৰু বৰ শোক-লগা। তেওঁ ঈশ্বৰৰ প্ৰেমত ইমানেই লিপ্ত হৈ গৈছিল যে, শেষত তেওঁ “আনলহক" ( ময়েই ঈশ্বৰ) এই কথাষাৰ উচ্চাৰণ কৰি গোটেই ইচলাম ধৰ্ম্মজগতত এটা অপূৰ্ব্ব হুলস্থুল কাণ্ড লগাই দিছিল। তেওঁৰ অলৌকিক আৰু আচৰিত আচৰিত ক্ৰিয়া-কাণ্ডবোৰ দেখি বহুতে তেওঁক বাজীকৰ হে বুলিছিল; সাধাৰণৰ চকুত তো তেওঁ এটা বলিয়াৰ বাহিৰে আন একোৱেই নাছিল। তেওঁক প্ৰকৃতৰূপে চিনি সম্মান আৰু ভক্তি দেখুৱাত মাথোন তিনিজনমান মানুহ হে আছিল, বাকী লৰাৰ পৰা বুঢ়ালৈ সকলোৱেই তেওঁৰ ভয়ানক বিৰোধী আৰু শত্ৰু। তেওঁ “আনলহক” কথাষাৰ উচ্চাৰণ কৰাৰ দিনাৰ পৰাই মানুহে তেওঁক “কাফেৰ” ( বিধৰ্ম্মী ) বুলিবলৈ ধৰি সকলোপিনে তেওঁৰ শত্ৰুত কৰিবলৈ ধৰিলে। শেষত তেওঁ সেই কথাৰ পৰাই “খলিফাৰ" ( শাসনকৰ্ত্তা ) কোপদৃষ্টিত পৰি শূলদণ্ডত প্ৰাণ এৰিব লগাত পৰিছিল।

 মহাত্মা হোচেন মনচুৰৰ ওপজা ঠাই বোগ্দাদ বুলিয়েই ধৰে। প্ৰথমতে তেওঁ তাৰপৰা তস্তৰলৈ আহি আবদুল্লা তস্তৰীৰ লগত দুবছৰ থাকেহি। তাৰ পাচত তেওঁ ষোলবছৰ বয়সত তস্তৰৰ পৰা [ ১১১ ] বছোৰালৈ প্ৰথম বিদেশযাত্ৰা কৰে। তাৰ পৰাও তেওঁ আন ঠাইলৈ যায়। মক্কাৰ হজৰত ওচমানৰ লৰা ওমৰৰ লগত তেওঁৰ বন্ধুতা হয়। তাত তেওঁ ডেৰ বছৰ থাকি আৰু ইয়াকুবল্‌ আস্তমৰ জীয়েকক বিয়া কৰায়। শেষত ওমৰৰ লগত তেওঁৰ মনোবাদ হৈ তাৰ পৰা বোগ্দাদৰ মহাত্মা জ্বনিদৰ ওচৰলৈ গুচি যায় আৰু তেওঁৰ লগতে কিছুমান দিন থাকেগৈ। তাৰপৰা তেওঁ আকৌ মক্কালৈ গৈ তাত এবছৰমান থাকি উলটি বোগ্দাদলৈ আহোঁতে লগত কেইজনমান “চুফী” ( পবিত্ৰাত্মা ঋষি ) লৈ আহে। তেওঁ এইবাৰ আহি তাপসবৰ জ্বনিদক কিবা এটা প্ৰশ্ন কৰেহি। তাৰ উত্তৰত মহাত্মা জ্বনিদে তেওঁক—“সোনকালেই তুমি শূলাস্ত্ৰৰ আগভাগ ৰাঙ্গলী কৰিবা বুলি কলে। হোচেন মনচুৰে কলে,—“মই যিদিনা শূলাস্ত্ৰৰ আগভাগ ৰাঙ্গলী কৰিম, সেইদিনা তুমিও আধ্যাত্মিক মানুহৰ সাজপাৰ সলাই বাহিৰা মানুহৰ সাজপাৰ পিন্ধিব লাগিব।”

 বহুতো ডাঙ্গৰ ডাঙ্গৰ মানুহ আৰু ঋষিসকলে হোচেন মনচুৰৰ প্ৰাণদণ্ড হব লাগে বুলি খলিফাৰ ওচৰত আবেদন কৰিলে। এই বিষয়ে মহষি জ্বনিদৰ পৰা একো অভিযোগ শুনিবলৈ নাপাই খলিফাই কলে যে,—“এই বিষয়ে জ্বনিদৰ মত লগা হৈছে।” সকলোৱে গৈ জ্বনিদক ধৰিলে। জ্বনিদে ফকিৰী সাজপাৰ সলাই পণ্ডিতৰ সাজপাৰ পিন্ধি এখন বিদ্যালয়লৈ গৈ খলিফালৈ এই মৰ্ম্মেৰে এখন চিঠি লিখিলে যে,—“বাহ্যিক অৱস্থানুসাৰে মনচুৰ প্ৰাণদণ্ডত দণ্ডিত হবৰ উপযুক্ত। বাহিৰৰ অৱস্থানুসাৰেই ব্যৱস্থা হয়, অন্তৰ ঈশ্বৰে জানে।” [ ১১২ ]  এই ঘটনাৰ পাচত হোচেন মনচুৰ প্ৰায় পাঁচবছৰমান ঘৈণীয়েকেৰে সৈতে নিৰুদ্দেশ হৈ থাকে। তেওঁ ইখন সিখন কৰি প্ৰায় পঞ্চাশখন- মান নগৰৰ পৰাই খেদা যায়। তেওঁ এবাৰ ভাৰতবৰ্ষলৈ আহিও বহুত ঠাই ঘূৰি গৈছিল। তেওঁ নিৰুদ্দেশ হৈ ফুৰাৰ সময়ত কিছুমান দিন পাৰস্যত থাকি বহুতো সদ্গ্ৰন্থ ৰচনা কৰি তাৰ মানুহবিলাকক বিলাই দিয়ে। অৱশেষত তেওঁ স্বদেশলৈ উভতি আহি স্বদেশবাসীক যিবোৰ ধৰ্ম্মোপদেশ দিবলৈ ধৰিলে সেইবোৰ বুজিবলৈ কোনোৱেই সক্ষম নহল। ফলত তেওঁক ধৰি নি বন্দীশালত আবদ্ধ কৰি ৰখা হ’ল। বন্দীশালতো তেওঁ সুস্থিৰৰূপে থকা নাছিল। তেওঁ অলৌকিক ৰকমে আৰু অলক্ষিতভাবে বন্দীশালৰ আটাই- বিলাক বন্দীকে মুক্ত কৰি দি অকলে অকলে বন্দীশালত পৰি থাকিল। ৰক্ষীসকলে সুধিলে,—“কিয় তুমি অন্যায় ৰকমে বন্দী- বিলাকক মুক্ত কৰি দি অকলে অকলে পৰি আছা, নিজেও নগলা কিয়?” তেওঁ কলে,—“মোলৈ ঈশ্বৰৰ আক্ৰোশ আছে দেখি মই ৰৈ গৈছোঁ। তেওঁবিলাক মুক্ত।” এই কথা গৈ খলিফাৰ কাণত পৰাত তেওঁ দেখিলে যে ভবিষ্যতলৈ হোচেন মনচুৰে অঘটন ঘটাব পাৰে। সেই বুলি তেওঁ মনচুৰৰ প্ৰাণদণ্ডৰ আদেশ দিলে। আৰু কৈ দিলে যে, “প্ৰথমতে যেতিয়ালৈকে তেওঁ “আনলহক” কথাষাৰৰ পৰা বিৰত নহয় তেতিয়ালৈকে যেন দণ্ডাঘাত কৰা হয়। অগত্যা নোৱাৰিলে শিৰচ্ছেদ কৰা হব।”

 খলিফাৰ আদেশ পাই তেতিয়াই তেওঁক বন্দীশালৰ পৰা উলিয়াই মৰিশালিলৈ লৈ গল। তাত নি তেওঁক বেতেৰে তিনি শ কোব মাৰি [ ১১৩ ] সেই কথাষাৰ কবলৈ মানা কৰিলে। কিন্তু মনচুৰে প্ৰত্যেকটো বেতৰ কোবত “আনলহক, আনলহক” উচ্চাৰণ কৰিবলৈ ধৰিলে। ঘাতকে কৈছিল, “মই যেন প্ৰত্যেকটো বেতৰ আঘাতৰ লগে লগে হোচেন ভয় নকৰিবি, এই কথাষাৰ শুনিবলৈ পাইছিলোঁ; ওচৰত কিন্তু তেনেকুৱা কোনো মানুহেই নাছিল।” শেষত যেতিয়া তেওঁ কোনোৰকমেই “আনলহক” কথাষাৰৰ পৰা নিবৃত্ত নহল, তেতিয়া তেওঁক পিঙত দিবলৈ হুকুম আহিল। মহাত্মা হোচেন মনচুৰে হাঁহি হাঁহি “হক হক আনলহক” বুলি পিঙত উঠিলগৈ। এনে সময়তে এজন ফকিৰ আহি প্ৰশ্ন কৰিলে,—“প্ৰেম কি?” তেওঁ কলে, “আজি দেখিবা, কাইলৈ দেখিবা, পৰহিলৈ দেখিবা প্ৰেম কি?” অৰ্থাৎ আজি তেওঁক বধ কৰি কাইলৈ তেওঁৰ ভেলটো জুইত পুৰি পৰহিলৈ নাম-নিচান একোকে নোহোৱা কৰি পেলাব। মৃতু-যন্ত্ৰণাৰ সময়তো তেওঁৰ জ্ঞানৰ অলপো ইফাল- সিফাল হোৱা নাছিল। যেয়ে যি প্ৰশ্ন সুধিছিল সকলোৰে তেওঁ ঠিক ঠিক উত্তৰ দি আছিল। তেওঁ শূলত আৰোহণ কৰিবৰ সময়ত মানুহবিলাকক সম্বোধন কৰি কৈছিল,—“বীৰপুৰুষৰ স্বৰ্গাৰোহণৰ সোপানবিলাক শূল-শলাৰ।” তেওঁ শূলত আৰোহণ কৰা মাত্ৰেই কিছুমান নিষ্ঠুৰ মানুহে তেওঁৰ গালৈ শিলগুটি দলিয়াবলৈ ধৰিলে। ইমানবোৰ অত্যাচাৰতো তেওঁ একমুহূৰ্ত্তলৈও বিচলিত হোৱা নাছিল। তেওঁৰ যেতিয়া হাত দুখন কাটি পেলোৱা হয়, তেতিয়া তেওঁ কৈছিল,—“মানবীয় হাত কাটি পেলোৱা একো টান নহয়, মোৰ আধ্যাত্মিক হাতে যে, স্বৰ্গৰ আগৰ পৰা গৌৰৱৰ [ ১১৪ ] মুকুট আকৰ্ষণ কৰিছে, তাক কাটিব পৰা মানুহ লাগে।” ভৰি দুখন কাটি পেলোৱাত কৈছিল,—“এই দুখন ভৰিৰে মই পৃথিবী ভ্ৰমণ কৰিছোঁ, কিন্তু মোৰ আৰু দুখন ভৰিও আছে, যাৰে মই স্বৰ্গলৈকো ভ্ৰমণ কৰি ফুৰিম, পাৰা যদি সেই দুখন ভৰিও কাটাচোন চাওঁ?” তাৰ পাচত তেওঁ ছিগা বাহু দুখন মুখত ঘঁহিবলৈ ধৰিলে। মানুহে সুধিলে,—“তেনে কৰিছা কিয়?” তেওঁ কলে, “মোৰ গাৰ পৰা বহুত তেজ ওলাই যোৱাত মুখ শেঁতা পৰিছে। সেই দেখি মুখত তেজ ঘঁহিছোঁ। কিয়নো, বীৰৰ মুখাঙ্গৰাগ হৈছে নিজৰ শোণিত।” তাৰ পাচত তেওঁ ছিগাবাহু দুখনকে তেজেৰে লট্‌-পটাই ললে। মানুহে সুধিলে, “সেইয়া কি কৰিছা”? তেওঁ কলে,—“এইয়া অজু কৰিছোঁ।” মানুহে সুধিলে, “ই কেনে ধৰণৰ অজু?” তেওঁ কলে,—“এইয়া প্ৰেমৰ অজু; বিনা তেজেৰে বিশুদ্ধ অজু নহয়।” এইবাৰ তেওঁৰ চকুদুটা কাঢ়ি পেলোৱা হল। দৰ্শক- বৃন্দৰ মাজত বৰ হুলস্থূল লাগি পৰিল। কোনো কোনোৱে কান্দিবলৈ ধৰিলে। কিছুমান দুৰাত্মাই তেতিয়াও শিলগুটি দলিয়াবলৈ নেৰিলে। তাৰ পাচত তেওঁৰ জিভাখন কাটি পেলাবলৈ কোৱাত তেওঁ কলে,—“অলপ সময় ৰোৱাচোন, মই দুটামান কথা কৈ লওঁ।” এই বুলি তেওঁ ওপৰলৈ মুখ তুলি কবলৈ ধৰিলে,—“পৰমেশ্বৰ, ইহঁতে যে মোক ইমানবোৰ যন্ত্ৰণা দিছে সেইবাবে যেন ইহঁতক বঞ্চিত নকৰা। সেই সম্পদৰ পৰা ইহঁতক নৈৰাশ নকৰিবা। যদিও ইহঁতে মোৰ হাত ভৰি কাটি পেলাইছে, তাকো তোমাৰ পথত হে কাটিছে। অৱশেষত [ ১১৫ ] যে মূৰটো কাটি পেলাব, তাকো তোমাৰ পথত তোমাক দেখি থাকোঁতেই হে।” তাৰ পাচত তেওঁৰ কাণ, নাক আদি কাটি পেলালে। এই সময়ত মহাত্মা মনচুৰে কোৰাণচৰিফৰ দুটা বচন মাতিলে, এয়ে তেওঁৰ শেষ বাক্য উচ্চাৰণ। জিভা কাটিলে একে- বাৰে শেষত। গধূলি হৈ আহিছে, এনেতে খলিফাৰ পৰা আদেশ আহিল—“তেওঁৰ মূৰ কাটি পেলোৱাঁ।” সকলো শেষ হৈ গ'ল। মহাত্মা হোচেন মনচুৰে জগতত বিশ্বাস আৰু বীৰত্বৰ অলৌকিক দৃষ্টান্ত ৰাখি হাঁহি হাঁহি প্ৰাণত্যাগ কৰিলে। ভেলটোও জুইত পুৰি ছাই কৰি পেলালে। কথিত আছে যে—সেই ছাইবোৰৰ পৰাও মানুহে “আনলহক" কথাষাৰ শুনিবলৈ পাইছিল।

এম, মোছলেহ উদ্দিন আহমদ।

টীকা।

 অপূৰ্ব্ব—( ন+পূৰ্ব্ব ) আগেয়ে নোহোৱা।

 অলক্ষিত— ( ন+লক্ষিত ) লক্ষ্য কৰিব নোৱৰা।

 নিৰুদ্দেশ— ( নিৰ্‌—উৎ—দিশ+ ঘঞ্‌ ) সন্ধান নোপোৱা।

 আক্ৰোশ—( আ—ক্ৰুশ+ঘঞ্‌ ) কোপ; খং।

প্ৰশ্ন।

 ১। মনচুৰৰ বিৰুদ্ধে কি অভিযোগ আছিল? আৰু তাৰ বিচাৰৰ ফলাফল কি হ'ল?

