প্ৰভাত।
তেজ ৰে কমলাপতি পৰভাত নিন্দ।
তেৰি চান্দ মুখ পেখো উঠ ৰে গোবিন্দ॥
ৰজনী বিদূৰ দিশ ধৱলি বৰণ।
তিমিৰ ফাৰিয়া বাজ ৰবিৰ কিৰণ॥
শতপত্ৰ বিকসিত ভ্ৰমৰ উৰায়।
ব্ৰজবধূ দধিমাথে তুৱা গুণ গায়॥
দাম সুদাম ডাকে তেৰি লৈয়া নাম।
হেৰ দেখ উঠিয়া আসিল বলৰাম॥
নন্দ গৈল বাথানে গোৱাল গৈল পাল।
সুৰভি চাৰিতে লাগে উঠ ৰে গোপাল॥
ক্ষীৰ লৱণু লৈয়া শিঙ্গা বেত বেণু।
সকালে মেলিও গৈয়া হেম্বালাৱে ধেনু॥
কহয় মাধৱ মাই কিনে তপসাইল।
ত্ৰিজগত-পতি হৰি ৰাখোৱাল পাইলা॥
৺মাধৱদেৱ।
টীকা।
নিন্দ—নিদ্ৰা। তেৰি—তোমাৰ। চান্দমুখ—চন্দ্ৰমুখ। পেখো—চাওঁ।
ফাৰিয়া—ফালি। শতপত্ৰ—পদুম। তুৱা—তোমাৰ।
ব্ৰজবধু—( ব্ৰজ = গুৱাল থকা ঠাই+বধূ = তিৰোতা ) গোপী।
বাথান—খুটি; সৰহকৈ গৰু ম'হ ৰখা ঠাই। চাৰিতে-চৰাব।
সকালে—সোনকালে। কহয়—কয়। তপসাইলা—তপস্যা কৰিলা।
প্ৰশ্ন
“প্ৰভাত” কবিতাটোৰ মৰ্ম্ম তোমাৰ নিজৰ কথাৰে প্ৰকাশ কৰাঁ।