এই পুস্তক ছাপোৱাৰ বিষয়ে অৰ্থেৰে সাহায্য কৰিলে। মেথী চাহাব আৰু জেনকিন্চ চাহাবে এই বিষয় বিশেষ উৎসাহ দিছিল। অসমীয়া ভাষাৰ প্ৰতি তেওঁৰ যিমান যত্ন আৰু আগ্ৰহ আছিল তাক লিখা বাহুল্য। তেওঁৰ দিনত অসমীয়া ভাষাৰ একো উন্নতি নহল। কিন্তু নানা বিঘ্ন আৰু বাধা অতিক্ৰম কৰি ১৮৭২ চনত চাৰ জৰ্জ্জ কেম্বেল লেপ্টেনেন্টে গবৰ্ণৰ চাহাবৰ আজ্ঞাৰে সেই অসমীয়া ভাষা দেশত প্ৰচলিত হল। সেই “অসমীয়া লৰাৰ মিত্ৰ” সংক্ষিপ্তৰূপে এই দেশৰ স্কুল সমূহত এতিয়া প্ৰচাৰিত হৈছে। অসমীয়া ভাষাৰ উন্নতিৰ মূল সেই ফুকন। ভাষা বিষয়ে সপক্ষবাদী বিপক্ষবাদী সকলোৰে সৈতে তেওঁ তৰ্ক কৰিছিল। অসমীয়া ভাষাৰ বিষয়ে মিচনেৰীবিলাকেও যত্ন কৰিছিল। সেই কাৰণে ফুকনে সেই সকল লোকৰে সৈতে সদায় চিঠি আৰু কথাৰে আলাপ-আলোচনা কৰিছিল। আনন্দৰাম ফুকনৰ নাম এইবাবে অসমীয়া ভাষাই সৈতে তাৰ উন্নতি বা অৱনতি হলেও চিৰকাল লগ লাগি থাকিব।
৺গুণাভিৰাম বৰুৱা।
টীকা।
উপদেশ-গৰ্ভ— যাৰ গৰ্ভত উপদেশ আছে, উপদেশেৰে ভৰা।
প্ৰশ্ন।
১। “অৰুণোদয়” কেতিয়া আৰু ক’ৰ পৰা ওলাইছিল?
২। অসমীয়া লৰাৰ মিত্ৰ ক’ত ছপাইছিল? ছপা কাৰ্য্য কেনেকৈ সম্পাদিত হৈছিল?
৩। অসমীয়া ভাষা কেতিয়াৰপৰা অসমৰ পঢ়াশালিত চলে? তেতিয়া অসমৰ শাসনকৰ্ত্তা কোন আছিল?
৪। অসমত বঙ্গলাভাষা চলাৰ কাৰণ কি?
⸺