 ২। মনচুৰে কেনে ভাবে শাস্তি গ্ৰহণ কৰিছিল, বৰ্ণনা কৰাঁ।

[ ১১৬ ]

ৰাজা ৰামমোহন ৰায়।

 প্ৰতিভাৰ বলত যে জগৎ জয় কৰিব পাৰি, মানুহৰ দেহা লৈ যে দৈবশক্তি সম্পন্ন হব পাৰি, ধৰ্ম্ম আৰু সত্যৰ অৰ্থে যে আত্ম- বলিদান দিব পাৰি, পৰোপকাৰাৰ্থে যে নিজৰ প্ৰাণ তুচ্ছ কৰি নিৰ্য্যাতন ভোগ কৰিব পাৰি, তাৰ জ্বলন্ত উদাহৰণ আমি ৰাজা ৰামমোহন ৰায়ৰ জীৱনীত পাওঁ।

 ১৭৭৪ চনত হুগলি জিলাৰ ৰাধানগৰ নামেৰে ঠাইত বিখ্যাত ৰায়বংশত ৰামমোহন ৰায়ৰ জন্ম হয়। তেওঁৰ পিতাকৰ নাম ৰামকান্ত ৰায় আৰু মাকৰ নাম তাৰিণী দেবী আছিল।

 লৰাকালত বিদ্যাৰম্ভ কৰাৰ সময়ৰ পৰাই প্ৰত্যেক মানুহে তেওঁৰ ভবিষ্যৎ জীৱন গঢ়ি তোলে। ৰামমোহনৰ ভবিষ্যৎ জীৱনৰ অঙ্কুৰো তেওঁৰ লৰাকালৰে পৰা ফুটি ওলাইছিল। লৰাকালৰে পৰা তেওঁৰ পঢ়াত ধাউতি, মনোনিবেশ আৰু অধ্যৱসায় দেখি লগৰ সমনীয়াই আচৰিত হৈ তেওঁৰ প্ৰতি ভয় আৰু ভক্তি প্ৰদৰ্শন কৰিবলৈ শিকিছিল। তেওঁৰ স্মৰণশক্তি আৰু মেধাশক্তিৰ অপূৰ্ব্ব সমাবেশ দেখি সকলোৱে বিস্ময় মানিছিল। পাঁচ বছৰ বয়সতে ৰামমোহনে পঢ়াশালিত বঙলা আৰু ঘৰত ফাৰ্চী ভাষা শিক্ষা কৰিছিল। আঠ বছৰ পূৰ নৌ হওঁতেই তেওঁ সেই দুই ভাষা সম্পূৰ্ণৰূপে আয়ত্ত কৰি পেলালে। তেওঁৰ এই অদ্ভুত শক্তি দেখি [ ১১৭ ] হিন্দু মুচলমান সকলোৱেই একবাক্যে অজস্ৰ প্ৰশংসাবাদ কৰিবলৈ ধৰিলে।

 ৰামমোহনৰ প্ৰকৃতি ভগৱানে পৃথক কৰি গঢ়িছিল। ধেমালি কৰা দূৰত থাকোক প্ৰায়েই জলপান নোখোৱাকৈয়ে পঢ়াশালিৰ পৰা আহি আকৌ দুগুণ উৎসাহে কিতাপত লাগি গৈছিল। অভিভাৱকে ধেমালি কৰিবলৈ আদেশ দিলেও তেওঁ নুশুনা ভাও জুৰি তিনি গুণ উৎসাহেৰে কিতাপত পোত গৈছিল। সৰু সৰু কিতাপবোৰ সোনকালে শেষ কৰি কেতিয়া তেওঁ বৃহৎ পুথিৰ জ্ঞান-- ভাণ্ডাৰ মুকলি কৰি তাৰ অমূল্য ৰত্ন আহৰণ কৰিব পাৰিব, এই চেষ্টা তেওঁৰ অতি প্ৰৱল আছিল। তেওঁৰ সাধনা, মনোযোগ, পৰিশ্ৰম, স্মৰণশক্তি, অধ্যৱসায় দেখি যে সহপাঠীবিলাক তবধ হৈছিল তাত আৰু আচৰিত কি?

 সেই সময়ত দিল্লীৰ বাদচাহেই দেশৰ প্ৰকৃত ৰজা আৰু ফাচী আৰু আৰবী ভাষাই দেশৰ ৰাজভাষা আছিল। ৰাজকীয় সকলো কাম-কাজ এই দুই ভাষাতে চলিছিল। এই দুই ভাষা নাজানিলে কোনেও বিদ্বান বুলি সৰ্ব্বসাধাৰণৰ ওচৰত পৰিচয় দিব নোৱাৰিছিল বা কোনো চাকৰিকে নাপাইছিল।

 ৰামমোহনে যেতিয়া ইমান কম বয়সতে বঙলা আৰু ফাৰ্চী শিকি পেলালে, তেতিয়া সকলোৱেই পিতাকক কলে, “এই লৰা ভবিষ্যতে এটি অতি উজ্জ্বল ৰত্ন হব, এনে অমানুষিক শক্তি সচৰাচৰ দেখিবলৈ পোৱা নাযায়। গতিকে লৰাৰ ভবিষ্যৎ নষ্ট নকৰি অতি সোনকালেই আৰবী শিকিবৰ ব্যৱস্থা কৰি দিয়ক।” [ ১১৮ ] আৰবী ভাষা শিকিবৰ কাৰণে ৰামমোহন পাটনালৈ যাত্ৰা কৰিলে। তাত এজন বিখ্যাত মৌলবীৰ তলত থাকি আৰবী শিকিবলৈ আৰম্ভ কৰিলে। তেওঁ অতি সোনকালেই আৰবী ভাষাতো এজন পণ্ডিত হৈ পৰিল। বাৰ বছৰ বয়সতে তেওঁ তিনিটা ভাষাত পণ্ডিতালি দেখুৱাই সকলোকে চমৎকৃত কৰি পেলালে। দিনে দিনে তেওঁৰ পাণ্ডিত্য আৰু জ্ঞান বৃদ্ধি হল। তেওঁ তৰ্ক কৰিব আৰু বক্তৃতা দিব পৰা ক্ষমতাও অভ্যাস কৰি পেলালে।

 মুচলমানী ভাষা শিক্ষা আৰু মুচলমানৰ লগ-সঙ্গে তেওঁৰ মনৰ গতি আন পিনে ফিৰালে। সদায় তেওঁলোকৰ লগত অতিবাহিত কৰি, তেওঁলোকৰ ধৰ্ম্ম আলোচনা কৰি, তেওঁ হিন্দুৰ প্ৰতিমা পূজাত নানা খুঁত দেখিবলৈ পালে। প্ৰতিমা পূজাত তেওঁৰ আস্থা কমি আহিল। তাৰ ফলত অৱশেষত তেওঁ একমাত্ৰ নিৰাকাৰ ঈশ্বৰৰ আৰাধনাৰ সপক্ষে হৈ প্ৰতিমা পূজাৰ ঘোৰতৰ বিৰোধী হৈ উঠিল।

 আৰবী শিক্ষা সাঙ্গ কৰি তেওঁ সংস্কৃত শিকিবৰ নিমিত্তে কাশীলৈ যাত্ৰা কৰে। তাত তেওঁ অলপ দিনৰ ভিতৰতে হিন্দুৰ প্ৰাচীন গ্ৰন্থ বেদ, বেদাঙ্গ, উপনিষদ আদি সকলো শাস্ত্ৰ অতি কম আয়াসতে পঢ়ি পেলালে। আৰু চাই থাকোঁতে থাকেঁতে সংস্কৃত কাব্য, ব্যাকৰণ, আৰু অলঙ্কাৰ সকলো অধ্যয়ন কৰি এজন নামজ্বলা পণ্ডিত হৈ পৰিল। বেদান্ত পঢ়াৰ ফলত প্ৰতিমা পূজাৰ ওপৰত তেওঁৰ অশ্ৰদ্ধাই স্থায়ীভাব ধাৰণ কৰিলে। উপনিষদ-পাঠত তেওঁৰ চকুৰ আগত যেন এক নতুন পোহৰ জ্বলি উঠিল; সেই পোহৰে [ ১১৯ ] তেওঁৰ অন্তৰত ব্ৰহ্মজ্ঞান জগাই দিলে। বৈদিক হিন্দুধৰ্ম আলোচনা কৰোঁতে সেই সময়ত হিন্দুসমাজৰ সংকীৰ্ণতা আৰু কুসংস্কাৰৰ প্ৰতি তেওঁৰ দৃষ্টি পৰিল আৰু তাৰ ফলস্বৰূপে তেওঁ এজন ঘোৰ সমাজ-বিদ্বেষী হৈ পৰিল।

 হিন্দুৰ প্ৰতিমা-পূজা উঠাই দিবৰ কাৰণে, নানা প্ৰকাৰ যুক্তি প্ৰদৰ্শন কৰি তেওঁ এখন কিতাপ লিখি প্ৰচাৰ কৰিলে। তেতিয়া তেওঁৰ বয়স ষোল বছৰ মাত্ৰ। সেই কিতাপত তেওঁৰ অদ্ভুত পাণ্ডিত্য, চোকাবুদ্ধি আৰু ধৰ্ম্মতত্ত্ব দেখি সকলোৱে মনে মনে তবধ মানিলে, অথচ তেওঁক ‘নাস্তিক’, ‘বিধৰ্ম্মী’ উপাধিৰে ভূষিত কৰিলে।

 তেওঁৰ পিতাক এজন নৈষ্ঠিক বৈষ্ণব আছিল। পুতেকৰ এনে মইমতীয়া ভাব আৰু সনাতন হিন্দুধৰ্ম্মৰ বিৰুদ্ধে এনে উদ্ভণ্ডালি দেখি, তেওঁ বিমোৰত পৰিল। দিনে দিনে ব্ৰাহ্মণ পণ্ডিতসকলৰ পৰা ৰামমোহনৰ বিপক্ষে অনেক কটুকথা আৰু ওজৰ-আপত্তি শুনিবলৈ পালে। শেষত একো সদুপায় স্থিৰ কৰিব নোৱাৰি ৰামকান্তই পুতেকক, সমাজৰ ভয়ত ঘৰৰ পৰা বাজ কৰি দিলে।

 পিতৃ-মাতৃ আৰু বন্ধুবান্ধৱৰ স্নেহৰ পৰা বঞ্চিত হৈয়ো তেওঁ অকণো কাতৰ নহল, অকণো ভয় নাখালে, অকণো নটলিল। তেওঁ নিজৰ ওপৰত নিৰ্ভৰ কৰিবলৈ শিকিলে। এই আত্ম নিৰ্ভৰতাই ভবিষ্যত ৰামমোহনক যশৰ উচ্চ-সিংহাসনত বহুৱাই তেওঁৰ নাম আৰু কীৰ্ত্তি ভাৰত-বুৰঞ্জীত অমৰ কৰি ৰাখিলে।

 ৰামমোহন জমিদাৰৰ সন্তান—আনন্দ আৰু সুখৰ কোলাত পালিত, তথাপিও এই দশাত পৰি তেওঁ বিন্দুমাত্ৰ বিচলিত নহল। [ ১২০ ] শাৰীৰিক সকলো কষ্ট তেওঁ নীৰবে সহ্য কৰিবলৈ শিকিলে। নিজৰ সুখ-স্বাচ্ছন্দ্য আৰু বিলাসিতাৰ প্ৰতি দৃষ্টিপাত নকৰিলে, মহাযোগীৰ দৰে নশ্বৰ সংসাৰৰ সকলো বিষয় উপেক্ষা কৰি কেৱল নিজ উদ্দেশ্য সাধনত একান্ত মনে লাগি গল।

 এইদৰেই নানা ঠাই ভ্ৰমণ কৰি শেষত তেওঁ সুদূৰ তিব্বত দেশ পালেগৈ। তাত ৪ বছৰ থাকি তিব্বতী ভাষা শিকি বৌদ্ধ-ধৰ্ম্মৰ মূল গ্ৰন্থবোৰ আগ্ৰহেৰে পঢ়িবলৈ লাগি গল। কিন্তু অতি অলপ দিনৰ ভিতৰতে তিব্বতবাসীৰ সমাজ আৰু ধৰ্ম্মৰ মাজতো অনেক আবৰ্জ্জনা দেখিবলৈ পালে। ২০ বছৰ বয়সত তেওঁ পুনৰ ঘৰ পালেহি।

 ঘৰ পাই ৰামমোহন ইংৰাজী পঢ়িবলৈ লাগি গল। ইয়াৰ পিচত ক্ৰমে তেওঁ ফ্ৰেন্স, হিব্ৰু, লেটিন, গ্ৰীক আৰু উৰ্দ্দু ভাষাতো বিদগ্ধ পণ্ডিত হৈ পৰিল। মূল বাইবেল শাস্ত্ৰ পঢ়িবলৈ তেওঁ কঠোৰ পৰিশ্ৰম কৰি গ্ৰীক আৰু হিব্ৰু শিকিছিল। ইয়াৰ পাচত তেওঁ অনেক হিন্দুধৰ্ম্মৰ গ্ৰন্থ ইংৰাজীলৈ অনুবাদ কৰিলে। তেওঁৰ নাম বিদেশতো জনাজাত হৈ পৰিল। বিদেশী ডাঙৰ ডাঙৰ পণ্ডিতসকলে তেওঁৰ জ্ঞানগৰিমা এক মুখে শলাগিবলৈ ধৰিলে।

 ক্ৰমে দেশত সকলোৱেই ৰামমোহনৰ ধৰ্ম্ম আৰু সমাজ-সংস্কাৰৰ চেষ্টাত বিৰক্ত হৈ তেওঁৰ ঘোৰ শত্ৰু হৈ পৰিল। ৰামমোহনৰ বিৰুদ্ধে ৰামকান্তই আকৌ ওজৰ আপত্তি শুনিবলৈ পালে। অনেক প্ৰবোধ বচনেৰে তেওঁ ৰামমোহনক বুজালে। শেষত উপায়বিহীন হৈ বৃদ্ধ পিতাকে দ্বিতীয়বাৰ ৰামমোহনক ঘৰৰ পৰা বিদায় দিলে। [ ১২১ ] ইয়াৰ কিছুদিনৰ পিচতে ৰামকান্তই পুত্ৰশোেকত প্ৰাণত্যাগ কৰিলে। এতিয়া পিতৃহানি হোৱাত তেওঁ সম্পূৰ্ণ স্বাধীন হৈ নিজ মত প্ৰচলন কৰিবৰ মহা সুবিধা পালে। অজস্ৰ ধন, বিপুল অধ্যৱসায় আৰু অতিশয় কষ্ট স্বীকাৰ কৰি ৰামমোহনে ১৮৩০ চনত কলিকতাত ব্ৰাহ্মসমাজ স্থাপন কৰিলে। ভাৰতৰ ধৰ্ম্মসমাজত নতুন যুগ আৰম্ভ হল।

 ইয়াৰ পিচত তেওঁ সমাজ-সংস্কাৰত উঠি পৰি লাগিল। সেই সময়ত হিন্দুৰ মাজত সতীদাহ বা সহমৰণ নামে এটা বৰ কুপ্ৰথা প্ৰচলিত আছিল। সেই কুপ্ৰথা গুচাবৰ কাৰণে তেওঁ প্ৰাণপণে চেষ্টা কৰিবলৈ ধৰিলে। সেই সময়ত সকলো তিৰোতাই যে সতী গৈছিল এনে নহয়, অনেক মানুহে বিধবা তিৰোতাক ভৰণ-পোষণ দিয়া কাৰ্য্যৰ পৰা অব্যাহতি পাবৰ আশাৰে জোৰ কৰি ভাৰ্য্যাক তেওঁৰ মৃত-স্বামীৰ চিতাত তুলি দিছিল। এনে পৈশাচিক নৃশংস কাৰ্য্য যে ভীষণ নৰহত্যা তাত কোনো সন্দেহ নাই। এই কুপ্ৰথাৰ অপকাৰিতা ৰজা প্ৰজা সকলোৱে উপলব্ধি কৰিছিল বুলিও কোনেও তাৰ বিপক্ষে থিয় দিবলৈ সাহ নকৰিছিল। কিন্তু ৰামমোহনৰ অদম্য মনোবলৰ আগত এনে প্ৰথা বেছি দিন টিকিব নোৱাৰিলে। ৰামমোহনৰ অসীম চেষ্টাৰ ফলত সেই সময়ৰ গবৰ্ণৰ জেনেৰেল মহাত্মা লৰ্ড বেন্টিঙ্কে আইন জাৰি কৰি, সেই ভয়াবহ প্ৰথা চিৰকাললৈ বন্ধ কৰি দিলে। ইয়াৰ পিচতো ৰামমোহনে বঙ্গদেশৰ কুলীন কন্যাবিলাকক চিৰকুমাৰী কৰি ৰখাৰ প্ৰথা আৰু বালিকা-বিবাহ প্ৰথা ৰহিত কৰাত অক্লান্ত পৰিশ্ৰম কৰিছিল। [ ১২২ ]  মহামতি ৰামমোহন আৰু তেওঁৰ পৰম বন্ধু ডেভিড হেয়াৰ চাহাবৰ অশেষ যত্নৰ ফলত ভাৰতত ইংৰাজী শিক্ষাৰ সূচনা হয়। তেওঁলোক দুয়োৰো চেষ্টা আৰু কষ্ট স্বীকাৰত কলিকতাত সৰ্ব্বপ্ৰথম হিন্দুকলেজ স্থাপিত হল। ৰামমোহনে নিজৰ ধনেৰেও এটা ইংৰাজী স্কুল স্থাপন কৰিলে। শেষত নিজৰ ব্ৰাহ্মসমাজৰ স্কুলঘৰ এৰি দি তাত তেওঁ ডাফস্কুল প্ৰতিষ্ঠা কৰিলে। এইদৰেই মহাত্মা ৰামমোহনৰ অশেষ যত্নৰ ফলত ভাৰতত ইংৰাজী শিক্ষাৰ পথ প্ৰসাৰিত হল।

