পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
সমুদ্ৰ-যাত্ৰা।


শাণ বালিৰ দুই মূৰ জুৰি ব্যাপি থাকে। ইয়াৰ দুয়োপাৰ শিলেৰে বন্ধোৱা। তৃণশূণ্য. মৰুভূমিত, দুৰন্ত ৰ’দ মূৰত লৈ, দহ বছৰলৈ খাটি, ধম্‌ধমীয়া বালিৰ মাজত ইমান ডাঙ্গৰ খাল এটা খানি তাৰ দুই দাঁতিয়ে দুশ মাইল ব্যাপী আওগৰীয়া পাৰ দুটা শিলেৰে বন্ধোৱাটো কেনে দুৰূহ কাম তাক ভাবিলে বাস্তবিকতে বিস্ময় মানিব লাগে। খালৰ দুই পাৰে বালিময় দেশ। মাজে মাজে একো ডোঙা তৰাং লোণা পানী থাকে। যাওঁতে সোঁহাতে পকা বালি, ডোঙা-ডোঙে লোণা পানী, আৰু মাজে মাজে বালিৰ পৰ্ব্বতৰ বাহিৰে আন আৰু একো পাবলৈ নাই। তাত মানুহে খাব পৰা মিঠা পানীও হেনো নাই। কিন্তু কি কথা কব নোৱাৰোঁ, বাওঁহাতে হ'লে, সেই বালিৰ মাজতে ঘৰ-দুৱাৰ, গছ-গছনি, খেতি-বাতি, মিঠা পানী, এই সকলোখিনি আছে। খালৰ দাঁতিতে ঠায়ে ঠায়ে ধুনীয়া ফুলনিৰ মাজত ইঞ্জিনিয়াৰ সকলৰ বিনন্দবিলাস বঙ্গলাবোৰ আছে। ইঞ্জিনিয়াৰ বোৰ ফৰাছী দেশৰ মানুহ, কুলি-মালীবোৰ ইজিপ্ট দেশৰ।

 খালৰ পাৰৰ ঠাইৰোৰ পুৰীৰ সাগৰৰ দাঁতিৰ দৰে বৰ মনোৰম লাগে। বালি ঝৰি ঝৰি পোত গৈ থাকে দেখি, খালৰ তলিৰ পৰা সদায় বালি খানি থাকিব লাগে। ইয়াৰ নিমিত্তে কল-কৌশল আছে। বালি খানি নি দূৰত পেলাবলৈ ট্ৰলী লাইন আছে। তাৰ ওপৰে ট্ৰলীবোৰ গাধ, খচ্চৰ বা ঘোৰাই টানি নিয়ে। পকা পাৰ দুটাও ঠায়ে ঠায়ে প্ৰায়েই মেৰামত কৰি থাকিব লাগে। তাত বাজে, সদায় কৰি থাকিবলগীয়া আন আন কামো বহুত আছে।