 ইয়াৰ পিচত তেওঁ দিল্লীৰ বাদচাহৰ পৰা ‘ৰাজা’ উপাধি লাভ কৰি তেওঁৰ প্ৰতিনিধি হৈ এটা বিশেষ কামৰ নিমিত্তে বিলাতলৈ যাত্ৰা কৰিলে। বিলাতৰ পণ্ডিতসকলে তেওঁক তেওঁলোকৰ মাজত পাই মহা আনন্দ প্ৰকাশ কৰিলে। ৰামমোহনে বিলাতৰ মহাসভাত ভাৰত সম্পৰ্কে কেইবাটাও বক্তৃতা দি সকলোকে মোহিত কৰিলে।

 ভাৰত-হিতকৰ অনেক সদনুষ্ঠান ফলদায়ক হবৰ কাৰণে তেওঁ তাত আন্দোলন চলাই, সেই বিষয়ে নানা যুক্তি-তৰ্ক বিলাতবাসীৰ কাণত পেলাইছিল। তেওঁৰ বাগ্মিতা আৰু পাণ্ডিত্যত মোহ গৈ সেই দেশৰ অনেক মহাপুৰুষ, কবি আৰু পণ্ডিতে তেওঁৰ লগত বন্ধুত্ব- সূত্ৰেৰে আৱদ্ধ হৈ ধন্য মানিছিল।

 বৰ দুখৰ কথা এই যে, এইজন মহাবীৰ আৰু ভাৰতলৈ উলটি আহিব নোৱাৰিলে। ভাৰতবাসীক কন্দুৱাই ৰাজা ৰামমোহনে ৫৮ বছৰ বয়সত ১৮৩৩ চনৰ ২৭ চেপ্টেম্বৰৰ দিনা ব্ৰিষ্টল নগৰত নশ্বৰ দেহা এৰি অমৰধামলৈ গতি কৰিলে। [ ১২৩ ]  তেওঁৰ দৰে দৰিদ্ৰৰ বন্ধু, দেশৰ বন্ধু, লোকহিতকৰ-ব্ৰতধাৰী উদাৰ-চৰিত্ৰ মহাপ্ৰাণ মহাপুৰুষ আৰু কেইজন আছে?

শ্ৰীবসন্তকুমাৰ বৰুৱা।

টীকা

অজস্ৰ(ন-জস্ = ঢুকা+ৰ) নুঢুকুৱা, অবিৰাম, সৰহ।
উপলব্ধি (উপ-লভ্+ক্তি) অনুভব, অনুভূতি।
প্ৰসাৰিত-(প্ৰ= সম্যকৰূপে+নিজন্ত সৃ গতি কৰা+ক্ত) বিস্তৃত।

প্ৰশ্ন।

১। ৰামমোহন ৰায়ে কি কি বিষয়ৰ সংস্কাৰ সাধন কৰিছিল?
২। সতীদাহ কি? কেতিয়া আৰু কেনেকৈ তাৰ অন্ত পৰিল?
৩। বাক্য ৰচনা কৰা:-প্ৰতিভা, দৈবশক্তিসম্পন্ন, নিৰ্য্য়াতন, অপূৰ্ব্ব,
সমাবেশ, আয়ত্ত, পাণ্ডিত্য, সংকীৰ্ণতা, নৈষ্ঠিক আৰু জ্ঞান-গৰিমা।
৪। ৰামমোহনৰ লিখাপঢ়াত কেনে ধাউতি আছিল? তেওঁ কি কি ভাষা
শিকিছিল?

[ ১২৪ ]

জাতীয় জীৱন।

 কেইজনমান মানুহ একেলগে গোট খালেই সামাজিক বা জাতীয় জীৱন গঠিত নহয়। ব্যক্তিগত জীৱনৰ সাৰাংশবোৰ গোট খাই হে জাতীয় জীৱনৰ সৃষ্টি হয়। দৈনিক জীৱনৰ সাধাৰণ কামবোৰ আওহেলা কৰি উদ্দেশ্যবিহীন হৈ উদং ভাবে ফুৰিলে যেনেকৈ জীৱনৰ মোলকে বুজিব নোৱাৰি, সেই দৰে জাতীয় জীৱনৰ কাম নকৰিলেও জাতীয় জীৱন হেজাৰ শব্দেৰেও বুজাব নোৱাৰি। জাতীয় জীৱন বুজিবলৈ হলে, জাতীয় জীৱনৰ মঙ্গল-সাধন কৰিবলৈ হ'লে, দৈনিক জীৱনৰ প্ৰত্যেক কামতে মনত ৰাখিব লাগিব যে আমি যি কাম কৰোঁ, তাৰ ওপৰত নিজৰ ভবিষ্যৎ মঙ্গল-অমঙ্গলৰ লগে লগে আমাৰ জাতীয় জীৱনৰো মঙ্গল-অমঙ্গল নিৰ্ভৰ কৰে। আমি মনত ৰাখিব লাগিব যে আমাৰ প্ৰত্যেক কামৰ নিমিত্তে, আমি নিজৰ লগে লগে জাতীয় জীৱনৰ ওচৰতো দায়ী। আমি সদায় ভাবিব লাগিব যে আমি প্ৰত্যেকেই জাতীয় মহামন্দিৰৰ উপলখণ্ড, আৰু এডোখৰ উপলৰ দুৰ্গুণতেই সকলো মন্দিৰেই খহি যাব পাৰে। এই উদাৰ ভাব যেতিয়াই তেজৰ চলন শক্তিৰ লগত মিহলি হৈ যাব, যেতিয়াই তেজৰ চলাচলৰ লগে লগে এই ভাব মনত খেলাই থাকিব, তেতিয়া হে আমি বুজিৰ পৰিম জাতীয় জীৱন কি আৰু প্ৰকৃত জীৱনম্পন্দনেই বা কি। তেতিয়া হে বুজিম—জীৱনৰ প্ৰকৃত [ ১২৫ ] উপভোগ কি। তেতিয়া হে মানব-জীৱন দান কৰা বুলি প্ৰমুক্ত কণ্ঠে ভগৱানক ধন্যবাদ দিব পাৰিম।

 মানুহ বুলিলেই অসংখ্য বাসনা, ইচ্ছা, আকাঙ্ক্ষা, আৰু শক্তিৰ সমষ্টি বুজায়। মানুহৰ কৰ্ত্তব্য-জ্ঞান আছে, ধৰ্ম্মজ্ঞান আছে, ভবিষ্যৎ সুখৰ বাঞ্ছা আছে, লোকৰ উপকাৰ কৰিবৰ প্ৰবৃত্তি আছে, মানুহৰ জ্ঞান-পিপাসা আছে। মানুহৰ যে আৰু কি কি অসংখ্য প্ৰবৃত্তি আছে, তাক মানুহে নিজেই ক’ব নোৱাৰে। পৰস্পৰৰ সংঘৰ্ষণত কেতিয়াবা কেতিয়াবা একোটা আচৰিত শক্তি আৰু জ্ঞান বিস্ফুৰিত হৈ পৰে। এই সকলোবোৰ গুণ আৰু শক্তি সমানভাবে ধাৰণা কৰিবলৈ নিৰ্ম্মলভাবে জগতৰ পিনে চাব পৰাই প্ৰকৃত শিক্ষা।

শ্ৰীবাণীকান্ত কাকতি।

টীকা।

 উপল—শিল।

 স্পন্দন— (স্পন্দ = গতি কৰ+ অনট্‌ ) গতি, ধপ্‌ধপনি।

 সংঘৰ্ষণ—( স—ঘৃষ+অনট্‌ ) ঘঁহনি, ঠেকাঠেকি।

 বিস্ফুৰিত—( বি—স্ফুৰ+ক্ত) প্ৰকাশিত।

প্ৰশ্ন।

 ১। জাতীয় জীৱন কি?

 ২। প্ৰকৃত শিক্ষা কাক বোলে?


⸻০⸻

[ ১২৬ ]

মাধৱদেৱ।

 জগতৰ ইতিহাস মানৱজাতিৰ ক্ৰমোন্নতিৰ এক অপূৰ্ব্ব কাহিনী। পৰ্ব্বতৰ গুহাত বন্য ফল-মূল আৰু কেঁচা মঙহ খাই পশুৰ দৰে জীৱনধাৰণ কৰা মানুহ ক’ত, আৰু আজিৰ দিনৰ জ্ঞান-বিজ্ঞানেৰে মণ্ডিত মানুহ ক’ত? ভাবত, ভাষাত, শিক্ষাত মানুহৰ উন্নতি ক'ৰ পৰা ক'লৈকে হৈছে, তাক ভাবিলে আচৰিত হব লাগে। আৰু ক্ৰমোন্নতি,—মানৱ-মনৰ এই ক্ৰমবিকাশ ক্ষুদ্ৰৰ পৰা বৃহত্তৰলৈ, জ্ঞানৰ পৰা জ্ঞানলৈ। মানৱ মনৰ এই বিৰাট অভিযানেই মানুহক অন্য পশুৰ শাৰীৰ পৰা ক্ৰমে আঁতৰ কৰি আনিছে। এই উন্নতিৰ মূলতে হৈছে মানুহৰ মনৰ উন্নতিৰ ফালে, বিকাশৰ ফালে, এটি স্বাভাবিক প্ৰবৃত্তি।

 কিন্তু সদায় মানুহে কেৱল এই উন্নতিৰ পথতে খোজ লৈ আহিছে নে? ব্যক্তিগত আৰু জাতীয় জীৱনৰ একো একোটা অৱস্থা আহে, যেতিয়া মানুহে নিজে উন্নতিৰ কাৰণে প্ৰস্তুত কৰা কিছুমান ৰীতি-নীতিৰে নিজক বান্ধি উন্নতিৰ পথত আগুৱাবৰ ইচ্ছা নকৰে। এই ব্যৱস্থাকে গীতাত ধৰ্ম্মগ্লানি বোলা হৈছে। ধৰ্ম্ম কথাটিৰ প্ৰকৃত অৰ্থলৈ চালেও আমাৰ বাখ্যা যে ভুল নহয়, সি স্পষ্ট হৈ ওলাব। এয়ে মানুহৰ দুৰ্দ্দশাৰ দিন। সামাজিক ভাবে মানুহক এই অৱস্থাতে মৃত বুলিব পাৰি। এনে সময়ত একো একোজন মহাপুৰুষৰ আগমন হয়, যি এই অস্বাভাবিক অৱস্থা দূৰ কৰি মানুহক আকৌ সত্য সনাতন পথত অগ্ৰসৰ হবলৈ শিকায়। [ ১২৭ ] ইয়াকে গীতাত ভগবানে ‘সৃজাম্যহম্’-বুলিছে। আসামতো শ্ৰীশঙ্কৰ দেৱৰ আবিৰ্ভাবৰ আগতে এনে এক সামাজিক মৃত্যুৰ অৱস্থা আহিছিল। শঙ্কৰদেৱে মৃতসঞ্জীবনী মন্ত্ৰেৰে আসামক আকৌ প্ৰাণ দিলে আৰু তেখেতৰ এই অপূৰ্ব্ব কৰ্ম্ম-তৎপৰতাত দক্ষিণহস্ত স্বৰূপ আছিল শ্ৰীমাধৱদেৱ।

 অসমীয়া বৈষ্ণৱ ধৰ্ম্ম এটা সমস্ত ভাৰতব্যাপী নৱ-জীৱনৰ সূচনাৰ অংশ মাত্ৰ। য়ুৰোপৰ ফালে চকু দিলেও দেখা যায় যে তাতো এক নতুন উদ্দীপনাত নতুন ভাবত এই একে সময়তে মানৱাত্মা জাগি উঠিছে। তাতে মধ্যযুগৰ সুপ্তিৰ পিচত এই নতুন যুগৰ আগমন। এই জাগৰণক এটা জাগতিক ব্যাপাৰ বুলিলেও বঢ়াই কোৱা নহব।

 য়ুৰোপীয় নৱযুগ আৰু ভাৰতীয় নবযুগৰ ভিতৰত এটা বিশেষ পাৰ্থক্য আছে। তাত কেৱল ধৰ্ম্মৰ পথত এই স্বাধীনতা আৰু প্ৰাণৰ সোঁত বোৱা নাছিল, জীৱনৰ সকলো কথাকে কেন্দ্ৰ কৰি এক বিৰাট ভাবৰ জাগৰণ, জীৱনৰ পূৰ্ণতাৰ প্ৰতি মানৱ মনৰ হাবিয়াস, এয়ে য়ুৰোপীয় নৱযুগ। কিন্তু ভাৰতৰ নৱযুগ বা বৈষ্ণৱ ধৰ্ম্মৰ অভ্যুত্থান মূলকৈ ধৰ্ম্মৰাজ্যত মানৱাত্মাৰ মুক্তিৰ কাৰণে সততে প্ৰায় আবদ্ধ আছিল। যদিও জীৱনৰ অন্যান্য ঘটনাত এই ভাবৰ ছাঁ পৰিছিল, তথাপি জীৱনৰ পূৰ্ণতাৰ প্ৰতি ধাৰ্ম্মিক ভাৰতৰ দৃষ্টি কম আছিল। তাৰ কাৰণ ৰাজনৈতিক প্ৰভৃতি যি কাৰণেই নাথাওক, আমি স্বীকাৰ কৰিবলৈ বাধ্য যে য়ুৰোপীয় নৱযুগৰ মাহাত্ম্য ভাৰতীয় নৱযুগৰ মাহাত্ম্যতকৈ অধিক। ভাৰতৰ অন্যান্য [ ১২৮ ] প্ৰায় সকলোবাৰ বৈষ্ণৱ প্ৰচাৰক আৰু আসামৰ শঙ্কৰদেৱৰ ভিতৰত এই খিনিতে এটা পাৰ্থক্য দেখা যায়। শঙ্কৰদেৱৰ ধৰ্ম্মৰ প্ৰতি দৃষ্টি প্ৰধানৰূপে থাকিলেও তেওঁ মানৱ জীৱনৰ প্ৰায় সকলোবোৰ কথাতে এক নতুন সোঁত বোৱাইছিল। সাহিত্য, সমাজ, সকলোতে তেওঁৰ প্ৰভাৱ পূৰ্ণৰূপে পৰিছিল। কিন্তু সেই প্ৰভাৱ একৰকম চিৰস্থায়ী হলেও তাৰ ক্ৰমবিকাশ আৰু নহল। আমি শঙ্কৰদেৱৰ দিনৰ পৰা তেওঁৰ প্ৰদৰ্শিত পথত আগুৱাব পৰা নাই, বৰং ক্ৰমে পিচ পৰি হে গৈছোঁ।

 মাধৱদেৱৰ ধী-শক্তি আৰু প্ৰতিভা এটাও শঙ্কৰদেৱতকৈ কম নাছিল, কিন্তু জীৱনৰ লক্ষ্যৰ বিষয়ে দুয়োৰো মত বিভিন্ন। মুক্তি অৱশ্যে দুয়ো বিচাৰে, কিন্তু শঙ্কৰে সেই মুক্তিৰ যাত্ৰাত জীৱনৰ অন্যান্য আনুষঙ্গিক কাৰ্য্যবিলাকক বাদ দি নগৈছিল, সমাজৰ উন্নতি যাতে সকলো বিষয়তে হয় সিও তেওঁৰ চেষ্টা আছিল। তেওঁৰ আদৰ্শ মানৱ আৰু মানৱসমাজৰ সৰ্ব্বাঙ্গীন উন্নতি সাধন কৰা। কিন্তু মাধৱদেৱৰ আদৰ্শ আছিল গৃহ-সংসাৰ সকলো ত্যাগ কৰি যি প্ৰকৃত সত্য বস্তু, যাৰ সাহায্যেৰে আত্মাক মুক্তি দিব পাৰি, সেই সাৰপদাৰ্থৰ একাণপতীয়া সেৱা। শঙ্কৰ উদাৰ আৰু মাধৱদেৱ গভীৰ, এয়ে দুয়োৰো ভিতৰত পাৰ্থক্য। মাধৱদেৱৰ প্ৰত্যেক কাৰ্য্যতে তেওঁৰ হৃদয়ৰ অদম্য উচ্ছ্বাস প্ৰকাশ হৈ পৰিছিল। তেওঁ যি সত্যক উপলব্ধি কৰিছিল, তাকে তেওঁ সম্পূৰ্ণভাৱে জীৱনত প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছিল। এই অপূৰ্ব্ব মনস্বী তাপস মাধৱ আসাম দেশৰ এটি উজ্জ্বল ৰত্নৰূপে চিৰকাল বিৰাজ কৰিব। [ ১২৯ ]  অসমীয়া বৈষ্ণৱ জগতত শঙ্কৰ আৰু মাধৱৰ মিলন এক অপূৰ্ব্ব বস্তু। ধীৰ শান্ত শঙ্কৰৰ কাৰ্য্য অপূৰ্ণ থাকিলহেঁতেন যদি এই কৰ্ম্মবীৰ ধৰ্ম্মবীৰ তপস্বী যুবক আহি তেওঁৰ পবিত্ৰ মতৰ ভাৰখন নিজৰ কান্ধত তুলি নললেহেঁতেন। মাধৱৰ একাগ্ৰতা, ধী-শক্তি, জ্ঞান আৰু উদ্যমেই তান্ত্ৰিক আসামক বৈষ্ণৱ আসাম কৰি গল।

 আজিকালি বহুত মানুহে শঙ্কৰ-মাধৱৰ দিনৰ অনুষ্ঠান আৰু সামাজিক ৰীতি-নীতি আৰু গঠনৰ বিপক্ষে কোনো কথা কবলৈ সাহ নকৰে আৰু আন কোনোবাই তেনে কৰিলে, তেওঁলোকৰ প্ৰতি অসন্তুষ্ট হয়। তেখেত সকলে বোধ কৰোঁ জানে, যে মাধৱ আৰু শঙ্কৰেও ব্ৰাহ্মণ প্ৰভৃতি পুৰণা, ভাবত চলিব খোজা মানুহবিলাকৰ যথেষ্ট অত্যাচাৰ সহ্য কৰিব লগাত পৰিছিল। কিন্তু যি বস্তুক সত্য আৰু আৱশ্যকীয় বুলি তেওঁলোকে বিবেচনা কৰিছিল, তাক গ্ৰহণ কৰিবলৈ বাধা-বিপত্তি থাকিলেও তেওঁলোক পিচ নপৰিছিল। তেওঁলোকৰ শিক্ষাৰ সাৰমৰ্ম্ম সত্যগ্ৰহণ, কোনো এটা ৰীতি নাইবা নিয়ম পালি চলা নহয়। তেওঁলোকক অপমান কৰা হব—যদি তেওঁলোকৰ হৃদয়ৰ সেই ভাবটি গ্ৰহণ নকৰি তেওঁলোকে সেই সময়ত যিবিলাক সামাজিক আৰু ধৰ্ম্ম সম্পকীয় ৰীতি-নীতিৰ অৱতাৰণা কৰিছিল, সময়ৰ সোঁত বুজি আৱশ্যক হলেও সেইবোৰ পৰিবৰ্ত্তন কৰিবলৈ আমি চেষ্টা নকৰোঁ। অৱশ্যে কোনেও ভূত ইতিহাসক একেবাৰে বাদ দি চলিব নোৱাৰে আৰু আৱশ্যক নহলে সময়ে যিবিলাক আমাক দি গৈছে তাক ধ্বংস কৰা অতি মূৰ্খতাৰ কাম। তথাপি এই ভূতৰ ভিতৰৰ সম্বল লৈয়েই এটা সুন্দৰ আৰু গৌৰৱ[ ১৩০ ] মণ্ডিত ভবিষ্যৎ সৃষ্টি কৰিবলৈ আটায়ে চেষ্টা কৰা উচিত আৰু এয়ে তেওঁলোকৰ শিক্ষা।

 মাধৱদেৱৰ ঋণ অসমীয়া জাতিয়ে কেতিয়াও পৰিশোধ কৰিব নোৱাৰে। জাতিৰ প্ৰিয়তকৈ প্ৰিয়বস্তু ভাষা, তাকো সবল, সতেজ, দীপ্তিপূৰ্ণ কৰি গল মাধৱদেৱেই। বঙ্গদেশ আৰু ভাৰতৰ অন্যান্য প্ৰদেশৰ দৰে আজি অসমীয়া ভাষাৰ গৌৰৱ সাহিত্য। এই সাহিত্য আমাৰ নথকা হলে আসামৰ এই দুদ্দিনত অসমীয়া ভাষা বুলি এটা পৃথক ভাষা নাথাকিলহেঁতেন। আৰু কি সম্পূৰ্ণ এই সাহিত্য! কত গভীৰ ভাবপূৰ্ণ, কত অসংখ্য ৰত্নৰাজিয়েই এই ভঁৰাল ভৰাই ৰাখিছে। আজিৰ অসমীয়া অন্ধ, সেই দেখি এই ভঁৰালৰ ৰত্নৰাজি পৰীক্ষা কৰি এবাৰ চাবলৈকো কাৰো উৎসাহ দেখা নাযায়।

 সমাজত, ধৰ্ম্মত, সকলোতে কি এটি নব জীৱনীশক্তি এই তপঃপূৰ্ণ মহাপুৰুযে, কি ঐকান্তিকতাৰে সৈতে ঢালি দিছিল! ধন্য আসাম! তুমি তোমাৰ গৰ্ভত শঙ্কৰ আৰু মাধৱৰ দৰে মহাপুৰুষক ধাৰণ কৰিছিলা।

 মহাপুৰুষৰ জীৱনী আৰু কাৰ্য্য-কলাপ আলোচনা কৰিলে নিজৰ আত্মাৰ গভীৰতম প্ৰদেশৰ পৰা মহং কাৰ্য্য সাধিবলৈ এটা প্ৰেৰণা আহে, আৰু সেই মহাপুৰুষ যদি নিজৰ জীৱনৰে সৈতে ওতপ্ৰোত- ভাৱে জড়িত থাকে, তেন্তে এই কথাৰ সত্যতা আৰু বাঢ়ে। এনে অৱস্থাত যদি অসমীয়া আকৌ জ্ঞান, ধৰ্ম্ম, শিক্ষা সকলোতে মহান হব খোজে, আসামৰ অপূৰ্ব্ব কৰ্ম্মবীৰ, ধৰ্ম্মবীৰ, সাহিত্যৰথী, জাতীয়- জীৱন গঠনকৰ্ত্তা মহাপুৰুষ শঙ্কৰদেৱ আৰু মাধৱদেৱৰ গুণগান, [ ১৩১ ] জীৱনী আৰু কাৰ্য্যাৱলীৰ অধ্যযন আৰু আলোচনা কৰিব লাগিব আৰু তেওঁলোকে নিৰ্দ্দেশ কৰা সত্যৰ পথত আগুৱাবলৈ প্ৰস্তুত হব লাগিব। অসমীয়া জাতি আৰু সভ্যতাৰ ভবিষ্যৎ অন্ধকাৰ— যদি আমি এই মহাপুৰুষসকলৰ প্ৰকৃত মোল নুবুজোঁ, অথবা বুজিবলৈ চেস্টা নকৰোঁ।

 দেশৰ ভবিষ্যতৰ উজ্জ্বল ছবি মনত লৈ, সমাজৰ কল্যাণ কামনা কৰি, সাহিত্যৰ উন্নতি হিয়াত বান্ধি ধৰ্ম্মপথৰ সম্বল গোটাই চলিবলৈ আহাঁ আজি আমি সকলো অসমীয়াই পৱিত্ৰ দিনত আসামৰ শ্ৰেষ্ঠ পুত্ৰ শঙ্কৰদেৱ আৰু মাধৱদেৱৰ চৰণত বিনীতভাবে আমাৰ ভক্তি- পুস্পাঞ্জলি নিবেদন কবি নিজকে কৃতাৰ্থ কৰোঁ।

শ্ৰীলক্ষ্মীধৰ শৰ্ম্মা।

টীকা।

 সুপ্তি— ( স্বপ্‌+ক্তি ) টোপনি।   দক্ষিন হস্ত—সোঁহাত, প্ৰধান সহায়।

 ব্যাপাৰ—(বি—আ—পৃ = তৎপৰ হ+ঘঞ্‌ ) কাৰ্য্য, ঘটনা।

 উদ্দীপনা —(উৎ— দীপ্‌ = দীপ্তি কৰ্‌+অন্ ) উত্তেজনা।

 প্ৰেৰণা—( প্ৰ—ঈৰ = গতি কৰ্‌+অন্) উদগনি।

 ওতপ্ৰোত—{( ওত—আ—ৱে=ব+ক্ত)+( প্ৰোত—প্ৰ—ৱে+ক্ত )} দীঘে-পথালিয়ে বোৱা বা সিয়া, সকলো অংশতে জুৰি থকা।

 ঐকান্তিক — ( এক+অন্ত +ষ্ণিক্‌ ) একেটাতে লগা, একনিষ্ঠ, একানপতীয়া।

 ধী —( ধ্যৈ =চিন্তা কৰ্‌+ক্কিপ) চিন্তা কৰা শক্তি, ধাৰণা শক্তি, বুদ্ধি।

প্ৰশ্ন।

 ১। অসমীয়া সমাজৰ লগত শঙ্কৰদেৱৰ সম্বন্ধ কেনেকুৱা বহলাই লিখাঁ।

 ২। শঙ্কৰদেৱ আৰু মাধবদেৱৰ সাহিত্য-প্ৰতিভাৰ চমু আভাস দিয়াঁ। [ ১৩২ ]

সাধনাৰ বাটত।

 সৎসঙ্কল্প উন্নত জীৱনৰ মেৰুদণ্ড। সাধনাৰ সকলো কামেই সঙ্কল্পৰ ফল। দৃঢ় সঙ্কল্পৰ অভাৱত আমাৰ বহুত কামৰ পৰা বিমুখ হ'ব লগা হয়। যিসকল আমাৰ শ্ৰদ্ধাৰ পাত্ৰ, তেওঁবিলাকৰ মাজতো যে দুৰ্ব্বলতা দেখা নেযায় এনে নহয়, কিন্তু সিও দৃঢ়সঙ্কল্পৰ অভাৱতেই।

 মানুহৰ সুকীয়া বা সাংসাৰিক জীৱনৰ বাহিৰেও ব্যৱসায়- বাণিজ্যতো সাধুসঙ্কল্পৰ যথেষ্ট থলী আছে। যি মানুহে ভক্তিভাজনক শ্ৰদ্ধা দেখুৱাব পাৰে, তেওঁৰ জীৱন-প্ৰতিমাত যিদৰে স্নিগ্ধতা, সৌন্দৰ্য্য আৰু কমনীয় ভাৱ ফুটি উঠিব, বোধ কৰোঁ আন এজন, যাৰ শ্ৰদ্ধাৰ পাত্ৰ জগতত কোনোৱেই নাই, তেওঁৰ জীৱনত কেতিয়াও তেনে আশা কৰিব নোৱাৰি; কাৰণ বাস্তৱ জীৱনৰ সাধনাৰ পথত আনুমানিকতাতকৈ আনুভাৱিকতাই হে আগ আসন পায়। সাধনাৰ সুৱগা সঙ্কল্প আৰু আদৰ্শ তাৰ লক্ষ্য। বন্ধু চৰিত্ৰ-মাহাত্ম্যত, দুখ-পৰীক্ষাত জীৱন মহত্ত্বৰ ফালে ঢাল লয়। যাৰ তেনে জন নাই, মহৎ আদৰ্শৰ জীৱন্ত ছবি সি দেখিবলৈ নেপায়। দুখ-কষ্টত জৰ্জ্জৰিত হৈ তেনে মানুহ জীৱনৰ গতিত সততে চেৰ পৰি যোৱা দেখা যায়। আমি প্ৰায়েই আনক কোৱা শুনো আৰু নিজেও কওঁ, “মই এইটো নকৰিলোঁহেঁতেন, কেৱল তোমাৰ মৰমত বা তুমি মোৰ শ্ৰদ্ধাৰ পাত্ৰ, সেইহে [ ১৩৩ ] কৰিলোঁ।” এই চেনেহৰ বান্ধৰ দৃঢ়সঙ্কল্প চাবলৈ গলে দৰাচলতে আমি তিৰোতাৰ ভিতৰতেই দেখোঁ। পৰাধীন পদদলিত জাতি বাদ দি, যিসকলে স্বাধীনতাৰ মুকলি আকাশৰ তলত মানৱজীৱন সাৰ্থক কৰিছে, তেনে ঠাইৰ তিৰোতাৰ দৃঢ়সঙ্কল্পৰ কথা ভাবিলে নিজেই নাৰী বুলি কিছু সুখ অনুভৱ কৰোঁ। মেৱাৰৰ মহাৰাণীৰ স্বদেশ প্ৰেমিকতাৰ দৃঢ়সঙ্কল্পৰ তুলনাত সাত পুত্ৰৰ স্নেহেও নিম্ন আসন পাইছিল। ই প্ৰকৃত মহত্ত্বৰ সাধনা।

 দুজন মানুহৰ ভিতৰতেই কিমান পাৰ্থক্য দেখা যায়। এজন প্ৰাৰ্থনাশীল, আনজন হয় তো প্ৰাৰ্থনাৰ বাহিৰ সীমাৰো চাৰিহাত দুৰৈত, ইয়াৰ দ্বাৰা আমি বিচাৰ কৰিব নোৱাৰোঁ যে এজনৰ শক্তি আন জনৰ তুলনাত কম; বৰঞ্চ “সঙ্কল্প নাই” এই কথাই হে সত্য। এজনৰ জীৱনত হয়তো ঈশ্ববপ্ৰীতি লাভৰ সাধনা আছে, আনজনৰ জীৱনত ঈশ্বৰৰে সৈতে কোনো সম্পৰ্ক নাই। এইদৰেই এজনে সময় আৰু অৰ্থৰ সদ্ব্যৱহাৰ কৰে, আনজনে বিলাসিতাত আত্মহাৰা হৈ অসংযত ভাবে অৰ্থব্যয় কৰে। সঙ্কল্পৰ অভাৱেই এইসকলৰ মূল। “চন্দ্ৰতো কলঙ্ক আছে আমি কোন ছাৰ, বুলি পাতলাওঁ নিজে দোষ আপোনাৰ।”

 মানুহ অপূৰ্ণ; গতিকে আমাৰ জীৱনৰ বিশৃঙ্খলা, আমাৰ অমিতাচাৰ আৰু অপব্যয়, অহঙ্কাৰ আৰু অভিমান, বিলাসপ্ৰিয়তা প্ৰভৃতি মানৱৰ অপূৰ্ণতাৰ অৱশ্যম্ভাবী ফল। এইদৰে আমি নিজকে নিজে সান্ত্বনা দিওঁ, কিন্তু ইয়াৰ দ্বাৰা আমি আত্মপ্ৰবঞ্চিত নহওঁ নে? আমি ভবা উচিত যে আমাৰ ধৰ্ম্মশক্তি নাই। আমাৰ [ ১৩৪ ] ধৰ্ম্ম জীৱন্ত ধৰ্ম্ম নহয়; গতিকে ঈশ্বৰপ্ৰীতি আৰ্জ্জন কৰাটো আমি শ্ৰেষ্ঠ সুখ বুলি নেভাবোঁ। ইয়াকে নেভাবোঁ কাৰণেই আমাৰ জীৱনত ইমান সুশৃঙ্খলাৰ অভাৱ।

 মানুহৰ ভিতৰত যে আত্মত্যাগ দেখা নেযায়, বিনয়-সৰলতাৰ উদ্যম-উৎসাহৰ পুণ্য দীপ্তি যে ইমান ঢিমিকি ঢিমিকি জলে, ই মানৱৰ অপূৰ্ণতাৰ ফল হয়। প্ৰকৃত কাৰণ বিচাৰিলে দেখা যায় যে আমি ঈশ্বৰত প্ৰীতি স্থাপন কৰি সৎসঙ্কল্পৰ অধীন হৈ আদৰ্শ পুণ্যময় জীৱন যাপন কৰিবলৈ আকাঙক্ষা কৰি যথাৱত সাধনাক দৃঢ়সঙ্কল্পেৰে নেথাপোঁ আৰু সঙ্কল্পত শিথিলতাৰে, ভক্তিত অহঙ্কাৰেৰে কালিমা দিওঁ। দৃঢ়সঙ্কল্পৰ অভগন আদৰ্শ সাধনাৰে স্পৃহাশূন্য, মুক্ত, ভক্ত বুদ্ধৰ কথা ভাৰতত চন্দ্ৰ-দিবাকৰ থাকেমানে লুপ্ত নহব—যাৰ একমাত্ৰ মন্ত্ৰ আছিল, “মন্ত্ৰৰ সাধন কিম্বা শৰীৰ পতন।” এই মন্ত্ৰ হিয়াত গাঁথি মৰিও অমৰ হৈ সেই আদৰ্শ পুৰুষে সাধনাৰ পথত জোৰ বান্ধি নিৰ্ব্বাণ লাভ কৰিলে।

শ্ৰীপুণ্যপ্ৰভা দাস।

টীকা।

 নিৰ্ব্বাণ—( নিৰ্‌—বা+অনট্‌ ) নুমাই যোৱা, ঈশ্বৰত লয় যোৱা।

 অৱশ্যম্ভাবী—( অৱশ্যম্—ভু+ণিন) নিশ্চয় হবলগীয়া।

প্ৰশ্ন।

 ১। ব্যাখ্যা কৰাঁ—

  (ক) সাধনাৰ সুৱগা সঙ্কল্প, আৰু আদৰ্শ তাৰ লক্ষ্য।

⸻⸻

[ ১৩৫ ]

পদ্য-ভাগ।
কাকূতি।

এ ভৱ গহন বন   আতি মোহ-পাশে ছন্ন,
 তাহে হামো হৰিণ বেড়ায়।
ফন্দিলোঁ মায়াৰ পাশে,   কালব্যাধ ধায়া আসে,
 কাম-ক্ৰোধ-কুত্তা খেদি খায়॥
হৰাইল চেতন হৰি,   ন জানো কিমতে তৰি,
 গুণিতে দগধ ভেল জীৱ।
লোভ-মোহ দুহোঁ বাঘ,   সততে ন ছাড়ে লাগ,
 ৰাখু ৰাখু সদাশিৱ॥
পলাইতে নেদেখোঁ সন্ধি   দিনে দিনে দৃঢ় বন্দী,
 ভৈলো মন্দ মনৰ যুগুতি।
তুৱা হৰি লাগো গোড়   মোৰ মায়া-পাশ ছোড়,
 শঙ্কৰ কৰয় কাকূতি॥

৺শঙ্কৰদেৱ।

টীকা।

তাহে=তাতে।   ছন্ন—ঢাক খোৱা, আবৃত।   হামো=মই।
ফন্দিলোঁ = ফান্দত পৰিলোঁ।   কুত্তা = কুকুৰ।   ভেল = হ'ল।
দুহোঁ = দুই।   ন ছাড়ে=নেৰে।   ৰাখু=ৰাখাঁ।
সদাশিৱ =মঙ্গলময়।   সন্ধি=বাট।   ভৈলো=হ'লোঁ।
তুৱা=তোমাৰ।   লাগো গোড়= চৰণত ধৰোঁ।   ছোড়= ছিঙা।

প্ৰশ্ন।

১। কাকুতি গীতটোৰ তাৎপৰ্য লিখাঁ।

[ ১৩৬ ]

প্ৰভাত।

তেজ ৰে কমলাপতি পৰভাত নিন্দ।
তেৰি চান্দ মুখ পেখো উঠ ৰে গোবিন্দ॥
ৰজনী বিদূৰ দিশ ধৱলি বৰণ।
তিমিৰ ফাৰিয়া বাজ ৰবিৰ কিৰণ॥
শতপত্ৰ বিকসিত ভ্ৰমৰ উৰায়।
ব্ৰজবধূ দধিমাথে তুৱা গুণ গায়॥
দাম সুদাম ডাকে তেৰি লৈয়া নাম।
হেৰ দেখ উঠিয়া আসিল বলৰাম॥
নন্দ গৈল বাথানে গোৱাল গৈল পাল।
সুৰভি চাৰিতে লাগে উঠ ৰে গোপাল॥
ক্ষীৰ লৱণু লৈয়া শিঙ্গা বেত বেণু।
সকালে মেলিও গৈয়া হেম্বালাৱে ধেনু॥
কহয় মাধৱ মাই কিনে তপসাইল।
ত্ৰিজগত-পতি হৰি ৰাখোৱাল পাইলা॥

৺মাধৱদেৱ।

টীকা।

নিন্দ—নিদ্ৰা।   তেৰি—তোমাৰ।   চান্দমুখ—চন্দ্ৰমুখ।   পেখো—চাওঁ।

ফাৰিয়া—ফালি।   শতপত্ৰ—পদুম।   তুৱা—তোমাৰ।

ব্ৰজবধু—( ব্ৰজ = গুৱাল থকা ঠাই+বধূ = তিৰোতা ) গোপী।

বাথান—খুটি; সৰহকৈ গৰু ম'হ ৰখা ঠাই।   চাৰিতে-চৰাব।

সকালে—সোনকালে।   কহয়—কয়।   তপসাইলা—তপস্যা কৰিলা।

প্ৰশ্ন

“প্ৰভাত” কবিতাটোৰ মৰ্ম্ম তোমাৰ নিজৰ কথাৰে প্ৰকাশ কৰাঁ।

[ ১৩৭ ]

যুধিষ্ঠিৰৰ প্ৰতি শ্ৰীকৃষ্ণ।

হেন শুনি কৃষ্ণে   মনত আনন্দে
  বুলিবে লৈলা বচন।
মোহোৰ সন্মত   শুনিয়োক আবে
  ৰাজা কৰি থিৰ মন॥

  •    *   *   *

দেৱকাৰ্য্য সাধি   প্ৰাণীহিত অৰ্থে
  যি জনে হিত আচৰে।
আত্ম প্ৰয়োজন   তাহাক বোলয়,
  জানে আক সাধু নৰে॥
ভূত প্ৰাণী অৰ্থে   দেহক এড়িয়া
  কৰে লোক উপকাৰ।
ইহ-পৰলোকে   অকল্যাণ নাহি
  যশস্যা বাঢ়ে তাহাৰ॥
উপকাৰী লোক   জানি নৰে যিটো
  কৰে মাত্ৰ উপকাৰ।
তাৰ গুণ যশ   নাবাঢ়য় জানা
  শাস্ত্ৰৰ এহি বিচাৰ॥
অশাশ্বত দেহ   নেড়িলে এড়য়,
  ইহাত বিশ্বাস নাই।
জানি সাধুজনে   আত স্পৃহা এড়ি
  যশৰাশি থৈয়া যায়॥

[ ১৩৮ ]

পূৰ্ব্বে যতমান   আছিল নৃপতি
  সাৰ্ব্বভৌম অধিকাৰী।
অনৰ্থ দেহক   এড়িয়া লোকৰ
  আছয় হিত আচৰি॥
এহি দেহ বৃক্ষে   লাগিয়া আছয়
  সুখ-দুঃখ দুই ফল।
দুইৰো কাৰণ   ঈশ্বৰে সে জানা
  বুঝে আৰ বলাবল॥
ইহাৰ সঙ্গত   পুত্ৰভাৰ্য্যা ধন
  শোকৰ হোৱে কাৰণ।
কালে সংহৰিলে   এড়াএড়ি হোৱে,
  আক ৰাখে কোন জন্॥
বলিষ্ঠ দপিষ্ট   ধনুৰ্দ্ধৰ বৰ
  কালৰ আগত নাই।
পুত্ৰভাৰ্য্যা সবে   মাৰিয়া নিয়য়,
  থাকে দান্ত নিকটাই॥
দম্ভ-অহঙ্কাৰ   মহতালি যত,
  সবেও জানা বিফল।
কালৰ আগত   সবে চূৰ হোৱে,
  যত কৰে কৌতূহল।

৺ৰাম সৰস্বতী।

[ ১৩৯ ]

টীকা।

আৱে—এতিয়া।
অশাশ্বত—( ন—শশ্বৎ—চিৰকাল+ষ্ণ) অচিৰস্থায়ী, অস্থায়ী।
সাৰ্ব্বভৌম —( সৰ্ব্ব—ভূমি+ষ্ণ) চক্ৰবৰ্ত্তী ৰজা।
চুৰ—চুৰ্ণ।   কৌতুহল— ( কুতূহল+ষ্ণ) আহলাদ।

প্ৰশ্ন।

{

১। শৰীৰ আৰু যশস্যাৰ ভিতৰত কোনটো বেচি প্ৰয়োজনীয় আৰু
কিয়?
২। এই সংসাৰত মানুহ কেনেহৈ চলা উচিত?

বৰ আৰু সৰু।

দূবৰি বনৰ   পাতৰ আগতে
  নিয়ৰে মুকুতা আঁৰে।
ওখৰ মলয়াই   মৰমৰ হাতেৰে
  চোতালৰ ধূলিটি সাৰে॥
বোকাৰ পদুমত   হাঁহিটি জিলিকে,
  আকাশৰ হাঁহিটি পৰি।
কেতেকীৰ সোণালী   ৰেণুটি উৰিল
  চেনেহৰ চুমাটি ভৰি॥
পৰ্ব্বতৰ টিঙৰে   অকণি নিজৰা
  নামি ভূঁইৰ বুকুলৈ গ'ল।

[ ১৪০ ]

চেনেহৰ হাতেৰে   ভূঁয়ে সাবটিলে,
 ৰঙ্গতে বন্দী হৈ ৰ’ল॥
দূবৰি বনতকৈ   সৰু তই লক্ষ্মীনাথ!
 ধূলিৰো তলৰে ধূলি।
তোকো নাপাহৰে   প্ৰিয়তকৈ প্ৰিয়ই তোৰ,
  আদৰি ল’বহি তুলি॥

শ্ৰীলক্ষ্মীনাথ বেজবৰুৱা।


প্ৰশ্ন।

এই কবিতাটো পঢ়ি কি শিকিলা নিজৰ কথাৰে কোৱাঁ।

প্ৰকৃতি-বিভৱ।

সুন্দৰ সি নাগৰাজ্য; শ্যাম পাহাৰত,
কহিমা নামেৰে ঠাই বৃটিচ নগৰ;
একে নামে নগা-চাং ধৰে শিতানত।
আতিকে সৰল তাৰ নিজাপী সুজন,
উলঙ্গ সন্ন্যাসী অহ, উদাৰ ভাবত;
ঘিণায় কৃত্ৰিম শোভ সভ্যতাৰ সাজ।
বনৰ হৰিণাসতে সৰল প্ৰাণেৰে,
সমানে বিহাৰ কৰে বিশাল প্ৰকৃতি।

[ ১৪১ ]

নিজৰা-নিসৃত নাৰ অমৃত-সমান,
সুখ-খাদ্য ফল-মূল, প্ৰকৃতি-বিভৱ,
দুয়োৱে সমান ভাগী, দুয়ে বনচৰ।
গভীৰ গহ্বৰ ভেদি অত্যুচ্চ বিৰিখে
সমথল সমানত হই একাকাৰ,
ধৰে শোভা বিতোপন।   সন্ধিয়া বেলিকা
হেঙ্গুলী ৰহণে যেবে তিৰবিৰ কৰি
শোভে শীতল পাটীটি চেঁচনি-বুকুৰে,
ইচ্ছা হয় লভোঁ শান্তি ক্ষন্তেক বাগৰি,
অতৃপ্ত সুখৰ ভাগ ভোগোঁ প্ৰাণ ভৰি।
আলাসত ভ্ৰমি-ফুৰা মেঘদূতগণে
উলাহত উটি ফুৰে বাতৰি বিলাই
অযাচিতে কাৰবাৰ, আপোন-পাহৰা
কৰে কাৰবাক, হায় আপোন পাহৰি।
চাপিলে ওচৰ দেহি হিয়া সুকোমল
যায় পমি আবেগত ৰহস্য অপাৰ!
দূৰণিৰ দৃষ্টি-ৰেখা মন-চিৎ-হৰা,
চাওঁতে চাওঁতে দীৰ্ঘ শ্যামাঙ্গী প্ৰকৃতি—
নিশ্বাস নিৰোধি হায় প্ৰাণ কাঢ়ি লয়!
আৰু কত সৌন্দৰ্য্যৰ গুপুত ভঁড়াল
উদিয়াই শাৰী শাৰী পাতিছে পোহাৰ,
কিনোতা মানৱ প্ৰাণ, বেচোঁতা প্ৰকৃতি,

[ ১৪২ ]

অৰক্ষিতে আছে পৰি; সাধ্য কিন্তু কাৰ
লয় তুলি কিবা এটি,—সলনিত তাৰ
নেবেচিলে মন-প্ৰাণ, একমাত্ৰ বেচ।

শ্ৰীপদ্মনাথ গোহাঞি বৰুৱা।

 

টীকা।

 গভীৰ গহ্বৰ ভেদি•••শোভা বিতোপন—গভীৰ গহ্বৰৰ পাৰকেইটাত সমথল; মাজত বৰ ওখ গছ গজাত তাৰ আগবোৰ সেই সমথলেৰে সমান হৈ পৰিছে। নিলগৰ পৰা চালে দ, বাম সকলো সমান দেখি।

 চাপিলে ওচৰ ••ৰহস্য অপাৰ—ওখ পৰ্ব্বতীয়া ঠাইত নিলগৰ পৰা মাটিৰ ওচৰতে ডাৱৰবোৰ লৰিফুৰা দেখা যায়, কিন্তু ওচৰত তাক দেখা নাযায়, গাৰ কাপোৰ-কানি বা ঘৰৰ ভিতৰৰ বস্তু তিতাই থৈ যোৱাৰ পৰা হে গম পোৱা যায়।

 দীৰ্ঘ শ্যামাঙ্গী প্ৰকৃতি—নানা গছ-গছনিৰে শুৱনি দীঘলীয়া পৰ্ব্বত-শাৰীৰ স্বাভাবিক সৌন্দৰ্য্য।

 দূৰণিৰ দৃষ্টিৰেখা—দৃষ্টি যি ৰেখালৈকে যায়, এতেকে আকাশ আৰু পৃথিবীৰ মিলন-ৰেখা, চক্ৰবাল।

প্ৰশ্ন।

১। কবিতাটোৰ ভাব সৰল গদ্যেৰে প্ৰকাশ কৰাঁ।

২। ব্যাখ্যা কৰাঁ,-আতিকে সৰল তাৰ•••সভ্যতাৰ সাজ।

৩। অৰ্থ লিখাঁ আৰু বাক্য ৰচনা কৰাঁ:-নিজাপী, কৃত্ৰিম, অতৃপ্ত, অযাচিতে, তিৰবিৰ আৰু বিহৰ। [ ১৪৩ ]

জীৱন-সঙ্গীত।

(কবি Longfellow ৰ A Psalm of Life নামে ইংৰাজী কবিতাৰ ভাগনি)

শোকৰ কবিতা ৰচি,  দুধাৰি চকুলো মচি,
 নকবা জীৱন মিছা মিশাৰ সপোন;
অসাৰ সংসাৰ ভাই,  ইয়াত সকাম নাই,
 মোহময় মায়াময় সকলো মাথোন।

পুত্ৰ কন্যা পৰিবাৰ  কোন তযু, তুমি কাৰ?
 বুলি হেৰা অবাবত নকৰাঁ বেজাৰ;
কল-ঘুমটীয়া হই,  আতমা যে আছে বই,
 জানিবা মৰণ নাই এই আতমাৰ।

অস্থায়ী মানৱ দেহা,  কৰিম দুদিন বেহা,
 ফুৰিম দুদিন মাথোঁ সংসাৰ হাটত;
দুদিনৰ অন্ত হলে,  আয়ুস ঢুকাই গলে,
 সুন্দৰ দেহাৰ ঠাই শেষ শ্মশানত।

চকু কাণ নাক যাব,  হাড় ছাল নাশ পাব,
 মাটিৰ মানুহ তুমি মাটিত মিলিবা;
অবিনাশী নিত্য ধন,  অমৰণ অভগন,
 অনন্ত উন্নতিশীল আতমা জানিবা।

[ ১৪৪ ]

সদায় চকুলো-টোকা,  দুখত মগন থকা,
  ভোগ-সুখ জীৱনৰ উদ্দেশ্য নহয়;
এনে ভাবে কাম কৰাঁ,   দিনে যেন আগ বাঢ়াঁ,
  প্ৰতিদিনে খোজ যেন আগলৈ হে যায়।


পল পল দণ্ড কৰি,   সময় গইছে উৰি,
  পাখি-লগা কাঁড়ৰ নিচিনা আমি;
বহুদূৰ আছে গতি,   সময় তাকৰ অতি,
 কৰিবলগীয়া আমি আছে বহুকাম।


দিন যায়, আহে ৰাতি,  আয়ুস গইছে টুটি,
 লাহে লাহে চমু চাপি আহিছে মৰণ;
সংসাৰ যুঁজৰ ঠাই,   শুবৰ সকাম নাই,
 কাচি-পাৰি যুঁজা সবে কৰি প্ৰাণপণ।


এলাহ-নিহালী থোৱাঁ,   বীৰবেশ গাত লোৱাঁ
 নহবা মৰাৰ প্ৰায় মানুহ সন্তান;
নহবা গৰুৰ দৰে,   খুচিলে হে খোজ ধৰে,
 ৰণত বীৰেন্দ্ৰ বুলি হোৱাঁ খ্যাতিমান।

[ ১৪৫ ]


কল্পনা-চকুৰে চাই,  যেনে কি সুন্দৰ পাই,
 নকৰিবা দূৰ ভবিষ্যক পতিয়ন;
অতীত মৰিল, গল,  তাৰ কথা অন্ত হ'ল,
 মনৰ পৰাই তাক কৰাঁ বিসৰ্জন।

১০


যিহকে আগত পোৱা,  ততালিকে কৰি যোৱাঁ,
 জীৱন্ত জাগ্ৰত বৰ্ত্তমান সময়ত;
সাহক সাৰথি কৰাঁ,  কৰ্ত্তব্যৰ পাছে লৰাঁ,
 ঈশ্বৰ কৰুণাময় আছে ওপৰত।

১১


মহা মহা পুৰুষৰ,  চানেকীৰে জীৱনৰ,
 আমিও কৰিব পাৰোঁ জীৱন গঢ়িত;
অভিনয় শেষ হলে,  আয়ু-বেলি মাৰ গলে,
 থই যাব পাৰোঁ খোজ সময়-বালিত।

১২


কেতিয়াবা হব পাৰে,  কোনো দুৰ্ভগীয়া নৰে,
 জীৱন-সমুদ্ৰ মাজে নাও বুৰ গই।
অথাই পানীত পৰি,  কক্‌-বক্ কৰি কৰি
 ঢউৰ কোবত যদি আহি পাৰ পায়।

[ ১৪৬ ]

১৩


দেখি সেই খোজবোৰ,   হব তাৰ আশা ঘোৰ,
  সাহ কৰি খোজে খোজে খোজ লব পাৰে।
তেনেহলে বলাঁ ভাই,   শুবৰ সকাম নাই,
  অপূৰ্ব্ব জেউতি চোৱাঁ উন্নতিৰ শিৰে।

১৪


শিকাঁ সবে পৰিশ্ৰম,   শিকাঁ হে নীতি-ধৰম,
  নাভাবিবা সুখ দুখ কিনো কপালত;
কৰ্ত্তব্যৰ পিচে লৰাঁ,   ক্ৰমাগত কাম কৰাঁ,
  ফলাফল ফলদাতা বিভুৰ হাতত।

শ্ৰীআনন্দচন্দ্ৰ আগৰৱালা।

টীকা।

 অথাই—থাউনি নোপোৱা, বৰ দ।

 দুধাৰি চকু-লো মাচি—শোক প্ৰকাশ কৰি।

 “ফলাফল ফলদাতা বিভুৰ হাতত” — ইয়াৰ লগত গীতৰ তলৰ শ্লোকটো ৰিজাই চোৱা:—

“কৰ্মণ্যেৱাধিকাৰন্তে মা ফলেষু কদাচন।
মা কৰ্ম্মফলহেতুৰ্ভুঃ মা তে সঙ্গ্নন্ত্বৰ্ম্মণি॥

প্ৰশ্ন।

 ১। কবিতাটোৰ একাদশ আৰু চতুৰ্দ্দশ ফাঁকি বাখ্যা কৰাঁ।

 ২। অৰ্থ লিখাঁ আৰু বাক্য ৰচনা কৰাঁ:—কলা-ঘুমটীয়া, উন্নতিশীল, কাচি-পাৰি, জীৱন্ত, চানেকী, অপূৰ্ব্ব আৰু ক্ৰমাগত।

[ ১৪৭ ]

ধুলি-কণা মই।

(১)


যিদিনা মৰিম মই, সেইদিনা বাৰু
 জগতৰ কেনি হানি হ’ব?
মৰিলোঁ নে আছোঁ মই  এই কথাকে নো
 পৃথিবীৰ কিমানে জানিব?

(২)


মই মৰিলেও  দিন গ'লে ৰাতি হ'ব,
 জোন-বেলি ওলায়ে থাকিব।
গছত ফুলিব ফুল, বতাহ বলিব,
 নিজ বাটে নক্ষত্ৰ ঘূৰিব।

(৩)


আজিৰ দৰেই নিতে  জগৎ চলিব,
 নাই তাত অকণো সংশয়;
এই বিশ্ব সংসাৰৰ  কোনো নিয়মৰে
 লৰচৰ অলপো নহয়।

(৪)


মই নোহোৱাৰ  বাবে এই জগতৰ
 কোনো কাম পৰি নাথাকিব,
কামত বিভোৰ এই  বিশাল বিশ্বই
 মই মৰা গমকে নাপাব।

[ ১৪৮ ]

(৫)

অনন্ত বিশ্বৰ এই  অসংখ্য ধূলিৰ
  এটি মাত্ৰ ধূলি-কণা মই;
মোৰ অবিহনে এই   বিপুল সৃষ্টিৰ
  কোনো হানি কেনিও নহয়।

শ্ৰীচন্দ্ৰধৰ বৰুৱা।

 

 

ইষ্টদেৱৰ স্তুতি।

অজ্ঞান আন্ধাৰে সদা   ঢাকি আছে মোৰ মন,
  দিয়াঁ প্ৰভু জ্ঞানৰ পোহৰ;
ভক্তিহীন মূঢ়মতি,   তুমি বিনে নাই গতি,
  অন্ত কৰা মায়াৰ মোহৰ।
দুখ যদি আহে প্ৰভু,   কাতৰ নহওঁ যেন,
  ভাবোঁ যেন তোমাৰে সে দান;
তোমাৰ চৰণ চাই,   মনে জানো বল পাই,
  তোমাতেই মজি থাকে মন।
বিষয়তো থাকি যেন   তোমাত নুগুচে ৰতি,
 সত্য বস্তু পাওঁ দৰশন;

[ ১৪৯ ]

সত্যৰ কাৰণে যেন   সুখভোগ পৰিহৰি,
 ল’ব পাৰোঁ সাবটি মৰণ।
মৰণৰ ভয়ে প্ৰভু,  মনক ব্যাকুল কৰে
  মায়াই আকুল কৰে প্ৰাণ;
ইটো দেহা যদি যায়,   আত্মাৰ মৰণ নাই,
  দিয়াঁ প্ৰভু এই সজ জ্ঞান।
কৰ্ম্ম সদা কৰোঁ যেন   কৰ্ত্তব্য পথক চাই,
  ফল আশা কৰ্ম্মৰ বন্ধন;
আকুল আতুৰ ভৈলোঁ   মায়াৰ মোহত পৰি,
  কৰাঁ প্ৰভু মায়াৰ নিৰ্জান।

শ্ৰীতৰুণৰাম ফুকন।

টীকা।

বিষয়—(বি-সি=আবদ্ধ কৰ্+অল্) যি মানুহক বিশেষৰূপে বান্ধি ৰাখে। সাংসাৰিক কাৰ্য্য; সাংসাৰিক সুখ।

ৰতি—( ৰম্+ক্তি) ৰাপ, অনুৰাগ।

নিৰ্জান—নাশ।

[ ১৫০ ]
 

গছৰ পাত।

আছিলা এদিন তুমি নবীন পল্লব

 লাজতেই মুছকঁছ যোৱা;

অন্তৰৰ গুপ্ত ভাব ৰাখি অন্তৰত

 প্ৰকৃতিক সাদৰ জনোৱা।


তৰুণ লাৱণ্য আভা, মনমোহা ৰূপ,

 সেউজীয়া দেহৰ গঠন

সুবিশাল অভ্ৰভেদী নাঙ্গঠা গছৰ

 তুমিয়ে হে দিব্য আভৰণ।

আছে যদি প্ৰকৃতিৰ শান্তিৰ সুষমা,

 প্ৰণয়ৰ পবিত্ৰ চানেকী;

কোমলতা শীতলতা হিয়াৰ মাজত

 দিছে বিধি তূলিৰেই আঁকি।


কোমলে কঠিনে কিবা ধৰি অপৰূপ

 তাপিতৰ জুৰোৱা নয়ন;

অপূৰ্ব্ব কৌশল-সৃষ্টি দেখি ঈশ্বৰৰ

 প্ৰেমৰসে মুগ্ধ হয় মন। [ ১৫১ ]

আহিলে বসন্ত কাল জক্‌মক্‌ কৰি
দিয়া মেলি বুকৰ কাঁচলি;
বতাহৰ লগে লগে নাচি ঠেৱে ঠেৱে
মনৰ কথাটি কোৱা খুলি।

যেতিয়া ডালত পৰি সুৱগী চৰাই
গায় গীত ললিত লয়েৰে;
সঙ্গীতৰ ছেৱে ছেৱে হালি জালি যেন
বিৰহীক মাতা সাদৰেৰে।

ঘাম কালি দুপৰীয়া ৰদৰ তাপত
পথিকৰ আতুৰ পৰাণ;
কোমল কোলাত যদি লয়হি আশ্ৰয়
অকাতৰে কৰা ছায়া দান।

যেতিয়া নিমাওমাও বিশাল ধৰণী
তৰাবোৰে হাঁহে আকাশত;
হিৰন্ময় জ্যোতিৰ্ম্ময় খদ্যোৎ-মালাই
শোভা কৰে তোমাৰ শিৰত।

নিয়ৰ বা বৰষুণ পৰি যদিস্যাৎ
তিতি যায় কোমল দেহাটি;
সেয়েই তোমাৰ যেন চকুলো দুধাৰি
ঈশ্বৰক কৰা তুতি-নতি।

[ ১৫২ ]

কঠিন বস্তুৰ ভাৰ নোৱাৰা সহিব,
হ’লা তুমি অতি আলসুৱা;
দুৰ্জ্জয় বায়ুৰ কোব লাগে যদি গাত
ভাগিছিগি চুৰমাৰ হোৱা।

বুঢ়া হ’লা, নাই সেই দেহৰ লাৱণ্য,
পকি সৰি পৰিলা মাটিত;
শ্যামল বনত আজি হালধীয়া সাজে
শুই আছা গছৰ গুৰিত।

ডাঙ্গৰ দীঘল হ’লা যাৰ আশ্ৰয়ত
সিও গছে নামাতে দুনাই;
পদানত পদাহত হ’লা সকলোৰে
যেয়ে দেখে সেয়ে লঠিয়ায়।

বিচিত্ৰ কালৰ গতি! লীলা অদভুত,
নুবুজিলোঁ বিধিৰ বিধান!
কালি যাক দেখিছিলোঁ নাচি বাগি ফুৰা
আজি তাৰ ধূলিত শয়ন।

জীৱনৰ অভিনয় পল পল কৰি
শেষ হ’ল কালৰ গৰ্ভত;
নশ্বৰ দেহাৰ একো বাকী নাথাকিল,
স্মৃতি মাত্ৰ ৰ’ল জগতত।

শ্ৰীৰঘুনাথ চৌধাৰী।

[ ১৫৩ ]

টীকা।

 পল্লব—পাত। লাৱণ্য—(লৱণ =সুন্দৰ+ষ্ণ) সৌন্দৰ্য্য।
 অভ্ৰভেদী—( অভ্ৰ—ভিদ্‌+ণিন্‌ ) আকাশ ভেদি যোৱা, বৰ ওখ।
 সুষমা—শ্ৰেষ্ঠ সৌন্দৰ্য্য।
 তুলি—লেখনী। নিমাও মাও—নীৰব; নিৰ্জন।
 খদ্যোৎ—জোনাকী পৰুৱা।

প্ৰশ্ন।

 ১|গছৰ পাত কবিতাটোৰ তাৎপৰ্য্য মানব জীবনৰ লগত ৰিজাই লিখাঁ।

মৰণ।

মৰিলে নাযাওঁ আমি সংসাৰৰ পৰা;
 থাকোঁ আমি ইয়াতে লুকাই;
আজি কোৱা কথাষাৰি বায়ুৰ লগত
 ধ্বনি তুলি থাকিব সদায়।

মই জোৰা ঠাইখিনি বায়ু সাগৰত
 মৰিলেও পূৰণ থাকিব;
যিহকে কৰক মোক ৰূপান্তৰ কৰি,
 একোকে কৰিব নোৱাৰিব।

[ ১৫৪ ]

অজৰ অমৰ মই, আছোঁ চিৰকাল,
আছিলোও আগৰ পৰাই;
নহওঁ নতুন একো, নেযাওঁ ক’ল’কো,
ইয়াতেই থাকিম সদায়।

কেতিয়াবা ভাব মোৰ লুকাব মনত,
মাতষাৰি হেৰাব মুখৰ;
নেথাকিব একো ভেদ আপোন-পৰৰ
স্নেহভাব নৰ’ব মনৰ।

কিন্তু মোৰ দেহ হ’লে সদায় থাকিব,
আন পিনে ক’লকো নেযায়;
হ’ব পাৰে ৰূপান্তৰ চকুৰে নেদেখা;
তথাপিও ক’তো নেহেৰায়।

শ্ৰীদুৰ্গেশ্বৰ শৰ্ম্মা

টীকা

 অজৰ = (ন—জৄ + অচ্‌) জঠৰ নোহোৱা, বুঢ়া নোহোৱা।

 ৰূপান্তৰ—অন্যৰূপ।

প্ৰশ্ন।

 ১। মৰণৰ সম্পৰ্কে কবিৰ মনোভাব চমুকৈ বৰ্ণোৱাঁ।

 ২। ব্যাখ্যা কৰাঁ:— কিন্তু মোৰ দেহ হলে••• নেহেৰায়।

⸻⸻
[ ১৫৫ ]
তৰ্পণ।
(মহামহোপাধ্যায় ৺ধীৰেশ্বৰাচাৰ্য্যৰ প্ৰয়াণত)

১।   হিয়াভগা বিয়োগ বাতৰি
নিমিষতে বিয়পি পৰিল;
বাণীকুঞ্জ নীৰৱ, নিমাত;
—ফুলা ফুল লেৰেলি সৰিল।

২।   অমায়িক সৰল-প্ৰকৃতি,
ঋষিতুল্য আচাৰ্য্য দেৱৰ
আজীৱন কঠোৰ সাধনা,
লক্ষ্য যাৰ অনন্ত পোহৰ।

৩।   একনিষ্ঠ জ্ঞানৰ সেৱকে
নিৰমল যজ্ঞৰ কাষত;
উলাহেৰে ললেহি আসন,
জয়-মালা পিন্ধালে গলত।

৪।   দেৱ-ভাষা মথি যতনেৰে
অমৃত কৰিলে বিতৰণ;
মৰতক দেখালে উলাহে
সৰগৰ নন্দন কানন।

[ ১৫৬ ]

৫। কীৰ্ত্তি যাৰ “বৃত্তমঞ্জৰী"য়ে,
 জগতত কৰিছে ঘোষণা;
 “ৰাধিকাৰ কলঙ্ক ভঞ্জনে”
 গুণ যাৰ কৰিছে বৰ্ণনা;

৬। ভাৰতৰ কাব্যনিকুঞ্জত
 তুলিলে যি সুৰৰ লহৰী,
 “কামৰূপী কালিদাস” বুলি
 সম্ভাষিলে পণ্ডিত-মণ্ডলী।

৭। হেৰুৱালে দুখুনী জননী
 অসমৰ তেনেটি ৰতন।
 —ঘৰে ঘৰে বিষাদ-ৰাগিনী,
 অসমীয়া শোকত মগন।—

৮। কান্দে আজি হিয়া ভুকুৱাই,
 উঠে আজি কান্দোনৰ ৰোল;
 উঠে আজি ঘনে ঘনে হায়!
 আচাৰ্য্য স্বৰ্গগামী হ’ল।

৯। কোনে আৰু জননীৰ নাম
 উজলাব সুধীসমাজত?
 সুললিত শ্লোক-ছন্দে কোনে
 আৰতি ধৰিব মন্দিৰত?

[ ১৫৭ ]

১০। কোনে আনি পাৰিজাত-মালা
 জননীক দিবহি সাদৰে?
 কাক আজি “মোৰ পুত্ৰ” বুলি
 জগতক ক’ব উলাহেৰে?

১১। অসমৰ অতীত গৌৰৱ
 কোনে আজি দিব সোঁৱৰাই।
 অসমৰ অন্ধ অমানিশা
 কেনে হায়! দিব পোহৰাই?

১২। বন্ধ হল মন্দিৰ-দুৱাৰ
 কোনে হায়! পূৰাব আসন?
 ষোড়শোপচাৰ কোনে লই
 কৰিবহি পূজা আয়োজন?

১৩। শেষ হ’ল সামবেদ-গান;
 লয় পালে মধুৰ ঝঙ্কাৰ;
 মাৰ গ'ল অসম জেউতি,
 নামে ধীৰে ঘোৰ অন্ধকাৰ।

১৪। বিষাদৰ কালিমা ৰেখাই
 ঢাকিলেহি হৃদয়-আকাশ;
 শোকে দুখে সৱে ম্ৰিয়মাণ,
 শুনো মাথোঁ গভীৰ নিশ্বাস।

[ ১৫৮ ]

১৫। নিশ্বাসৰ প্ৰতিধ্বনি উঠি
 শূন্যৰ কোলাত মাৰ যায়;
 পৰ্ব্বতে-কন্দৰে শুনো তাকে,
 প্ৰকৃতিতো সেই হায় হায়।

১৬। মিলি আজি কান্দিছেহি সৱে,
 কৃতজ্ঞতা অশ্ৰু-বৰিষণ;
 পবিত্ৰ ই বিদ্যা মন্দিৰত
 দিছোঁ আজি ভক্তিৰ তৰ্পণ।

শ্ৰীযতীন্দ্ৰনাথ দুৱৰা।


টীকা।

 বাণী—সৰস্বতী।

 অমায়িক—(ন-মায়া+ষ্ণিক্) মায়া নথকা, অহঙ্কাৰ নথকা।

 বৃত্তমঞ্জৰী—সংস্কৃত ভাষাত লিখা ছন্দঃশাস্ত্ৰ। এনে বিধৰ গ্ৰন্থৰ ভিতৰত এইখনেই শ্ৰেষ্ঠ।

 ষোড়শোপচাৰ—দেৱতা পূজাৰ ষোলবিধ প্ৰণালী যেনে—
   “আসনং স্বাগতং পাদ্যমৰ্ঘ্যমাচমনীয়কম্‌।
   মধুপৰ্কাচমস্নানং বসনাভৰণানি চ॥
   গন্ধপুষ্পে ধূপদীপৌ নৈৱেদ্যং ৱন্দনং তথা।”

 অৰ্থাৎ আসন, স্বাগত, পাদ্য, অৰ্ঘ্য, আচমনীয়, মধুপৰ্ক, পুনৰাচমনীয়, স্নান, বসন, আভৰণ, গন্ধ, পুষ্প, ধূপ, দীপ, নৈবেদ্য আৰু বন্দন।

 ম্ৰিয়মাণ—( মৃ+শানচ্‌) মৰাৰ দৰে হোৱা বা থকা।

 তৰ্পণ—( তৃপ+অনট্‌ ) তৃপ্তিৰ অৰ্থে দান।

প্ৰশ্ন।

 ১। ধীৰেশ্বৰাচাৰ্য্যৰ বিষয়ে কি জানা?

 ২। আচাৰ্য্যদেৱক কালিদাস বোলাৰ কাৰণ কি? [ ১৫৯ ]
সকলো আপোন মোৰ।

এই যে বিশাল বিশ্ব আপোন কক্ষত
ঘূৰি ঘূৰি যশ গায় সৃষ্টি ৰচোঁতোৰ,
চন্দ্ৰ-সূৰ্য্য জ্বলে সউ নীল আকাশত,—
কয় মোক হাঁহি হাঁহি ‘সকলো তোমাৰ।’

নিশাৰ আঁচল ফুটি সৰু সৰু তৰা
হাঁহিছে আপোন মনে উলাহিত হই;
বৰষি বসুধা-গাত ক্ষীণ কৰ-ধাৰা,
উত্ৰাৱল কৰে মোকো ‘মোৰ’ বুলি ক'ই।

সউৱা প্ৰকৃতি দেবী সুন্দৰ সাজেৰে
হাঁহিমুৱা, কৰে সদা বিভু-প্ৰেম গান,
নিফুট বাঁহীটি বায় সুৱলা সুৰেৰে,—
শুনো তাতো সৰ্ব্বদায় ‘তুমি মোৰ’ তান।

প্ৰেমিকা তটিনী বয় সিন্ধুৰ কাৰণে,
নিৰমল পানীধাৰ— প্ৰকৃতি-দাপোণ—
সুমধুৰ হাঁহি সতে কুলু কুলু গানে
কয় মোক ধীৰে ধীৰে ‘তুমিও আপোন’।

[ ১৬০ ]

ৰিব ৰিব কৰি বই মৃদু সমীৰণ
প্ৰেমিকা ভোমোৰা ভৰা প্ৰমোদ বনত,
ফুলৰ প্ৰাণত কৰে প্ৰেম উদ্দীপন,—
‘মোৰ মোৰ' বুলি মোৰো পশেহি কাণত।

ক্ষণপ্ৰভা বিজুলীৰ মিচিকিয়া হাঁহি,
জুমি জুমি চায় ধৰা আৱৰণ মেলি।
ডাৱৰৰ কোলা এৰি চাট কৰে আহি
কই যায় টিপতেই তুমি মোৰ বুলি।

বিশ্ব জুৰি উঠে শুনো মধুৰ সঙ্গীত,
“আপোন আপোন তুমি সকলো জীৱৰ”;
সকলো আপোন মোৰ এই পৃথিবীত,
কোনে বোলে কেওঁ নাই সংসাৰত মোৰ।

ইন্দ্ৰেশ্বৰ বৰঠাকুৰ।

সৰু লৰাৰ গীত।

পুৱাৰ কিৰণ,   মৃদু সমীৰণ,
পুষ্পৰ সুগন্ধ,   পক্ষীৰ কূজন,
সৰগ-সুলভ   সুখৰ সপোন
লগ লৈ আমি আহিছোঁ হেৰা।

[ ১৬১ ]

(আমি) নামিছোঁ পৃথিবী   ত্ৰিদিবৰ কবি;
 মৰ্ত্ত্যত উদ্দাম   সৌন্দৰ্য্যৰ ৰবি,
 স্বৰ্গীয ৰহণে ৰঞ্জি ধৰা।
 আমি   সৰু লৰা,   আমি দেও লৰা,
 আমি   সৰু লৰা,   আমি স্বৰ্গৰ তৰা,
 আমি   নামিছোঁ পৃথিবী স্বৰ্গৰ পৰা।

আমি সকলোেটি   স্বৰগৰ জ্যোতি;
প্ৰকাশি পৃথিবী   যাম উটি উটি,
মোহ অবিদ্যাৰ   টুটাম শকতি,—
 নাথাকিব তাৰ ঢাকনী-ভৰা।
ত্ৰিদশ লোকৰ   জ্ঞানৰ পোহৰ
মেলি নিলগাম   তিমিৰ মোহৰ,—
জগৎ সত্যৰ   চাপিব ওচৰ,
 দেখিব দলৰ উচ্চ চূড়া।
আমি সৰু লৰা,   আমি দেও লৰা,
আমি সৰু লৰা,   আমি স্বৰ্গৰ তৰা,
আমি পোহৰাব লাগে বসুন্ধৰা।

(আমি) আহিছোঁ নিযুত স্বৰগৰ দূত;—
এতিযাও হেনে বইছে বহুত

[ ১৬২ ]

ৰোগশোক-তাপ-অপায় অদ্ভুত
 মানবী জীৱন জুৰি ধৰা।
(আমি) দুখ-বিননিৰ যত লামভাম,
কাটি মোকোলাম স্বৰগৰ পাম,
চকু-ৰোৱাকই এৰি থৈ যাম
—কল্যাণ-ৰদৰ কাঁচলি ভৰা।
আমি সৰু লৰা, আমি দেও লৰা,
আমি সৰু লৰা, আমি স্বৰ্গৰ তৰা,
আমি আনিছোঁ বাতৰি সুখ-ভৰা।

8


মানুহৰ যত হিংসা-বৈৰ-জেদ্‌
গুচাম যতনা সংস্কাৰৰ মেদ,
ভ্ৰাতৃ-ভেদাভেদ, জনমৰ খেদ—
 যাব এৰি এই বসুন্ধৰা।
“ছেই ছেই ছেই,” নেথাকিব দেই,
আহিব সকলো আপোনাৰ হই,
ভাই ভাই বুলি কাষ চাপি গই,
 প্ৰীতিৰ ৰচিব ৰহ্‌-ঘৰা।
আমি সৰু লৰা, আমি দেও লৰা,
আমি সৰু লৰা, আমি স্বৰ্গৰ তৰা,
আমি আনিছোঁ অমৃতৰ একো ধাৰা।

[ ১৬৩ ]

(এই) পৃথিবীত আমি পাতিম স্বৰগ,
মানুহত উঠিব দেৱতাৰ ঠগ,
অজ্ঞান আন্ধাৰ-সইতে নিলগ,
 হব গই দৈন্য, ব্যাধি, জৰা।
সৰগ-সৌন্দৰ্য্য পুষ্প পাৰিজাত,
জ্ঞান কল্পতৰু দেৱলোকখ্যাত,
নন্দন বনত দেখিবা ইয়াত,
—বব প্ৰেম মন্দাকিনী-ধাৰা।
আমি সৰু লৰা, আমি দেও লৰা,
আমি সৰু লৰা, আমি স্বৰ্গৰ তৰা,
আমাৰ পিতৃ স্বৰ্গ, আমাৰ মাতৃ ধৰা।

শ্ৰী সৰ্ব্বেশ্বৰ বৰুৱা।

টীকা।

 সমীৰণ— (সম—ঈৰ+অনট্) বতাহ।

 কূজন— (কূজ্‌+অনট) গীত।   সৰগ-সুলভ—স্বৰ্গৰ যোগ্য।

 ত্ৰিদিব—( ত্ৰি-তিনি—ব্ৰহ্মা, বিষ্ণু, শিৱ+দিব—ক্ৰীড়া কৰ্‌ ) ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ খেলাৰ ঠাই; স্বৰ্গ।

 উদ্দাম—(উৎ—দো+মনিন্‌) মুক্ত, উচ্ছঙ্খল, উগ্ৰ।

 মোহ— (মুহ্‌+ঘঞ্) ভ্ৰান্তি, মিছাক সঁচা বুলি লোৱা কাৰ্য্য।

 অবিদ্যা—আধ্যাত্মিক অজ্ঞতা।   ত্ৰিদশ—দেবতা।   মেদ—গেদ।

 ১। তলত দিয়া শব্দবোৰৰ পৰা বিশেষণ গঢ়া।—পৃথিবী, জ্যোতিঃ,

পুৱা, শোক, ৰোগ, ঠগ আৰু স্বৰ্গ। [ ১৬৪ ]

সৌন্দৰ্য্যৰ ৰাণী।

তোমাৰে ৰূপত   দীপ্ত ভুবন
   তৃপ্ত সকলো সৌন্দৰ্য্য-সেবী;
সুন্দৰৰ ৰাজ্য   ত্ৰিলোক বিয়পা,
   অধিষ্ঠাত্ৰী তাৰ তুমিয়ে দেবী।

আকাশে পাতালে   অনলে অনিলে
   তোমাৰে উজ্জ্বল জেউতি সানে;
দিগন্ত বিয়াপি   তোমাৰে ছবিটি,
   নোৱাৰে তোমাক লুকাব আনে।

তোমাৰে কৃষ্ণ   কেশৰ তৰঙ্গে
   নিৰ্মল নীল আকাশ গঢ়ে;
তৰঙ্গে তৰঙ্গে   ফুলে তৰাফুল,
   কি যে সৌন্দৰ্য্যৰে জেউতি চৰে!

তোমাৰে নিশ্বাস   সুগন্ধি মলয়,
   তোমাৰেই বাণী কোকিল-তান;
তপন উজ্জ্বল   তোমাৰে ৰূপত,
   বিশাল বিশ্বৰ তুমিয়ে প্ৰাণ।

[ ১৬৫ ]

মোহে জগতক পূৰ্ণ চন্দ্ৰমাই,
  তোমাৰে মুখৰ জেউতি ল’ই;
তোমাৰে হাঁহিটি মেঘৰ বুকত
  জিলিকে লাজুকী বিজুলী হই।

তোমাৰে শ্যামল অঞ্চলে আৱৰি,
  বিতৰে বিশ্বক স্নিগ্ধ ছায়া;
তোমাৰে স্পৰ্শত ফুলি শত ফুল
  বিস্তাৰে তোমাৰে মোহিনী মায়া।

জিলিয়ে তোমাৰ  নূপুৰৰ ধ্বনি
  বিলাই বননি আকুল কৰে;
মাধবী লতাই  ললিত লাহেৰে
  তালে তালে তাৰ নাচোন ধৰে।

যিফালে দি চাওঁ,  বিশ্বৰ বুকত
  তোমাৰ বাহিৰে নেদেখোঁ আন;
সুন্দৰ ৰাজ্যৰ  তুমি মহাৰাণী,
  সকলো সৌন্দৰ্য্য তোমাৰে দান।

দণ্ডিনাথ কলিতা।

⸻⸻

[ ১৬৬ ]

পুতলী।

[ লেখিকাৰ পাঁ‌চ বছৰীয়া পুত্ৰৰ আকস্মিক মৃত্যুত]

(১)

আছা নে সুখেৰে মোৰ প্ৰাণৰ পুতলী,
  সিপুৰীৰ অজানা দেশত?
নাই য'ত জৰা-মৃত্যু ৰোগৰ যাতনা,
  দেৱতাৰ অমৰাপুৰত!
পাৰিজাত ফুলে য’ত নন্দন শুৱাই,
  উপচি তলত থাকে সৰি;
দেৱশিশু লগ লৈ ফুৰা নে উমলি?
  বোটলা নে ফুল কোঁ‌চ ভৰি?
ধেমালি সামৰি থৈ সন্ধিয়া-পৰত
  তুমি যোৱা কাৰ কাষলৈ?
ধূলি বালি মচি কোনে বুকুত সাবটি
  চেনেহেৰে কোলা পাতি লয়?
আমন-জিমনকৈ এচুকত বহি
  থাকা নে কি অকলে উচুপি,
নাইবা কোনোবা আহি কৰে নে সাদৰ
  মচি দিয়ে চকু-পানীটুপি?
নহয়, তোমাক আহি বিশ্বজননীয়ে
  সাদৰেৰে লয়হি কোলাত,

[ ১৬৭ ]

দেৱবালাগণে লয় কোলাত সাবটি
  মোহ গৈ লাৱণি মাতত।
পৰম-পিতাৰ চিৰ শান্তিৰ কোলাত
  তুমি পোন পাইছা নে স্থান?
ললিত কিন্নৰ-কণ্ঠে কৰা নে বন্দনা
  বিভুৰ আনন্দ-গুণ-গান?

(২)


পাঁচ বছৰতে তুমি সুৱলা কণ্ঠেৰে
  মুহি গ'লা এই জগতক,
যি কণ্ঠত মোহ গৈ অমৰাৱতীয়ে
  লৈ গ'ল সাদৰি তোমাক।
কৰিছা নন্দিত নে কি দেৱতাসমাজ
  মধুময় সঙ্গীত সুৰত?—
ফুলিছা নন্দন বন কবি সুশোভিত
  দেৱসঙ্গ লভিছা স্বৰ্গত।
চিৰ-বসন্তৰ সেই জ্যোতিৰ্ম্ময় দেশ
  আনন্দৰ পুণ্য তপোবন;
জৰা-মৃত্যু-দুখহীন শান্তিৰ আধাৰ,
  দেৱতাৰ অমৰা-ভৱন।
পাইছা নে শান্তি পোনা সেই ঠাইত গৈ,
  কিবা দুখ আছে নে মনত?

[ ১৬৮ ]

কান্দা নে কি কেতিয়াবা অতীত সুৱৰি
  অভাগীৰ বিচ্ছেদ-দুখত?
নেকান্দিবা বাছা মোৰ! থাকিবা ৰঙ্গেৰে,
  তুমি মই নহওঁ আঁতৰ;
দুদিনৰ কাম মোৰ সমাপন কৰি,
  পাম গৈ তোমাৰ ওচৰ।
যিদিনাই আঁতৰিলা হিয়া শুদা কৰি,
  ই দেশৰ পাহৰি মৰম;
ভগা হিয়া ভগা দেহ ভাৰ বৈ লৈ,
  আছে মাথোঁ‌ দেহত জীৱন।
শুৱনি মুখৰ ছবি আছে আঁকি থোৱা
  অন্তৰৰ অন্তেষপুৰত,
নিজম নিশাত মোৰ শোক শয়নত
  দুয়ো মিলোঁ কল্পনাপুৰত।

(৩)


চুমা খাওঁ কতবাৰ ধুনীয়া মুখত,
  চেনেহৰে বুকুত সাবটোঁ‌,
আমাৰ মিলন আৰু নেদেখে কোনেও
  ৰংমনে কত কথা পাতোঁ‌!
খন্তেক আজৰি পালে সপোন যোগেৰে
  দিবা দেখা সাদৰি সোণাই,

[ ১৬৯ ]

দিনৰ সকলো দুখ, অসীম বেদনা,
  পাহৰিম স্মৃতিকণি লৈ।
গোট কৰি পাত-লতা সৰুসুৰাকৈ
  সাজি থ’বা এটি পঁজা ঘৰ;
খন্তেকীয়া জীৱনৰ কৰ্ত্তব্য সামৰি
  পাম গৈ তোমাৰ ওচৰ।
আঙ্গুলি-মূৰত তুমি দিন লেখি লেখি,
  বাটলৈ একোবেলি চাবা;
সময় আহিলে মোৰ অচিনাকি বাট
  তুমি আহি নিজে লৈ যাবা।
সকলোটি একেলগে মিলিম সি ঠাইত
  ৰচি লৈ মিলন-মন্দিৰ;
তৃষিত আত্মাৰ হ’ব অনন্ত তৃপিতি,
  শান্তি হ’ব তাপিত প্ৰাণৰ।
বৰ লোভনীয় মোৰ সেই ঠাইখনি,
  জীৱনৰ শান্তি-নিকেতন,
মৰতৰ সুখ-স্বপ্ন, মিলন-নিজৰা,
  সুচিৰ-বাঞ্ছিত সেই অমৃত-ভৱন।

(৪)


আলহী-ঘৰত তুমি ভুমুকিটি মাৰি,
  জীৱনৰ খেলা সামৰিলা

[ ১৭০ ]

অমৰাপুৰৰবাসী অমৰ-সঙ্গত
  পাতিছা অনন্ত মহামেলা।
দুখ জীৰ্ণ জীৱনৰ সেয়ে শান্তি মোৰ,
  তুমি আছা সুখ আনন্দত;
নহলে নোৱাৰোঁ ব’ব জীৱনৰ বোজা,
  তুমি হীন শূন্য জগতত।
তুমি পূত পুষ্পৰেণু পৰম সুন্দৰ,
  আছা গৈ আনন্দধামত;
এটি ক্ষুদ্ৰ চিৰদীপ্ত আনন্দ স্বৰূপ,
  লীন হল চিন্ময় ৰূপত।
সকলোৱে অংশ আমি সেই স্বৰূপৰ
  বাসনাত ভোগোঁ কৰ্ম্মফল;
সংসাৰ-মলিন প্ৰাণ আছে বহুদিন,
  পাবলৈ আনন্দ বিমল।
দুদিনৰ এৰাএৰি মানব-দেহাৰ,
  আত্‌মাৰ অনন্ত সংযোগ;
মিলন-সূতাৰে গঁ‌থা যুগ-যুগান্তৰ
  খন্তেকীয়া সংসাৰ-বিয়োগ।
সংসাৰ-দহনে মোৰ শুদ্ধ হোক প্ৰাণ,
  প্ৰেমে মোৰ হিয়া আলোকিব,
ছিগি যাব জীৱনৰ সহস্ৰ বন্ধন,
  মূৰ্ত্ত প্ৰেমে এন্ধাৰ নাশিব।

শ্ৰীনলিনীবালা দেবী

[ ১৭১ ]
টীকা।

কিন্নৰ— কিম্‌=কুৎসিত+নৰ) স্বৰ্গৰ গায়ন, এওঁলোকৰ মুখ ঘোৰাৰ
দৰে আৰু গা মানুহৰ নিচিনা।
কিন্নৰ কণ্ঠে— সুললিত সুৰেৰে।
নিকেতন—(নি-কিৎ = বাস কৰ্+ অনট্) যত থকা যায়; ঘৰ।
পূত—(পূ= পবিত্ৰ কৰ্+ক্ত) পবিত্ৰ।
চিন্ময়—(চিৎ+ময়ট্) চৈতন্যময়।
মূৰ্ত্ত—(মূৰ্চ্ছ্+ক্ত) মূৰ্ত্তিধাৰী

প্ৰশ্ন৷

১৷ সন্তানৰ মৃত্যুক লেখিকাই কি ভাবে গ্ৰহণ কৰিছে?
২৷ অৰ্থ লিখাঁ আৰু বাক্য ৰচনা কৰাঁ:—আমন-জিমন, উচুপি, অন্তেষপুৰ, তৃষিত আৰু দুখ জীৰ্ণ।

জন্মভূমি।

কল্পনামাধুৰী  ভাগৰি পৰিল,
 যিখনি স্বৰগ বিচাৰি চাই,
তাতোকই আছে  ওচৰতে এই
 অতি চেনেহৰ সাদৰী আই।
উটি যা কল্পনা,  আঁতৰতে তই,
 মন আৰু নুৰে বিচাৰি তোক;
মনে পালে তাৰ  বিচৰা স্বৰগ,
 পৃথিবীতে সেই নেদেখা লোক।

[ ১৭২ ]

জনমৰ ভূমি   মাতৃৰো জননী,
 তাতোকে পবিত্ৰ আৰু তো নাই,
এনে স্বৰ্গ এৰি   বঞ্চিত যিজন,
 কি সান্ত্বনা কোনে দিব নো হায়!
পুৰুষৰ উপৰি   পুৰুষৰ দেহ
 যিখনি দেশৰ মাটিৰ দান।
সবাৰে মনত   কত যুগ ধৰি
 যিখনি দেশৰ অবাধ তান।
যিখনি দেশৰ   অতিকে পবিত্ৰ
 মাটি-পানী আনি শৰীৰ এই,
নিজৰ স্থিতিৰ   সকলোৰে গুৰি
 জন্মভূমি মোৰ জননী সেই।
যিখনি দেশৰ   সকলোটি মিলি
 স্বাগত সম্ভাষা কৰিলে মোক,
যিখনি দেশতে   হয় তো এদিন
 বিদায় কালতো মিলিব শোক।
আপোন সকলো   আছে ভৰি তাত,
 ধৰাত ক’তো যে পাবলৈ নাই;
তৃণ-তৰু-লতা,  জীবজন্তুবোৰে
 আপোন ভাবেৰে মৰমে চায়।
বিদেশত থাকি   ৰাজ-প্ৰাসাদত
 মনত পৰিলে কথাটি যাৰ,

[ ১৭৩ ]

ৰজাৰ সুখত   থাকিও দেখোন
 অলেখ দুখৰ নাপাওঁ পাৰ।
যিখনি দেশতে   উপজি পোনেই
 মেলিলোঁ মোৰ ই নতুন চকু,
প্ৰথমেই য'ত   কাণেৰে শুনিলোঁ,
 পালোঁ মৰমৰ মাতৃ-বুকু।
জীৱনৰ যʼত   সকলো কালৰ
 সকলো ভাবৰ মেলিলে ঠোৰ,
সেই জন্মভূমি   স্বৰ্গতো অধিক,
 জীবনে-মৰণে আপোন মোৰ।

শ্ৰীবিনন্দচন্দ্ৰ বৰুৱা।


অন্ত

[ ১৭৪ ]

আখৰ-জোটনি আৰু ব্যাকৰণ সম্পৰ্কে
কেইটামান কথা।

 আমাৰ ভাষাত আখৰ-জোঁটনি আৰু ব্যাকৰণৰ নিয়মৰ বেমেজালি এতিয়াও একেবাৰেই গুচা নাই। ডাঙ্গৰ ডাঙ্গৰ লেখকসকলৰ লিখাতে এই দুই বিষয়ৰ বহুতো অমিল পৰে। তাৰপৰা কোনটো লোৱা উচিত আৰু কোনটো এৰা উচিত তাক ঠিক কৰিব নোৱাৰি অকল ছাত্ৰই নহয়, শিক্ষক আৰু লেখক- সকলো বিমোৰত পৰিব লগা হয়। নমুনাস্বৰূপে তলত কেইটামান উদাহৰণ দিয়া হ’ল:—

১। আখৰ জোঁটনি।

 (১) অভিধানত আন আন বিদেশী শব্দ থাকিলেও বৃটিচ শব্দ নাই; সেই কাৰণ লেখকসকলে নিজ নিজ অভিৰুচি মতে বৃটিচ্, বৃটীছ্, বৃটীছ, ব্ৰিটিচ, ব্ৰিটিছ ইত্যাদি বহুত ৰকমে লিখে।
 (২) চন্দ্ৰকান্ত অভিধানত বেলেগ বেলেগ ঠাইত খ্ৰীষ্ট, খৃষ্ট, ঈচুখ্ৰীষ্ট, যীশুখ্ৰীষ্ট ইত্যাদি একে শব্দৰে বেলেগ বেলেগ গঢ় আছে, লেখকসকলে তাত নথকা গঢ়েৰেও লিখে হে।
 (৩) চাহাব, চামুচ, মচলমান বা মুচলমান আদি বিদেশী শব্দ লিখোঁতে অভিধানে “চ” ব্যৱহাৰ কৰিছে, কিন্তু এদল লেখকে “ছ” লিখা হে উচিত বুলি ভাবে৷
 (৪) পাচে-পছে, বেচি-বেছি, দিঠক-ডিঠক প্ৰভৃতিত দুয়ো প্ৰকাৰৰ আখৰ-জোঁটনি চন্দ্ৰকান্ত অভিধানে গ্ৰহণ কৰিছে।

[ ১৭৫ ]  (৫) হেমকোষত শুৱলা আৰু শস্তা থাকিলেও সৰহভাগ লেখকে সুৱলা আৰু সস্তা হে লিখে।

 (৬) সান্ত্বনা আৰু শান্ত্বনাৰ ভিতৰত সংস্কৃত সাহিত্যত সান্ত্বনা হে বেচিকৈ প্ৰচলিত অথচ অসমীয়া অভিধানত সান্ত্বনা নায়েই। তেনেকৈয়ে তুলি (চিত্ৰকৰৰ লেখনী) শব্দটোও অসমীয়া অভিধানত নাই।

 (৭) লিখক শব্দটো ব্যাকৰণমতে ভুল, লেখক হে শুদ্ধ, সেই কাৰণেই হেমকোষত লিখক নাই। কিন্তু অসমীয়া সাহিত্যত দুয়োটাৰে ব্যৱহাৰ আছে।

 (৮) অভিধানত “তিৰোতা” আছে, কিন্তু বেজবৰুৱা ডাঙ্গৰীয়া প্ৰমুখ্যে বহুতো বিখ্যাত লেখকে “তিৰুতা" লিখে।

 এনে ধৰণে জেঁটোৰা শব্দ আৰু বহুত আছে। আন কি, চন্দ্ৰকান্ত অভিধানতো একেটা শব্দৰ বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ আকৃতি পোৱা যায়।

২। ব্যাকৰণ।

 ব্যাকৰণৰ নিয়মতো মতভেদ আছে। আমি তাৰে মাত্ৰ দুটা তলত উল্লেখ কৰিলোঁ :-

 (১) বৰ্ত্তমান সময়ত প্ৰচলিত ব্যাকৰণ মতে প্ৰথম বিভক্তিৰ ‘এ’ ইবৰ্ণ আৰু তাৰ গুণ বৃদ্ধিৰ পাচত ‘য়ে’, উবৰ্ণ আৰু তাৰ গুণ বৃদ্ধিৰ পাচত ‘ৱে হয়। কিন্তু আচলতে আমি হৰিয়ে বা মধুৱে উচ্চাৰণ নকৰোঁ, উচ্চাৰণ কৰোঁ হৰিএ,মধুএ। হেমচন্দ্ৰ বৰুৱাৰ আগৰ ব্যাকৰণ আৰু লম্বোদৰ বৰাৰ মতেও হৰিএ, মধুএ হে হ’ব লাগে। বৰ্ত্তমান সময়ৰ লেখকৰ ভিতৰত শ্ৰীযুক্ত শৰৎচন্দ্ৰ গোস্বামী ভাগৰীয়াই হে মাথোন তেনেকৈ লিখে।

 (২) পুতেকে সৈতে, পুতেকৰ সৈতে, পুতেকৰে সৈতে, পুতেকেৰে সৈতে এই আটাইকেইটাৰ ব্যৱহাৰ আমাৰ সাহিত্যত আছে। ৺হেমচন্দ্ৰ বৰুৱা আৰু [ ১৭৬ ] ৺সত্যনাথ বৰাৰ মতে প্ৰথম আৰু শেহৰটো শুদ্ধ, আৰু ৰায় বাহাদুৰ শ্ৰীযুক্ত পদ্মনাথ গোহাঞি বৰুৱাৰ মতে প্ৰথম আৰু তৃতীয়টো শুদ্ধ।

 য’ত ওপৰত উল্লেখ কৰাৰ নিচিনা মতভেদ আছে, তাত যি লেখকে যেনেকৈ লিখিছে তাকে শুদ্ধ বুলি ধৰাৰ বাহিৰে আমি আন উপায় পোৱা নাই। “সাহিত্য-মুক্তাৱলী”ত কোনো শব্দ বা নিয়মৰ অমিল পালে পাঠকসকলে ওপৰত লিখা কথাখিনি গমি চাব বুলি আশা কৰিলোঁ৷ ইতি।

তেজপুৰ।
২০ শাওণ, ১৮৫৬ শক।
বিনীত
শ্ৰীদণ্ডিনাথ কলিতা।
 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।